* আহোমৰ লুক-লাও (ණ চাও শশাংক হাতীমূৰীয়া)

অসমৰ সৰ্ববৃহত জনগোষ্ঠী আহোমসকলৰ মুখ্যপানী লুক-
লাও। ইয়াক মূলত :    চাউলৰ পৰা বনৌষধীৰ যোগেদি প্ৰস্তত
কৰা হয়। ধৰ্মীয় পৰম্পৰাৰ লগতে খাদ্য তালিকাতো তথা
অতিথি শুশ্ৰুষাৰ এই পানীই বিশেষ স্থান লাভ কৰি
আহিছে। মৃতকৰ সকাম, বিহু , মে দাম মেফীত এই পানী
বিধ লাগিবই।
লাও পানীৰ বাবে প্ৰয়োজনয় প্ৰথম বস্ত হ'ল আৰৈ চাউল।
আৰৈ চাউলো আক মৰহা ধানৰ বা ভঁৰালৰ তল সৰা ধানৰ
'লে অধিক সোৱাদ হয়। বৰাধানৰ পৰা প্ৰস্তত কৰিবলৈ
'লে "চেৱা দিয়া ভাত" 'ব লাগে। বৰাধানৰ লাও পানী
অধিক চোকা হয়। লাহি চাউলৰ পৰা প্ৰস্তত কৰা লাও
মানুহে বেছিকৈ ব্যবহাৰ কৰে।লাও প্ৰস্তত কৰিবলৈ
লোৱা চাউলখিনি আমি খাবলৈ লোৱা ভাতৰ দৰে
ভালকৈ ধোৱা নহয়। চলা বা জৰাও নহয়, অলপ অলপ তুঁহ
থাকে।সিজাওঁতেও কিছু চাউলীয়াকৈ ভাতখিনি ৰন্ধা
হয়। তাৰ পাছত এখন ডলাত ভাতখিনি মেলি দিয়া হয়।
কিছু গৰম হয় থাকোতে পিঠা বা দৰব খিনি মিহোকৈ
ভাগি ভাতখিনিত ছটিয়াই দিব লাগে। দৰব সানি
ভালকৈ কলপাতেৰে ঢাকি থ'ব লাগে। এনেদৰে থওঁতে
যাতে নিমখ বা টেঙা তাত নেলাগে সেই কথা অতি মন
কৰিব লগিয়া। ঠাণ্ডাকালি দৰব সানি থোৱা ভাত পৰা
ৰস নিগৰিৱলৈ ৫,৬ দিন লাগে।গৰম দিনত ২,৩ দিন
ভিতৰতে ৰস নিগৰে।তাৰ পাছত ধোৱাঁচাঙত ধোৱাঁ
খোৱাই শুকাই থকা তেকেলিত ৰস নিগৰা ভাত খিনি
ভৰাই থই, কলপাতেৰে হোপা দি থ'ব লাগে। ৫,৬ দিন
পাছত কলহতো ঘামিবলৈ ধৰে। যিমান দিনলৈ থ'ব পাৰি,
সিমান ভাল। তেতিয়া ই বুঢ়া হয়। কলহৰ মুখে একতিয়াকৈ
যিখিনি ৰস বাহিৰ কৰা হয় তাক লুক-লাও বা ৰহী
বোলে। কেতিয়াবা ৰহী নাবাকি তাত পানী দি চেপা
হয় ইয়াক নাম-লাও বোলা হয়।
লাও পিঠা প্ৰস্তত কৰিবলৈ ১০১ বিধ মান বনৌষধি
দৰকাৰ।যদিও প্ৰায় ১০০ বিধ মান বনৌষধি কৰিছিল বুলি
জনা যায়, তথাপি কিন্ত অমিলভাৱে দৰবৰ ব্যবহাৰ
কৰিছিল।তাৰে অতি প্ৰয়োজনীয় বনৌষধি হ'= তেজমুই,
বনজালুক, পাতি হোতা, বিয়নি সাবোতা। বৰমানিমুনি,
সৰুমানিমুনি, গপছৈ, কপৌ ঢেঁকিয়া, এচাৰি লতা, বাত
ডোলা মালি, কঠাল পাত, গছ মাহদী, লতা মাহদী,
পাজিঁ শিপা, পানচৈ, কাঁচি দৈয়া, মাক পোৱালি,
দোৰোন বন, হোৰা পাত, বৰসুমথুৰি, বন আমলখি, ধপাত
তিতা পাত, মধুৰি পাত, ইত্যাদি।
বনৌষধ হাবিৰ পৰা আনি ৰ'দত শুকুৱাই ঢেঁকিত গুৰি কৰা
হয়। আৰৈ চাউল পিঠা খুন্দি তাত বনৌষধ সানি দিয়া
হয়। লাঠু কৰি ধান খেৰত মেলি তাৰ ওপৰত বিহলঙনি দি
ঢাকি থোৱা হয়। লাঠু বিলাক ঘামিবলৈ ধৰিলে
চালনিত তুলি পাকঘৰৰ জুহালৰ ওপৰত ধোঁৱা খাবলৈ
দিয়া হয়।
এনে এক ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তত কৰা এই
পৰম্পৰাগত পানীয় লাও পানী শৰীৰ বাবে অপকাৰ নহয়
বৰং উপকাৰীহে, কিন্ত তাৰ পৰিমান বেছি হোৱা উচিত
নহয়।