মে দাম মে ফী— সমসাময়িক প্ৰেক্ষাপটত এক নতুন চিন্তন © চাও সঞ্জীৱ বৰুৱা

তাঈ আহোমৰ নিজ জাতিৰ আদিম পূৰ্ব পুৰুষ ছাই-ৰে -ফা, ছাং দাম্, ঙি ৰিং খাম, লেংদন প্ৰমুখ্যে দেৱত্বপ্ৰাপ্ত ঘাই পূৰ্বপুৰুষ ( ফী) , সকলো জ্ঞাতি মৃতক ( দাম তাং মুৎ, ) , উপকাৰ দাতা প্ৰাকৃতিক শক্তিৰ ফী সকল সামূহিক ভাৱে জাতীয় পৰম্পৰাগত ভাৱে মে ( তৰ্পণ) কৰা ধৰ্মীয় অনুষ্ঠানটোকে মে দাম মে ফী বুলি কোৱা হয় 
৷ মে দাম মে ফী হ'ল এবিধ বান ফী আৰু এই ৰি তাং ভাগ তাঈ আহোমসকলে পালন কৰাৰ কাৰণ হ'ল —১৷ আমাৰ পু থাও লুং লেং দনৰ লগত জড়িত প্ৰত্যেকজন আহোমৰ বংশলতাডাল আওতাই ৰাখিব পাৰি ৷ ২৷ তাঈ আহোম জাতিটোক নিজস্ব অস্তিত্ব তথা বু ৰন জী সোঁৱৰাই দি জাতিটোক নমৰাকৈ সুৰক্ষিত কৰি ৰাখিব পৰা যায় ৷ ৩৷ কৃষিজীৱি আহোমৰ কৃষিত বিঘিনি নহয় ৪৷ নিজৰ দেশখন সুৰক্ষিত কৰিব পৰা যায় ৫৷ নিজকে নিজক জাতিটোৰ এজন হিচাপে বাহাল ৰাখিব পৰা যায় ৷৬৷ নিজৰ জাতিটোৰ মাজত ভ্ৰাতৃত্ববোধ বজাই ৰাখিব পৰা যায় ৷ ৭৷ মৃতক সকলৰ প্ৰতি সন্মান জনাব পাৰি ৷ ৮৷ পূৰ্বপুৰুষৰ পূজাৰ জৰিয়তে মহান ফু ৰা জনক উপলব্ধি কৰিব পাৰি ৷ 
এই মহান উদ্যেশ্যসমূহ আগত ৰাখি আমি মে দাম মে ফীৰ জৰিয়তে শ্ৰদ্ধাৰে পূজা অৰ্চনা কৰো স্বৰ্গগামী পিতৃ-মাতৃ, পু লিন পুথাও, আমাৰ স্বৰ্গদেউ সকলক একক ফী ৰুপত কল্পনা কৰি নজন প্ৰধান ফী অৰ্থাৎ আমাৰ পূৰ্ব পুৰুষ সকলক — খাওখাম, আই লেঙ দিন, লেং দন, লাংকুৰি, জন চাই হুঙ, চিৎ লাম ছাম, জা চিং ফা, মুৎ কুম্, তাঈ কুম ৷
সাম্প্ৰতিক সময়ত চিন্তনীয় দিশটো হ'ল এই ৰি তাং ভাগ কৰিছোঁ সঁচা কিন্তু আমি কিমানে আহোম হ'বলৈ শিকিছো? মে দাম ফী পালন কৰিও কিমানে শংকৰৰ হৰিনাম ত্যাগ কৰিব পাৰিছোঁ ৷ বৰ্তমান শংকৰী ধৰ্মৰ পাকচক্ৰত সোমাই বিজতৰীয়া খাদ্য সংস্কৃতি গ্ৰহণ কৰাৰ ফলত আহোমসকল ক্ৰমশঃ মেলেচলৈ ৰুপান্তৰিত হৈছো ৷ এই কথাষাৰৰ সত্যতা শংকৰে নিজেই নিজৰ ৰচনাত দি গৈছে ৷ আৰু আমি নুশুনি নুগুণি শংকৰক গুৰু ভজি আছো ৷ আমি পাহৰি গৈছো যে এটা ছশবছৰীয়া ইতিহাসৰ গৌৰৱময় জাতিৰ আমি প্ৰতিনিধি ৷
এটা ইতিহাস প্ৰসিদ্ধ জাতিৰ ধ্বজ্বাবাহক তথা চাও লুঙ ছ্যু কা ফাৰ পৰিনাতি হিচাপে আমি কৰিবলগীয়া বহু কাম আছে ৷ এক বৃহৎ অসমীয়া জাতিসত্বাৰ অন্তভুক্ত হৈও আমি নিজক আহোম হিচাপে প্ৰতিষ্ঠা কৰাৰ সময় সমাগত ৷ তাঈ আহোমৰ ভাষা, ধৰ্ম, সংস্কৃতি সকলো আদৰি লৈ আমি নিজক টনকীয়াল কৰিব লাগিব ৷ বহুতৰ মতে ধৰ্মটোক একাষৰীয়া কৰি আমি কেৱল ভাষা সংস্কৃতিৰ মাধ্যমত সমগ্ৰ আহোম জাতিটোক পুনৰুদ্ধাৰ কৰিব পাৰিম ৷ কিন্তু সংস্কৃতিৰ লগত ধৰ্মৰ আঁতডাল চিঙি পেলোৱাটো কিমান যুক্তিকৰ ৷ আনহাতে লোক সংস্কৃতিৰ বিকাশৰ অন্তৰালত ধৰ্মৰ প্ৰভাৱ যে নাই তাক নুই কৰিব নোৱাৰি ৷ অলপ আগবাঢ়ি যদি আমি লোক সংস্কৃতিৰ ইতিহাসলৈ ওভতি চাও দেখিম যে প্ৰতিটো জনগোষ্ঠীৰ নৃত্য-গীতৰ লগত তেওঁলোকৰ ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে ৷ উদাহৰণ স্বৰুপে তাঈ আহোমৰ লাই লুঙ খাম্ নৃত্যটোক যদি আমি ভালদৰে অধ্যয়ন কৰোঁ দেখিম যে আমাৰ প্ৰাকৃতিক ফী প ফী ছ্যুৰ সন্তুষ্টিৰ কাৰণেহে এই নৃত্য কৰা হৈছিল ৷ গতিকেই ভাষা সংস্কৃতিৰ সমান্তৰালকৈ আমি আহোমৰ ফুৰালুঙ ধৰ্মটোকো আগবঢ়াই নিব লাগিব ৷
ধৰ্মটোকো আগবঢ়াই নিব লাগিব ৷ 
পৰিতাপৰ বিষয় এই যে আজিকালি আহোমসকলে নিজৰ জাতীয় সাজপাৰ পিন্ধিবলৈ লাজ পাই ৷ বিশেষকৈ নাৰীৰ ক্ষেত্ৰত আহোমৰ সাজপাৰৰ অনন্য দিশ হ'ল আবোৰতা ৷ ৰিহা, চেলেঙ চাদৰৰ ব্যৱহাৰে এগৰাকী নাৰীক যি সৌন্দৰ্য দান কৰে সেইয়া আজিৰ তাৰিখত দুৰ্লভ ৷ গতিকে সকলোলৈ অনুৰোধ নিজৰ কৃষ্টি সংস্কৃতিক চিনি পাবলৈ শিকক আৰু নিজক আহোম হিচাপে পৰিচয় দিয়ক ৷ এটা শুভলক্ষণ যে নৱ প্ৰজন্মৰ অধিকাংশৰ মাজত নিজৰ জাতীয় চেতনাই গা কৰি উঠিছে ৷ এটা কথা মন কৰিবলগীয়া যে জাতিগত চেতনা অবিহনে কোনো এটা জাতিয়ে উন্নতি কৰিব নোৱাৰে ৷ নিজৰ সকলো কৃষ্টি সংস্কৃতি ধৰ্ম আদৰি নলৈ যদি আমি কেৱল মে দাম মে ফীহে পাতি থাকো তেন্তে আহোমসকল যে এটা ছশবছৰ ৰাজত্ব কৰা জাতি সকলোৱে পাহৰি পেলাব ৷ নহ'লে অনাগত দিনত আমাৰ নিজৰ উপাধি কেইটাৰ বাদে একো জীয়াই নাথাকিবগৈ ৷
পৃথিৱীত আমাৰ আহোমসকলৰ বাদে নিজৰ ধৰ্ম বিৰ্সজন দিয়া কুলক্ষণীয়া জাতি দ্বিতীয় এটা নোলায় বুলি কলেও বঢ়াই কোৱা নহ'ব ৷ আহোমৰ ধৰ্মীয় উপাসনাত কোনো দেৱ-দেৱীৰ স্থান নাই ৷ কেৱল উপৰি পুৰুষৰ প্ৰতি তৰ্পণ কৰি মংগল কামনা কৰাটোৱে হ'ল আহোমৰ প্ৰৱিত্ৰ ধৰ্ম ৷ আৰু এইখিনি কৰিবলৈ আমাক হাজাৰ টকাৰ খৰচৰো প্ৰয়োজন ৷ ধোদৰ দৰে দিনৰ দিনটো হৰিনাম গাই মাহপ্ৰসাদ খোৱাৰ অভ্যাসো আহোমৰ নাছিল ৷ এই ধোদবোৰক লৈ চাও ফা ছ্যু পাত ফাই নিৰ্মাণ কৰি যোৱা ধোদৰ আলিৰ ইতিবৃত্ত আমি পঢ়া উচিত ৷ নিজৰ কৰ্মত বিশ্বাসী আমি আহোমৰ প্ৰতিনিধি ৷ চাও লুঙ ছ়্যু কা ফাৰ তেজৰ শেষ বিন্দু থকালৈকে সকলোৱে নিজক চিনি পাবলৈ শিকক ৷ হৰিনামৰ পাকচক্ৰৰ পৰা ওলাই আহোম হ'বলৈ শিকক, আহোমৰ ধৰ্ম সংস্কৃতিক সন্মান জনাবলৈ শিকক ৷ তেতিয়াহে আমাৰ মে দাম মে ফীৰ অনুষ্ঠিত কৰা মহান লক্ষ্য পূৰণ হ'ব ৷ নহ'লে সকলো নিৰথৰ্ক ৷ হৰিনামৰ মায়াৰ পৰা ওলাব নোৱাৰি কেৱল মদ গাহৰি খোৱাৰ সকামলৈ মে দাম মে ফী ক পৰ্যবেসিত কৰা এচাম মদগৰ্বী আহোমৰ বাবে আজি জাতিটো কোন দিশে গতি কৰিছে আমি বুজি পাইছো ৷ মে দাম মে ফীৰ মহান উদেশ্য নুবুজাকৈ কেৱল পালমৰা কাম কৰি এচামে নিজৰ স্বাৰ্থত আমাৰ এই পৰম্পৰাবোৰৰ বিকৃত ৰুপ দিছে ৷ এইবোৰক বাধা দি মে দাম মে ফীৰ দিনা জাতিটোৰ উন্নতি তথা নৱপ্ৰজন্মৰ বাবে আৰ্কষণীয় আৰু বিশুদ্ধ ৰুপত নিজৰ কৃষ্টি সংস্কৃতিক পৰিবেশন কৰি জাতিৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিবলৈ যত্ন কৰক ৷ নহ'লে আমাৰ পু লিন পুথাও সকলে আমাৰ মংগলৰ সলনি অমংগল যে নঘটাব তাৰ নিশ্চয়তা নাই ৷