এদিন আপুনিও মোৰ বাবে অচিনাকি হ'ব (ණ নাং.নিভা গগৈ)

চিনাকি দেশত হাজাৰ জনতাৰ মই এটি অচিনাকি নাম ,
অচিনাকি মোৰ ৰাংঢালী পৰিচয় ,
ঘাত প্ৰতিঘাতত অচিনাকি নামবোৰ চিনাকি হওঁ ,
হৃদয়ে হৃদয়ে পৰিচয় লওঁ ,
আপোন পৰ বাচি লওঁ অন্তৰত ,.
চিনাকিবোৰে ব্যস্ততাৰ নাটক কৰি আঁতৰি ফুৰে
অচিনাকি বোৰে চিনাকিৰ সুৰ দি মাতে ,
ঘূৰি থাকে ,ঘূৰি থাকে ঘূর্ণীয়মান বতাহৰ দৰে মোৰ অতীত আৰু বর্তমানক লৈ ,
মোৰ দুর্ব্বলতাৰ শিপাবোৰ উঘালে ,
শিপাবোৰ বিচাৰি পালেই কাটিব বিচাৰে ,মোৰ চিনাকি অচিনাকি নামবোৰৰ আগত ..,
মোৰ ৰাংঢালী মনটো শগুনৰ দৰে কুটি কুটি খায়
নেফানেফ্ কৰে অনুভৱৰ বৰঘৰ ,
পিটপিটাই ফুৰে মোৰ নামত লগা দাগবোৰত ,
পৰিচয়বোৰ ঠিকনাবিহীন এখন জীৱনীৰ পাঠ হৈ ৰয় ,
মোৰ জীৱনৰ পৃষ্ঠাত আপোনাৰ নামটোও চিনাকিৰ তালিকাত লিখিম
আপুনিও পৰিচয় হ'ব ,
চিনাকি মাত এষাৰ দি শিপা বিচাৰিব
শিপাবোৰ কাটি চিনাকিৰ তালিকাৰ পৰা নিজৰ নামটো মচি দিব ..
আপুনিও এদিন মোৰ অচিনাকি হ'ব ...