মোৱামৰীয়া বিদ্ৰোহ আৰু অসম বুৰঞ্জী (ණচাও জিন্তু জোনাক বৰুৱা)

ষোড়শ শতিকাৰ শেষভাগ । অখণ্ডিত অসমত আহোম ৰাজত্বৰ জয়জয়কাৰ ৰূপ । ইফালে অসমত তেতিয়া নৱ-বৈষ্ণৱবাদৰ উন্মেষ ঘটিব লাগিছে । বৈষ্ণৱবাদৰ প্রচাৰক শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ শিৰোগত কৰি বৈষ্ণৱবাদৰ ভেটিতে উত্তৰসূৰীসকলে প্রধানতঃ চাৰিটা ভাগত বিভক্ত হৈ (ব্রহ্ম সংহতি, নিকা সংহতি, পুৰুষ সংহতি আৰু কাল সংহতি) বৰ অসমত ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্রসাৰ বৃদ্ধি কৰিছিল । উজনি-নামনি সকলোতে প্রজাক বৈষ্ণৱী আদৰ্শৰে দীক্ষিত কৰাই এই সংহতিবিলাকে প্রচেষ্টা চলাইছিল । ইয়াৰে কাল সংহতিৰ অন্তৰ্গত অনিৰুদ্ধদেৱে আৰু আজ্ঞাপৰসকলে মায়ামৰা সত্ৰ প্রতিষ্ঠা কৰে । এই সত্ৰৰ অনুগামীসকলক মোৱামৰীয়া বা মায়ামৰীয়া বুলি কোৱা হয় ।(বিট্টিছসকলৰ নথিত মায়ামৰীয়া বা মোৱামৰীয়া আৰু মটকসকল একে বুলি অন্তভূক্ত কৰিছিল।)সেইসময়ৰ আহোম ৰাজত্বত উদাসীন ভকতসকল আৰু উচ্চবৰ্গৰ হিন্দু (ব্রাহ্মন, কায়স্থ আদিসকল)সকলে ৰাজসেৱাকে পৰম কৃতাৰ্থ ভাবি বাধ্য-বাধকতাত আৱদ্ধ আছিল । ইয়াৰ বিপৰীতে সত্ৰসমূহে ধৰ্ম্মনীতি, সদাচাৰৰ অখণ্ড নিয়মবিলাকৰহে বাধ্য-বাধকতা আৰোপ কৰি অনুগামীসকলক প্রভাম্বিত কৰিছিল । ইবিলাক কাৰণতে মোৱামৰীয়াসকলে গুৰুক ৰজাতকৈও উচ্চ আসনত গন্য কৰা হৈছিল । এইয়া ৰাজতন্ত্ৰৰ ৰোষৰ কাৰণ হৈ দেখা দিলে । স্বৰ্গদেউ জয়াদিত্য(১৬৪১-৪৪ খ্ৰীঃ)ই তেখেতৰ শাসনকালতে ৰাজদ্ৰোহ আচৰণ কৰিছে বুলি এই কাৰণতে মৃত্যুদণ্ড দিয়ে । ইয়াৰ পৰবৰ্তী সময়ত স্বৰ্গদেউ গদাধৰ সিংহ(১৬৮১-৯৬ খ্ৰীঃ)ৰ ৰাজত্বকালত মায়ামৰা মহন্ত বৈকুণ্ঠদেৱকো মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ’ল । এই ঘটনাক্ৰমৰ পিছতেই মোৱামৰীয়াসকলে ক্ষোভৰ অগনি জ্বলাই বিদ্রোহী ভাবাপন্ন হৈ সুযোগ-সুবিধাৰ অপেক্ষা কৰি ৰ’ল ।
সময় আগবাঢ়ে; স্বৰ্গদেউ শিৱসিংহই ১৭১৪ খ্ৰীঃত ৰাজপাটত উঠে । কিন্তু কিছু দিনচেৰেকৰ পিছতে গণক-জ্যোতিষীসকলে ভৱিষ্যৎবাণী কৰিলে যে, ৰজাৰ ছত্ৰভংগৰ যোগ পৰিছে । এনে অমংগলীয়া পূৰ্বানুমানৰ পৰা উপশম পাবলৈ বৰকুৱঁৰী ফুলেশ্বৰীক বৰৰজা পাতি দেশ শাসনৰ ভাৰ অৰ্পন কৰে । বৰৰজা ফুলেশ্বৰী আছিল অআগৰজনা ৰজা ৰুদ্ৰসিংহই কামাখ্যাত থাপি যোৱা শাক্তগুৰু কৃষ্ণৰাম ভট্টাচাৰ্যৰ অনুগামী । সেয়েহে ৰাজধৰ্ম আৰু সাধাৰণ প্রজালৈকে সকলো শাক্তধৰ্মী হোৱাৰ পক্ষপাতিত্ব কৰিছিল । কিন্তু সেইসময়ত মহাপুৰুষদুজনাৰ আদৰ্শৰে দীক্ষিত প্রজাগন বৈষ্ণৱবাদৰ প্রতি বেছি আকৰ্ষিত আছিল । বৰৰজা ফুলেশ্বৰীৰ শাক্তধৰ্মক ৰাজধৰ্ম হিচাপে স্বীকৃতি দিয়াত হেঙাৰ হৈ উঠা বৈষ্ণৱ ধৰ্মাদৰ্শৰ প্রাদুভাব সহ্য নহ’ল । সেয়েহে সকলো মহাপুৰুষীয়া মহন্তক দূৰ্গা পূজাৰ সময়ত কামাখ্যালৈ অনাই দেৱী গোসসাঁনীৰ আগত সেৱা কৰাই সেন্দুৰ, ফুল-চন্দন আৰু বলিৰ তেজেৰে ফোঁট দিয়ালে । এই নীতি পূৰ্বৰ অগ্রজ উদাৰ মনৰ আহোমসকলৰ ধৰ্ম্ম নিৰপেক্ষ নীতিৰ পৰিপন্থী আছিল । এই অপমান আৰু পূৰ্বতে ভুক্তভোগী মায়ামৰা সত্ৰৰ মহন্তসকলে অপমানৰ পোতক তোলাৰ মন স্থিৰ কৰে । ইয়াৰ পিছতে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ পশ্চাদগণনাৰ আৰম্ভনি হয় ।
৬০০ বছৰীয়া আহোম ৰাজত্বত উচ্চবৰ্গৰ হিন্দু সমাজে (ব্ৰাহ্মন বা কায়স্থ) কায়িক শ্রম কৰিব নালাগিছিল । ৰজাঘৰীয়া ন্যায় বিচাৰত আগস্থান পাইছিল । সাধাৰণ প্রজাই তাত অংশ লোৱাৰ অধিকাৰো নাছিল । কিন্তু শংকৰদেৱ বা তেখেতৰ উত্তৰসূৰীৰ প্রচাৰিত বৈষ্ণৱী আদৰ্শৰ সত্ৰসমূহত সমূহ ৰাইজে বহি নিজৰ সমাজখনৰ নীতি-শৃংখলা ৰক্ষা কৰাৰ সুযোগ পাইছিল । এই সত্ৰবিলাকে ধৰ্ম্মৰ সূঁতাইদি অসমীয়া সমাজখনক গাঠিব ধৰিছিল । জয়ধ্বজ সিংহ(১৬৪৮-৬৩ খ্ৰীঃ)আগলৈকে নানান প্রতিকুলতা অতিক্ৰমি বৈষ্ণৱবাদী আদৰ্শ প্রচাৰিত হৈছিল । কিন্তু স্বৰ্গদেউ জয়ধ্বজ সিংহই আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বাপুৰ ওচৰত শৰণ লোৱাৰ পিছত সত্ৰসমূহে সাময়িক সকাহ লাভ কৰিছিল । সত্ৰৰ ওপৰত আগছোৱাত যি ৰাজৰোষ বিগ্রহ হৈছিল সি শাম কটাত সত্ৰসমূহে সমাজৰ বৃহং অংশৰ গাঁথনি আৰু বান্ধোন দৃঢ় কৰিছিল । কিন্তু ইয়াৰ পৰবৰ্তী কালত গদাধৰ সিংহ(১৬৮১-১৬৯৬)ই ৰাজপাটত উঠি সত্ৰসমূহৰ প্রভাব আৰু শ্ৰীবৃদ্ধিক সহজে নল’লে । সত্ৰসমূহত তেতিয়া ভকত ভকত বৈষ্ণৱে আগবঢ়োৱা ধন-সোণ, সম্পদ প্রচুৰভাবে গোট খাইছিল । যিবোৰ স্বৰ্গদেৱে বাজেয়াপ্ত কৰি ৰাজকোষত জমা কৰোৱালে । আনকি ল’ৰাৰজাৰ দিনত তেখেত পলাই থকা কালত সত্ৰসমূহত তেওঁক আশ্রয় দিয়াৰ অস্বীকাৰ কৰাৰো পোতক তুলিছিল । মায়ামৰা মহন্ত বৈকুণ্ঠদেৱক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল । মুখ্য সত্ৰসমূহৰ ভকতসকলক এৰুৱাই আনি পাইক খেলত ভৰ্তি কৰাই ৰাজসেৱাত লগাইছিল । বহুতো সত্ৰৰ মহন্তক তেতিয়াৰ আচুতীয়া ঠাইসমূহত যেনেঃ নামৰূপ, টোকলাই, চেউনী আদিলৈ স্থানান্তৰিত কৰিলে । সাতসৰী অসম বুৰঞ্জীত উক্ত কৰ্মৰাজিৰ বৰ্ণনা এইদৰে আছে, ঠাকুৰীয়া শূদ্ৰবোৰক নামৰূপত নি অপঘাট কৰিছে । ব্ৰাহ্মনীয়াসকলক টকলাইত পাতিছে । ব্ৰাহ্মন গণক কায়স্থ কলিতা এই চাৰি জাতিক এটা চৰু কৰোঁ বুলি বৰচৰাৰ খোলাত চাউদাঙ্গৰ হতোৱা ভাত ৰন্ধাই খুৱালে ।দক্ষিনপটীয়া চোট বনমালীদেৱক নানা দূৰ্গতি কৰিলে ।‘ স্বৰ্গদেউ ৰুদ্ৰসিংহ(১৬৯৬-১৭১৪)ই ৰজা হৈয়ে পিতৃদেৱৰ উক্ত ঠাকুৰীয়া মহন্তসকলক পুণৰ নিজ নিজস্থানলৈ ফিৰাই আনি থাপিলেহি । শাক্তগুৰু কৃষ্ণৰাম ভট্টাচাৰ্যক শক্তিপীঠ কামাখ্যাত থাপিলে । ইয়াৰ পিছৰ কালত কিন্তু শিৱসিংহৰ স্থানে বৰৰজা হোৱা ফুলেশ্বৰীৰ ব্ৰাহ্মনপ্ৰীতি আৰু অবৈষ্ণৱী অপমানৰ ঘটনাৰাজি পুণৰ সংঘটিত হ’ল ।
স্বৰ্গদেউ চুৰাম-ফা বা ৰাজেশ্বৰ সিংহ(১৭৫১-৬৯ খ্ৰীঃ)ৰ শাসনকালত যোৰহাটৰ পশ্চিমদিশৰ সৰুচৰাই হাবিৰ এটি মূৰে সপ্তভূজ মহন্তৰ নেতৃত্বত বৰভেটি আৰু মজিয়াভেটি পাতি সত্ৰও স্থাপন কৰে আৰু নিজ শক্তিৰ উমান দিয়ে । মহন্তগুৰু অষ্টভূজ গোসাঁইৰ নিৰ্দেশত ৰাজ্যৰ সকলো ঠাইতে ব্যাপ্ত মায়ামৰা ভক্তসকলে মালৌপথাৰত গোট খাই এটুকুৰা দ’ ঠাইত প্রত্যেকজন ভকতে এচপৰা মাটি দি পৰ্বসম ভেটি নিৰ্মান কৰিছিল আৰু আহোমৰ বিৰুদ্ধে প্রৱল প্রতিৰোধ শক্তি গঠনৰ শপতবাক্য পাঠ কৰিছিল ।কিন্তু ৰাজেশ্বৰ সিংহৰ উদাৰতাৰ বাবে মোৱামৰীয়াসকলে অন্তৰৰ তুঁহজুইকুৰাক লেলিহান শিখালৈ পৰিবৰ্তন কৰাৰ থল নাপাইছিল ।ৰাজেশ্বৰ সিংহৰ পিছত স্বৰ্গদেউ লক্ষ্মীসিংহ(ৰুদ্ৰসিংহৰ পঞ্চম পুত্ৰ) (১৭৬৯-১৭৮০ খ্ৰীঃ) ৰজা হয় কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ প্রচেষ্টাত । এইজনা ৰজাৰ অভিষেকৰ পিছতেই কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ স্বেচ্চাচাৰিতাই চুড়ান্ত ৰূপ পালে । ফলত প্রথমবাৰলৈ মোৱামৰীয়া বিদ্ৰোহ(১৭৬৯-৭০ খ্ৰীঃ) ব্ৰহ্মপুত্ৰ উপত্যকাতে ছানি ধৰে । কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ১৭৬৯ খ্ৰীঃৰ অক্টোৱৰত দূৰ্বল হাতী যোগান ধৰাৰ অজুহাতত মায়ামৰা সত্ৰৰ অনুগামী নাহৰ খোৰা আৰু ৰাঘৱ মৰাণক বৰ্বৰতাৰে অত্যাচাৰ কৰে ।শাস্তি হিচাপে নাহৰৰ কান কাটি দি ৰাঘৱক প্রহাৰ কৰোৱাইছিল । প্রথমবাৰলৈ আহোমৰ বিৰুদ্ধে মায়ামৰীয়াসকলে অস্ত্ৰধাৰণৰ বাবে যেন উদ্বাউল হৈ উঠিল এই ঘটনাৰ পাছত । ২১ নৱেম্বৰ ১৭৬৯ খ্ৰীঃত মাজনিশা ৰাঘৱ মৰাণৰ নেতৃত্বত মোৱামৰীয়াসকলে ৰাজধানী আক্ৰমন কৰি ৰাজপাট দখল কৰে । স্বৰ্গদেউ লক্ষ্মীসিংহ, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক পলাই যাওঁতে চিন্তাগড়ত আটক কৰি জয়সাগৰ মন্দিৰত বন্দী কৰি থলেগৈ । কিছুদিন ডেকা সত্ৰাধিকাৰ গাগিনী মহন্তক ৰজা আৰু ৰাঘৱক বৰবৰুৱা পাতি ৰাজশাসন আৰম্ভ কৰে মোৱামৰীয়াসকলে । কিছুদিনচেৰেকৰ পাছত ডেকাসত্ৰাধিকাৰে নাহৰৰ পুত্ৰ ৰমাকান্তক ৰজা পাতি দেশ শাসনৰ বাবে দায়িত্ব দিয়ে । কিন্তু ৰাজশাসনৰ দৰে গধুৰ দায়িত্বত অনভিজ্ঞ হোৱাৰ বাবে নানান আহুকাল আৰু বেমেজালিয়ে দেখা দিয়ে । ইয়াৰে সুবিধাতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নী মণিপুৰী কন্যা কুৰংগনয়নী আৰু অন্য বিশ্বাসী বিষয়া মিলি মোৱামৰীয়াসকলৰ বৰবৰুৱা ৰাঘৱক হত্যা কৰে আৰু লক্ষ্মীসিংহক মুকলি কৰি ৰাজপাট পুণৰ দখল কৰোৱালে । লক্ষ্মীসিংহই ৰাজভাৰ ফিৰাই পাই মোৱামৰীয়াসকলক কঠোৰ হাতেৰে দমন কৰাত উঠি-পৰি লাগে । ৰমাকান্তক হত্যা কৰোৱা হ’ল । কিন্তু সাময়িকভাবে দমন হ’লেও মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ তুঁহজুইকুৰা তলে-তলে শিপাই থাকিল । লগে-লগে ৰছনা হ’ব ধৰিলে ষড়যন্ত্ৰ, সূচনা হ’ল গৃহযুদ্ধৰ আখৰা, কুচ-কাৱাজ । লক্ষ্মীসিংহ ১৭৮০ খ্ৰীঃত মৃত্যু হোৱাত তেওঁৰ পুত্ৰ গৌৰীনাথ সিংহ(১৭৮০-১৭৯৬ খ্ৰীঃ) ই ৰজা হিচাপে অধিস্ঠিত হ’ল । কিন্তু ১৭৮২ খ্ৰীঃৰ এপিল মাহত উকমুকাই থকা মোৱামৰীয়াসকলে শিঙৰি ঘৰত জুই দিয়ে । আনকি ৰাজকাৰেং জ্বলাই দিয়াৰ চেষ্টা কৰে । গৌৰীনাথ সিংহই কোনোমতে পলাই যাবলৈ সক্ষম হ’ল । ১৭৮৮ খ্ৰীঃত মোৱামৰীয়াসকলে ভৰথ সিংহক ৰজা ঘোষণা কৰে । ইফালে সেইসময়তে গৌৰীসিংহৰ প্রধানমন্ত্ৰীত্ব লাভ কৰা দূৰদৰ্শী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ১৭৮৬-৮৭ খ্ৰীঃত বৰ্তমানৰ যোৰহাটৰ উত্তৰে দিচৈত এটি কোঠ নিৰ্মান কৰিছিল । ইয়াৰ পৰাই ১৭৮৮-৯৪ খ্ৰীঃ লৈকে ৰংপুৰ উদ্ধাৰৰ প্রচেষ্টা চলাইছিল । প্রথমে মণিপুৰী ৰজাৰ সহায়ত ৰংপুৰ উদ্ধাৰৰ প্রচেষ্টা কৰি বিফল হৈ সেইসময়ত গোৱালপাৰাক নিজৰ অধীনে ৰখা বিট্টিছৰ ওচৰত সহায়ৰ হাত পাতে । সেইমৰ্মে কেপ্তেইন ৱেলচ আৰু গৌৰীসিংহৰ মাজত বাণিজ্যিক চুক্তি সম্পাদন হয় ২৮ ফেব্ৰুৱাৰী ১৭৯৩ খ্ৰীঃত । তাৰ পিছতে বিট্টিছে পৰ্যবেক্ষন কৰি কৰি ১৭৯৪ খ্ৰীঃৰ জানুৱাৰীৰ পৰা চেষ্টা কৰি ২১ মাৰ্চ ১৭৯৪ খ্ৰীঃত ৰজাক ৰংপুৰ আৰু সিংহাসন পুণৰোদ্ধাৰ কৰি দিয়ে । ১৭৯৪ খ্ৰীঃৰ ২৫ মে’ত কেপ্তেইন ৱেলচ ৰংপুৰ এৰি বংগলৈ উভতি যোৱাত স্বৰ্গদেউ গৌৰীসিংহই আগৰ ঘটনাক্ৰমৰ আৰু অপ্রীতিকৰ পৰিস্থিতিৰ প্রতি সন্দিহান হৈ ৰাজধানী দিচৈলৈ স্থানান্তৰিত কৰিলে । কিন্তু চেগা-ছোৰোকাকৈ চলি থাকিল মোৱামৰীয়াসকলৰ বিক্ষিপ্ত কৰ্মৰাজি । ১৮০৫ চনলৈকে এইদৰে অস্থিৰতাত ভোগা অসমৰ শাসনৰ বাঘজৰী পুণৰ সুস্থিৰ কৰাৰ উদ্দেশ্যে দূৰদৰ্শী প্রধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বুজাবুজিৰ নীতিৰ আধাৰত মৰাণ নেতা সৰ্বানন্দক বৰসেনাপতি হিচাপে নিয়োগ কৰি ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিঙৰ মাজৰ অংশ স্বতন্ত্ৰভাবে শাসন কৰিবলৈ দিয়াত মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ সামাজিক তথা ৰাজনৈতিক সমাধান ওলাল । ইয়াৰ পৰবৰ্তী সময় এচোৱা অসমত সুস্থিৰ বাতাবৰণ চলিবলৈ ধৰিলে ।
এককথাত ক’বলৈ গ’লে ষোড়শ শতিকাৰ শেষভাগৰে কেতবোৰ বিক্ষিপ্ত ঘটনাই বা সিদ্ধান্তই এনে মোৰ লৈছিল যে প্রতিক্ৰিয়াস্বৰূপে আহোমৰ ৬০০ বছৰীয়া ৰাজত্বৰ পশ্চাদগণনাৰ সুত্ৰপাত ঘটাইছিল বুলি থাৱৰ কৰিব পাৰি । বৈষ্ণৱাদৰ্শৰ সত্ৰসমূহৰ ধৰ্ম আন্দোলনৰ উপৰিও ৰাজশক্তিৰ সৈতে সংঘাত আৰু সহযোগিতাৰ সময় আছিল এই সময়ছোৱা । ৰাজনৈতিক কাৰ্য্যাৱলী ইটো-সিটোৰ পৰিপূৰক হৈ পৰিছিল বুলিও অভিহিত কৰিব পাৰি ।।