নীলাঞ্জনাৰ দাপোণ ණ নিভা গগৈ

আবেলিৰ আকাশত শুকুলা মেঘে মেল পাতিছে, উৎপতীয়া গৰমটো নেওচি যেন হীমে গা ধুৱাবৰ বাবে ৰৈ আছে নিশাটো, অবলা মনবোৰো যেন প্ৰকৃতিৰ বুকুত মেৰ খাই পৰিব, তিতি থকা দুৱৰি বনত খোজ দিব শিকিব যে সপোনে, আলসুৱা মনবোৰ হৈ পৰি পুৰঠ পকা ধাননি পথাৰ এখন, য'ত সুমাই থাকিব, সেউজীয়া আৰু সোণালীৰ নিৰাভৰন দেহৰ সংমিশ্ৰণ ৷ গোন্ধ থাকিব মাথো ভালপোৱা আৰু বিশ্বাসৰ ৷৷
যৌৱনৰ পাখি ভাঙিছিল এদিন, ঠিক তেনে সময়তে দুহাতত খামুচি ধৰিছিল নীলাঞ্জনাক ৷ নিৰ্মল নৈৰ পানীৰ দৰে নীলাভৰ প্ৰেমত তাই গা ধুইছিল ৷ জীৱনৰ হাজাৰটা সমস্যাৰ মাজেৰে পাৰ কৰা নীলাজনী যেন ভিতৰি ধুমুহাই ভাঙি থৈ যোৱা পজা এটাৰ দৰে হৈ পৰিছিল, নীলাভেই সেই প্ৰজাটোত নকৈ সাজিলে, যৌৱনৰ নৈখন পুনৰ ব'ব ধৰিলে, এন্ধাৰ হৈ পৰা সপোনৰ ঘৰটি পুনৰ পোহৰাই পেলালে ৷ 
,
মাকক সৰুতে হেৰুৱাৰ পৰাই তাই অকলশৰীয়া হৈ পৰিছিল, অভিভাৱকৰ নেদেখা শাসনৰ জৰীদাল তাই দেউতাকৰ চকুত কোনো দিন দেখা নাপালে ৷ ককাইয়েক দুটা যেন একোটা যন্ত্ৰ তাইৰ বাবে ৷ নিজা নিজা সংসাৰ কৰি দায়িত্বৰ পৰা আঁতৰি ফুৰা আধুনিক জগতৰ নমুনা ৷ তথাপিও তাই সাহস কৰে অকল থাকিব, দেউতাকৰ কফেৰে পূৰ্ণিত বুকুতে পাই তাই জীয়াই থকাৰ সাবিয়াহ, জীৱনটো যুঁজাৰ এক অভিন্ন কৌশল ৷
,
গাঁৱৰ ঘৰৰ পৰা চিকিৎসাৰ বাবে তাই প্ৰায়েই চহৰলৈ যাব লগা হয়, হাস্পিতালত প্ৰায় থাকিব লগা হাফানী হোৱা দেউতাকক তাই চিকিৎসাৰ বাবে নিশা কটাব লগা হয় ৷ তেনে এটা নিশাটেই তাই নীলাভক লগ পাইছিল, ঔষধ এটা প্ৰয়োজন হোৱাত তাই মাজ নিশা হাস্পিতালৰ বাহিৰ হৈ গৈছিল, তেতিয়াই অপাৰেশ্যন কৰা মাকলৈ দৰব আনিবলৈ যোৱা নীলাভে তাইক বাহিৰৰ ফাৰ্মাচিৰ পৰা দৰব আনি দিছিল ৷ তাই মানুহজনৰ প্ৰতি শ্ৰদ্ধা উপজিছিল, যিটো কাম নিজা ককায়েকে কৰিব লাগিছিল সেইটো এজন অচিনাকি মানুহে কৰিছিল ৷ নীলাভৰ লগত তাই মুক্ত ভাবে কথা পাতিব ধৰিলে, নীলাভৰ নীলা দুচকুত নীলাঞ্জনাই ডুবিব ধৰিলে এক নাম নজনা অনুভৱত ৷
,
ঘৰলৈ অহা পিছতো নীলাভে তাইলৈ ফোন কৰে, এই ফোন এদিন দুদিনকৈ ব়াঢি গ'ল, কথোপকথনৰ মাজতে এদিন প্ৰেম বিনিময় হ'ল ,দিনবোৰ লাহে লাহে পুৰণা হ'ল ঠিক দেউতাকৰ বেমাৰটোৰ দৰেই ৷
,
নীলাভ এদিন তাইৰ কাষলৈ আহিল দেউতাকৰ খবৰ লোৱাৰ মানসেৰে, সেই নিশা নীলাভ আৰু নীলাঞ্জনা এক হৈছিল, সি বিয়া পতাৰ প্ৰতিশ্ৰুতি দিছিল, তাই বাধা দিব নোৱাৰিলে ৷ নীলাভৰ বুকুত কুৰুকি কুৰুকি সুমাই যাব ধৰিলে, ভূত ভৱিষ্যতৰ কথা তাই পাহৰি নীলাঞ্জনা নীলাভ হৈ পৰিলে ৷ দেউতাকৰ উপস্থিতিৰ কথা পাহৰি তাই যৌৱনৰ প্ৰাচূয্যত ভ্ৰমি ফুৰিল, দেউতাকো যেন স্বাৰ্থপৰ হৈ পৰিল, অকলশৰীয়া জী জনীক যেনতেন কাৰোবাৰ হাতত গতাব পাৰিলেই যেন তেওঁ মুক্তি পায় ৷
,
আজি বহুত দিনৰ মূৰত নীলাভ অহাৰ কথা, তাইক বিয়া পতা কথাষাৰ ঘৰত কোৱাৰ কথা ৷ প্ৰায় তিনিবছৰ হোৱা সিঁহতৰ সম্পৰ্কৰ এনাজৰীডাল কটকটীয়া হোৱা হোৱাৰ কথা ৷ সি নিজা ঘৰত তাইক বিয়া পতা কথা কব নোৱাৰে কিয়, সেই কথা ভাবি তাই কেতিয়াবা ভয় কৰে, কি থাকিব পাৰে নীলাভৰ জীৱনত ৷ ইমান দূৰ যোৱাৰ পিছত তাই পাৰিবনে তাক এৰি থাকিব, পাৰিবনে আন এজনৰ বাহুৰ বন্ধনত নিজকে ৰাখিব !!
,
দিনত এটা অচিনাকি নম্বৰ ফোন আহিছিল, তাই ৰিচিভ কৰি হেল্ল' কোৱাৰ লগে লগে এক নাৰী কণ্ঠ ভাহী আহিল—
,
আপুনি, নীলাঞ্জনা নেকি ??
,
হয়, কোনে ক'লে বাৰু??
,
আপুনি নীলাভ নামৰ মানুহ এজনক ভাল পায়, বিয়া হ'ব বিচাৰে—
,
আৰেই, কোন আপুনি, এইবোৰ কথা কেনেকৈ জানিলে ??
,
আপুনি যি জন মানুহৰ লগত নিশা কটালে, আপোনাক মিঠা মিঠা কথা কৈ আপোনাৰ যৌৱনটো খালে তেওঁ মোৰ স্বামী ৷ আৰু আমাৰ দুটা সন্তান আছে ৷ এনেবোৰ চৰিত্ৰৰ বাবেই তেওঁক মই ত্যাগ কৰিছো ৷ আপুনি ভাবে নেকি কেৱল আপোনাৰ লগত এনে সম্পৰ্ক আছে বুলি, আৰু বহুতৰ লগত তেখেতৰ অবৈধ সম্পৰ্ক আছে ৷
,
কিন্তু আপোনাৰ কথাবোৰ যে সঁচা কেনেকৈ বিশ্বাস কৰিম?
,
সেইটো আপোনাৰ কথা—
,
ফোনৰ লাইন কাট খাইছিল, তাই নজনাকৈ কঁপিব ধৰিলে ৷ নীলাভে তাইক ঠগিব নোৱাৰে, সি ভাল পাই তাইক ৷ কিন্তু কথাবোৰ যদি সঁচা হয়, পাৰিবনে তাই জীয়াই থাকিব ৷ তাক ক্ষমা কৰি দিব পাৰিবনে, বিশ্বাসৰ বলি হৈ তাই কেনেকৈ ভৱিষ্যতৰ ৰঙীন জীৱন এটা লাভ কৰিব ৷ সি যদি আজি আহে তাই স্পষ্টকৈ সুধিব তাক ৷ বিয়াৰ কথা ক'লেই খং উঠা, জোখতকৈ বেছি ঠেহ পতাৰ আঁৰত এজন পত্নীহেৰুৱা পুৰুষ, যাক তাই মনেৰে পূজা কৰিছিল, প্ৰয়োজনকৈ অধিক বিশ্বাস আৰু ভালপাইছিল ৷ উসঃ তাইৰ সহ্য হোৱা নাই, বুকুৰ ভিতৰত যেন কোনোবাই ডবা বজাইছে ৷
,
তাইৰ কোঠাৰ দাপোনখনৰ সন্মুখত ৰৈ নিজকে এবাৰ নিৰক্ষণ কৰিলে ৷ তাইৰ ভৰ যৌৱনটো যেন লাহে লাহে ম্লান পৰিব ধৰিছে, ওঁঠৰ হাঁহিটো কামুৰি খাই থোৱা নীলাভৰ কুচৰিত্ৰই তাইক পতীতা কৰিলে ৷ তাই নিজেও জানো সমানেই জগৰীয়া নহয় ৷ ভালপোৱাত যে দৌহিক মিলন নহয় জানে তথাপিও তাই নিজকে কিয় বাধা দিব নোৱাৰিলে !!
,
টেবুলৰ ফুলদানিটো হাতত লৈ তাই চাই থকা দাপোনখনলৈ নিক্ষেপ কৰিলে ৷ পচণ্ড প্ৰহাৰত দাপোনখন ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিল ৷ মজিয়াত ভঙা আইনাৰ টুকুৰাত তাই নিজকে দেখি বেশ্যাৰ দৰে লাগিল, হাতত ভঙা টুকুৰা এটা লৈ তাই ৰৈ থাকিল একেথৰে ৷ তেনে সময়তে নীলাভ সুমাই আহে, নীলাৰ চকুত তাৰ প্ৰতি থকা ভালপোৱাবোৰ গলি যেন শেষ হৈ পৰিল ৷ সি বৰ আলাসত তাইক মাতিলে, তাই নিমাত হৈ বহি পৰিল ৷
,
সি বহুত বুজালে, সি সকলো সঁচা কথা তাইৰ আগত ব্যক্ত কৰিলে ৷ তথাপি যে সি তাইক ভালপায়, আৰু বিয়া পতাৰ সিদ্ধান্তও কৰি পেলালে ৷ তাই নিজকে পতিয়ন নিয়াব নোৱাৰি কঠোৰ ভাবে প্ৰশ্ন কৰিলে যদিও নীলাভৰ চতুৰ উত্তৰত তাই সাৰ মানি নীলাভৰ বুকুত সুমাই পৰিল ৷ নীলাভে এটা প্ৰাপ্তী আৰু প্ৰলোভনৰ হাঁহি মাৰি তাইক দূবাহুৰে সাৱতি ধৰিলে ৷৷