* মুগা শিল্প আৰু অসম (ණ চাও পুলক মনিষ গগৈ(গোলাঘাট))

“ আহুখেতি আহুকাল মুগাখেতি কপাল ভাল”। অসমীয়া আহোম সমাজ জীৱনৰ এটি উল্লেখযোগ্য শিল্প হ’ল মুগা বা ৰেচম শিল্প।এই ৰেচম শিল্পৰ ইতিহাস বহু পুৰণি,আজিৰ পৰা প্ৰায় চাৰি হেজাৰ বছৰৰ আগতে চীন দেশত এই ৰেচম সূতা আৱিস্কাৰ হৈছিল।কালক্ৰমত প্ৰৱজন আৰু চাহিদাৰ ফলত ই পৃথিৱীৰ বিভিন্ন দেশত বিয়পি পৰিল। অসমলৈ এই শিল্পক আহোমসকলে লৈ আহিছিল। অসমত সচৰাচৰ চাৰি প্ৰজাতিৰ মুগা পলু পোৱা যায়।এই কেইবিধ হ’ল মুগা ৰেচম পলু, এৰি পলু, পাট পলু আৰু তচ পলু। এই চাৰিবিধৰ ভিতৰত অসমত মুগা পলু আৰু এৰি পলুৰ সমাদৰ বেছি। তলত মুগা পলুৰ এক খতিয়ান দাঙি ধৰা হ’ল-
   চিনাক্তকৰণৰ অৰ্থে বিজ্ঞানীসকলে মুগাক তলত দিয়া ধৰণে শ্ৰেণী নিৰ্ধাৰণ কৰিছে। পৰ্ব- সন্ধীপদী,শ্ৰেণী- পতংগ, গোত্ৰ-চেটাৰনিদী, বৰ্গ- লেপিডপটেৰা, জাতি- এন্থেৰিয়া আৰু প্ৰজাতি আচামা।মুগা পলুৰ বৈজ্ঞানিক নাম হ’ল এনথেৰেচা আচামা।সকলোতকৈ আচৰিত কথাটো হ’ল এই মুগা পলু কেৱল অসমতহে হয়,বোধহয় অসমৰ ভৌগোলিক জলবায়ু মুগাৰ শৰীৰৰ বাবে অনুকূল।ইঅএবিধ অতি আলসুৱা জীৱ। প্ৰদূষিত অঞ্চলত মুগা জীয়াই নাথাকে, সেইবাবেই হয়তো পৃথিৱীৰ বিভিন্ন উন্নত দেশেও মুগা খেতিত বিশেষ সফলতা লাভ কৰিব পৰা নাই। অসমত আহোম ৰাজত্বৰ সময়ৰে পৰা এই মুগা শিল্প ঠন ধৰি উঠে।আৰু ইয়াৰ পৰা তৈয়াৰ কৰা কাপোৰ ৰাজকীয় পোচাকৰ মান্যতা লাভ কৰিছিল।নিপুন আহোম শিপিনী টাকুৰীত সৃষ্টি হোৱা মুগা সূতাই সোণৰ দৰে জিকমিকাই উঠিছিল।
 মুগা সূতাৰ পৰা তৈয়াৰ কৰা কেইবিধমান পোচাক হ’ল চাপকণ, পটলুং, ফা চিত, চাদৰ মেখেলা, ৰিহা, চেলেং ইত্যাদি।চাহিদা তথা ইয়াৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ মূল্য বহু হাজাৰ টকা হৈছেগৈ। ফলত মুগা খেতিয়ক সকললৈ ই এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।ঋতু অনুসৰি মুগা চোমনিয়া সকলে মুগাক কেইবাটিআও ভাগত ভাগ কৰিছে। সেইঅকেইটা হ’ল চতুৱা মুগা, জেঠুৱা মুগা, এহেৰুৱা মুগা, ভদিয়া মুগা, কতিয়া মুগা আৰু আঘোণীয়া মুগা।মুগা পলুৱে বিশেষকৈ কেইবিধমান নিৰ্দিষ্ট উদ্ভিদৰ পাতহে খায়। যেনে চোম গছ, সোঁৱালো গছ, পাতি ধোন্দা, দীঘলতি আৰু মেজাংকৰি। ইয়াৰে মেজাংকৰি গছৰ পাত খোৱা মুগাৰ পৰা তৈয়াৰ কৰা সূতাৰে মেজাংকৰি চোলা প্ৰস্তুত কৰা হয়। ই এবিধ ৰাজকীয় পোছাক। সমগ্ৰ মংগোলীয় মানুহে মুগাক দেও জীৱ হিচাপে জ্ঞান কৰে। আগৰ দিনত মুগা পালক সকলে বিভিন্ন নীতি নিয়মৰ মাজেৰেহে মুগা পালন কৰিছিল।যেনে মুগা দুই ওলালে চোমনিত নিয়ম অনুসাৰে ডাম ফী পূজা সমাপন কৰিছিল। গাত তেল টেঙা নঘহিছিল।বৰ্তমান এনেবোৰ নীতি নিয়ম অঞ্চলভেদে বয়োজেষ্ঠ মুগাপালক সকলে পালন কৰি আহিছে।
   মুগা পলুৰ জীৱন চক্ৰ চাৰিটা স্তৰৰ মাজেদি সম্পাদন হয়- কণী, পলু,লেটা, পখিলা।
১/ কণী- চকৰা চকৰি যোৰ পতাৰ পাছত চকৰিয়ে তিনিদিন পৰ্যন্ত কণী পাৰে।কণীবোৰৰ ৰং ইষৎ ধোঁৱা বৰণীয়া। এবাৰত  চকৰিয়ে তিনিশ/চাৰিশ মান কণী পাৰে। বৈজ্ঞানিক পদ্ধতিৰে মুগা খেতি কৰা সকলে এই কণীবোৰ ২ শতাংশ ফৰ্মেলিন দ্ৰ্ৱত ৰাখি বীজাণু মুক্ত কৰে।
২/ পলু- চকৰিয়ে কণী পৰা সাত দিনৰ পিছত কণী ফুটি পলু ওলায়।উক্ত পলুবোৰ গছত স্থাপন কৰাৰ পাছত সিহতে পাত খাবলৈ আৰম্ভ কৰে। পলু স্তৰত ইঁহতে সৰ্বমুঠ চাৰিবাৰ চাল সলায়। পঞ্চম পৰ্যায় অৰ্থাৎ ভৰ যৌৱনত প্ৰৱেশ কৰে। এই সময়তে পলুটোৰ গাত দৈহিক সকলো লক্ষণ ফুটি উঠে তাৰ পাছতেই পলুবোৰ পকিবলৈ আৰম্ভ কৰে। সাধাৰণতে ইহতে সন্ধিয়া পাঁচটা বজাৰ পৰা দহ বজা মানলৈকে পকে। পকা পলুবোৰ গছৰ গুৰিলৈ নামি আহে।
৩/ লেটা- জালিত এৰি দিয়া মুগাবোৰে ৰাতিটোৰ ভিতৰতে মুখৰ পৰা নিঃসৰণ কৰা এবিধ প্ৰ্টিন জাতীয় আহঁৰ দ্বাৰা নিজৰ জাতো আৱদ্ধ কৰি সুপ্ত অৱস্থালৈ গতি কৰে। এই অৱস্থা গৰমৰ দিনত পোন্ধৰ দিন মানলৈ আৰু শীতকালি এমাহ পৰ্যন্ত হ’ব পাৰে।
৪/ পখিলা বা চকৰি- গৰম কালি পোন্ধৰ দিন মানৰ ভিতৰতে মুগা বাহৰ পৰা চকৰি ওলায় আহে।প্ৰথম অৱস্থাত চকৰীৰ পাখি দুখন অত্যন্ত আলসোৱা হয় আৰু কেইঘণ্টা মানৰ পিছতেই সিঁহত সৱল হৈ পৰে। ইয়াৰ পাছত মুগা পালক সকলে চকৰিবোৰ এৱা সূতাৰে খৰিকাত বান্ধি গঢ় যাবলৈ ওলোমাই থয়। এনেকৈয়ে আকৌ মুগা পলুৰ জীৱন চক্ৰ আৰম্ভ হয়। কেতিয়াবা লেটাৰ পৰা চকৰাৰ জন্মৰ হাৰ কম হ’লে মুগা চোমনিয়াই পৃথক চকৰীবোৰ খৰিকাত বান্ধি চোতালত ৰচিত খৰিকাবোৰ ওলোমাই থৈ গায়-
              চকৰা  এ আইছ আইছ
              চকৰী আছে মোৰ মেলাই
              চকৰা আহে গা ঘেলাই
              চকৰা এ আইছ আইছ
              চকৰী আছে সোণে ৰূপে
              চকৰা আহে বাৰীৰ চুকে।
  ফলত কৰবাৰ পৰা আচৰিত ধৰণেৰে চকৰাবোৰ উৰি আহি চকৰীৰ লগত প্ৰজনন কামত লিপ্ত হয়। মুগা পালনৰ সময়ত ঘাইকৈ অসমত কাউৰী, ভদৰ কলী, কলাখাটি,হেতুলুকি চৰাই আদিয়ে মুগা ভক্ষণ কৰি মুগাপলকক আমনি দিয়ে। বৰ্তমান চৰকাৰে বৈজ্ঞানিক পদ্ধতিৰে মুগাপালন কৰা আদৰ্শ খতিয়কক গছ বোৰ ঢাকি ৰাখিবলৈ আঠুৱা যোগান ধৰিছে। মুগা পলুৰ প্ৰধান ৰোগ সমূহ হ’ল- Grassaric, Muscaardine, Pebrine  ইত্যাদি। সেইবাবেই খেতিয়ক সকলে মুগা খেতিত সফল হ’বলৈ এবাহ নিৰোগী উন্নত জাতৰ সঁচ নিৰ্বাচন কৰাত গুৰুত্ব দিয়ে। তদুপৰি মুগা চোমনি খনৰ পৰিস্কাৰ পৰিচ্চন্নতাই মুগা খতিৰ ফলাফল ধনাত্মক হোৱাত যথেষ্ট সহায় কৰে।
   ৰেচম শিল্প হ’ল উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ। বিশেষকৈ মংগোলীয় ঠালৰ মানুহসকলৰ সমাজ জীৱনএ এক এৰাব নোৱাৰা সম্পদ। অসমৰ বিশেষকৈ উজনি অসমত মুগা খেতি বেছিকৈ হয়। গুৱাহাটীৰ শুৱালকুছি পাটমুগা কাপোৰৰ বাবে বিশ্ব বিখ্যাত। প্ৰায় উজনি অসমৰ পৰা উৎপন্ন হোৱা মুগাখোলাই শুৱালকুছি ৰেচম উদ্যোগত বিশেষ অৱদান আগবঢ়াই আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে উজনী অসমত উদ্যোগিক ভিত্তিত এই শিল্পই ঠন ধৰি উঠিব নোৱাৰাৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে কম মূল্যত মুগাখোলা ক্ৰয় কৰি শুৱালকুছিত লাখ টকাৰ কাৰবাৰ চলাই আছে। উজনীৰ ৰাইজ এইক্ষেত্ৰত সাৱধান হ’বৰ হ’ল।
   টাই জাতিৰ উৎকৃষ্ট উপাদান মুগাক লৈ বিহুনামো ৰচনা হৈছে। যেনে-
      অতিকৈ চেনেহৰ মুগাৰে মহুৰা
        তাতোকৈ চেনেহৰ মাকো
     তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
        নেপাতি কেনেকৈ থাকো।

 এই অপৰূপ মংগোলীয় সংস্কৃতিক ধৰি ৰখাটো প্ৰতিজন অসমবাসীৰে কৰ্তব্য। চৰাকাৰেও ইয়াৰ বাণিজ্যিক মানদণ্ড উন্নত কৰাত গুৰুত্ব আৰূপ কৰিব লাগে। কেৱল মুগা সূতাৰে প্ৰ্স্তুত কৰা কাপোৰ পিন্ধিয়েই আত্মসন্তুষ্টি লভিলে নহ’ব।  মুগা শিল্পৰ বিষয়ে জনাতো সকলো অসমবাসীৰে দায়িত্ব আৰু কৰ্তব্য।