ফুৰালুঙ ধৰ্মত সৃষ্টি তত্ত্ব আৰু ডাম উপৰিপুৰুষ ණ জ্ঞানানন্দ ফুকন

তাই আহোমৰ পণ্ডিতৰ ( ম' বা মলুঙ্ ) তিনি ফৈদ লোক ' মহন , দেওধাই , বাইলুঙ ' বা " ছাম্ ম' ম্যুঙ্ " এই সকলৰ লগতেই পৰম্পৰাগত ভাৱে অতীতৰ পৰা চলি অহা তাই আহোম ধৰ্মীয় নীতি , আচাৰ অনুষ্ঠানসমুহ আজিও জীৱিত হৈ আছে ৷ পৰম্পৰাগত ভাৱে চলি অহা ধৰ্মটোক তেওঁলোকে “ ফুৰালুঙ " আৰু ধৰ্মীয় গ্ৰন্থখনক " লিট্ লাই পেঞ্ কা কা " বুলি মানি আহিছে ৷ এইখনৰ উপৰিও পৰিপূৰক হিচাপে তাই আহোম লিপিত লিখা " লিট্ লাই ক' ম্যুঙ " , " লিট্ পুন ক' ম্যুঙ " , " লিট্ ফুৰালুঙ ", " লিট্ খেন্ ফুৰালুঙ " আদি উল্লেখযোগ্য ৷ এই পুথিবোৰত ব্ৰহ্মাণ্ড সৃষ্টিৰ পাতনি বা অৱধাৰণা আৰু প্ৰত্যাগমনৰ বিৱৰণ দাঙি ধৰা হৈছে ৷ লিট্ শব্দই গ্ৰন্থ বা পুথি , লাই শব্দই পাতনি বা প্ৰথম অৱতাৰণা আৰু পেঞ্ বা পেন কা কাই শব্দই খোদিত বা লিখিত ভাৱে ৰখাৰ কথা বুজাইছে ৷ এতেকে লিট্ লাই পেঞ কা কা ৰ সম্পূৰ্ণ সৃষ্টিৰ প্ৰথম অৱতাৰণা আৰু প্ৰত্যাগমনৰ সম্পৰ্কত খোদিত বা লিখিত শাস্ত্ৰ ৷ " লিট্ লাই পেঞ কা কা " পুথিখন ম' লাউখ্ৰীয়ে ৰচনা কৰিছিল ৷ পুথিখন প্ৰথমে আই ছিঙ্ লাও ৰে আৰম্ভ কৰা হৈছে ৷ এই আই ছিঙ্ লাওত ফ্ৰাটুছিঙ্ ফ্ৰঙ হুনে বা মহান ফুৰাই মহাতীত কালত জীৱ আৰু জড়ৰ একমাত্ৰ অস্তিত্বক দুটা ভাগত বিভক্ত কৰি প্ৰতিষ্ঠা কৰি মহাশূন্যতে উদ্ভৱ হৈ , মহাশূন্যতাকো চেৰাই সৃষ্টিৰ পাতনি মেলিলা বুলি কোৱা হৈছে ৷ ' তুমি মহান ফুৰা , তুমি বৈশিষ্ট্য পূৰ্ণ ৷ তুমিয়েই বিকেন্দ্ৰীকাৰক চৈতন্য ফুৰা , তোমাৰ অতুলনীয় সৃষ্টি , জীৱ জগতেই প্ৰত্যক্ষ প্ৰমাণ ৷ তুমি ব্যাপকতাত টিকি থাকি তোমাৰ পুনৰাবৰ্তনেই তোমাৰ পৰম্পৰা ৷ তোমাৰ মহিমাৰ বাবেই জীৱজগতে আজি এই অৱস্থানৰ সম্ভেদ পালেহি বুলি বৰ্ণনা কৰিছে ৷ তাই ভাষাত এই কথাখিনি এনেদৰে প্ৰকাশ পাইছে —" চাও কাও ঐ , ফ্ৰা টু ছিঙ ফ্ৰম হুম ফা লাই বেত ফা পিন বেত , ফা ফুৰা , তা ৰা আলঙ্ ছিকিয়া ৰা ণি পান্ বয় ম' , চাও কা ঐ , পাক পেঞ ডা কা ছন ছেউ খাম , ডয় মালুঙ মুঙ নাম না ঐ ৷ "
এই মহান ফুৰা সৃষ্টিৰ একমাত্ৰ পিতৃগৰাকীৰ বন্দনাৰ পিছতেই - হেউ পাঙ মুট ছি খ্ৰীং জাও চুক না ম' মুন , বৌ মুন ছেঞ , জি নাঙ লু কিঙ খ্ৰু .......চাম ম' ম্যুঙ বাই জিম্ কন্ , কন্ টুন মান থুক টাং লাই বয় ম' চাও কাও ঐ বুলি আই ছিঙ লাওত অনাদি কালৰ পৰা ( টু নাই ছাম্ ) যিসকল গুণী জ্ঞানী মহিমা মণ্ডিত আৰ্দশ উপৰি পুৰুষ সকলকো ক্ৰমাগত ভাৱে সামৰি বৰ্তমানলৈকে দেশৰ তিনি পণ্ডিত বুলি পৰিচিত আহোমৰ পুৰোহিত বংশৰ তিনি ফৈদ " মহুঙ ছাংবুন ম প্লঙ " বুলি বন্দনা কৰা হয় ৷
আকৌ তাই শাস্ত্ৰৰ অন্য এক উক্তিত প্ৰাৰ্থনাৰ অন্তত স্বৰ্গ পৃথিৱীক একেদাল এনাজৰীৰে বান্ধি ৰখাৰ কথা কোৱা হৈছে , স্বৰ্গৰাজ্যৰ সপ্তস্থানত যি নীতি বিশ্বব্ৰহ্মাণ্ডৰ সপ্ত স্থানটো একে নীতি পৰম্পৰা বুলি উল্লেখ কৰি স্বৰ্গ পৃথিৱীৰ সম্পৰ্ক অবিচ্ছেদ্য বুলি অভিহিত কৰিছে - সাঁচি পাতৰ তাই লিটত এইদৰে ওপৰৰ কথাখিনি বৰ্ণনা কৰিছে — " নূ তে খ্ৰুং চিত্ চান্ , খা খুপ্ মা বয় , কা টু ডিন চিত্ চান্ মা খুপ্ মা বয় ........নাম লা লা ওখে লান্ বয় ম ' চাও কা ঐ ৷
সেয়ে স্বৰ্গৰ পৰম সৃষ্টি সত্ত্বাক পৰম পিতৃ আখ্যাৰে ফুৰালুঙ অনুষ্ঠান পাতি গুণানুকীৰ্তন কৰা হয় ৷ এই অনুষ্ঠান ফুৰালুঙ বিধিৰ আধাৰত আৰু এই পৰম পিতৃৰ পৰাই সৃষ্টি হোৱা প্ৰকৃতি পিতৃ উপৰি পুৰুষ তথা জীৱধাৰী মানৱ পিতৃ উপৰিপুৰুষ সকলক খেক্ লাই চাও জী , ছাঙ ফী আৰু ডাম ফী আদি বিধিৰে পূজা অৰ্চনা কৰা হয় ৷ অৰ্থাৎ সৃষ্টিৰ ধাৰাবাহিকতাৰে জীৱিত মানৱ সতি সন্ততি সকলে তেওঁলোকৰ মৃতক উপৰি পুৰুষ পিতৃমাতৃকে আদি কৰি চাৰি পুৰুষ গৃহ ডাম্ , পঞ্চম পুৰুখ খীন্ , ষষ্ঠ পুৰুষৰ পৰা চৈধ্য পুৰুষলৈকে ছাঙ ডাম্ , ন পুৰুষক পাৰ্থিৱ দেৱতাৰ শাৰীত ধৰি ভিন্ন অনুষ্ঠান পাতি পূজা অৰ্চনা কৰে ৷ পোন্ধৰ পুৰুষৰ উৰ্ধৰ খিনিক প্ৰাকৃতিক পুত্ৰ পিতৃশক্তি সমূহৰ শাৰীত ধৰি চাও ফী আকাশ দেৱতা হিচাপে গণ্য কৰি , তলৰ পৰা ওপৰলৈকে সৃষ্টিৰ বুৰঞ্জী তথা বংশৰ বংশাৱলী ৰক্ষা কৰি পূজা অৰ্চনা বা তৰ্পণ অনুষ্ঠানেই তাই আহোমৰ উপৰি পুৰুষ বা ডাম পূজা ৷ ইয়াৰ যোগেদি স্বৰ্গ পৃথিৱীৰ সমন্ধ ৰক্ষা কৰি চলা হৈছে ৷ 
লিট্ লাই পেঞ্ কা কাত ১৮ টা ৰিক্ বা স্তৱকত মহাশূন্য অৱস্থাৰ পৰা সৃষ্টিৰ আৰম্ভণৰে উৎপত্তি হৈ ছাং ডাম বুটৰুম্ ৰজা হোৱালৈকে বৰ্ণনা কৰিছে ৷ সেইদৰে লিট্ খেন লুঙ্ পুথিত ও ঙ্যিত্ বৌ মি ম্লন্ , ও ঙ্যিত বৌ মি ম' , ওঙ্যিত্ বৌ মি অ ' এইদৰে দহটা উক্তিত মহাসৃষ্টিত মহা ম্লনে মহাশূন্যত ব্যাপক বিকাশৰ বাবে ভিন ভিন অৱস্থাৰ ক্ৰমবিকাশেৰে আহি " টু নাই চাম্ চীন্ কুপ তাৰা পাক বৌ চাকক্ষয় বয় মৌ ফা অক লে নাম না " অৰ্থাৎ ঘূৰ্ণীয়মান মহাচক্ৰই তীক্ষ্ণ দৃষ্টিৰে সংসাৰ চক্ৰলৈ ৰুপান্তৰ হোৱা কথা ব্যাখ্যা কৰিছে ৷ সেইদৰে লিট্ লাই ক' ম্যুঙ্, লিট্ পুন ক' ম্যুঙ আদি পুথি সমূহেও সৃষ্টিৰ পাতনিৰ পৰা জীৱজগতৰ লগত থকা সৃষ্টিত মহাশক্তিৰ সম্পৰ্ক সমন্ধে ব্যাখ্যা কৰিছে ৷ মহা সৃষ্টিৰ কাৰকত বিশ্বব্ৰহ্মাণ্ডত মহাসূৰ্য্যই যেনেকৈ উৎপত্তি লাভ কৰি মূলকেন্দ্ৰ স্বৰুপ হৈ পৰিছে, ঠিক তাৰ আদিকালত মহা ম্লন বা ফ্ৰা টু ছিঙ ফ্ৰাঙ হুমেও মহা সৃষ্টিৰ আদিৰ পিতৃস্বৰুপে মহাজ্যোতি মণ্ডলৰ মূলাধাৰ হৈ আছিল বুলি কোৱা হৈছে ৷ তাঈ লিট্ পেঞ্ কা কা ত কৈছে— " বাও ৰা ইঙ্ খান আনদেউ বউ ৰূ বান্ অক্ চাম্ ম্যুদেউ ছঙৰা জেন্ পিন্ টু লাক্ না " অৰ্থাৎ এনেদৰে ( ফ্ৰা টু ছিঙ ফ্ৰঙ হুমক) সোধাৰ পিছত খুনথেও খামে সৃষ্টি যাতনাত আঁউজাৰ দৰে একে ফালে থৰ লাগি তাঈ প্ৰথম দেৱতাৰ লেখত বান্ অক্ বা সূৰ্য্য দেৱতাক সৃষ্টি কৰিলে ৷ এই সূৰ্যদেৱতাই পোহৰত জলমলাই উঠি সৰ্বশক্তিৰ গৰাকী সময় নিৰুপক ধ্বজা হৈ পৰিল ৷ এৱেঁই মহাজ্যোতিৰ আধাৰ ৰুপে সৃষ্টি হ'ল ৷ এই তাঈ লিট্ সমূহেও নিৰাকাৰ ব্ৰহ্মাণ্ড আকাৰ পাৰ্থিৱ ব্ৰহ্মাণ্ডৰ লগত সংজ্ঞা দিব পৰা আৰু সংজ্ঞা দিব নোৱাৰা স্বৰ্গ, পৃথিৱী, পাৰ্থিৱ, অপাৰ্থিৱ শক্তিৰ সমন্ধ সম্পৰ্কৰ কথা উল্লেখ কৰিছে ৷ এই দুটা শক্তিৰ আধাৰতে জীৱজগতৰ সৃষ্টিৰ কথা সূচাইছে ৷ সেয়ে মানৱজীৱনত দুটা আত্মা— পু আত্মা আৰু হান আত্মাৰ দ্বাৰা জীৱিত কালত এজন লোক পৰিচালিত হয় বুলি কোৱা হৈছে ৷ অপাৰ্থিৱ বা অদৃশ্য শক্তি চাও ফুৰা আৰু চাও ফি নামাকৰণে সৰ্ববিদ্যাৰ গৰাকী আই ছাঙ্ ছিঙে " পেঞ্ কা কা " শাস্ত্ৰক দুভাগে ভাগ কৰি সৃষ্টিৰ গৰাকী পৰম পিতৃ ফুৰাৰ গুণানুকীৰ্তনৰ বাবে ফুৰালুঙ বিধি আৰু দেৱতা বা চাও ফী সকলৰ তৰ্পণৰ বাবে খেক লাই বিধি মন্ত্ৰ বেলেগে বেলেগে তৈয়াৰ কৰিছিল ৷ গতিকে আহোমৰ পূজা-পাতল সমূহত পৰম পিতৃ ফুৰাৰ অৰ্চনাৰ বাবে ফুৰালুঙ বিধি আৰু চাও ফি, চাঙ ফি আৰু গৃহদাম পূজাৰ বেলেগ বেলেগ খেক লাই বিধি পোৱা যায় আৰু সেই বিধিৰ আধাৰতে পূজা পাতল সমূহ সম্পন্ন কৰে ৷ বিধি সমূহৰ ভিতৰত খেক্ লাট্, ডাম্ ফা, খেক লাই ৰিক খ্বন, খেক লাই ডাম ফী ৰেন, খেক লুঙ্ চেৰাইডয় আদি পুথিবোৰ পণ্ডিতসকলৰ লগত দেখা যায় ৷ যিবোৰ ব্যৱহাৰ কৰিয়েই মহন, দেওধাই, বাইলুঙসকলে আহোমৰ পূজা অৰ্চনাবোৰ পালন কৰি আহিছে ৷
তাঈ আহোমৰ ধৰ্মীয় লিট্ বা শাস্ত্ৰ সমূহত সৃষ্টি তত্বৰ সন্ধান দি ফ্ৰা টু ছিঙ ফ্ৰঙ হুমক পৰমপিতৃ জ্ঞান কৰিছে ৷ যাৰ কোনো ধবংস বা মৃত্যু নাই ৷ যাক মহা প্ৰকৃতি বুলিও আখ্যা দিয়া হয় ৷ চাও ফু ৰা তা ৰা আলঙ ঔ বুলি ফুৰালুঙ পুথিত উল্লেখ কৰিছে ৷ ফুৰালুঙ অনুষ্ঠানত এওঁৰ গুণানুকীৰ্তন কৰা হয় ৷ 
এই সৃষ্টি পিতৃয়ে বা এই সৃষ্টি পিতৃৰ পৰাই উদ্ভৱ হোৱা বা স্ৰজন হোৱা জীৱ জড় পিতৃ-পিতামহ যেনে খাওখাম ( জলপিতৃ-জলমাতৃ) , আই লাঙদিন ( ধৰিত্ৰী, পিতৃ-মাতৃ) , জান ছাই হুঙ ( জ্ঞান সত্বাৰ গুৰু পিতৃ, গুৰু মাতৃ, চিত লাম ছাম ( সপ্ত সত্বা, ব্ৰজ, ধুমুহা, শিলাবৃষ্টি, নিয়ৰ, কুৱঁলী, তাপ- পোহৰ, পিতৃ-মাতৃ, ) , মুট্ কুম টাই কুম ( চন্দ্ৰ সূৰ্য, দৃশ্যমান তাপ পোহৰ, পিতৃ-মাতৃ) , জা চিং ফা ( বিদ্যা শিক্ষাৰ গুৰু মাতৃ, গুৰু পিতৃ) আৰু চাও ফী ডাম্ ( মানৱ সমাজৰ উপৰি পিতৃ -মাতৃ সকল) ৷ তদুপৰি অপ্ৰাকৃতিক উপৰি পিতৃ-মাতৃ স্বৰুপ ৰা-খিন্, বা-খিন্ ৷
উল্লেখযোগ্য যে চাও ফী ডাম্ মানৱ জন্মজাত মৃতক উপৰি পুৰুষৰ ১৫ পুৰুষৰ উদ্ধৰ সকলো মৃতকে চাও ফী দেৱতাত উপনীত হৈ মহাপ্ৰকৃতিৰ লগত বিলীন হোৱা বা পৰমপিতৃৰ লগত এক হৈ যোৱা বুলি ধৰা হয় ৷ আৰু চাও ফী আখ্যা দিয়া হয় ৷ এই পোন্ধৰ পুৰুষলৈ উপনীত হ'বলৈ গৃহদামৰ পৰা পদ্ধতিগত ভাৱে প্ৰতি পৰিয়ালৰ পৰা বংশানুক্ৰমত প্ৰতি এক পুৰুষৰ অন্তৰে অন্তৰে মৰা লগোৱা সকাম পাতি গৃহদামৰ পৰা ওপৰলৈ উন্নীতহৈ আহে ৷ গৃহদাম, ছাঙদামত অন্তভুক্ত নোহোৱাকৈ পোনে পোনে কোনেও চাও ফী দাম হ'ব নোৱাৰে ৷