সম্পাদকীয়, ভ্ৰাণ্ট বৰগীত, বিভ্ৰাণ্ট অসমীয়া ණ চাও নগেন হাজৰিকা

প্ৰান্তিক নামৰ আলোচনী খনৰ(গুৱাহাটিৰ পৰা প্ৰকাশ পোৱা, সম্পাদক- ইমৰাণ হুছেইন) -১৫ ফেব্ৰুৱাৰী ১০১৫ সংখ্যাটোৰ নং পৃষ্ঠাত কুমুদ চন্দ্ৰ ডেকা নামৰ এজনে লিখিছিল-
শংকৰদেৱৰ প্ৰাণদণ্ড নহলহেতেন নে?”
 সেই সময়ত স্বৰ্গনাৰায়ণ বা চুহুংমুং, এইগৰাকী স্বৰ্গদেৱক শংকৰগুৰুৱে যুক্তিসহকাৰে বুজাবলৈ সমৰ্থ হয় যে ঈশ্বৰৰ নাম কীৰ্তন কৰাত কোনো জাতি অজাতি নাই উত্তম ভকতজনেই উত্তম মানুহো
   শংকৰদেৱৰ যুক্তিত পতিয়ন গৈ ৰাজভৰালৰ পৰা ধন সোণ বস্ত্ৰ মাননি দি সসম্ভ্ৰমে বিদায় দিয়ে ইয়াৰ পিছতেই আহোম ৰজাই বহু হাতীৰ গৰাকী বলৈ বনৰীয়া হাতী ধৰিবলৈ আদেশ কৰিলে গড়ৰ ভিতৰত সোমোৱা হাতী যাতে কোনো কাৰণতে পলাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰি আদেশ কৰিলে যাৰ ফালে হাতী ওলাই যাব সি প্ৰাণদণ্ডৰ সন্মুখীন লাগিব
      কিছুদিন ভালে ভালে পাৰ যদিও এদিন মাঘমহীয়া ৰাতি জাৰত কঁপি কঁপি হাতী ৰখি থাকোতে ভূঞা সকলৰ ফালে এটা দঁতাল হাতীয়ে বালিৰ গড় ভাঙি পলাল পিছে পিছে আৰু এজাক হাতী এতিয়া কি উপায়? চাউদাং আহি ধোঁৱাহাট পালেহি শংকৰদেৱ হাতত ধৰাৰ পৰা মানেই নিৰ্ঘাট মৃত্যুদণ্ড চাউদাং ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত শংকৰদেৱে লগে লগে গাত চেলেং এখন ললে চাৰিকুৰি বছৰীয়া শংকৰদেৱে চাউদাংক ঠেলা মাৰি আঁতৰাই ঘৰৰ বাহিৰ ওলাই ডেকা লৰা দৌৰাদি দৌৰিবলৈ ধৰিলেচাউদাঙে তৰ্কিবই নোৱাৰিলে হয়তো ধৰা পৰাহেঁতেন শংকৰদেৱৰ প্ৰাণদণ্ডই নহলহেতেন নে?” কুমুদ চন্দ্ৰ ডেকা, বামুণীমৈদাম, গুৱাহাটী ৭৮১০২১
 চাও ফা ছ্যু হুম মৌং দেৱৰ ৰয়েল কমিউনিটিটোৰ কোনোবা সদস্যই বা অন্য কোনো সম্প্ৰদায়ৰ কোনো লোকে উক্ত প্ৰশ্নৰ উত্তৰ দিছে বা দিছিল নাই নাজানো কিন্তু মোৰ উত্তৰটো যে কৰ্তব্যৰ প্ৰতি অৱহেলা কৰাৰ অপৰাধত শংকৰদেৱ শাস্তিৰ যোগ্য আছিল কোনোবা কোনোবা বুৰঞ্জী পুথিত উল্লেখ আছে যে ধৰ্ম প্ৰচাৰক বুলি জানি শংকৰদেৱক দোষমুক্ত কৰি let set free কৰি দিয়া হৈছিল তথাপি এতিয়াও কুমুদ চন্দ্ৰ ডেকাই সঁচা কথাটোৰ ওপৰত মিথ্যাৰ ৰং পানী চৰাই অসমৰ ৰাইজক  আহোম বিদ্বেষী কৰিবলৈ চেষ্টা কৰিছেবহুতেই এইদৰে কৰিছিল আৰু এতিয়াও কৰি আছে আনকি কিছুমান আহোম পাষণ্ডইয়োধুৰৰৰ এইসোপাই শংকৰদেৱক লৈ অসমীয়া জাতি গঠন কৰে শুনিলে মোৰ পেচাব ওলাব খোজে
    অন্যহাতেদি কুমুদ চন্দ্ৰ ডেকাই লিখাৰ দৰে শংকৰদেৱে কোনোবা দিনত চাওঅফা ছ্যু হুম মৌঙ দেৱক লগ ধৰি কীৰ্তন কথা বুজাইছিলগৈ- সেই কথা এতিয়ালৈকে প্ৰকাশিত বুৰঞ্জীবোৰত দেখা পোৱা নাযায়মিথ্যা অলৌলিকতাৰে খাই থকা কোনোবা চৰিত পুথিত যদি এই কথা লিখা আছেও, সেইটো অৱশ্যে মোৰ অৱগত নহয় কুমুদ ডেকাৰ নিচিনা লিখক কেইটামানে ভিত্তিহীন কথাকেইটামান লিখি অসমবাসীক আহোম বিদ্বেষী কৰি তোলাত অৱদান দলিয়াই  আহিছে
 এতিয়া ঘূৰি আহো শংকৰদেৱৰ শাস্তি সম্পৰ্কে তেখেতে লিখিছিল-
  “শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ
   নিশাচৰ নাশ নিদান
 এই বৰগীতত উল্লেখিতনিশাচৰ নাশশব্দৰ অৰ্থ হৈছে চোৰক বধবধহৈছে প্ৰাণদণ্ড আৰু আজিৰ ভাষাতবধতথাপ্ৰাণদণ্ডহৈছে কেপিটেল পানিচমেণ্ট (গুৰু শাস্তি) আহোম ৰাইজে বুজিবনে যেআহোমে কৰিলে অত্যাচাৰ আৰু শংকৰে কৰিলে সদাচাৰ বাহ ৰে তথাকথিত অসমীয়া আৰু অসমীয়া জাতি  আহোমবোৰ দিন কণা
   এতিয়া পুনৰ আহো চুৰি কাৰ্যলৈ শংকৰৰ ভাগিন নে ভতিজা অনিৰুদ্ধ নামৰ এজনেকল্পতৰুশাস্ত্ৰখন শংকৰৰ পৰা চুৰি কৰি আনিছিল এই চোৰ জনকনাশকৰা উচিত আছিল যদিহে শংকৰীসোপাই শংকৰদেৱক সন্মান কৰিব জানিছিলকিনো কৰিব এই দুমুখীয়া সাপ সোপাই? মাত্ৰ আহোমক অত্যাচাৰী বুলিহে জানে তেনেকৈ কৈ কৈয়েই আহোম ৰাজ্যৰ প্ৰজাখিনিক উচতাই উচতাই মৌং দুন চুন খাম খনক ধ্বংসৰ পথলৈ আগবঢ়াই দিলেআজি সিঁহতে আহোম জাতিটোক নিঃশেষ কৰিবলৈ ওলাইছে

  আহোমেই আহোমৰ শত্ৰু যোৱাটো সহস্ৰাব্দৰ শেষৰ ফালে আৰু এতিয়াও কেইজনমান আহোমে আহোম জাতিটোৰ ধ্বংস মাতি আনিছে মাত্ৰ তিনিজনৰ নাম সদ্যহতে লঁও প্ৰথমজন দুতলীয়া শশী বৰবৰুৱা, শংকৰসংঘ খুলি আহোমক নিজ জাতীয় ধৰ্মৰ পৰা আতঁৰাই নিবলৈ অলেখ চেষ্টা কৰিলেতাৰ পাছত তেওঁ চেৰেলি বোৱা গু ফেনেকি ফেনেকি সতীশ গগৈ নামৰ এজনে অতি জোৰেৰে পোকৰ ফালৰ পৰা ধৰি বল দিলে এতিয়া এজন আছে নাম তৰুণ গগৈ মূখ্যমন্ত্ৰী হৈয়েই কৈছিল আহোমৰ বিষয়ে সেইবোৰ কি মই নাজানোৱেইআহোমৰ মূখ্যমন্ত্ৰীএজনে তেনে কথা লে আহোমক মাৰিবলৈ আৰু অন্য আৰু কি বাহানা লাগে আত্মহত্যাৰ আন এটা নাম তৰুণ গগৈ তাৰ বাহিৰে আৰুনো অউকাড কি ঢিলা পকৰত কোনে ঠিলা ঠেলিব??
সম্পূৰ্ণকৈ পঢ়ক »

তাঈ আহোম— প্ৰথম অসমীয়া সমাজৰ বাটকটীয়া ( এক চমু অৱলোকন) ® চাও উদিত ফুকন ৷

আমাৰ পূৰ্বপুৰুষ সকল আছিল শ্যাম দেশৰ বাসিন্দা | শ্যাম দেশক বৰ্তমান থাইলেণ্ড নামেৰে জনা যায় | পূৰ্বতে শ্যাম দেশত বসবাস কৰা প্ৰায় বিলাক মঙ্গোলীয়ান জনগোষ্ঠীৰ লোক সকলে তাও ধৰ্ম পালন কৰিছিল | সেই বাবে উক্ত শ্যাম সকলক 'তায়ী' বা তাই বুলি কৈছিল | উক্ত তাই জনগোষ্ঠীয় লোক সকলৰ ভিতৰত তাই আহোম, তাই খামতি, তাই ম্যান, তাই তুৰুং , তাই খামিয়াং আৰু তাই ফাকে আদি | তাৰ ভিতৰত বিশেষকৈ তাই আহোমসকলে বাস কৰিছিল বৰ্তমান লাউচ আৰু কম্বোদিয়াৰ মাজৰ ম্যুংৰি ম্যুংৰাম নামৰ ঠাইত ৷ তাই আহোম সকলে পূৰ্বৰ পৰাই নিজকে আহোম বুলি চিনাকি দি ভাল পায় আৰু তেওঁ লোকে বিস্বাস কৰে যে আহোম সকল স্বৰ্গৰ ৰজা লেংদনৰ বংশধৰ | কিন্তু প্ৰবাদমতে পৃথিৱীত শাসন কৰিবলৈ স্বৰ্গৰ ৰজা লেংদনে পঠোৱা তেওঁৰ নাতি খুনলুং আৰু খুনলাইহে প্ৰকৃতত লেংদন বংশীয় আৰু বুৰঞ্জীয়েও তাকেই কয় | ধাৰণা কৰিব পাৰি যে আহোম স্বৰ্গদেউ সকলৰ উপৰি পুৰুষ দুজনাক লেংদনে স্বৰ্গৰ পৰা প্ৰেৰিত কোনো দিব্যযানৰ পৰা সোণালী ৰঙৰ শিকলি সদৃশ জখলাৰে পৃথিৱীত পদাৰ্পণ ঘটাইছিল | সেয়ে তেওঁলোকে সোণৰ জখলাৰে পৃথিৱীলৈ নামি অহা কথা বুৰঞ্জীয়ে নুই কৰা নাই | সকলোবোৰ কথা চালি-জাৰি চাই কিছু কথা ধাৰণা কৰিব পাৰি যে সেই সময়ত ম্যুংৰি মুংৰামকে ধৰি সমগ্ৰ শ্যাম দেশতে অসংগঠিত ভাবে তাই জনগোষ্ঠীয় লোক সকলে বাস কৰিছিল আৰু তাৰ সমান্তৰাল ভাৱে শ্বান জনগোষ্ঠীয় (বৰ্তমান চীনা ) লোক সকলেও সহাৱস্থান কৰি আছিল | উক্ত স্হানত তেওঁ লোকৰ মাজত আকস্মিক ভাৱে সোঁ-শৰীৰে অাৰ্ৱিভাব হোৱা লেংদন প্ৰেৰিত তেজস্বী দিব্য পুৰুষ দুজনাক বিনা দ্বিধাই তাই আহোম সকলে স্বৰ্গৰ প্ৰতিনিধি, স্বৰ্গদেউ ৰূপে আদৰি লৈছিল | পৰবৰ্তী সময়ত আহোম সকলে স্বৰ্গদেউ খুনলুংঙে যথা নিয়মেৰে চোমচেঙক প্ৰতিষ্ঠা কৰি ৰজা সিংহাসন আৰোহণ কৰিছিল আৰু উক্ত স্থানৰ পৰাই শ্যাম দেশীয় ভূমি পুত্ৰ সকলক সু-সংগঠিত কৰি ৰাজ্য শাসনৰ পাতনি মেলিছিল | প্ৰবাদ মতে স্বৰ্গদেউ খুনলুঙে দিব্য হস্তিত উঠি দিব্য অস্ত্ৰ হেংদাং সিফালে টোঁৱাইছিল সেই ফালে ৰাজ্য বিস্তাৰিত কৰিছিল বুলি বুৰঞ্জীত উল্লেখ পোৱা যায়| পৰবৰ্তী সময়টো স্বৰ্গদেউৰ উত্তৰ পুৰুষ সকলে বৰ্তমান চীন দেশৰ মধ্য অংশলৈকে ৰাজ্য বিস্তাৰিত কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে | কালক্ৰমত শ্বান(চীনা) সকল বেছি শক্তিশালী, চতুৰ তাৰোপৰি অত্যাচাৰী হোৱাত শ্যাম দেশত তাই গোষ্ঠীয় লোক সকল তিস্থি থাকিবলৈ টান হৈছিল | তাৰ ফলত বহু তাই জনগোষ্ঠী যেনে খামটি, খামিয়াং, তৰুং, আইতনীয়া, ম্যান, ফাকে আদি পাটকাই ফাললৈ আঁতৰি আহিব লগা হৈছিল আৰু আহোম সকলেও সেই সময়তে পূৰ্বৰ ঠাই এৰি মাওলুঙৰ ফাললৈ স্হান পৰিবৰ্তন কৰিছিল |
তাও ধৰ্ম পৰিপন্থী কুনকুচিয়াচৰ মতবাদত বিশ্বাসী চীনা সকলে কালক্ৰমত সংগঠিত হৈ স্বকীয় ৰাজত্ব জাহিৰ কৰিছিল | আনহে নালাগে তেওঁ লোকৰ ভিতৰৰে কোনোবা এজন ৰজাই নিজকে স্বৰ্গৰ প্ৰতিনিধি Quing ক্যিং বুলি কোনোবা পৰ্ব্বতৰ পৰা সোণবৰণীয়া এডাল জখলাৰে নামি আহি ঘোষণা কৰিছিল আৰু ইতিহাসত স্বৰ্গৰ প্ৰতিনিধি হিচাপে আন কাৰোবাৰ নাম যাতে নাথাকে তাৰ বাবে ক্যিং সকলে তাই জাতিৰ বুৰঞ্জী দহনৰ কাৰ্যও সম্পন্ন কৰিছিল | (ড: দয়ানন্দ বৰগোহাঁই মতে চীনা সকলে কৃষি বুৰঞ্জী বিলাকৰ বাদে তাই জাতিৰ বুৰঞ্জী একেবাৰে পুৰি চাই কৰিছিল | ) সেয়েহে আহোম সকলে বুৰঞ্জী লিখিবলৈকে বাদ দিছিল, যাৰ বাবে আজিও পাটকাইৰ সিপাৰে তাই আহোমৰ বৰ্ণীল ইতিহাস লিখিত ৰূপত পোৱাৰ পৰিৱৰ্ত্তে মুখে মুখে প্ৰবাদৰূপে প্ৰচলিত হৈ আছে | তেনে এটা প্ৰবাদমতে খুনলুং আৰু খুনলাইক লেংদনে পৃথিৱীলৈ পঠোৱাৰ সময়ত তেওঁ লোকৰ প্ৰয়োজন হোৱাকৈ কিছুমান মূল্যবান সম্পদ লগত দি পঠাইছিল | সেই সম্পদ কেইটা হ'ল যেনে এটি বিগ্ৰহ ( চুম চেং ) এটা বগা হাতী, এখন দিব্য তৰোৱাল (হেংদাং) কেইযোৰ মান দেওলগা কুকুৰা (কাইচেংমং), এযোৰ ঢোল তাল (ক্কং) আৰু চোমচেঙৰ পূজাবিধ (খেকলাই ) | কোনো কোনো মতে উক্ত সম্পদ কেইটাৰ উপৰিও সোণৰ সিংহাসন, সোণৰ চত্ৰ, সোণৰ ৰাজদণ্ড, বুঢ়াগোহাঁই, মহন, দেওধাই ফুকন, বাইলুং আৰু লুখুৰাখন ফুকনকো স্বৰ্গৰ বীজ (মপ্লং) হিচাপে সম্বন্ধিতে পঠাইছিল আৰু সেয়ে হ'ল সাতঘৰীয়া আহোম |
পৃথিৱীত পদাপৰ্ণ কৰোতে খুনলুঙে চোমচেঙক হাতত লৈ আহিছিল যদিও বাকী বস্তু কেইপদ আদবাটতে এৰি থৈ আহিছিল | পিছত সেই বস্তু কেইপদ আনিবলৈ কাৰোবাক পঠাবলৈ বিচাৰিলে কিন্তু আহোম সকলৰ মাজৰ পৰা কোনোৱে সাহস নকৰিলে | পিছত 'খে' নামৰ বহতীয়া চীনা এটাই উপযাচি যাবলৈ ওলোৱাত স্বৰ্গদেউ খুনলুঙে সন্মতি প্ৰদান কৰিলে | চতুৰ চীনা খেই বস্তু কেইপদ আনি দিলেহি যদিও তাৰ প্ৰয়োগৰ আচল কৌশল বিলাক শিকি অহাৰ দৰে সকলো কথা বিবৰি নকলেহি | স্বৰ্গৰ লেংদনে কৈ পঠোৱা আচল উপদেশবিলাক আছিল " চোমচেঙক ধুৱাই-পখলাই খেকলাই পূজা ভাগ বিধিমতে বছৰত দুবাৰকৈ কৰিবি | তেতিয়া দেশৰ মংগল হ'ব আৰু অচলা লক্ষীৰ বসতি হা ধন, জন বৃদ্ধি হ'ব | কাইচেংমুং যাঁচি ৰাজ্য বঢাবি, যদি নামানে তেহে হেংদাং টোঁৱাবি আৰু হেংদাংখন পৰাপক্ষত পিঠি ফালে ৰাখি দুহাতেৰে শত্ৰুক দমন কৰিবি, প্ৰযোজন নহ'লে অসময়ত ক্কং নবজাবি, দেশৰ অমংগল হ'ব, কাইচেংমুঙৰ ঠেঙেৰে বাইলুংঙে ৰজাৰ প্ৰজাৰ মঙল (বানচেং) চাব আৰু কাইচেংমুং কাটি তাৰে ঠোঁটৰ সৈতে মূৰটো, পাখিৰ ডেউনা, নখ,পেটু তহঁত আহোম সকলে খাবি আৰু মঙহ বিলাক সিহতক (চীনা সকলক খাবলৈ দিবি | কিন্তু খে ওলোটাই আহোম স্বৰ্গদেউ আৰু আহোম সকলক মঙহ খাবলৈ দি গা গধুৰ কৰালে আৰু নিজৰ জাতি-ভাই হঁতৰ নখ, ঠেং, পেট, মুৰ, পাখি জেউনা খোৱাই গা পাতল কৰালে | সেয়েহ আহোম সকলতকৈ চীনা সকল কুকূৰাৰ দৰে ওপৰলৈ জপিয়াই যুদ্ধ কৰিব পৰা হ'ল | কংফু কেৰাটেৰ দৰে যুদ্ধ কৌশল আযত্ব কৰি হেংদাং সদৃশ নিনজা নামৰ তৰোৱাল পিঠিৰ ফালে ৰাখি খালি হাতে আৰু ভৰিৰে প্ৰতিপক্ষক ধৰাশায়ী কৰিব পৰা হ' ল |
সহায়ক গ্ৰন্থ— বাটকটীয়া, নৃপেন ফুকন
( আগলৈ)
সম্পূৰ্ণকৈ পঢ়ক »

বুৰঞ্জীৰ পম খেদি– চৰাইদেউ –দিলীপ কুমাৰ বুঢ়াগোহাঞি, গড়গাঁও

অতীজ কালত অসমক কামৰূপ নামেৰে শুনা গৈছিল। পুৰাণ আৰু তন্ত্ৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত কামৰূপক চাৰিটা খণ্ডত ভাগ কৰা হৈছে। এই খণ্ডকেইটাৰ প্ৰত্যেককে একোখন পীঠস্থান বুলি কোৱা হৈছিল। সেই অনুক্ৰমে দিকৰাই বা দিক্কৰ বাসিনী বা দিক্ৰং নদীৰ পৰা ভৈৰৱী বা ভৰলী নদীলৈকে সৌমাৰ পীঠ, ভৈৰৱীৰ পৰা ৰূপিকা বা ৰূপহী নদীলৈকে স্বৰ্ণ পীঠ, ৰূপিকাৰ পৰা সোণকোষ নদীলৈকে কামপীঠ আৰু সোণকোষৰ পৰা কৰতোৱা নদীলৈকে ৰত্নপীঠ বুলি কোৱা হৈছিল। পিছলৈ সৌমাৰ পীঠ হ'ল উজনি অসম, স্বৰ্ণ পীঠ হ'ল মধ্য অসম আৰু কামপীঠ হ'ল নামনি অসম। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাৰুৱা সমতলভুমিত গঢ় লৈ উঠা অসম দেশৰ পূবে মিছিমি, চিংফৌ আদি পাহাৰীয়া জাতিয়ে বসবাস কৰা পৰ্বতবিলাক, পশ্চিমে মানাহ নদী, উত্তৰে ভোট, অকা, ডফলা, আবৰ আদি সকল থকা পৰ্বতশ্ৰেণী আৰু দক্ষিণে নগা, খাচীয়া, গাৰো আদি জাতি-জনজাতি সকল থকা পৰ্বতশ্ৰেণী।
ইয়াৰ সৌমাৰ পীঠতেই দক্ষিণ চীনৰ মং-মাও-লুঙৰ পৰা এক বৃহৎ অনুগামীৰ দল লৈ তাই বংশৰ এজন বাহুবলী বিচক্ষণ ৰাজকোঁৱৰ চাওলুং-ছু-কা-ফাই অতি বিপদ সঙ্কুল পাহাৰীয়া পথেৰে প্ৰবজন কৰি ১২২৮ খ্ৰীষ্টাব্দৰ ১৬ আঘোণৰ দিনা প্ৰথম পদাৰ্পন কৰিলেহি। নামৰূপ, তিপাম, অভয়পুৰ, শলগুৰি, হাবুঙ্গ, শিমলুগুৰি আদি ঠাইত তিনি-চাৰি বছৰকৈ থাকি ছুকাফাই ১২৫৩ চনত চৰাইদেউত স্থায়ী ৰাজধানী পাতি অসমত ছশ বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলে। ছুকাফাৰ উপৰিপুৰুষ আছিল স্বৰ্গাধিপতি লেংডন আৰু তেওঁৰ নাতি খুন-লুঙ্গ। অতীজতে দক্ষিণ পূব এচিয়াত মুঙ-ৰি-মুঙ-ৰাম নামেৰে এখন তাই বংশৰ লোকসকলৰ ৰাজ্য আছিল। এইখন ৰাজ্য আছিল মেকং নৈৰ পশ্চিম উপত্যকাত। ইয়ালৈ প্ৰবজন কৰি অহা তাই জাতিৰ লোকসকলক নেতৃত্ব দিছিল ৰাজফৈদৰ দুজন ককাই-ভাই খুন-লুঙ আৰু খুন-লাইয়ে। মুঙ-ৰি-মুঙ-ৰামক মঙ-মাও-লুঙ বুলিও কোৱা হৈছিল। ইয়াৰ ৰজা খুন-লুঙৰ বংশৰ পৰিনাতি চাও চাং-ন্যেউ বা ফু-চাং-কাংৰ পুত্ৰ হ'ল আহোম ৰাজ্যৰ প্ৰথম স্বৰ্গদেউ চাওলুং-ছুকাফা।
আহোম ভাষাৰ চে-ৰাই-ডয়ৰ পৰা চৰাইদেউ নাম প্ৰচলিত হয় বুলি সৰহসংখ্যক বুৰঞ্জীবিদ আৰু পণ্ডিতৰ মত। তাই আহোম ভাষাত চে-ৰ অৰ্থ নগৰ, ৰাই-ৰ জিলিকি থকা আৰু ডয়-ৰ অৰ্থ পাহাৰ; অৰ্থাৎ পাহাৰৰ ওপৰত জিলিকি থকা নগৰ। ইয়াক চে-তাম-ডয় চে-লুঙ-চে-খাম বুলিও কৈছিল। পিচত চে-ৰাই-ডয়ৰ পৰাই এই ঠাইৰ নাম চৰাইদেউ হ'ল। আহোম বুৰঞ্জী চে-ডয়-খাম, ডয়-চে, ডয়-চে-লুং বা কেৱল ডয় বুলিও চৰাইদেউক উল্লেখ কৰা দেখা যায়। বৰ্তমান শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পূবত ধোদৰ আলিৰ কাষত ধোপাবৰ মৌজাৰ ভিতৰত চৰাইদেউ অৱস্থিত। বৰ্তমান নগা পাহাৰৰ উত্তৰ কাষে থকা চৰাইদেউ হ'ল কিছু সমতল আৰু কিছুমান সৰুবৰ টিলাৰ সমষ্টি মাথোন। ইয়াত আহোম সকলে ৰাজধানী স্থাপন কৰাৰ পূৰ্বে বৰাহীসকলৰ পূজা সেৱাৰ স্থান আছিল।
বৰ্তমান চৰাইদেউ বুলিলে এই স্থান মৈদাম নগৰী বুলিহে বিখ্যাত। ইয়াত পূবে নিমনাগড়ৰ পৰা দক্ষিণ পশ্চিমে লেঙিবৰ চণ্টকলৈকে প্ৰায় ছয় কিলোমিটাৰ জুৰি লানি পাতি পাহাৰৰ দৰে কেইবা শাৰীত কেইবাশ ৰাজপৰিয়ালৰ মৈদাম আছে। ছশ বছৰীয়া আহোম ৰাজত্ব কালত ৰজা, ৰাণী, ৰাজমাও, কোঁৱৰ, কুঁৱৰী, ৰজাৰ ককাই-ভাই আদি ৰাজপৰিয়ালৰ লোকসকলৰ প্ৰায় সকলোকেই ইয়াত মৈদাম দিয়া হৈছিল। সিংহাসনত বহা স্বৰ্গদেউজনৰ যতেই মৃত্যু নহওক কিয় তেওঁলোকৰ শৱদেহ অথবা [পিচলৈ] চিতাভস্ম আনি চৰাইদেউত মৈদাম দিয়া হৈছিল। এইবাবেই চৰাইদেউ একপ্ৰকাৰ আহোমসকলৰ জেৰুজালেম স্বৰূপ। ইয়াত থকা মৈদামসমূহৰ ভিতৰত বৰ্তমান কেন্দ্ৰীয় পুৰাতত্ব বিভাগে ৰুদ্ৰ সিংহ, ৰাজেশ্বৰ সিংহ, শিৱ সিংহ আৰু লক্ষ্মী সিংহৰ মৈদাম চাৰিটা সংৰক্ষণৰ আওতালৈ আনিছে আৰু ৰাজি্যক পুৰাতত্ব বিভাগে অন্য পোন্ধৰটা মৈদাম সংৰক্ষণ কৰিছে। চৰাইদেউত থকা বাকী সকলো মৈদাম অসংৰক্ষিত অৱস্থাত থাকি মানুহৰ চূড়ান্ত অৱহেলা আৰু অত্যাচাৰৰ বাবে ধ্বংশৰ ক্ষণ গণিব লগা হৈছে। উল্লেখযোগ্য যে ইয়াত লাংকুৰি দ'লৰ পশ্চিমলৈ থকা কুঁৱৰীসকলৰ মৈদাম লানিৰ ভিতৰতে ফুলেশ্বৰী কুঁৱৰীৰ মৈদামৰ ওপৰত চৰাইদেউ চাহ বাগিছা স্থাপনৰ সময়ৰ পৰাই মেনেজাৰৰ বাংলা সাজি অধিগ্ৰহণ কৰি আহিছে। ইয়াক আঁতৰাই সংৰক্ষণ কৰাৰ কোনো ব্যৱস্থা আজি পৰ্য্যন্ত গ্ৰহণ কৰা হোৱা নাই। আকৌ কেন্দ্ৰীয় পুৰাতত্ব বিভাগে ভ্ৰমণকাৰীক দেখুৱাবৰ কাৰণে ৰাজেশ্বৰ সিংহৰ মেদামটো আজিৰ পৰা দহ-বাৰ বছৰ আগতে খান্দি ইয়াৰ ভিতৰত থকা ৰুঙ-দাঙৰ পকী গাথঁনি উন্মোক্ত কৰি কোনো মেৰামতি বা সংৰক্ষণ নকৰাকৈ ৰ'দ বৰষুণত জাহ গৈ ধ্বংশ হবলৈ এৰি দি পুৰণি কীৰ্ত্তিচিহ্ন সংৰক্ষণৰ নামত ডূড়ান্ত ৱহেলা আৰু অৱজ্ঞাৰ পৰিচয় দিছে। মিচৰৰ বিখ্যাত পিৰামিড সদৃশ চৰাইদেউৰ মৈদামসমূহ প্ৰকৃতপক্ষে অসমৰ অতি আপুৰুগীয়া সম্পদ ।
মৃতদেহক মৈদাম দিয়াৰ ব্যৱস্থা হ'ল আহোম সকলৰ এক পুৰণি প্ৰথা। খৃষ্টপূৰ্ব তিনি হাজাৰ বছৰৰেই পৰা তেওঁলোকৰ মাজত এই মৈদাম দিয়াৰ প্ৰথা নিৰৱ¿চ্ছন্ন ভাৱে চলি আহিছে। মৈদাম দুই প্ৰকাৰৰ- এবিধ কাঠ, বাঁহ আৰু মাটিৰে সজা কেঁচা মৈদাম আৰু আনবিধ হ'ল শিল ইটাৰে পকীঘৰ সাজি তাৰ ওপৰত মাটি জাপি সজা পকী মৈদাম। কেঁচা মৈদামৰ ক্ষেত্ৰত শাল, শিঙৰি, উৰিয়াম আদি টান কাঠৰ খুটাৰে ১৫/১৬ হাত দীঘল আৰু জ্জ্বযজ্ঝ হাত বহল কৰি গঁৰাল মাৰি তাৰ ভিতৰত মৃতদেহ ৰাখি জীৱিত কালত ব্যৱহাৰ কৰা সা-সজুলি আৰু দ্ৰব্যসহ সকলো বস্তু যতনাই ৰাখে আৰু তাৰ পিচত গঁৰালৰ ওপৰত মাটি জাপি দ'ল যেন কৰি মৈদাম বান্ধে। পকী মৈদামৰ ক্ষেত্ৰত শিল আৰু ইটাৰে পকী ঘৰ সাজি তাৰ ভিতৰত মৃতদেহ আৰু মৃতকৰ বাবে লাগতীয়াল আৰু ব্যৱহাৰ্য সকলো বস্তু ৰাখি ঘৰৰ দুৱাৰ বন্ধ কৰি তাৰ ওপৰত দ'ল যেন কৰি মাটি জাপি মৈদাম বান্ধে। এনে পকী মৈদামত সাধাৰণতে পাঁচটা অংশ থাকে। এই অংশ কেইটা হ'ল– ৰ] গৰ্ভ বা গৰ্ভগৃহ [তল], 2] যটক [ওপৰ পহল], 3] টকৰ ওপৰত ঘট চূলাৰে সৰু মন্দিৰ, চ্ছ্ৰ] গড় আৰু প্ত] গা-মৈদাম। মৈদামৰ ওপৰ অংশত কেৱল স্বৰ্গদেউ সকলৰ মৈদামতহে মন্দিৰ বা দ'ল নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰ সাধাৰণতে ইটাৰে চাৰিচলী কৰি সজা হৈছিল। চৰাইদেউত এনে ঘট চূলাৰ ভগ্নাংশ বৰ্তমান এটা মৈদামতহে দেখিবলৈ পোৱা যায়। পকী মৈদাম দুই বা তিনি মহলীয়াকৈ নিৰ্মাণ কৰাৰ কথাও বুৰঞ্জীয়ে সাক্ষ্য দিয়ে। ইয়াৰ ওপৰ মহলালৈ যাবলৈ জখলা বা খটখটীও দিয়া হৈছিল। পকী মৈদামৰ তলৰ মহলা কেইটা শিল আৰু ইটাৰে গাঁথি ইয়াৰ ওপৰত মাটি জাপি দ'ল যেন কৰিছিল। গড় হ'ল ইটা আৰু শিলৰ জখলাৰে সৈতে মৈদামটো বেৰি ৰখা অংশ। গা মৈদাম হ'ল সমগ্ৰ মৈদামৰ গা অংশ। চৰাইদেউত থকা মৈদাম লানিত এনে গাঁথনিৰেই সমাহাৰ ঘটিছে।
আহোমসকলে মৃতকক মৈদাম দিওঁতে লগত কিছুমান নিত্য ব্যৱৰ্হায্য বস্তু দিয়াৰ নিয়ম। জীৱিত অৱস্থাত তেওঁলোকে যিবিলাক সা-সৰঞ্জাম, সোণৰ অয়-অলংকাৰ ব্যৱহাৰ কৰিছিল সেই সকলো বিলাক বস্তু মৃতকক লগত দিব লাগে। ৰাজ্যৰ ডা-ডাঙৰীয়া সকলতকৈ ৰজা, ৰাণী আৰু ৰাজমাও সকলৰ শৱদেহৰ লগত বহু বেছি বস্তু দিয়া হৈছিল। এই কাৰণৰ বাবেই ধন-সোণ বিচাৰি মোগলৰ মিৰজুমলা আৰু পিচত ধনলুৰুকাৰ হাতত পৰি চৰাইদেউৰ মৈদাম খন্দাৰ বাবে মৈদামৰ ওপৰ ভাগত বৰ্তমান দ গাঁত দেখা যায়। চৰাইদেউত ১২৫৩ চনৰ পৰা ১৩৮৯ চনলৈকে প্ৰায় ডেৰশ বছৰ আহোম ৰাজ্যৰ ৰাজধানী আছিল আৰু চুকাফা, ছুত্যেউফা, ছুবিনফাকে আদি কৰি সাতজনে ৰাজ্য শাসন কৰিছিল। পিচত চুদাংফা স্বৰ্গদেৱে ১৩৯৮ চনত ৰাজধানীখন চৰগুৱালৈ স্থানান্তৰ কৰিছিল।
চৰাইদেউ পাহাৰৰ আটাইতকৈ ওখ টিলাটোত আছিল আহোম স্বৰ্গদেউসকলৰ পূজা সেৱাৰ থলী দেওশালখন। পূৰ্বে এই স্থানত আছিল বৰাহী সকলৰ দেওঘৰ। ছুকাফা স্বৰ্গদেৱে চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰোতে ইয়াত এটা বগা ঘেঁাৰা উপৰিপুৰুষৰ উদ্দেশ্যে বলি দি অসমত আহোম ৰাজ্যৰ পাতনি মেলিছিল। এই দেওশালখন লক্ষ্মীসিংহ স্বৰ্গদেউৰ দিনত তেওঁৰ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে লাকুৱাৰ আমলখি ৰঙাগঢ়ালৈ তুলি নিয়ে। বৰ্তমান ইয়াত পুৰণি গেদওশালখনৰ দুটামান আঠসিৰীয়া শিলৰ খুটা আৰু তাৰ ওচৰত ধ্বংশস্তুপত পৰিণত হোৱা শিল ইটাৰ ভগা টুকুৰা সম্বলিত ভেটিটো মাত্ৰ আছে। দেওশালৰ ওচৰলৈ যাবলৈ একা বেকা পথত ব্যৱহাৰ কৰা চটীয়া শিল আৰু ইটাৰ খটখটীৰ চিহ্ন বৰ্তমান হেৰাই হৈছে।
চৰাইদেউ দেওশালৰ পশ্চিম কাষত থকা ওখ টিলাটোত গদাধৰ সিংহ স্বৰ্গদেৱে এটা দ'ল নিৰ্মাণ কৰিছিল। ইয়াৰ নাম লাংকুৰি দ'ল। ইংৰাজৰ শাসন কালত এই দ'লটোৰ ইটাৰে চাহ বাগিছাত চাহাবৰ বঙলা সজাত ব্যৱহাৰ কৰিলে। বৰ্তমান ইয়াত পূৰ্বৰ পেগুদা আকৃতিৰ দ'লৰ ভগ্নাংশ সমূহ মাথোন সিচৰতি হৈ পৰি আছে। সদ্য্যহতে এই স্থান পুৰাতত্ব বিভাগে অধিগ্ৰহণ কৰি উন্নয়ন কৰা দেখা গৈছে। ইয়াৰ এই দুই দেৱস্থানৰ নামনিলৈ উত্তৰ ফালে আছিল পূৰ্বৰ ৰাজধানীখন। বৰ্তমান ভগ্নাৱস্থাত থকা এটা গড়ৰ বাহিৰে পূৰ্বৰ চিহ্ন হেৰাই গৈছে। ইয়াৰ নামনিলৈ ধোদৰ আলিৰ উত্তৰ কাষে কলিয়ামাটিৰ চাৰিওফালে গড় মাৰি লোৱা ৰজাবাৰীখনে পূৰ্বৰ স্মৃতি বহন কৰি আছে।
চৰাইদেউত কেইবাটাও মজলীয়া আকাৰৰ পুৰণি পুখুৰী আছে। ছুকাফা নগৰৰ ওচৰত ধোদৰ আলিৰ দক্ষিণ কাষে প্ৰায় সাতপুৰা মাটি সামৰি থকা পুখুৰীটোৰ নাম শ' ধোৱা পুখুৰী। ৰজাঘৰীয়া লোকৰ শৱ দেহ মৈদামত গোৰ কৰাৰ পূৰ্বে এই পুখুৰীত ৰীতিমতে পুৰোহিতে মৃতকৰ গা ধুৱাইছিল। শ' ধোৱা পুখুৰীৰ উত্তৰ ফালে ধোদৰ আলিৰ কাষত থকা আন দুটা পুখুৰীৰ নাম চিৰিং পুখুৰী। আহোম যুগত চিৰিং ফুকন নামৰ এজন বিষয়াই মৈদাম নিৰ্মাণ আৰু মৈদামত দিয়া বস্তুৰ লেখ ৰাখিছিল। চৰাইদেউ আলি কেকুৰীৰ পৰা ৰমনী আলিয়েদি সোমাই গলে পোৱা যায় পোন্ধৰ বিঘা মাটি জুৰি থকা প্ৰথম পুখুৰীটোৰ নাম মিঠা পুখুৰী বা বৰগোহাঁই পুখুৰী আৰু চৰাইদেউ চাহবাগিছাৰ কলঘৰ পাৰ হৈ দক্ষিণ পশ্চিমে থকা প্ৰায় ২৮ বিঘা মাটি কালিৰ পুখুৰীটোৰ নাম বুঢ়াগোহাঁই পুখুৰী বা লেঙ্গীবৰ পুখুৰী।
সম্পূৰ্ণকৈ পঢ়ক »