বীৰ লাচিত (ණ জ্ঞানদীপ বৰুৱা)

পূৰ্বালী সুৰুযে মেলানি মাগিছে
সূৰ্যাস্ত সময় যে
অৱসন্ন দেহাৰে চৰাই চিৰিকতিবোৰ
বাহলৈ উভতি
এনে সময়তে লগাইছা কামত
হাজাৰ হাজাৰ অসমৰ ক্ৰান্তিকাৰ
কায়ক্লেশেৰে সকলোৱে গড় বান্ধিছে
দেখাত লাগিছে যেন এটা
ডাঙৰ পাহাৰ
মোমাইক পাতিলা ঠিকাদাৰ
বনুৱাসকলে কামত অবৱহেলা
নকৰক বুলি
কিন্তু বনুৱাৰ লগতে দুৰ্ভগীয়া মোমাই
শান্তিতে মাৰিলে কলা ঘূমতি
এনে সময়তে আহিলা কাম চাবলৈ
দেখিলা সকলো নিদ্ৰাত মগন
এনে লে যে অসম অৱনতি
কাৰণ কিছুসময়ৰ পাছতে
মোগলে কৰিব আক্ৰমণ
উদভ্ৰান্ত হৈ তোমাৰ মন
খাপৰ পৰা উলিয়াই লা খঞ্জৰ
মেঘাচ্ছন্ন আকাশৰ তলত শুই থকা
মোমাইকে অস্বস্থ হৈ
ছেদ কৰিলা শীৰ
ক্লান্তিত কোঙা হৈ পৰা বনুৱা সকল
ভয়তে লাগি পুনৰ
নিজ নিজ কৰ্মত
নিশাৰ ভিতৰতে গড়ে
অভ্ৰ্ভেদি
সকলোৰে হাহি বিৰিঙিল
দুই ওঁঠত
ধূসৰ আকাশত ওলাল অৰুনৰাগ
সিংস্ৰ শেন আহিল অগণন
হঠাৎ সন্মূখত অবিনাশী গড়
দেখি থতমত খাই
আহোম ৰজাৰ ওচৰত কৰিলে
আত্মসমৰ্পণ
দেশৰ কাৰণে দূৰ কৰিলা আৰু
বহু তমোৰাশি
তুমিয়েই আহোমৰ পৰাৎপৰ
বীৰ লাচিত নামেৰে
বুৰঞ্জীৰ পাতত
অমৰ হৈ লা জন্ম জন্মান্তৰ।।