তাই আহোম হিচাপে কৰণীয় (ණ চাও জাইচেঙ কু কৈ ,সৰুপথাৰ)

পৃথিৱীৰ সৰ্ববৃহৎ মানৱজাতিটোৱে হ'ল তাই জাতি ৷ এক সূৰ্দীঘ পৰিক্ৰমাৰ মাজেৰে আহি চাওলুঙ চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত উত্তৰ-পূৰ্বাঞ্চলত তাই জাতিৰ ভেঁটি স্থাপন কৰিছিল ৷ সমাজ পৰিবৰ্তনশীল ৷ ক্ৰমান্বয়ে তাই - আহোম সমাজখনৰ পৰাও কিছুমান পৰম্পৰা হেৰুওৱাৰ উপক্ৰম হৈছে ৷ জাতিটোৰ এনে সন্ধিক্ষণত আমাৰ কৰণীয় বহুত আছে ৷ তলত সেইবোৰ আলোচনা কৰা হ'ল ৷
১ ৷ প্ৰথমেই আমি ফুৰালুঙৰ নীতি নিয়ম সমূহ শিকি বুজি মলুঙ, দেওধাই আদিৰ সহায় লৈ পুস্তিকা আকাৰত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব লাগে ৷
২৷ মানুহ মৰিলে দাহ কৰাৰ পৰিবৰ্তে মৈদাম দিব লাগে ৷
৩৷ বিবাহ পদ্ধতি চ ক্লং পদ্ধতিৰে কৰিব লাগে ৷
৪৷ তাই ভাষাৰ পাঠদান আৰু প্ৰশিক্ষণৰ জৰিয়তে ভাষাটিৰ প্ৰচাৰ কৰিব লাগে ৷
৫৷ ল'ৰা-ছোৱালীৰ বুদ্ধি শিক্ষাৰ বিকাশ আৰু উন্নতিৰ বাবে জাচিংফা পূজা সমাপন কৰিব লাগে ৷
৬৷ জাচিংফাৰ দৰেই চাকৰি , ৰাজনীতি আদিত সফলতা পাবলৈ লাও খ্ৰীৰ পূজা, দেশৰ উন্নতিৰ বাবে চাই ফ্ৰাৰ , জাতিৰ উন্নতিৰ বাবে ওম ফা পূজা, আৰু ফী সকলৰ সন্তুষ্টিৰ মে দাম মে ফি ৰাজহুৱাকৈ বিধি অনুসাৰে পালন কৰক ৷
৭৷প্ৰত্যেক তাই আহোমৰ ঘৰত সৰুকৈ ছেং ৰুঙ সাজি নিতৌ পুৱা গধূলী ফুৰাৰ বন্দনা আই চিং লাওটো গাবলৈ শিকক ৷
৮৷ তাই ভাষা শিকি পুৰণি সাঁচি পাতৰ পুথি তথা বুৰঞ্জী সমূহ অধ্যয়ন কৰি জাতিৰ বাবে ওলাই আহক ৷
৯৷ প্ৰতিবছৰে আন্তৰ্জাতিক পৰ্য্যায়ত তাই পি নঙ মউ অৰ্থাত তাই যুৱ মহোৎসৱ উদযাপন কৰাৰ ব্যৱস্থা কৰিব লাগে ৷
১৹ ৷ এটা প্ৰৱিত্ৰ দিন ঠিক কৰি তাই সংস্কৃতি বিষয়ক অনুষ্ঠান আয়োজন কৰি তাই আহোম সকলক একত্ৰিত কৰাৰ আঁচনি লব লাগে ৷
১১৷ তাই আহোমৰ আমাৰ পূৰ্বজ চাও ফা সকলৰ কীৰ্তিৰাজিক লিপিবদ্ধ কৰি পুস্তিকা আকাৰত প্ৰকাশ কৰিব লাগে ৷
১২৷ তাই আহোমৰ সমৰকলাৰ কৌশল সমুহ শিকাৰ ওপৰতো গুৰুত্ব দিব লাগে ৷
১৩৷ তাই আহোমৰ লোকাচাৰ, লোকৰীতি সমুহৰ প্ৰকাশ কৰাটো গুৰুত্ব দিব লাগে ৷
এনেদৰে আগবাঢ়িলে আমি জাতিটোৰ কামত নিজক সৰ্মপিত কৰিব পাৰিম বুলি আশাবাদী ৷