চকৰী ফেঁটী বুৰঞ্জী ৷৷ পঞ্চম তাঙৰণ ৷৷

খক্- খাম
এই পুথিখন হ'ল, অপ্ৰিয় সত্য লিখি প্ৰকাশ কৰাৰ এক বিনম্ৰ প্ৰয়াস ৷ সত্য সদায় জয় ৷ সত্যক সাময়িক ভাৱে মেঘে সূৰ্য্যক ঢাকি ৰখাৰ দৰে কোনোবাই ঢাকি ৰাখিব পাৰে, কিন্তু সূৰ্যৰ পোহৰক কোনে ঢাকি ৰাখিব? আহোমক ইমানদিনে অন্য কেইটামান সম্প্ৰদায়ৰ মানুহে কটু সমালোচনা কৰি আহিছে, গালি পাৰিছে, ইতিকিং কৰিছে, কিন্তু এজনো আহোম পণ্ডিতে তাৰ উত্তৰ দিয়া নাই ৷ কাৰণ তেওঁলোকক সাম্প্ৰদায়িক বুলি ভৱাৰ ভয় ৷ কিন্তু সেই ভয়ৰ জালখন ফালিছিৰি মই " ইটকা জৱাৱ পত্থৰ ছে " দিবলৈ আগবাঢ়িছো ৷ মই ভাৱিছোঁ, ভাল কাম কৰিছোঁ ৷ বহুতো তাই আহোমে মোক এইক্ষেত্ৰত সমৰ্থন জনাই আহিছে ৷ আশা ৰাখিছো, অসমীয়া আহোমবোৰেও মোক লগ দিব ৷দিয়া উচিত ৷ কাৰণ আহোমৰ অস্তিত্ব বচাই ৰখাটো প্ৰত্যেকজন আহোমৰে প্ৰৱিত্ৰ কৰ্তব্য ৷
কিছু সংযোজন বিযোজন কৰি চকৰী ফেটী বুৰঞ্জীৰ পঞ্চম সংস্কৰণটো পাঠক সমাজলৈ আগবঢ়োৱা হ'ল ৷
চাও নগেন হাজৰিকা ৷
বেদনাৰ বুৰঞ্জী
বেদনাৰ অমানিশা
শুনিছানে টেটুফলা
আহোমৰ বুকুভঙা মাত?
স্বদেশতে পৰ হোৱা
সৰ্বফালে দিশহাৰা
বুলিবলৈ নেদেখে যে বাট ৷
নিজৰ সৰ্বস্ব এৰি
ভাৰাক্ৰান্ত হ'লা তুমি
উদাৰতা কৰি প্ৰদশৰ্ন
ছিন্নমূল বটবৃক্ষ
মৃত্যুৰ আনিছে সাক্ষ্য
সজাগতাৰ হ'ল প্ৰয়োজন ৷
অতীজৰ ভাষা ধৰ্ম
যুগতাই নিজকৰ্ম
ভৱিষ্যত কৰা মহিয়ান
বুৰঞ্জীৰ জ্ঞানবাণী
শিৰোগত কৰি মানি
নিজকেই কৰা প্ৰতিষ্ঠান ৷
হৰিনাম ৰামনামে
তোমাক স্থাপন কৰে
সমাজৰ তল স্তৰত,
চাও নুৰু চাও কাও
জানিবা ধৰ্মৰ তাও
পৰিত্ৰাণ তাৰেহে মাজত ৷
( চিপ্ ৰাং মৰা বুৰঞ্জী )
চাও ফা ছু-খ্ৰাং-ফা স্বৰ্গদেৱে হিন্দুধৰ্মত দীক্ষা ল'বলৈ কৃষ্ণৰাম ভট্টাচাৰ্যক মতাই অনাত দেশত হঠাত অঘটন ঘটিল ৷ তিনিদিন জুৰি ভূমিকম্প হ'ল ৷ বতাহ, বৰষুণ, বিজুলী ঢেৰেকনীয়ে আকাশ কপাঁই তুলিলে আৰু ধাৰাসাৰ বৰষুণৰ ফলত ডাঙৰ বানপানী হ'ল ৷ মহন, দেওধাই আৰু বাইলুঙে বান-ছেং মাৰি ব্যক্ত কৰিলে যে নিজৰ কৌটিকলীয়া ধৰ্ম পৰিত্যাগ কৰি ম-ৰূ-ম-ছিং বংশধৰসকলৰ প্ৰতি অৱহেলা দেখুৱাই বিদেশী ধৰ্মৰ শৰণ ল'বলৈ মাতি অনাৰ বাবে চুম্ - ছেং বিতুষ্ট হৈ ৰাজ্যত অঘটন ঘটাইছে ৷ স্বৰ্গদেৱে অন্য পূজাৰীৰ প্ৰৰোচনামূলক মিঠা কথা শুনি আহোম পণ্ডিতৰ কথা দলিয়াই দিলে আৰু পূজাৰীজনত শৰণ ল'লে ৷ লগতে শিৱসিংহ, প্ৰমত্তসিংহ আৰু মোহন মালাকো উক্ত ধৰ্মত দীক্ষিত হ'বলৈ অনুমতি দিলে ৷
মৰ্মান্তিক আঘাত পোৱাত দেওধাই মুখত স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পালে—
' কি কাং কি হাং কি হা মু কা
তু কিং কিং ৰূ মান তা
ৰাং খান্ থং পিক্ জই হাং কা ৷ "
অৰ্থাৎ গড়মূৰৰ চকু দুটা কাউৰীয়ে খালে ৷ পাখি চিঙি সাগৰত পৰিল, লঠা মুৰা গাৰে সিনো কি কৰিব?
পৰবৰ্তী কালত এজন প্ৰখ্যাত বুৰঞ্জী বিদে ক'লে যে যি দিনাই স্বৰ্গদেৱে হিন্দুধৰ্ম গ্ৰহণ কৰিলে, সিদিনাৰ পৰাই আহোমৰ ধ্বংস আৰম্ভ হ'ল ৷
আহোমৰ ' লাই লিক্ ' নামৰ এখন বুৰঞ্জী আছে ৷ ছ্যু- খ্ৰং-ফা স্বৰ্গদেৱে বিদেশী গোসাঁইৰমন্ত্ৰ লৈ হিন্দু ধৰ্মত দীক্ষিত হ'লে দেশৰ ভৱিষ্যত অন্ধকাৰ হ'ব বুলি কৰা ভৱিষ্যত বাণীবোৰ এইখন বুৰঞ্জীত লিপিবদ্ধ কৰা আছে ৷ ভৱিষ্যত বাণীবোৰ এনেধৰণৰ—
" ৰংপুৰ নগৰখন চনপুৰ হ'বগৈ
দেৱালৰ খহিব মাটি
সুৱৰ্ণৰ কলচী সুলকি পৰিব
অজাতিয়ে ধৰিব চাটি ৷
শাল শিঙৰি কৰৈ গজিব
অপূৰ্ব ৰংপুৰ মাজ
গড়ৰ গড়খাৱৈ খহি পোত যাব
নীচে কাঢ়ি ল'ব ৰাজ ৷
ৰজাৰ কৰ বাঢ়িব গুৰুৰ কৰ বাঢ়িব
আহোমৰ দুৰ্দশা হ'ব
অপেশ্বৰী সকলক নিব খৰি ভাৰীয়ে
কুকুৰে পাহভাত খাব ৷
ৰজাই চেপিব গুৰুৱে চেপিব
ঘটিব দুৰ্দশা টান
ভাল ভাল আহোমৰ টিপনি লৰিব
হেৰাব সকলো মান ৷
এটা তাই ফকৰা আছে—
" খাম্ প নে ৱা
মা জু তাই লৌম্
হো কান্ মান্ ৷ "
অৰ্থাৎ পিতাইৰ কথা নুশুনা খালত পৰি মৰ ৷ ইয়াৰ লগত সংগতি থকা অন্য এটা ফকৰা আছে —
য়ক্ মা মা লে না
য়ক্ খা খা লু নাই ৷
অৰ্থাৎ চল পোৱা কুকুৰে গললৈ জপিয়াই ৷
যি বামুণৰ যোগেদি স্বৰ্গদেৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে, সেই বামুণৰ জাতত উঠা কালী মোহন ভট্টাচাৰ্যই লিখিলে যে মনোৰমা নামৰ নটী এজনী পৃথিৱীত পুনৰ জন্ম লৈ কং কতী নাম লৈ ধৃতৰাষ্টক পতি স্বৰুপে লাভ কৰিলে ৷ কুৰুক্ষেত্ৰ ৰণত কৌৰৱ নিধন হোৱাত কংকতী পলাই গৈ চন্দ্ৰচুড় পৰ্বতৰ ওচৰত থাকোতে ইন্দ্ৰৰ লগত হোৱা অবৈধ মিলনৰ ফলত অৰিন্দম নামৰ ম্লেছাছাৰ পৰায়ণ, ব্যাধবৃত্তি প্ৰিয়, ঘোৰতৰ সৰ্ব প্ৰাণী হিংসুক, কদাচাৰ পৰায়ণ আৰু সৰ্ব প্ৰকাৰ পাপাসক্ত পুত্ৰৰ জন্ম হ'ল ৷ এই অৰিন্দমৰ পৰিনাতিয়েই হ'ল আহোম ৷
হৰকান্ত বৰুৱা নামৰ অন্য একে লিখিলে— বশিষ্ঠৰ শাপত ইন্দ্ৰ দৈত্যকাৰ কলা আৰু বোবা মানুহ হ'ল ৷ তেনেতে এক দৈত্যৰ অন্তাজা স্ত্ৰীয়ে আপচুৰ ইন্দ্ৰৰ লগত সহবাস কৰাত ' থেন্ খাম " জন্ম হ'ল ৷ আহোমবোৰ খেন খামৰ বংশধৰ ৷
১৯৩৪ চনৰ ১০ নৱেম্বৰত খৰ্গেশ্বৰ শৰ্মা আৰু শিৱনাথ ভট্টাচাৰ্যই সম্পাদনা কৰা " ৰিপুঞ্জয় স্মৃতি " নামৰ কিতাপখন দিহিঙিয়া সত্ৰৰ সত্ৰাধিকাৰৰ পৃষ্ঠপোষকতাত প্ৰকাশ পালে ৷ আউনী আটী আৰু দক্ষিণপাট সত্ৰইও কিতাপখনক সৰ্মথন দিলে ৷ তাত লিখা আছিল যে আহোম বিলাক ম্লেছ, অন্তাজ, বৰ্ণসংকৰ, আৰু অন্যান্য অনাৰ্যৰ দৰে সিহঁতো অস্পৃশ্য ৷
এই জণ্ডিছ চকুৱামখাই অযথা কেংকেঙাই মিছাটোকে সঁচা আৰু সঁচাটোকে মিছা সাজি আহোমক হীন কৰি তুলিবলৈ সুবিধা পালে এইকাৰণেই যে স্বৰ্গদেউ সকলে বামুণৰ দীক্ষা লোৱাৰ কথা ভাৱিলে ৷ অন্যান্য আহোমেও বৈষ্ণৱ ধৰ্মৰ প্ৰতি দুৰ্বলতা নেদেখুৱা হ'লেও এনে হ'বলৈ নাপালেহেতেন ৷ অন্যহাতেদি অসমত বামুণৰ সৃষ্টি কৰিলে আহোমে ৷ ১৫৬২ চনত কোচ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰোতে আহোমে অবামুণ সৈন্যক লগুণ পিন্ধাই গৰুৰ পিঠিত তুলি যুদ্ধলৈ পঠালে ৷ যুদ্ধৰ পৰা ঘুৰি অহা পাছত সিহঁতক নিজৰ জাতিয়ে জাতত গ্ৰহণ নকৰিলে ৷ সেয়েহে সমাজে আজি খিকিন্দালি কৰি কয় যে নিজৰ জাত এৰিব লগাবোৰে লাজ ( শৰম) পোৱাৰ বাবে শৰ্মা বা শৰমা, গৰুৰ পিঠিত উঠি ' গো ' ( গো- গৰু)ৰ স্বামী হোৱাৰ বাবে গোস্বামী, ভাত আচাৰি মদ বনাই খোৱাৰ বাবে ভট্টাচাৰ্যি ( ভাত-আচাৰি) ইত্যাদি উপাধি গ্ৰহণ কৰিলে ৷ ধেমেলীয়া অৰ্থত হ'লেও এই প্ৰবচন অদ্যপি গোলাঘাট অঞ্চলত প্ৰচলিত হৈ আছে ৷
অসমৰ বাহিৰত ভাৰতবৰ্ষৰ অন্য ঠাইত শৰ্মা, গোস্বামী, ভট্টাচাৰ্য থকাৰ বাবে সেইকেইটা চৰম পোৱা, গৰুৰ পিঠিত উঠা আৰু মদ বনোৱাহঁতে স্থায়ী ভাৱে গ্ৰহণ কৰিলে ৷
আজিৰ পৰা বহু বছৰৰ পূৰ্বেই লিখা ' লিৎ লাই পেঞ্- কা-কা ' স্পষ্টভাৱে লিখা আছে যে জাদিপৰ পৰা লেং-দনৰ নাতি খুন্- লুং-খুন্ লাই নামি পৃথিৱীত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোকৰ বংশধৰ সকলেই আহোম ৷এইকথা ক'বলৈ আহোমৰ বুৰঞ্জীয়ে মাতে, কিন্তু বামুণৰ টিলিঙাই চাতুৰী কোবায়, কপালৰ পথালিফোটাবোৰে আওবাট দেখুৱাই ৷ স্বৰ্গদেৱ গদাধৰ সিংহই সেয়েহে কৈছিল — পথালি ফোটাক বিশ্বাস নকৰিবা ৷
এই সংক্ৰান্তত ' জাছিংফা ' পূজা বিধিত আছে—

লেংদন দেৱতাই
অত্যাচাৰ দেখা পাই
বিৰাজমান ধৰাৰ ওপৰে,
এজনো কুন তাই
পৃথিৱীত দেখা নাই
সেয়েহে অশান্তি বহে ৷

অভিজ্ঞ বংশোদ্ভৱ
হ'লেহে প্ৰশাসক
প্ৰজাক পালিব জানে
পৃথিৱীৰ ৰজাবোৰ
নহয় ৰাজবংশৰ
শাসনৰ বিষয়ে নাজানে ৷

সবলে দুৰ্বলক
দুৰ্বলে নিৰ্বলক
ভৰিৰে হেচুকি ধৰে
ডকা দি ফুচুলাই
মৃত্যুলৈ আগুৱাই
সম্পত্তি হস্তগত কৰে৷

ৰীতি নীতি নিয়ম
শান্তি শৃংখলা
নেদেখি একোকে ধৰাত
অশান্তি ব্যভিচাৰ
অনিয়ম দুৰাচাৰ
অন্ধকাৰ মানুহৰ মাজত

সেইভাৱি গুণি
সিদ্ধান্ত কৰিলে
দেৱ বংশী কোনোলোকক
ৰাজ্য স্থাপন কৰি
পৃথিৱীৰ ওপৰত
প্ৰশাসন কৰিব বেকত

দেৱৰজাৰ নাতি
খুন লুং খুন লাইক
পঠাব ৰজাৰ বেশত
শান্তি স্থাপন কৰি
প্ৰজাগণ পালিব
থাপি অনুশাসন দেশত ৷
সৰ্বানন্দ ৰাজকুমাৰ দেৱে লিখিছে— নিজৰ লক্ষ্য স্থিৰ ৰাখি সুকীয়া দেশ, সুকীয়া জাতি, সুকীয়া ভাষী, সুকীয়া সাহিত্য, সুকীয়া ধৰ্ম, সুকীয়া সংস্কৃতি, সুকীয়া বুৰঞ্জী আদি থকা জাতিৰ বুৰঞ্জীৰ তথ্যত এহাতে বংশৰ গৌৰৱ বঢ়াই, ৰজাসকলৰ চকুত চমক লগাই, আনহাতে মনিব নোৱাৰাকৈ কেৰোণ লগাই ব্ৰাহ্মণসকলে আহোমক তল পেলাই ৰাখিবলৈ কৰা অপচেষ্টাৰ মূলত হিন্দুৰ এই বিৱৰণী বিলাকৰ উৎপত্তি ৷
এইদৰে ম্লেচ, অন্ত্যজ, অস্পৃশ্য, কদাচাৰ পৰায়ণ আৰু পাপী হৈ ' হিন্দু ' বোলাই থাকি আহোমৰ কি লাভ? নিজৰ এক অত্যুত্তম ধৰ্ম থকা সত্বেও পৰৰ এটা ধৰ্ম মানি চলি পৰৰ ভৰি চেলেকি, আমি জীয়াই থাকো কিয় বাৰু? আহক, " ফু-ৰা-তা-ৰা-আ-লং " নাম লৈ আমি নিজকে প্ৰতিষ্ঠা কৰো ৷
(বৰফাঁট বুৰঞ্জী)
১৭২২ চনত আহোমৰ অস্তিত্বত বৰফাঁট মেলিলে ৷ আহোমৰ ৰাজত্ব নাশিবৰ উদেশ্যে বামুণ জ্যোতিষী আৰু পৰ্বতীয়া গোসাঁয়ে ষড়যন্ত্ৰ কৰি চাও ফা ছ্যু তন্ ফাক গোপনে মন্ত্ৰণা দি দি মস্তিষ্ক বিশুদ্ধিকৰণ কৰি বুজাই দিলে যে চাও ফা জনৰ ছত্ৰভংগ যোগ পৰিছে আৰু যিহেতু ভাৰ্যা স্বামীৰ অৰ্ধাংগিনী হয়, সেইকাৰণে বৰকুঁৱৰীক ৰাজছত্ৰ প্ৰদান কৰি ছত্ৰভংগ যোগৰ পৰা হাত সাৰিব লাগে ৷ চাও ফাই কালুগঞা ( চিনাতলীয়া) নটিৰ জী, পিতৃপৰিচয়হীনা ফুলেশ্বৰী নটিনীক বৰকুঁৱৰী পাতি সিংহাসনত বহুৱালে ৷ যিজনী নটীয়ে ঠায়ে ঠায়ে নাচোনৰ নামত দেহা বিক্ৰী কৰি কৰি জহৰা পোৱালি জন্ম দিয়ে, সেই নটীৰ জাৰজ কন্যা এজনী গাভৰু হৈ স্বৰ্গদেৱক আঁতৰাই নিজে বৰৰজা হ'ল আৰু স্বৰ্গৰ লেং দনবংশী ডা- ডাঙৰীয়া সকলক তাইৰ আগত আঠু কঢ়ালে আৰু ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম বুলি প্ৰচাৰ কৰি কাৰ্যকৰি কৰিবলৈ ল'লে ৷ আহোম ৰজাৰ নামত এইজনী নটীয়ে শিখণ্ডি হৈ বৈষ্ণৱসকলক ধৰিবান্ধি আনি শাক্ত ধৰ্মত জোৰ কৰি দীক্ষিত কৰিবলৈ চেষ্টা কৰিলে, যাতে আহোম ৰাজ্য প্ৰৱতৰ্নত বৰফাঁট মেলে ৷ আহোম ৰজাসকল ধৰ্ম নিৰপেক্ষ হোৱা হেতু তেনে ধৰ্ম পক্ষপাতিত্বমূলক কাম নকৰে আৰু কৰা নাছিল ৷
বুৰঞ্জীবিদ গেইটে লিখিছে যে তেতিয়াৰ পৰাই আহোম ৰাজ্যত হিন্দু ধৰ্ম প্ৰধান হ'ল আৰু আগৰ ধৰ্মবিশ্বাস আৰু ৰীতিনীতি মানি চলি থকাৰ আহোমসকলক পৃথক আৰু নীচ বুলি গণ্য কৰা হ'ল ৷ দেওধাই বাইলুং সকলে পাৰ্যমানে ইয়াৰ বিৰুদ্ধে যুঁজিছিল আৰু কিছুদিনৰ বাবে চোমদেউৰ পূজা আদি দুই চাৰি উৎসৱ মনাই চলাই কৃতকাৰ্য হৈছিল ৷ এই পৰিবৰ্তন ধ্বংসমূলক হ'ল ৷ হিন্দু ধৰ্মৰ বিভাগত নিম্নখাপৰ স্থান লৈ আহোমসকলে যে কেৱল জাতীয় গৌৰৱ আৰু যুজাৰু ভাৱকে হেৰুৱালে এনে নহয়, অলপীয়া শক্তি থকা খাদ্য খাই তেওঁলোকৰ দেহৰো বিশেষভাৱে অৱনতি ঘটালে ৷ বৰ্তমানৰ আহোম সকলক চাই কোনেও বিশ্বাস নকৰে যে সংখ্যাত তাকৰ হ'লেও এওঁলোকেই ক্ৰমাৎ গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য বিস্তাৰ কৰা আৰু মোগলবিলাক ক্ষমতাৰ শীৰ্ষ স্থানত থকাৰ সময়তো তেওঁলোকৰ লগত যুদ্ধ কৰা সেই আহোম সকলৰেই বংশধৰ ৷
পূৰ্ব বংগ আৰু অসমৰ ইম্পেৰিয়েল ৰাজপ্ৰত্ৰত আছে ( পৃষ্ঠা ৩৫) যে এই পৰিবৰ্তন ( ধৰ্ম ) টো ধ্বংসকাৰী আছিল ৷ ই আহোমৰ কোটি কলীয়া সামৰিক শক্তি আৰু জাতীয় গৌৰৱ হানি কৰিলে, তেওঁলোকৰ দেশপ্ৰেমৰ চেতনা ধৰ্মই নিশেষ কৰিলে, আভ্যন্তৰিণ ভুল বুজাবুজিৰ আৰম্ভ হ'ল, ইজনৰ ওপৰত সিজনৰ বিশ্বাস নোহোৱা হ'ল আৰু তেওঁলোকৰ শক্তি আৰু ক্ষমতা ততালিকে ক্ষয় পাবলৈ আৰম্ভ কৰিলে ৷
সৰ্বানন্দ ৰাজকুমাৰ দেৱৰ মতে দেউধাই, মোহন, বাইলুঙ, চিৰিং আৰু শান্তি ৰক্ষক চাওদাঙ সকলে হিন্দু ধৰ্ম গ্ৰহণ নকৰাত আহোম সমাজৰ পৰা প্ৰায় বাদ পৰিল ৷ হিন্দু হোৱা আহোমসকলৰ ধৰ্ম ভাতৰ চৰুত সোমাল ৷ আহোমে আহোমৰ লগত খোৱাবোৱা, বিয়াবাৰু, বহা মেলা কৰাত গুৰুঘৰৰ পৰা বাধা পৰিল ৷ সমাজৰ বান্ধোন শিথিল হ'ল, ভাগ ভাগ হোৱা আহোমৰ সমাজ নিশকতীয়া হ'ল ৷
ড° লীলা গগৈৰ মতে পৰ্বতীয়া গোসাঁইৰ হস্তক্ষেপৰ পিছত অসমৰ সামাজিক-সাংস্কৃতিক জীৱনলৈ পৰিবৰ্তন ভাঙোন আহিল ৷ প্ৰাচীন ৰীতিনীতিপুষ্ট, আহোমৰ ধৰ্ম অনাদৰ অৱহেলাত মৰহি যাবলৈ ধৰিলে ৷ দেওধাই, বাইলুঙসকল পকা হিন্দু আহোমে আওহেলাৰ দৃষ্টিৰে চাবলৈ ধৰিলে ৷ নিজৰ ভিতৰতে ফাঁট মেলিলে ৷ পৰ্বতীয়া গোসাঁই গুৰু হ'ল - অসমৰ ৰজা প্ৰজা উভয়ৰে ৷ কিন্তু অসমীয়া নহ'ল ৷ ৰজাঘৰৰ অনুগ্ৰহ লাভ কৰিলে সঁচা , কিন্তু ৰজাকেই সামাজিক ভাৱে অৱনমিত কৰি বেলপাতত মন্ত্ৰ দিলে ৷ কামৰূপৰ অৰ্দ্ধেক ভূমি, অজস্ৰ ধনসোণ লাভ কৰিলে সঁচা কিন্তু তাক নাও ভাৰা দি নদীয়াললৈ লৈ গ'ল ৷ পুত্ৰ-নাতি অনুক্ৰমে ৰজাঘৰত কূটনীতি আৰু ষড়যন্ত্ৰৰ বিহগুটি সিঁচি ঐক্য আৰু সংহতি বিনষ্ট কৰিলে ৷
খ্যাতনামা বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাদেৱে লিখিছে -- আহোমৰ হাতত যেতিয়া ৰাজকীয় ক্ষমতা আছিল, তেতিয়া ব্ৰাহ্মণত্তৰ জাতিক লগুণ পিন্ধাই বামুণ কৰিব পাৰিছিল, তেতিয়া নিশ্চয় সিবিলাকে সমাজতো সিবিলাকৰ নিমিত্তে উপযুক্ত ঠাই ঠিকনা কৰিব পাৰিলেহেতেন ৷ কিন্তু সিবিলাকে তালৈ মন নকৰিলে ৷ সিবিলাকে সপোনতো নাভাৱিছিল যে সিবিলাকৰ ভৱিষ্যত বংশধৰৰ এনে দিন আহিব, যেতিয়া সিবিলাকৰ পথাৰৰ পকা ধানেও বাট এৰি নিদিব ৷ আৰু সমাজত ঠাই বিচাৰি যাওতে গোসাঁই-বামুণৰ ওচৰত শৰণাপন্ন হ'ব লাগিব ৷ সিবিলাকে নিশ্চয় ভাৱিব নোৱাৰিছিল যে মিত্ৰদেৱৰ ফুল তোলা সামান্য ব্ৰাহ্মণ নিৰঞ্জন পাঠকক আউনী আটী নামে সত্ৰ পাতি দি তেওঁক তাতে অধিকাৰী পাতি অনেক শিষ্যবৰ্গ আৰু দেৱোত্তৰ -ব্ৰহ্মোত্তৰ আদি মাটি বৃত্তি দিয়াৰ পাছত যিবিলাকৰ বৃত্তি উপভোগ কৰি সেই সত্ৰৰ সত্ৰাধিকাৰ আজিকালি এজন ক্ষুদ্ৰ ৰজাৰ নিচিনাকৈ থাকিব পাৰিছে, সেই সত্ৰৰ সত্ৰাধিকাৰ এগৰাকীয়ে এদিন এনেকৈ কব পাৰিব যে পাটনাদৰ পানী আহোমে তুলি খালে তাৰ পৰা এশ কলহ পানী উঠাই দিলেহে ব্ৰাহ্মণাদি জাতিয়ে সেই নাদৰ পানী খাবলৈ ভাল হ'ব আৰু আহোমৰ হাত লাগিলে তেওঁলোকৰ কোমল চাউল অশুচি হ'ব ৷ তেওঁলোকে নিশ্চয় ভাৱিব পৰা নাছিল যে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছত গোসাঁই ব্ৰাহ্মণ সকলে সিবিলাকক এদিন অন্ত্যজ জাতিৰ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব আৰু সেই অন্ত্যজ জাতিৰ দান গ্ৰহণ কৰি গোসাই ব্ৰাহ্মণ সকলে কিন্তু ' পতিত ' নহৈ চিৰকাল শুদ্ধ হৈয়ে থাকি, মানুহক শৰণ, ভজন আৰু আৰ্শীবাদ কৰি নৰকৰ পৰা স্বৰ্গলৈ তুলিব পৰা, শক্তিমন্ত হৈ থাকিব পৰা বিধান পাবলৈ হিন্দু শাস্ত্ৰৰ ওচৰত সেই গোসাই ব্ৰাহ্মণ সকলক দাবী কৰিব ৷
ইয়াকে দেখি কোৱা -
চাও-ফু-ৰা চাও তা ৰা
ফু ৰা তা ৰা আ লং
ছি কি আ ৰা নি পান
বয় মউ
চাও কাও অ' ৷
চাও নু ৰু
চাও কাও অ '
চাও কাও অ'
চাও কাও অ '
********
ফেউৰাৰ বুৰঞ্জী
কিৰাত কছাৰী খাচী গাৰো মিৰি
য়ৱন কংক গোৱাল
অসম মুলুক ৰজক তুৰুক
কুৱাচ ম্লেচ চাণ্ডাল ৷
আনো পাপী নৰ কহিল শংকৰ
সাজি আহোনক পাপী
কি পাপ কৰিলা হেৰা আহোম তুমি
নিজৰ ধৰমত থাকি?
লেং দনৰ নাতি খুন লুং খুন লাই
ৰজা হ'ল মোগঙত নামি
তাহাৰ বংশৰ চাও লুং ছ্যু কা ফাই
শাসিলে সৌমাৰত আহি ৷
মিলাই সাতৰাজ কৰি একৰাজ
আহোমে গঢ়িলে অসম
সেহিখন দেশতে আহি শংকৰদেৱে
ধৰমৰ কৰিলে যতন ৷
একেটা শংকৰে ধৰমৰ নামতে
কহিলে আহোমক পাপী
আহোম ধৰম এৰি পৰৰ ধৰম লৈলা
সেয়েহে এনুৱা গতি ৷
ধৰম অনুভূতি পৰশ কাতৰ অতি
কৰে বহতীয়া সবক
ইটো জগাই ল'লে হেং দান নালাগে
ৰজা জিনিবলৈ ৰণত ৷
শংকৰৰ উৎপাত খাবলৈ ৰাজপাট
স্বৰ্গদেউক আতৰাই
নোৱাৰি হেং দান জুৰি লৈ হৰিনাম
প্ৰজাৰ মন ভোলাব খোজে ৷
সেয়েহে শংকৰে আৰম্ভ কৰিলে
হৰি নাম বিলাব ধৰি
মুখেৰে ৰাম নাম পেটে কপটালি
আহোমক নিশেষ কৰিম বুলি ৷
আহোমৰ সভ্যতা কৃষ্টি ৰীতিনীতি
সকলো ধাৰলৈ ললে
মিছাটো মাতি লৈ সকলো নিজৰ কৈ
প্ৰচাৰী সংসাৰক কলে ৷
তাৰ পদলেহন হস্তাংগে প্ৰণিপাত
কৰালে আহোমৰ দ্বাৰা
তথাপি স্বৰ্গদেউক কহি অত্যাচাৰী
ভাগি গ'ল অসমৰ পৰা ৷
বুজিও নুবুজা কিয় আহোম তুমি
ধূৰ্ত শিয়ালৰ কথা
ঈশ্বৰৰ নামতে 'হোৱা ' হোৱা কৰা
লগত হাত চাপৰি মাৰা ৷
কিমান নো নোলোৱা পৰৰ পদধূলি
ফেউৰাকে সেৱাটি কৰি
হিন্দুৰ তিয়াগি খ্ৰুপ তাং কৰাহি
মুখে ফু ৰাৰ নাম ডাকি ৷
**************
( আগলৈ)