চকৰীফেটীৰ আৰু এটা খোট ® টুনজ্যোতি গগৈ, দৈনিক ভূমিপুত্ৰ, ৭ ছেপ্তেম্বৰ ২৹৹২

নুমলী বৰগোহাঞিয়ে প্ৰথমবাৰৰ বাবে ' চকৰী ফেটী বুৰঞ্জী ' ৰচনা কৰি কীৰ্তি চন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালৰ স্বৰুপ উদঙাইছিল আৰু তেনেকুৱা খোঁট বৃহৎ অসমীয়া জাতিগোষ্ঠীৰ অন্যতম সম্প্ৰদায় তাই আহোমত্ব বা আহোমৰ অস্তিত্বৰ ওপৰত মাজে সময়ে পৰি আহিছে ৷ উনবিংশ শতিকাতো চাও নগেন হাজৰিকাই ৰচনা কৰিছে অন্য এখন চকৰী ফেটী বুৰঞ্জী ৷ স্মৰ্তব্য যে বুৰঞ্জী খন প্ৰকাশ পোৱাৰ লগে লগে এচাম অসমীয়াই আদৰি লৈছিল আৰু এচাম অসমীয়াই জলাই দিছিল ৷ বহুতে ৰচক হাজৰিকাক গুলীয়াই হত্যাৰ ভাৱুকিও দিছিল ৷ স্বাভাৱিকতে প্ৰশ্ন হয় কি আছিলনো সেই বুৰঞ্জীখনত?
সন্দেহ নাই, বৰ অসম আৰু অসমীয়াৰ জাতিৰ ভেটি গঢ়োতা তাই আহোম সকলে এই ভূ-খণ্ডত ছশবছৰ প্ৰৱল প্ৰতাপেৰে ৰাজত্ব চলাই আহিও এসময়ত ব্ৰাহ্মণ, কায়স্থ, কলিতা আদি বৰ্ণহিন্দু সকলৰ ষড়যন্ত্ৰৰ কবলত পৰি দিশহাৰা হ'বলগীয়া হৈছিল ৷ বৰ্ণহিন্দু সকলে এই কথাত সদায় সদায় হীনমন্যতাত ভুগিছিল যে সুদূৰ ব্ৰহ্মদেশৰ মাওলুঙৰ পৰা প্ৰবজিত হৈ অহা এটা জাতিয়ে অসমত ছশবছৰ এজন বুদ্ধিমত্তা, অপৰাজেয় সাহস আৰু দূৰদৰ্শিতাৰে ৰাজত্ব চলাই আছে বা উচ্চবৰ্ণৰ বুলি গৌৰৱত ওফন্দি থকা সকলকো তলতীয়া কৰি ৰাখিছে ৷ সেয়ে তাই আহোমৰ অস্তিত্ব বিনাশৰ বাবে, শাসক জাতিটোক পংগু কৰিবৰ বাবে বৰ্ণহিন্দু সকলে ধৰ্মক মূল অস্ত্ৰ হিচাপে লৈ আৰম্ভ কৰিছিল এটাৰ পাছত এটা নিকৃষ্ট ষড়যন্ত্ৰ ৷ 
অসমৰ অন্যান্য সম্প্ৰদায় সমুহৰ ভিতৰত তাই আহোম সকলেই আছিল সৱাটোকৈ উদাৰ আৰু গোড়ামি মুক্ত লোক আছিল ৷ চাওলুঙ ছ্যু কা ফাৰ দিনৰে পৰা তাই আহোমে জাতপাতৰ তুচ্ছ সীমাৰেখা মচি মৰাণ বৰাহী আদি সম্প্ৰদায়ৰ ছোৱালী বিবাহ কৰিছিল বা অসমৰ ভাষা, অসমৰ সংস্কৃতি আদিও প্ৰশাসনৰ সুবিধাৰ্থে গ্ৰহণ কৰিছিল ৷ কিন্তু, তাই আহোমৰ এই উদাৰতাক বৰ্ণহিন্দু সকলে জাতিগত দুৰ্বলতা বুলি ভাৱি, তৎকালীন ৰজাৰ মস্তিষ্ক বিশুদ্ধিকৰণ কৰি বুজাই দিলে যে তাই আহোমসকলৰ বাবে হিন্দু ধৰ্মহে উপযুক্ত ৷ এই ধৰ্মান্তকৰণে তাই আহোম জাতিটোক কেনেদৰে বিনাশৰ মুখলৈ ঠেলি পঠিয়ালে, সেই কথা আধুনিক বুৰঞ্জীবিদ সকলৰ বিভিন্ন মন্তব্যৰ পৰা উপলব্ধি কৰিব পাৰি ৷ বুৰঞ্জীবিদ গেইটে লিখিছে যে তেতিয়াৰ পৰাই হিন্দু ধৰ্ম বিশ্বাস ৰীতিনীতি মানি চলি থকা আহোমসকলক পৃথক আৰু নীচ বুলি গণ্য কৰা হ'ল ৷ দেওধাই আৰু বাইলুঙ সকলে পাৰ্যমানে ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু কিছুদিনৰ বাবে চোমদেউ পূজা আদি দুই উৎসৱ মনাই চলাবলৈ কৃতকাৰ্য হৈছিল ৷ হিন্দু নিম্নখাপত স্থান লৈ আহোম সকলে কেৱল জাতীয় গৌৰৱ হেৰুৱালে এনে নহয়, অলপীয়া শক্তি থকা খাদ্য খাই তেওঁলোকৰ দেহৰো বিশেষ ভাৱে অৱনতি ঘটালে ৷ 
খ্যাতনামা বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাদেৱে লিখিছে -- আহোমৰ হাতত যেতিয়া ৰাজকীয় ক্ষমতা আছিল, তেতিয়া ব্ৰাহ্মণত্তৰ জাতিক লগুণ পিন্ধাই বামুণ কৰিব পাৰিছিল, তেতিয়া নিশ্চয় সিবিলাকে সমাজতো সিবিলাকৰ নিমিত্তে উপযুক্ত ঠাই ঠিকনা কৰিব পাৰিলেহেতেন ৷ কিন্তু সিবিলাকে তালৈ মন নকৰিলে ৷ সিবিলাকে সপোনতো নাভাৱিছিল যে সিবিলাকৰ ভৱিষ্যত বংশধৰৰ এনে দিন আহিব, যেতিয়া সিবিলাকৰ পথাৰৰ পকা ধানেও বাট এৰি নিদিব ৷ আৰু সমাজত ঠাই বিচাৰি যাওতে গোসাঁই-বামুণৰ ওচৰত শৰণাপন্ন হ'ব লাগিব ৷ সিবিলাকে নিশ্চয় ভাৱিব নোৱাৰিছিল যে মিত্ৰদেৱৰ ফুল তোলা সামান্য ব্ৰাহ্মণ নিৰঞ্জন পাঠকক আউনী আটী নামে সত্ৰ পাতি দি তেওঁক তাতে অধিকাৰী পাতি অনেক শিষ্যবৰ্গ আৰু দেৱোত্তৰ -ব্ৰহ্মোত্তৰ আদি মাটি বৃত্তি দিয়াৰ পাছত যিবিলাকৰ বৃত্তি উপভোগ কৰি সেই সত্ৰৰ সত্ৰাধিকাৰ আজিকালি এজন ক্ষুদ্ৰ ৰজাৰ নিচিনাকৈ থাকিব পাৰিছে, সেই সত্ৰৰ সত্ৰাধিকাৰ এগৰাকীয়ে এদিন এনেকৈ কব পাৰিব যে পাটনাদৰ পানী আহোমে তুলি খালে তাৰ পৰা এশ কলহ পানী উঠাই দিলেহে ব্ৰাহ্মণাদি জাতিয়ে সেই নাদৰ পানী খাবলৈ ভাল হ'ব আৰু আহোমৰ হাত লাগিলে তেওঁলোকৰ কোমল চাউল অশুচি হ'ব ৷ তেওঁলোকে নিশ্চয় ভাৱিব পৰা নাছিল যে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছত গোসাঁই ব্ৰাহ্মণ সকলে সিবিলাকক এদিন অন্ত্যজ জাতিৰ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব আৰু সেই অন্ত্যজ জাতিৰ দান গ্ৰহণ কৰি গোসাই ব্ৰাহ্মণ সকলে কিন্তু ' পতিত ' নহৈ চিৰকাল শুদ্ধ হৈয়ে থাকি, মানুহক শৰণ, ভজন আৰু আৰ্শীবাদ কৰি নৰকৰ পৰা স্বৰ্গলৈ তুলিব পৰা, শক্তিমন্ত হৈ থাকিব পৰা বিধান পাবলৈ হিন্দু শাস্ত্ৰৰ ওচৰত সেই গোসাই ব্ৰাহ্মণ সকলক দাবী কৰিব ৷ 
হাজৰিকাৰ বুৰঞ্জীখনত তাই আহোমৰ বিৰুদ্ধে বৰ্ণহিন্দু সকলে কৰা নিকৃষ্ট ষড়যন্ত্ৰৰ বিৱৰণেই পুংখানুপুংখ ভাৱে বৰ্ণিত হৈছে ৷ কিন্তু সুবিধাবাদী আৰু আনৰ মুৰত কঠাল ভাঙি খাব খোজা বৰ্ণহিন্দুৰ সম্প্ৰদায়ৰেই দুৰ্ভাগ্য যে তাই আহোম সকলে তেওঁলোকৰ স্বৰুপ বৰ্তমান চিনি পালে আৰু আহোম ধৰ্ম পুনৰ আঁকোৱালি লৈছে ৷ উল্লেখযোগ্য যে তাই সভ্যতা আৰু তাই সংস্কৃতি ভাৰতৰ আৰ্য সভ্যতা আৰু সংস্কৃতিতকৈ বহু বেছিগুণে সমৃদ্ধ, গোড়ামিমুক্ত আৰু প্ৰাচীন ৷ এই কথা প্ৰমাণ কৰিবৰ বাবে থাইলেণ্ড, চীন আদি সুউন্নত দেশৰ তাই সভ্যতা সংস্কৃতিৰ প্ৰতি মন কৰিলেই হ'ল ৷ তাই আহোমক হিন্দু ধৰ্মৰ ' অন্ত্যজ ' শ্ৰেণীত থোৱাৰ স্পৰ্ধা আৰু চাতুৰীক যে সময়ে ক্ষমা নকৰে বা লেনিনে কোৱাৰ দৰে সকলো মানুহক যে সকলো সময়ৰ বাবে মূৰ্খ কৰি ৰাখিব নোৱাৰি তাৰ যথোচিত দৃষ্টান্ত হ'ল চাও নগেন হাজৰিকাৰ চকৰীফেটী বুৰঞ্জী ৷ 
হাজৰিকাৰ এই বুৰঞ্জীখনত কিছুমান বিস্ফোৰক তথ্যও লিপিবদ্ধ হৈছে ৷ শংকৰদেৱে লিখিছিল - " কিৰাত কছাৰী/ খাচী গাৰো মিৰি/ য়ৱন কংক গোৱাল / অসম ( আহোম) মুলূক / ৰজক তুৰুক/ কুৱাচ ম্লেচ চণ্ডাল / আনো পাপী নৰ ইত্যাদি " 
৷ যি শংকৰদেৱক আমি মহাপুৰুষ বুলি গণ্য কৰো, কথাই কথাই তেওঁৰ গুণ গৰিমা গাওঁ, সেই শংকৰদেৱে কিৰাত , কছাৰী, খাচী, গাৰো , আহোম সকলক পাপী বুলিহে ভাৱি ছিল ৷ জ্যাতিভিমানী তাই আহোম সকলৰ বাবে এইয়া অতি অপমান জনক বাবেই হাজৰিকাই শংকৰদেৱক ইতিকিং কৰিবলৈও কুণ্ঠাবোধ নকৰিলে -" মিলাই সাতৰাজ/ কৰি একৰাজ / আহোমে গঢ়িলে অসম / সেহিখন দেশতে / আহি শংকৰদেৱে ধৰমৰ কৰিলে যতন / একোটা শংকৰে / ধৰমৰ নামতে / কহিলে আহোমক পাপী / আহোম ধৰম এৰি / পৰৰ ধৰম লৈলা / সেয়েহে এনুৱা গতি ৷ " আকৌ লিখিছে " আহোমৰ সভ্যতা/ কৃষ্টি ৰীতি- নীতি/ সকলো ধাৰলৈ ললে / প্ৰচাৰি সংসাৰক কলে ৷" 
অসমীয়া সংস্কৃতিলৈ তাই আহোমৰ অৱদান সম্পৰ্কে হাজৰিকাৰ চিপখাম বুৰঞ্জীত বিস্তৃত্ব ভাৱে লিপিবদ্ধ কৰিছে ৷ বিহু, ফুলাম গামোছা, বুট, মগু, তামোল, পান, চেলেং, ৰিহা, দোলা আদি তাই আহোমৰ দান ৷ হাজৰিকাই শংকৰদেৱে সৃষ্টি কৰা সংস্কৃতিটো আহোমৰ সংস্কৃতি বুলি উনুকীয়াই কৈছে -- " শংকৰী ধৰ্মৰ ফলস্বৰুপে শংকৰী সকলে ৰাতি ৰাতি হৰিনাম গাবলৈ ধৰিলে ৷ টোপনি খতিয়ে তেখেতসকলক দিনত শুই থাকিবলৈ বিচনা পাৰি দিলে ৷ প্ৰত্যেক অসমীয়াই প্ৰত্যেক কামৰ বাবে নিজৰ বাহিৰে আনৰ ওপৰত নিৰ্ভৰ নকৰিছিল ৷ কিন্তু শংকৰদেৱৰ অৱদান এলাহে অসমীয়াক নিজৰ কাম কৰাৰ পৰা বিৰত ৰাখিলে ৷ শংকৰী সাহিত্য, ধৰ্মই সমাজত জাত পাতৰ সৃষ্টি কৰিলে ৷ জাতপাতৰ বিচাৰ নৰ'ল মাথো আহোমৰ মাজত ৷ সকলো জাতৰ লোক লগ লগাই এটা নতুন জাতি গঠনৰ উদ্যেশেৰে কামত আগবঢ়া চাওলুঙ ছ্যু কা ফা অসমীয়া জাতিৰ পিতা ৷
হাজৰিকাই লিখিছে - " শংকৰদেৱে জাত পাতৰ বিচাৰ কৰি বৰ্ণভেদৰ সৃষ্টি কৰিছিল আৰু কিছুমান জাতিক হীন চকুৰে চোৱা উপৰিও হেয় জ্ঞান কৰিছিল ৷ সেয়েহে তেওঁ উজনিৰ পৰা ভটিয়াই যাওঁতে কিছুদিনৰ বাবে কুমাৰকুচী নামৰ ঠাইতথাকিব লগা হৈছিল ৷ কিন্তু প্ৰতিৱেশী জন এজন চঁড়াল হোৱা বাবে থাকিবলৈ ঘিণ কৰি পাটবাউসী নামৰ ঠাই পাই ৷ "শংকৰদেৱে কিয় ৰাম ৰাম গুৰু, হৰি গামোদৰ, মাধৱ, মনোহৰ আচাৰ্য পাতিলে আৰু গাৰো গোবিন্দ , মিকিৰৰ হৰি, মিৰিৰ ৰাম, যৱনৰ হৰিদাস আদিক মাত্ৰ আতৈ পাতিলে? ই দেখ দেখ কৈ বৰ্ণবিভাজন আৰু কিছুমান ধৰ্মক হেয়জ্ঞান কৰাৰ জ্বলন্ত নিৰ্দশন ৷ "
কথাবোৰ অপ্ৰিয় হ'লেও অসত্য নহয় ৷ বুৰঞ্জীখনত শংকৰদেৱৰ বিৰুদ্ধে অনেক যুক্তিয়েই উপলব্ধ ৷ এনেকি শংকৰদেৱক অসমীয়া নহয় বুলিও কোৱাৰ তেওঁ প্ৰয়াস কৰিছে ৷ অৱশ্যে এই মতটো সৰ্মথন যোগ্য হ'ব নোৱাৰে ৷
বৰ্তমান শংকৰদেৱ মাধৱদেৱ সম্পৰ্কীয় সভাবোৰত শীৰ্ষস্থান লাভ কৰা বাক্যটো হ'ল " আহোমৰ অত্যাচাৰত শংকৰদেৱে অসম এৰি ভটীয়াই গ'ল " ৷ এই মন্তব্যটো যে সম্পূৰ্ণ অশুদ্ধ আৰু প্ৰৰোচনামূলক, সেই কথা হাজৰিকা দেৱে যুক্তি সহকাৰে দাঙি ধৰিছে ৷ 
ভাৱ প্ৰৱণতাই ধৰা দিলেও হাজৰিকাৰ কিছুমান মন্তব্য বিবেকৱান আহোমসকলৰ বাবে চকৰীফেটীৰ খোঁট সদৃশ - " আহোম জাতি যুজাৰু জাতি " ৷ হিন্দুত্বৰ ছাঁ পৰাৰ পাছত ভাৰতৰ পাৰস্পৰিক বৰ্ণবিভাজন মতে আহোমসকল হ'ব লাগিছিল ক্ষত্ৰিয় ৷ কিন্তু নহ'ল ৷ হ'ল শূদ্ৰ ৷ আহোম স্বৰ্গদেউসকল ধৰ্মনিৰপেক্ষ আছিল বাবেই যুদ্ধ বন্দী মোগল সৈন্যসকল অসমতে থাকি নিজৰ ধৰ্ম কায়েম ৰাখিব পাৰিছিল আৰু সেইবাবেই আজিও মুছলমান হৈয়ে আছে ৷ ইমানৰ পাছতো ধৰ্মনিৰপেক্ষ স্বৰ্গদেউসকলক অত্যাচাৰী নামাকৰণ কৰা হ'ল ৷ যি আহোমে পৃথিৱীৰ মাত্ৰ কেইটামান সুসভ্য জাতিৰ দৰে বহু আগৰে পৰা প্ৰণালীবদ্ধভাৱে বুৰঞ্জী লিখিব জানিছিল, সেই আহোম আজি হৈ পৰিল অসভ্য ৷ প্ৰৱল পৰাক্ৰমী মোগলক যি আহোমে ইমান পৰাজয় কৰিছিল, সেই আহোমে নিজৰ হেংদাং এৰি ৰাতি ৰাতি হাত চাপৰি বজাবলৈ বাধ্য হ'ল ৷ 
আহোমৰ স্বাধীনতা যোৱা ডেৰশ বছৰতকৈ মাত্ৰ কেইটামান বেছি দিন অতিবাহিত হোৱাৰ লগে লগে আজি ৰংঘৰত ফাট মেলিল, কাৰেংঘৰৰ মুধচ খাই গ'ল ৷ দৌল দলত বটগছে মেৰাই ধৰিলে ৷ আহোমৰ পুৰণি কীৰ্তি চিহ্নসমূহ ভাঙি চিঙি শেষ হ'লেই যেন আহোমৰ অস্তিত্ব শেষ হৈ যাব, তেনে মনোভাৱে বহুতৰ হৃদয়ত জহৰা গজিল ৷ জয়মতী নামৰ কোনো সতী নাৰী নাছিল, ই এটা কাল্পনিক ঘটনা বুলি অভিহিত কৰাৰ উদেশ্য টুলুঙা যুক্তি দাঙি ধৰা হ'ল ৷ আহোম ৰমণী বিশ্ব বীৰাংগনা মূলা গাভৰুৰ স্মৃতি আজি হেৰাই গ"ল ৷ গমধৰ কোঁৱৰক আজি সুঁৱৰিব লাগে বুলি নজনা হ'ল ৷ বিশ্ববিখ্যাত কৃষ্ণকান্ত সন্দিকৈ, যিজনৰ পাণ্ডিত্যৰ সোৱাদ ল'বলৈ অসমতহে নালাগে, সমগ্ৰ ভাৰতত উপযুক্ত লোক নাই, সেই পণ্ডিতজন হ'ব লাগিছিল অসমৰ " জাতীয় পণ্ডিত " কিন্তু নহ'ল ৷ হ'ল " পণ্ডিত প্ৰৱৰ " ৷ আহোম ৰাজত্ব পুনৰ ঘূৰি অহাৰ ভয়ত সুৰেন বুঢ়াগোহাঁইদেৱক সুপৰিকল্পিত ভাৱে ঠেলা দি দি বৰশীৰ টোপসহ অসমৰ ৰাজনীতিৰ পৰা বাহিৰ কৰি দিয়া হ'ল ৷ সুদীৰ্ঘ ৬০০ বছৰ কৃতিত্বৰে ৰাজত্বৰ অন্ত পৰা কেইদিনমানৰ পিছতে আহোমসকল হ'ল অন্যান্য পিছ পৰা জাতি আৰু শেষত বিদেশী ৷ 
হাজৰিকাৰ চকৰীফেটীৰ খোঁট কেৱল এটা বিশেষ প্ৰজাতিৰ ওপৰত পৰা নাই, পৰিছে সমগ্ৰ অসমীয়া জাতিৰ ওপৰত ৷ বুৰঞ্জীখনৰ পাতে পাতে হাজৰিকাদেৱৰ আৱেগপ্ৰৱণতা পৰিকল্পিত হ'লেও বক্তৱ্যসমূহ সত্যৰ ওপৰত প্ৰতিষ্ঠিত ৷ কেৱল হীনমন্যতাত ভুগিয়েই বৰ্ণহিন্দুসকলে তাই আহোমক হেয় প্ৰতিপন্ন কৰাৰ নিষ্ফল প্ৰচেষ্টা কোনো বিবেকবান আহোমে সহ্য কৰিব নোৱাৰে কেতিয়াও ৷