স্বদেশ (ණচাও বিষ্ণু লানতাইমুঙ)

ই কি স্বাধীনতা
মাটিৰ মানুহ
কংকিট দেৱালত বগাব লাগিছে
নি:কিন জনৰ দুৱাৰত
ঘোৰ অমানিশা
পোহৰ বিচাৰিবনে
ৰক্ত প্ৰবাহত স্নান কৰিব
দেখিছো---
নিঠৰুৱাজনৰ গালত 
চুহি চুহি খাব লাগিছে
ভাবিছিলো----
চেনেহৰ এক চুমা
নহয় বান্ধৈ
ই যে এইডছ ভাইৰাচ বহনকাৰী চুমা
তথাপি জীয়াই থাকিব লাগিব
তোমাৰ প্ৰতীক্ষাত
অ মোৰ পৰাধীন দেশ
মানুহৰ দেশ
স্বদেশ
আৰু স্বদেশ ।