" কেলা " ( ক্লা ) শব্দটিৰ আঁত বিচাৰি (ණ চাও সঞ্জীৱ ফূ কে)

কেলা শব্দটি ত্তাইমূলীয় এটি শব্দৰ " ক্লা " ৰ অপভ্ৰংশ ৷ যাৰ অৰ্থ হ‘ল হিন্দু ৷ আহোম সকল অসমলৈ অহাৰ সময়ত উজনিত থকা বৰাহী, মৰাণ, চুতীয়া, কছাৰী, নগা সকলক লগ পাইছিল, যিসকল তেতিয়া হিন্দু হোৱা নাছিল আৰু তেখেতসকলে নিজৰ নিজৰ মংগোলইদ ধৰ্ম সমূহহে পালন কৰিছিল ৷ সেইসময়ত সমাজৰ একেবাৰে নিম্ন শ্ৰেণীৰ এচাম মানুহক আহোম সকলে লগ পাইছিল, যি সকলক আহোমে ক্লা নামাকৰণ কৰিছিল ৷ আনহাতে এই ক্লা সকলে হিন্দু ধৰ্ম পালন কৰিছিল ৷ সেইসকলৰ ধৰ্ম সংস্কৃতি আহোমৰ লগত সম্পূৰ্ণ অমিল আছিল আৰু জীৱন ধাৰণৰ মানদণ্ড অতি নিম্নখাপৰ আছিল ৷ এইসকল মহা ধোদ আছিল ৷ ক্ৰমান্বয়ে আহোমসকলৰ ৰাজ্য বিস্তাৰ হোৱাৰ লগে লগে এই ক্লা সকলক নিজৰ নিজৰ কিছু কামত দাস হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিছিল ৷
এই ক্লা সকল আহোমৰ খা অৰ্থাৎ তলতীয়া হোৱাৰ পাছৰ পৰা তেওঁলোকৰ ইতৰ আৰু ধোদালি অৱস্থাবোৰলৈ চাই ৰাজকীয় আহোম সকলে তেওঁলোকক " ঐ ক্লা এইটো কৰ, ঐ ক্লা সেইটো কৰ " আদি দাবী ধমকনি দি হ‘লেও কাম কৰাব লগাত পৰিছিল ৷ সেয়েহে খঙত " ঐ ক্লা, ঐ ক্লা " কওঁতে কওঁতে আহোমৰ অভ্যাসত পৰিণত হ‘ল আৰু সেয়েহে খং উঠিলেই " ক্লা " ক'বলৈ ধৰিলে ৷ ক্লা শব্দৰ অপ্ৰভংগ হৈ পাছলৈ কেলা হ‘ল ৷ এই সংক্ৰান্তত বাঁহগৰীয়া বুঢ়াগোহাঁই ডাঙৰীয়াই কোৱা " বন্দী হিন্দুৱে মুগাৰ ঠেনাকৈ মুখে সূতা কাটি মৰে " বাক্যটো মনকৰিব লগীয়া ৷
অন্যহাতেদি ক্লা সকলৰ মাজৰ পৰা কিছুমানক আহোমে চাকৰ- নৌকৰ হিচাপে ৰাখিলে ৷ এইসকলক মৰমতে বা আৱেগতো ক্লা হিচাপে মাতি মাতি কেলা শব্দলৈ পৰিবৰ্তিত হ‘ ল ৷
কিন্তু যেতিয়া শিক্ষিত ক্লা সকলে বুজি পালে যে আহোমৰ কেলা শব্দটো তেওঁলোক অৰ্থাৎ ক্লা বোৰৰ ওপৰতহে প্ৰয়োগ কৰে তেতিয়া তেওঁলোকে এই শব্দটো পুৰুষৰ ঘাই যৌন অংগৰ লগত জড়িত কৰি ওভত মাত আখ্যা দিলে ৷ তেওঁলোকে প্ৰচাৰ কৰিলে যে কেলাটো শব্দটো অবাইচ মাত, ইয়াক মাতিব নাপায় ৷ কিন্তু লিংগ শব্দটো ব্যৱহাৰ কৰি শিৱক তেওঁলোকে কৰযোৰে প্ৰণাম কৰে ৷ সেইটো হ‘লে অবাইচ মাত নহয় ৷
কেলা শব্দটোয়ে আহোমৰ উচ্চাত্মিকা, উচ্চ মানদণ্ড আৰু উচ্চ স্থানৰ পৰিচয় দিয়ে ৷ গতিকে ই কোনো অবাইচ মাত বা অশ্লীল শব্দ নহয় ৷
সহায়ক প্ৰসংগ -
১৷ অবৌৰঞ্জিক - চাও নগেন হাজৰিকা, পৃ- ৪১৮
২৷Ahom Lexicions পৃ- ৩৫, ৩৬
৩৷ মীৰজুমলাৰ অসম আক্ৰমণ - সূৰ্যকুমাৰ ভূঞা, পৃ- ৭৬