জেৰেঙাৰ সিপাৰে ( ধাৰাবাহিক উপন্যাস) (ණচাও সঞ্জীৱ ফূ কে )

( বুলনি চ'ৰা )
সৰুুৰে পৰা দেখি আহিছিলো জাই ম তী আইচুৰ নাটক বিশেষ সেইদিনটোত ৷ নামাকৰণ কৰা হয় মহাসতী জয়মতী স্মৃতি দিৱস হিচাপে ৷ নাটকৰ শেষ দৃশ্যত চকুৰ পানীৰে জলজলীয়া হৈ পৰিছিল ৷ মন গৈছিল অত্যাচাৰী ল'ৰাৰজাক যেন এতিয়াই কাটি পেলাম গৈ ৷ সেইবোৰ আছিল ল'ৰালিৰ অনুভৱ ৷
সময় পাৰ হৈছিল, আৰু কথাবোৰ ন কৈ ভাৱিব পৰা হ'লো ৷ জাই ম তী আইচুৰ মহান ত্যাগৰ আৰ্দশক অনুধাৱন কৰিব পৰা হ'লো ৷ সেই গৰাকী আই চু মহাজীৱনক লৈ কিবা এটা লিখাৰ হেপাঁহ কলেজীয়া দিনৰ পৰাই আছিল ৷ বৰ্তমানলৈকে পঢ়া আই চু ৰ জীৱন ভিত্তিক উপন্যাসবোৰত কল্পনাৰ আশ্ৰয় বেছি ৷ সম্পূৰ্ণ বাস্তৱ ভিত্তিক নহ'লেও চেষ্টা কৰিম নিখুত ৰূপত আইচুক আপোনালোকৰ আগত তুলি ধৰিবলৈ ৷ এইক্ষেত্ৰত আপোনালোকৰ পৰামৰ্শ সাদৰেৰে গ্ৰহণ কৰিম ৷ লগতে মোক এই মহান কাৰ্যৰ বাবে উৎসাহিত কৰা আমাৰ অসম কাকতৰ সাংবাদিক শ্ৰদ্ধাৰ জ্যোতি ককাইদেউ, তথ্যগত সহায় কৰা মৰাণজানৰ কমল নিচাদেউক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ৷
সদৌশেষত মোৰ এই সামান্য প্ৰচেষ্টাক সকলোৱে আদৰি ললে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাৱিম ৷
ইতি
সঞ্জীৱ ফূ কে ( বৰুৱা) শিৱসাগৰ
( প্ৰথম খণ্ড)

ইতিহাস লিখা হয় সত্যৰ পম খেদি, জীৱনক জীৱনৰ চালনিৰে জুখি ৷ অৱধাৰিত জীৱনৰ দুৰ্বাৰ সাহস বুকুত বান্ধি এদিন পাৎকাইৰ পাহাৰত উঠিছিলহি এজন যোদ্ধা ৷ নদী বৈ যায়, অসীমৰ দিশলৈ ৷ এইয়া অৱধাৰিত, চিৰন্তন সত্য ৷ মাথো নদীৰ বালিচৰত গঢ়ি উঠে ইতিহাসৰ ন-গজালি ৷ ক্ৰমান্বয়ে ন-গজালি গছ হয়, গছৰ পৰা গুটি ৷ পৰিবৰ্তিত ইতিহাসৰ ফলত গছৰ পৰাই ন ন ঠাইত গঢ়ি উঠে পুনৰ নতুন ইতিহাস ৷ সৃষ্টি হয় জীৱনৰ সপোন ৷
লুইতৰ পাৰত এদিন গজিছিল এটি ন-গজালি, মুঙ-ৰি-মুঙ-ৰামৰ পৰা বৈ আহিছিল মুঙ-ডুন-চুন-খামৰ প্ৰৱিত্ৰ ভূমিলৈ ৷ সেইয়া আছিল চাও লুঙ চুকাফা ৷ লগত আহিছিল তিনিগৰাকী পাটৰাণী, আই-মে-চাও-লো, নাং-চেন-চুম-ফা আৰু য়ি - লো-ৱেং-চিং-চুম-ফা ৷ দুজনা মন্ত্ৰী আছিল মাও-ম'ঙ-বান-ৰুই আৰু থাও-ম'ঙ-কাঙ-ঙান ৷ ৰাজপৰিয়ালৰ পাঁচজনা কোঁৱৰ আছিল খুন-বা, খুন-ফ্ৰং, খুন-ৰিং, খুন-চেং আৰু খুন-ফু-কিন ৷ চুকাফা ৰজাদেউৱে লগত লৈ আহিছিল আহোমৰ ইষ্টদেৱতা চোমদেউৰ বিগ্ৰহৰ লগতে চাৰিজন পুৰোহিত, দেওধাইৰ থাও-মঙ'-লুঙ, বাইলুঙৰ চাও-ফ্ৰাং আৰু থাও-মঙ-মছাই, মহনৰ থাও-খেন -লুঙ ৷ এইদৰে এদিন চুকাফা ৰজাদেউৱে ১২২৮ চনৰ আঘোণৰ ১৬ দিনৰ দিনা টি পামত আহোমৰ প্ৰথম ৰাজধানী পাতি আহোম যুগৰ সুচনা কৰিছিল ৷ শিকাই থলুৱা মৰাণ, বৰাহী সকলোকে শালিখেতি কৰিবলৈ ৷ নেদেখা নুশুনা এইবোৰ দেখি থলুৱা সকলোৱে এওঁলোকক অহম বুলিছিল ৷ কঠিয়া সিঁচি শালি ধানৰ খেতি দেখি অচিনাকী সকলোবোৰ চুকাফা ৰজাদেউৰ লগ হৈছিল ৷ টি পামত তিনিবছৰ থাকি পুনৰ নাও মেলি দিছিল পূব দিশলৈ ৷ ভটিয়াই আহোতে আহোতে হাবুঙৰ সৌন্দৰ্য্যত তেওঁ মোহ গ'ল ৷ ডা-ডাঙৰীয়া সকলো লগহৈ হাবুঙত নিগাজীকৈ চোমদেউৰ বিগ্ৰহ স্থাপন কৰি ৰাজধানী পাতিলে ৷ হাবুঙৰ মাটি সাৰুৱা ৷ সাৰুৱা মাটিত পুনৰ দাঁতিকাষৰীয়া মিছিং সকলৰ লগত শালিধানৰ খেতি কৰিবলৈ শিকাইছিল ৰজাদেউৱে ৷ লগে লগে আৰম্ভ কৰিছিল সোণালী সূতাৰ যাদুকৰী খেল ৷ চাপকন, পটলুঙ আদিৰ বাবে প্ৰয়োজন হৈছিল মুগা সূতাৰ ৷ ক্ৰমশঃ হাবুঙৰ হাবিবোৰ একোখন বিৰাট বিৰাট চোমনিলৈ ৰুপান্তৰ ঘটিছিল ৷ দিনেৰাতিয়ে শিপিনীৰ তাঁতশালৰ সোণালীসূতাৰ পৰশত মেজাংকৰি জিলিকিছিল ৷ এইয়া আছিল বৃহত্তৰ অসমীয়া সমাজলৈ তাই আহোমৰ আপুৰুগীয়া অৱদান ৷ আজিও ধেমাজীৰ হাবুঙত ঘৰে ঘৰে মুগাসুতাৰ অপূৰ্ব সমাহাৰ ৷হা
হাবুঙেও লাহে লাহে চুকাফা ৰজাদেউক আমুৱাইছিল ৷ বিশেষকৈ বাৰিষাৰ বাঢ়নীৰ প্ৰকোপটো হাবুঙত অধিক আছিল ৷ পুনৰ সবংশে লুইতৰ নাও মেলি দিছিল ৷ এৰি আহিছিল হাবুঙত চোমদেউৰ প্ৰৱিত্ৰ চিন, আজিও হাবুঙৰ চাঙৰেণত শুনিবলৈ পোৱা যায় সেই চিৰসেউজ আই চিং লাওৰে ফুৰাৰ বন্দনা ৷ নেদেখাই নেদেখে, নুশুনাই নুশুনে কিন্তু যি শুনিব সি হ'ব আহোমৰ প্ৰকৃত লান চেঙ ৷
জীৱনৰ দুৰ্বাৰ সাহস বুকুত লৈ উপস্থিত হ'লহি ডয় পাৎকাইৰ নামনিৰ পাহাৰ চে-ৰায়-ডয়ত ৷ এই চে ৰায় ডয়তে চুকাফা ৰজাদেউৱে বগা ঘোঁৰা পাৎসী কৰি আৰম্ভ কৰিছিল ছশবছৰীয়া আহোমৰ গৌৰৱোজ্বল সোণালী পৃষ্ঠাৰ ৷
সময়ৰ বালিচৰত কৰতোৱাৰ পৰা মানাসলৈ , শদিয়াৰ পৰা ধুবুৰীলৈ আহোম ৰাজত্বৰ গতি বিয়পি পৰিছিল ৷ চে ৰায় ডয় পৰাও ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত হৈছিল ৷ চালে চকুৰোৱা গড়গাঁৱৰ কেন্দ্ৰবিন্দুত নিৰ্মাণ হৈছিল ঐতিহাসিক কাৰেংঘৰৰ ৷ সমান্তৰালভাৱে অসমত প্ৰৱেশ ঘটিছিল শংকৰদেৱৰ নৱ-বৈষ্ণৱ ধৰ্মৰ ৷ শংকৰদেৱৰ ছত্ৰ-ছায়াত গঢ়ি উঠিছিল সত্ৰৰ উপৰিও অনেক প্ৰশাখা সত্ৰৰ ৷ আহোমৰ কেইবাজনো ৰাজবিষয়াই ইয়াত হাত উজান দি বৈষ্ণৱ ধৰ্মৰ শ্ৰীবৃদ্ধিত সহায় কৰিছিল ৷ গোজেই গজালি মেলি ক্ৰমান্বয়ে এই সত্ৰ সমুহৰ সত্ৰাধিকাৰ সকলেও আহোম ৰাজসিংহাসনৰ উত্তৰাধিকাৰী নিৰ্বাচনত পৰোক্ষভাৱে ভূমিকা পালন কৰিছিল ৷আকাংক্ষা মানুহৰ সহজাত প্ৰবৃত্তি ৷ এই আকাংক্ষা যদি লোভমোহলৈ পৰিণত হয় সেইয়া অতি ভয়ংকৰ ৷ সেইয়াই ঘটিছিল মুঙ ডুন চুন খামৰ প্ৰবিত্ৰ ভূমিত ৷ আকাশত দেখাপোৱা গৈছিল বহুতো নেজাল তৰাৰ সমাহাৰ ৷ বেলি ডুব গৈছিল ৷ বঙহে বঙহৰ মঙহ চিনি পাবলৈ কঠিন হৈ পৰিছিল ৷ অহংকাৰ, গৰ্বত কেইজন মান ৰাজবিষয়াৰ চকু অন্ধ হৈ পৰিছিল ৷ এইসকলৰ ষড়যন্ত্ৰৰ ফলস্বৰুপে আহোম বুৰঞ্জীৰ দুখিলামান পৃষ্ঠা বঙহৰ তেজেৰে ৰাঙলী হৈছিল ৷
আহোম ৰাজসভাত সৰু মানুহক বৰ বাব কেতিয়াও দিয়া নহৈছিল ৷ তাকে কৰিছিল স্বৰ্গদেউ উদয়াদিত্য সিংহই ৷ এটা কালফেঁটী সাপৰ আগমনত সকলো থানবান হৈ পৰিছিল ৷ এইজন আছিল লুখুৰাসন ফৈদৰ দক্ষিণপতীয়া মকাজান সত্ৰৰ আনুগত্যশীল ডেবেৰা হাজৰিকা ৷ ডেবেৰাই প্ৰৱেশ কৰিছিল আহোম ৰাজতন্ত্ৰৰ পাকঘৰত ৷ এইজনৰ প্ৰত্যক্ষ পৰিচালনাত আৰু দক্ষিণপাট সত্ৰৰ সহযোগিতাত আহোম ৰাজসভাৰ কেইবাজনো উচ্চ পদস্থ বিষয়াৰ সৰ্মথনত কেইবাজনো স্বৰ্গদেউৱে অকালতে প্ৰাণ হেৰুৱাইছিল ৷ সময়ৰ পাকচক্ৰত পাতনি ঘটিছিল আহোম ৰাজতন্ত্ৰত এক বিষ বাষ্পৰ সৰু গজালিৰ ৷ আহোম ৰাজসভাৰ তিনিজনা ডাঙৰীয়াৰ আলোচনাৰ মাধ্যমেৰে ৰজা ভঙা-পতাৰ নিয়মৰ বিপৰীতে সেইয়া আছিল অনাগত দিনৰ বাবে এক প্ৰচণ্ড বা-মাৰলী ৷
( আগলৈ )