"সন্ধ্যা নমা চহৰখন" (ණ চাও ধ্ৰুৱজ্যোতি ফুকন)



চহৰখনলৈ সন্ধ্যা নামিছিল ৷ জ্বলি উঠা নীলা, হালধীয়া লাইবোৰৰ পোহৰে ফৰকাল আকাশৰ তৰাবোৰৰ সৈতে ফেৰ মাৰিছিল ৷ কোনে কিমান পোহৰ দিব পাৰে ! ক্ৰমান্বয়ে বঢ়া এন্ধাৰৰ সৈতে মহানগৰীৰ মানুহৰ মনৰ অন্ধকাৰবোৰ জাগি উঠিছিল ৷ সময়ৰ দৌৰ প্ৰতিযোগিতা ৷ চহৰখনৰ পুৰণা গেৰেজটো সন্ধ্যাৰ আগমনত এন্ধাৰে আগুৰি লব খুজিছিল ৷ গেৰেজৰ কংক্ৰীটৰ দেৱালবোৰে তেতিয়া মুক্তি বিছাৰে ৷ এন্ধাৰ পোহৰৰ খেলাত অভ্যস্ত উৱঁলিব ধৰা গেৰেজ ৷ ওহোঁ, চিগাৰেটৰ ধোঁৱাৰ সৈতে বাবুলদা অভ্যস্ত হলেও তেওঁৰ হাত দুখনে বিছাৰে পশুত্বৰ পৰশ ৷ এটা প্ৰচণ্ড ঘোঁচাৰে নিজকে মানুহৰ পৰা পশুলৈ ৰূপান্তৰ কৰিবলৈ বেছি সময় নললে তেওঁ৷ ঘোঁচাৰ পাছত ঘোঁচা ৷ এন্ধাৰ আৰু পোহৰৰ খেলখন থমকাই গেৰেজৰ দেৱালবোৰ কঁপাকৈ এটি আৰ্তনাদৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা গ'ল ৷ গেৰেজৰ মজিয়াত বাগৰি পৰিল এটা ছায়ামূৰ্তি ৷ মুখ ফাটি বৈ অহা তেজবোৰ মজিয়াৰ তেল দোঁ খাই থকা হেলনীয়াবোৰলৈ নিগৰিছিল ৷ আকৌ যেন আৰম্ভ হৈছিল এন্ধাৰ আৰু পোহৰৰ খেলা ৷ আৰ্তনাদৰ সলনি তেতিয়া ম়দু গেঙনী এটা কোঠাটোৰ অত ত'ত সিচঁৰতি হৈ আছিল ৷ আধুনীকতাই নিচিনে মানৱীয়তা, নুবুজে দুখ যন্ত্ৰণা ৷ আধুনীকতা মহানগৰৰ অন্য এক অংগ ৷
বাবুলদা ! নামি-দামি ঠিকাদাৰ, সৰু সুৰা আমোলা বিষয়াৰ মুখে মুখে এটা প্ৰচলিত নাম ৷ বাবুলদা ওৰফে বৈকুণ্ঠ মহন্ত, মুখত চুটি চুটি ঘন গোঁফ আৰু চিগাৰেটে পোৰা ওঁঠত আকৰ্ষিত মৃদু হাঁহি ৷ বীৰত্ব প্ৰকাশক বলিষ্ঠ বাহু আৰু পৰ্যাপ্ত দৈৰ্ঘ্য ৷ প্ৰিয় সাজ পাঞ্জাৱী কুৰ্তা আৰু পায়জামাৰ সৈতে গলগলীয়া কণ্ঠস্বৰ ৷ কঠোৰ হৃদয়, সেয়েহে চাগে চানগ্লাছ এখনে মায়া সনা চকুযুৰি ঢাকি ৰাখে ৷ তথাপিতো তেওঁৰ আকৰ্ষিত হাঁহিটোত প্ৰায়েই ভোল যায় ৷ অকলশৰীয়া পৃথিৱীত তেৱেঁই ৰজা তেৱেঁই প্ৰজা ৷ গতিকে নিজৰ মালিক নিজেই ৷ সময়ক তেওঁ নিজৰ হাতত থকা বুলি ভাৱে ৷ কিন্তু সময়ে তোষামোদ কৰে বাবুলদাক লৈ ৷ সময়ে জানে তেওঁৰ শেষ ক'ত ৷ সময় মহানগৰৰ শত্ৰু ৷
ছায়ামূৰ্তিৰ গেঙনীবোৰ তেতিয়া নোহোৱা হৈছিল ৷ জ্বলন্ত ক্ষোভবোৰ নুমুৱাই তেওঁ স্বস্তিৰ নিশ্বাস এৰিলে ৷ একান্ত নিৰৱতাই গেৰেজটোক গ্ৰাস কৰিছিল ৷ বাহিৰৰ পৰা সোমাই অহা মৃদু বতাহ এচাতিয়ে বাবুলদাৰ ঢৌ তোলা চুলিবোৰ উৰুৱাই যায়হি ৷ সুযোগতে দেৱালৰ পুৰণি কেলেন্দাৰ কেইখনে গজালটোৰ পৰা মুক্ত হ'ব খোজে, কিন্তু হ'ব নোৱাৰে ৷ মাহ, দিন, বছৰ কেইটা যেন আজিও সংৰক্ষিত কৰি থৈছে বাবুলদাই ৷ কেলেন্দাৰৰ ওপৰত কেলেন্দাৰ ৷ সেই তেতিয়া কোনখন কেলেন্দাৰখনত কিমান চন আছিল বাৰু? ২০১০..... নহয়, ২০১১ চাগে ! আৰু মাহটো ? সেই দিনটো? নাই মনত নপৰে ৷ মাথো মনলৈ আহে এটি অবয়ৱ আৰু কিছু কথা বাৰ্তা ৷ হয়তো নাৰীৰ ! ঠিক এনে এজাক বতাহে ঢৌ তোলা চুলিখিনিত লিহিৰি হাতৰ বুলনি ৷ এক মধুৰ স্পৰ্শ ৷ আৰু হৃদয়ৰ কোনোবা এখিনিত আজিও গুণগুণাই থকা সেই কন্ঠ ৷ যাৰ কণ্ঠই বাবুলদাৰ চকুৰ ভাষা পঢ়িছিল ৷ আহঃ বৰ যন্ত্ৰণা ৷ গেৰেজৰ নিৰৱতাই বাবুলদাৰ ভাৱনাত আবেগ ঢালিব লোৱাৰ উমান পাই বিদেশী সুৰাৰ বটলটো উলিয়াই ললে ৷ সুৰা মহানগৰীৰ সম্বন্ধীয় ৷
টাটা ইণ্ডি'গ ৷ বীথিকাৰ বাৰ্থডেত লোৱা ৷ গাড়ী, ৰঙ দুয়োটাই তাইৰ পচন্দৰ ৷ চৰকাৰী দপ্তৰৰ পত্নী বা বীথিকাৰ মাকৰ হে অপচন্দ আছিল বাবুলদা ৷ ডেকা কালৰ বাবুলদা ৷ তেতিয়াৰ বৈকুন্ঠ মহন্ত চহৰৰ খ্যাতনামা খেলুৱৈ আছিল ৷ নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় এটা নাম ৷ বহুসংখ্যক যুৱতীৰ হৃদয় গ'লাব পৰা যুৱকজনৰ প্ৰেমত পৰিছিল বীথিকা বৰুৱা ৷ মহানাগৰিক প্ৰেম ৷ প্ৰেমৰ সমান যে শক্তিশালী আন একো হ'ব নোৱাৰে, কথাটো তাই প্ৰমাণ কৰিব পাৰিছিল ৷ মাকৰ অপচন্দক নেওচি বিনাদিদ্ধাই বাবুলদালৈ আহি দিছিল ৷ এনেদৰেই বাবুলদাই নজনাকৈ চহৰখন তেওঁৰ শত্ৰু হৈ পৰিছিল ৷ শত্ৰুক বাবুলদাই এৰি নিদিয়ে..... নিদিয়ে.... ৷ হাইৱেৰ পৰা ফালৰি কটা পথটোলৈ বাবুলদাই ষ্টেয়াৰিঙ ঘূৰালে ৷ আনদিনাৰ দৰে চহৰখনলৈ তেতিয়া সন্ধ্যা নামিছিল ৷ সন্ধ্যা নামিছিল পুৰনা গেৰেজটোতো ৷ ৰঙ বিৰঙৰ লাইটবোৰ জ্বলি উঠিছিল ৷ লাইটবোৰৰ লগতে ববুলদাৰ বিষাদবোৰো যেন উত্তপ্ত হৈছিল ৷ বিষাদ মহানগৰৰ মায়া ৷
নীলা ৰঙৰ পাঞ্চিঙ বেগটো তেতিয়া এন্ধাৰক আৱৰি ছায়বৃত্তৰ ৰূপ লৈছিল ৷ আগদিনা ছিগি পৰা ঠাইতে বেগটোৱে একান্তভাৱে জড়তাৰ সোৱাদ লোৱাত ব্যস্ত ৷ ধাতবীয় সুৰ তুলি শিকলিডালে মাজে মাজে মৃদু হেন্দোলনি তোলে ৷ বাবুলদাই পাঞ্চিঙ বেগটো শিকলিডালত বান্ধি গ্লোভচযোৰ পিন্ধি ললে ৷ চহৰখনৰ লগতে নিজকে সলনি কৰাৰ সময় ৷ সুপ্ত অমানৱবীয় সত্তাই প্ৰাণ পোৱাৰ সময় ৷ হুমুনিয়াহ এটা এৰি প্ৰচণ্ড জোৰেৰে পাঞ্চ এটা এৰিলে ৷ দানৱীয় কোলাহলেৰে গেৰেজটো ভৰি পৰিল ৷ বাবুলদাই ইটোৰ পাছত সিটো পাঞ্চ এৰিলে ৷ প্ৰতিটো পাঞ্চেই আঘাট কৰিছিল তাহানিৰ সেই চৰকাৰী গুণ্ডাৰবোৰৰ মুখ, বুকু ৷ আৰ্তনাদ কৰিছিল... বাগৰি পৰিছিল প্ৰতিশোধৰ আক্ৰমণত ৷ শিকলিডাল ছিঙি বেগটো বাগৰি পৰে, বাবুলদাই লেবেজান হৈ পৰা ছায়মূৰ্তিটোক আকৌ তুলি ঘোঁচিয়াবলৈ লয় ৷ ঘোঁচাৰ পাছত ঘোঁচা ৷ পাঞ্চৰ পাছত পাঞ্চ ৷ বেগটো আকৌ ছিঙি পৰে ৷ বাবুলদা ভাগৰে ৷ উত্তপ্ত বিষাদবোৰ চেঁচা হয় ৷ আৰু এইদৰেই বাবুলদাই প্ৰতি দিনাই প্ৰতিশোধৰ ক্ষোভ উজাৰে ৷ ক্ৰমশঃ.... সুৰাৰ সতে এন্ধাৰবোৰ উজ্বলাই ৰঙীন কৰিবলৈ আগবাঢ়ে বাবুলদা ৷ বাবুলদা, চহৰখনৰ এটা অংগ ৷