আহ্বান (ණ চাও শৰৎ গগৈ)

কুম তাই কুম জানচাই হুং চিট লাম লাম
জাচিংফা মে ডাম মে ফী ॥
এই অষ্টদেৱতাৰ নামতে বছৰেকৰ মূৰতে 
সকলো আহোম লগলাগি
খেক্ ফি হেউ ছ্যু আঠ খন পাং পাতি
প্ৰজ্বলন কৰি ধৰ্মত চাকি ॥
অষ্ট দেৱৰ স্মৰণত অতীততে আহোমে
পুতীলে আঠোটি খুটি ।
ৰৗন চাও ছেং সাজিলে হলুংঘৰ সাজিলে
পাতিলৈ ধৰ্মৰ খুটি ।।
আহোমৰ এনে কাৰ্য দেখি গোসাই সকলে
পাতিলে মায়াৰে মেলা ॥
শৰণ ভজন লোৱালে ভকত বৈষ্ণৱ সজালে
অখাদ্যৰ পাতিলে খেলা ॥
শাল শিঙি এৰোৱালে কুচিয়া কেকুঁৰা এৰুৱালে
এৰুৱালে আহোমৰ ৰস ॥
তেজস্বী আহোমক হতশ্ৰী কৰিলে
কৰোৱালে গোসাইৰ বস ॥
অতীততে আহোমৰ নীতি নিয়ম আছিল
মৃত্যু হলে মৈ ডাম স্মৃতি ৰাখে
বৈষ্ণৱত শৰণ লৈ সেই প্ৰথা এৰিলে
জুইত পুৰি স্মৃতি নাশে ॥
বৈষ্ণৱ সৱে চিন্তিলে মৈ ডাম প্ৰথা থাকিলে
স্মৃতি স্মৰণীয় হৈ ৰব
যদিহে পৰা যায় এনে প্ৰথা এৰাব
আহোম চিন নাইকীয়া হব ॥
অজলা আহোমে তাতে হয়ভৰ দিলে
প্ৰভু গুৰুৰ উপদেশ বুলি
নিজৰ ধৰ্ম নীতি জুইত পুৰি পেলালে
বৈষ্ণৱক ললে মূৰত তুলি ॥
জন্মৰ পাঁচ দিনতে মূৰৰ চুলি খুৰুৱালে
গোৱৰ মাটি থোৱালে সানি ॥
টপা মূৰ উলিয়াই সূৰ্য্য দৰ্শন কৰোৱালে
মগজুৰ কৰোৱালে হানি ॥
অকৰা আহোমক ফকৰা যাচিলে
তাকে পাই আহোমৰ গৰ্ব ॥
ছশ বছৰ ৰাজত্বৰ মান হেৰুৱালে
নিজৰ ধৰ্ম কৰিলে খৰ্ব ॥
ৰাজত্বৰ কথালৈ মনত পৰি আহোমৰ
তেজ পিৰ পিৰাই উঠিল
সেয়ে আজি আহোমে ভাষা ধৰ্ম উদ্ধাৰত
সজাগ হৈ জপিয়াই পৰিল ॥
আহোমত জন্ম লৈ কীৰ্ত্তন ঘোষা নাম লৈ
বংশৰ হেৰুৱাইছো মান
ফু ৰা তা ৰা আলংত সৃষ্টি কৰ্তাৰ চৰণত
পূজিলেহে থাকিব প্ৰাণ ॥
আহা বংশধৰ আহোম জীয়াই ৰাখো
ডাম ফী মে ডাম মে ফী পাতি
মঙহে যদি চিনে নিজ মঙহৰ তেজ
উদ্ধাৰ হব আহোম জাতি ॥