জয়মতী কুঁৱৰীৰ মালিতা (ණডাম চাও কৃপানাথ ফুকন)

( বুলনি চৰা)
সৰুতেই য়া চাও, বাই চাও, এ নাইহঁতৰ মুখত কিছুমান লোকগীতৰ দৰে কিছুমান বুৰঞ্জীমূলক মালিতা শুনিবলৈ পাইছিলো যিবোৰ অধিকাংশ আইচু জাই ম তীৰ লগত ৰজিতা খোৱা আছিল ৷ প্ৰায়ে সেইবোৰ ডায়েৰীত লিখি গৈছিলো ৷ মনত প্ৰশ্ন হৈছিল ইমান কৰুণ সুৰৰ এই মালিতাবোৰ কোনে লিখিছিল ৷ প্ৰায়ে বিচাৰি ফুৰো নাপাওহে নাপাও ৷ অৱশেষত এদিন মৰাণজানৰ কমল নিচাদেউৰ ঘৰত কিতাপ খুচৰি থাকোতে উৱলি যোৱা অৱস্থাত ডামচাও কৃপানাথ ফুকনৰ ৰচিত পুথিখনি মোৰ চকুত পৰাত ভালকৈ চাইমেলি যিখিনি ভালে আছিল ফটো মাৰি ললো ৷ সেইপুথিখন পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰত্ৰিকা সম্পাদক দিলীপ কোঁৱৰৰ সম্পাদনাত প্ৰকাশ পাইছিল ৷ ইন্টাৰনেট জগততো ইয়াৰ প্ৰচাৰ হোৱাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰি সকলোখিনি হুবহু আকাৰত প্ৰকাশ কৰা হৈছে যেনেদৰে পোৱা গৈছিল ৷
শেষত পাঠকসমাজে আদৰি ললে আমাৰ শ্ৰম সফল হোৱা যেন অনুভৱ হ'ব ৷
সম্পাদনা সমিতি
( প্ৰথম ভাগ )
ৰূদ্ৰসিংহৰ সপোন
যিদিনা ৰূদ্ৰসিংহ স্বৰ্গদেৱে ন্যায়বাগীশ ভট্টাচাৰ্য্যত শৰণ ললেগৈ পৰি ৷
স্বৰ্গৰ লক্ষ্মীয়ে সপোনত দেখালে জয়মতীৰ আকৃতি ধৰি ৷৷
শুনাপু্ত্ৰ মোৰ চেনেহৰ গোঁহাইদেউ,
অকাৰ্য্য কৰিলা ঘোৰ ৷
নিজৰ ধৰ্ম এৰি পৰক ভজিলা
স্বৰ্ধমে বুলিছে দোষ ৷৷
সৰুতে মাতৃহৈ এৰিথৈ গ'লোগৈ
তুমি দুখ পালা ঘোৰ ৷
পিতৃৰ সম্পত্তি ৰাজত্ব ভূঞ্জিবা
চেনেহৰ পুত্ৰ মোৰ ৷৷
তোমাৰ সম্পত্তি পুত্ৰই ভূঞ্জিৱ
চুতেনফা চেনেহৰ নাতি ৷
তাৰ পাছৰ খণ্ডত পৰধৰ্ম দোষত
বিভ্ৰাট ঘটিব অতি ৷৷
স্বধৰ্ম আদিমূল স্বধৰ্ম জাতিকুল
স্বধৰ্ম ব্ৰহ্মাণ্ডত ঘাই ৷
স্বধৰ্মৰ বাহিৰে নাই৷৷
যত অপৰাধী দেৱধৰ্ম দোষি
স্বধৰ্মৰ অপৰাধ ঘাই ৷৷
যত সুখ শান্তি, ঐশ্বৰ্য্য বিভূতি
স্বধৰ্ম আনন্দৰ স্থান ৷
সকলো দোষতকৈ জানিবা গোঁহাইদেউ
স্বধৰ্মৰ অপৰাধ টান ৷
স্বধৰ্ম আদিমূল অমূল্যৰত্ন
কুলৰ দেৱে বোলে যাক ৷
হেনুহেন স্বধৰ্ম এৰিলা গোঁহাইদেউ
বহলাই কিনো কম তাক ৷৷
ৰংপুৰ নগৰখন চনপুৰ হ'বগৈ
নেথাকে আহোমৰ জাতি ৷
সোণৰ কলচী মাটিত পৰিব
বিদেশীয়ে ধৰিব ছাতি ৷৷
য'ত কেৰুমণি পিন্ধাৰ সামগ্ৰী
ভোজনৰ সোণালী বাতি ৷
সকলো টোপোলাত বান্ধি লৈ গোঁহাইদেউ
স্বৰ্গলৈ যামগৈ গুছি ৷৷
এতেকে বুলিয়া স্বৰ্গৰ লক্ষ্মীয়ে
যত দ্ৰব্য-বস্তু মানে ৷
ৰিহাৰ আঁচলত টোপোলাত বান্ধি লৈ
গোটাই আনি স্থানে স্থানে ৷৷
বন্দুক বৰশিলৈ ঢাল তৰোৱাল
সবেও টোপোলাত ৰ'ল ৷
সবাকো আঁচলত বান্ধি লৈ বিমানত
উঠি দেৱী স্বৰ্গলৈ গ'ল ৷৷
তেনেতে ৰুদ্ৰসিংহ ৰজা স্বৰ্গদেৱে
সাৰপালে চকমক কৰি ৷
পালেঙত বহি লৈ কান্দিব ধৰিলে
পুৰণি কথা সুমৰি ৷৷
হায় মোৰ মাতৃ সতীজয়মতী
মোৰ জন্মদাত্ৰী আই ৷
দুষ্ট ল'ৰাৰজাই কাহানিবাই মাৰিলে
কি ভাগ্য দেখিলো হায় ৷৷
দেউতা পলায়গৈ প্ৰৱাসত আছিলে
আমি সৰু ল'ৰা আই ৷
দুষ্ট ল'ৰা ৰজাই তোমাক মাৰিলে
অকলে নিজানে পায় ৷৷
যিদিনা ল'ৰা ৰজাই তোমাক ধৰাই নিলে
চঅঁৰা চাউদাং লগায় ৷
আমি দুই ভায়ে কান্দি কান্দি আইতা
তোমাকে আছিলো চায় ৷৷
চাউদাঙৰ হাতত তুমি কান্দিছিলা
দেউতাৰ কথাকে গায় ৷
তোমাৰ লগতে আমিও কান্দিলো
তোমাৰ মৰম বৰ্ণায় ৷৷
যেতিয়া চাউদাঙে তোমাক ধৰি নি
হাতীত ললেগৈ তুলি ৷
চিঞৰি বাখৰি কান্দিলো আইতা
আমাক কোনে খোৱাব বুলি ৷৷
হাতীৰ ওপৰত তুমি কান্দি গ'লা
দুগালে দুধাৰী পানী ৷
আমি দুইভায়ে কান্দোতে কান্দোতে
টোপনি নধৰিল ৰাতি ৷৷
লেচাই চালুকীয়া চেনেহৰ ভাইটি
ৰাতি শুওঁতে আই ৷
আইতা আইতা বুলি কান্দিছিলে
শুৱাপাটীত খেপিয়াই চায় ৷৷
সমনীয়াবোৰে ফুৰে লগ লাগি
ওমলে আনন্দ কৰি
আমি দুয়োভায়ে নেহাঁহো নেমাতো
তোমালৈ মনত পৰি ৷৷
দৈৱৰ লিখনে সেই দুখ খণ্ডিলে
ল'ৰাৰজা পতন হ'ল ৷তোমাৰ প্ৰাণবৈৰী ল'ৰাৰজাক মাৰি
দেউতা ৰজা হ'ল ৷৷
জয়েশ্বৰী মাহীদেউ মাহীআই হ'লহি
আমাৰ গুচিলে দুখ ৷
মাহীআইৰ মৰমে তোমাক পাহৰালে
তোমাৰ নিচিনা মুখ ৷৷
দেউতা গদাধৰ সিংহ স্বৰ্গদেৱে
চৌধ্যবছৰ ৰাজত্ব কৰি ৷
ষোল্লশ প়ঞ্চানবৈ চনৰ পহিলা বহাগত
চলিলে বৈকুণ্ঠপুৰী ৷৷
দেউতা স্বৰ্গী হ'ল আসনশূন্য হ'ল
মন্ত্ৰী সকলে জানি ৷
পিতৃৰাজ্য পালিবলৈ বুলি
মোক ৰজা পাতে আনি ৷৷
মোৰ দেশৰ পৰা বন্দুক বৰশিলৈ
ঢাল তৰোৱাল লৈ ৷
নিচলা কৰি মোক যোৱাগৈ আইতা
কিমতে প্ৰৱৰ্ত্তিম মই ৷৷
শুনা মহামতী কুলৰ আইতা
জাতিৰ তুমি আই
অবোধ পুত্ৰ হৈ তোমাক পাহৰিলো
ক্ষমিবা সকলো দায় ৷৷
চাৰিটি শৰণ ললো হিন্দুধৰ্মত
চাৰি প্ৰতিজ্ঞাত ৰ'লো ৷
প্ৰতিজ্ঞাৰ লগত ভজন কৰিলো
জাতকুল বিক্ৰয় গ'লো ৷
মাতৃৰ কোলাত সদাসৰ্বক্ষণ
শিশুৱে যত দোষ কৰে ৷
বিষ্ঠা মূত্ৰ এৰে চৰণে প্ৰহাৰে
তথাপি দোষ নধৰে ৷৷
পুতেকে জীয়েকে বেয়া ভাল বোলে
তেওঁ বোলে প্ৰিয় বাক৷
ইজন্মৰ যত কৰ্ম দোষ সৱে
ক্ষমিব লাগে আমাক ৷৷
ৰজাদেৱৰ বহু স্তুতি ভক্তি দেশী
স্বৰ্গৰ লক্ষ্মীয়ে আনি ৷
অস্ত্ৰৰ সোণালী কিছুমান দিলে
বংশৰ পুত্ৰ মানি ৷
লক্ষীয়ে বোলে শুনা পুত্ৰ মোৰ
স্বধৰ্ম এৰিলা জানি ৷
কুলৰ দেৱ গণে উলটি যাবগৈ
কহিলো সত্যবাণী ৷৷
ৰূদ্ৰসিংহ ৰজাই সাৰ পাই উঠি
সপোনৰ কথা ভাৱি ৷
শোক সাগৰত মন উতলিলে
নিজৰ দোষ দেখি ৷৷
ভট্টাচাৰ্য গোঁহাইৰ উপদেশ মতে
দেৱীক পূজিবলৈ গ'ল ৷
উন্নৈশ বছৰ ৰাজ্যভোগ কৰি
স্বৰ্গদেউ স্বৰ্গী হ'ল ৷


গদাপাণিৰ পলায়ন:

চুলিকফা ল'ৰাৰজা সিংহাসনত বহিলে 
ষোল্লশ উন্নাশী চন ৷
লালুকৰ কথাতে কোঁৱৰবোৰক মাৰিলে
সদায় ৰজা হ'বৰ মন ৷৷
ৰাজপাটৰ যোগ্য কোঁৱৰ সকলক
কাণ কাটি ঘূণীয়া কৰি ৷
সকলো কোঁৱৰৰ কাণত চিন লগালে
ৰাজপাটৰ অযোগ্য কৰি ৷৷
তুঙখুঙীয়া ফৈদৰ লাঙি গদাপাণি
গোবৰ ৰজাৰ সন্তান ৷
ল'ৰাৰজাৰ ভয়ত পলাবলৈ ধৰিলে
নিদিলে কাটিব কাণ ৷৷
ল'ৰাৰজাৰ গুপ্তচৰে ধৰিব নোৱাৰি
ৰজালৈ বাতৰি দিলে ৷
পাছে ল'ৰাৰজাই মনত ভয় পাই
সৰহকৈ দূত পাচিলে ৷৷
লাঙি গদাপাণিক ধৰিব নোৱাৰি
ল'ৰাৰজা বিহ্বল হৈ ৷
কুকুৰা চোৱা চাউদাঙক আদেশ কৰিলে
গদাপাণিক ধৰি আনগৈ ৷৷
কটাৰ উপৰি কটা ঐ চাউদাঙ
কটাৰ উপৰি কটা ৷
লাঙি গদাপাণিক যেয়ে ধৰি আনে
তাকে দিম বোলে বঁটা ৷৷
চৰাই হৈ নেৰিলে বাঁহৰ পোৱালি
মাছেও নেৰিলে পোণা ৷
ঘৰ-বাৰী এৰি গদাপাণি পলালে
পাচলৈ কি হ'ল শুনা ৷৷
এৰিব নোৱাৰি আপোনাৰ জাতিকুল
নেৰো চেনেহুৱা মাক ৷
স্নেহৰ ঘৰবাৰী গদাপাণিয়ে এৰি গ'ল
কালৰ ছাটি মৰা পাক ৷৷
এৰিব নোৱাৰি চেনেহৰ তিৰোতা
এৰিব নোৱাৰি ল'ৰা ৷
হেনে ল'ৰা তিৰোতা যিজনে এৰিব
জীৱন্তে জানিবা মৰা ৷৷
গদাপাণি পলায় গৈ যত যি কৰিলে
তাৰ আদি অন্ত নাই ৷
নগাৰ চাঙে চাঙে পলাই ফুৰিছিলে
নগাৰ কচু টেপু খায় ৷৷
প্ৰথমতে গৈ লাঙি গদাপাণি মেটেকাত পালেগৈ যায়
বগী পোহাৰীয়ে লুকুৱাই ৰাখিলে ৰজাদেৱলৈ মুখলৈ চাই ৷
তাৰ পৰা পলায় গৈ
ললেগৈ নগাৰ সংগ ৷
নগা ডেকাহঁতে ফুৰে লগ লাগি
ৰাতিলৈ ৰাখে মৰঙ ৷
দুখে কষ্টে নগাচাং এৰি শদিয়াত ললেগৈ ঠাই
পাট শদিয়াত লক্ষীপথাৰত আছিলে গৈ পলায় ৷
পাট শদিয়াত চিৰিং বুঢ়া-বুঢ়ীৰ কপালত পো-জী নাই
চিৰিঙৰ ঘৰতে লাঙি গদাপাণি বুঢ়া-বুঢ়ীৰ লগতে
সুখেৰে আছিলে খায় ৷৷
লখিমী পথাৰৰ দক্ষিণৰ কোণলৈ
আছে বুঢ়া-বুঢ়ীৰ স্থান ৷
বুঢ়া-বুঢ়ীৰ স্থানৰ উত্তৰ কোণলৈ
আছিলে এখনি জান ৷৷
সেইখন জানতে গাঁৱৰ গঞাহঁতে
ঠুহা-চেপা পাতে ভাগে ভাগে
শিঙিয়ে মাগুৰে পুঠি খলিহনা
খালৈয়ে খালৈয়ে ধৰে ৷৷
দেখি গদাপাণি সুদাভাত জানি
মনত জন্মিলে হেঁপাহ ৷
বুঢ়া-বুঢ়ীক সুধি সবাতকৈ নামনিত
পাতিলে গোদাদিয়েক চেপা ৷৷
ৰাতিপুৱা যায় সকলো ল'ৰাই
মাছ ভাগে ভাগে পালে ৷
গদাপাণিৰ চেপাত যিবোৰ লাগিল
কিবাহে উলিয়াই খালে ৷৷
ইয়াৰ সম্ভেদ পাবৰ নিমিত্তে ৰাতি
দুপৰ ভাগত অকলে হাবিত গৈ আছিলে জুপি ৷৷
অকলশৰে বহি লাঙি গদাপাণি
নিজান নিতাল বনত ৷
ভাৰ্য্যা আৰু দুটি পুত্ৰক ভাৱি
অগনি জলিলে মনত ৷