জাননী ( চাও নগেন হাজৰিকা, মূখ্য সম্পাদক, খ্বন মৌঙ)


                                                           An APPEAL
                                                           __________


Ru-Lai.

Dear Honourable Members of the Editorial Board, KHON-MUONG: http//www.taiahom.in

Dear friends,
KHRUP-TANG. So far so good. KHONG-MUONG has become successful in acquiring momentum in the field of popularity, the number of readers crossing 5000. The e-magazine must be better in future to be on the top of all. Chom-lung. Kao heu KHOM NGAI DI.
Herein I on behalf of all the Chang-mou (the new batch) for contributing in different ways in successful publication of KHON-MUONG. This is a social media magazine the motto being Tai Ahom REVIVAL. The writings made for publication in it should be pointed towards that only. No matter these be controversial but should not be such that these in no way attack persons in her/his private life. Attacking others in person is a bad precedence and bad ethic.

An appeal to the valuable readers too. Criticism is necessary, nobody is above it and not even PHU-RA. In criticising writings published inKHONG-MUONG, or on the comments made on the writings one should maintain the maximum of the moral code of conduct. This is necessary for all for the good of the society.
Hope this will make all criticisms appreciable and welcome.


RONG-BOI BOI.
Chow Nagen Hazarika: chownagenhazarika@rediffmail.com. OLA- 91-943-530-7647 
সম্পূৰ্ণকৈ পঢ়ক »

চকৰী ফেঁটী বুৰঞ্জী ৷৷ পঞ্চম তাঙৰণ ৷৷

খক্- খাম
এই পুথিখন হ'ল, অপ্ৰিয় সত্য লিখি প্ৰকাশ কৰাৰ এক বিনম্ৰ প্ৰয়াস ৷ সত্য সদায় জয় ৷ সত্যক সাময়িক ভাৱে মেঘে সূৰ্য্যক ঢাকি ৰখাৰ দৰে কোনোবাই ঢাকি ৰাখিব পাৰে, কিন্তু সূৰ্যৰ পোহৰক কোনে ঢাকি ৰাখিব? আহোমক ইমানদিনে অন্য কেইটামান সম্প্ৰদায়ৰ মানুহে কটু সমালোচনা কৰি আহিছে, গালি পাৰিছে, ইতিকিং কৰিছে, কিন্তু এজনো আহোম পণ্ডিতে তাৰ উত্তৰ দিয়া নাই ৷ কাৰণ তেওঁলোকক সাম্প্ৰদায়িক বুলি ভৱাৰ ভয় ৷ কিন্তু সেই ভয়ৰ জালখন ফালিছিৰি মই " ইটকা জৱাৱ পত্থৰ ছে " দিবলৈ আগবাঢ়িছো ৷ মই ভাৱিছোঁ, ভাল কাম কৰিছোঁ ৷ বহুতো তাই আহোমে মোক এইক্ষেত্ৰত সমৰ্থন জনাই আহিছে ৷ আশা ৰাখিছো, অসমীয়া আহোমবোৰেও মোক লগ দিব ৷দিয়া উচিত ৷ কাৰণ আহোমৰ অস্তিত্ব বচাই ৰখাটো প্ৰত্যেকজন আহোমৰে প্ৰৱিত্ৰ কৰ্তব্য ৷
কিছু সংযোজন বিযোজন কৰি চকৰী ফেটী বুৰঞ্জীৰ পঞ্চম সংস্কৰণটো পাঠক সমাজলৈ আগবঢ়োৱা হ'ল ৷
চাও নগেন হাজৰিকা ৷
বেদনাৰ বুৰঞ্জী
বেদনাৰ অমানিশা
শুনিছানে টেটুফলা
আহোমৰ বুকুভঙা মাত?
স্বদেশতে পৰ হোৱা
সৰ্বফালে দিশহাৰা
বুলিবলৈ নেদেখে যে বাট ৷
নিজৰ সৰ্বস্ব এৰি
ভাৰাক্ৰান্ত হ'লা তুমি
উদাৰতা কৰি প্ৰদশৰ্ন
ছিন্নমূল বটবৃক্ষ
মৃত্যুৰ আনিছে সাক্ষ্য
সজাগতাৰ হ'ল প্ৰয়োজন ৷
অতীজৰ ভাষা ধৰ্ম
যুগতাই নিজকৰ্ম
ভৱিষ্যত কৰা মহিয়ান
বুৰঞ্জীৰ জ্ঞানবাণী
শিৰোগত কৰি মানি
নিজকেই কৰা প্ৰতিষ্ঠান ৷
হৰিনাম ৰামনামে
তোমাক স্থাপন কৰে
সমাজৰ তল স্তৰত,
চাও নুৰু চাও কাও
জানিবা ধৰ্মৰ তাও
পৰিত্ৰাণ তাৰেহে মাজত ৷
( চিপ্ ৰাং মৰা বুৰঞ্জী )
চাও ফা ছু-খ্ৰাং-ফা স্বৰ্গদেৱে হিন্দুধৰ্মত দীক্ষা ল'বলৈ কৃষ্ণৰাম ভট্টাচাৰ্যক মতাই অনাত দেশত হঠাত অঘটন ঘটিল ৷ তিনিদিন জুৰি ভূমিকম্প হ'ল ৷ বতাহ, বৰষুণ, বিজুলী ঢেৰেকনীয়ে আকাশ কপাঁই তুলিলে আৰু ধাৰাসাৰ বৰষুণৰ ফলত ডাঙৰ বানপানী হ'ল ৷ মহন, দেওধাই আৰু বাইলুঙে বান-ছেং মাৰি ব্যক্ত কৰিলে যে নিজৰ কৌটিকলীয়া ধৰ্ম পৰিত্যাগ কৰি ম-ৰূ-ম-ছিং বংশধৰসকলৰ প্ৰতি অৱহেলা দেখুৱাই বিদেশী ধৰ্মৰ শৰণ ল'বলৈ মাতি অনাৰ বাবে চুম্ - ছেং বিতুষ্ট হৈ ৰাজ্যত অঘটন ঘটাইছে ৷ স্বৰ্গদেৱে অন্য পূজাৰীৰ প্ৰৰোচনামূলক মিঠা কথা শুনি আহোম পণ্ডিতৰ কথা দলিয়াই দিলে আৰু পূজাৰীজনত শৰণ ল'লে ৷ লগতে শিৱসিংহ, প্ৰমত্তসিংহ আৰু মোহন মালাকো উক্ত ধৰ্মত দীক্ষিত হ'বলৈ অনুমতি দিলে ৷
মৰ্মান্তিক আঘাত পোৱাত দেওধাই মুখত স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পালে—
' কি কাং কি হাং কি হা মু কা
তু কিং কিং ৰূ মান তা
ৰাং খান্ থং পিক্ জই হাং কা ৷ "
অৰ্থাৎ গড়মূৰৰ চকু দুটা কাউৰীয়ে খালে ৷ পাখি চিঙি সাগৰত পৰিল, লঠা মুৰা গাৰে সিনো কি কৰিব?
পৰবৰ্তী কালত এজন প্ৰখ্যাত বুৰঞ্জী বিদে ক'লে যে যি দিনাই স্বৰ্গদেৱে হিন্দুধৰ্ম গ্ৰহণ কৰিলে, সিদিনাৰ পৰাই আহোমৰ ধ্বংস আৰম্ভ হ'ল ৷
আহোমৰ ' লাই লিক্ ' নামৰ এখন বুৰঞ্জী আছে ৷ ছ্যু- খ্ৰং-ফা স্বৰ্গদেৱে বিদেশী গোসাঁইৰমন্ত্ৰ লৈ হিন্দু ধৰ্মত দীক্ষিত হ'লে দেশৰ ভৱিষ্যত অন্ধকাৰ হ'ব বুলি কৰা ভৱিষ্যত বাণীবোৰ এইখন বুৰঞ্জীত লিপিবদ্ধ কৰা আছে ৷ ভৱিষ্যত বাণীবোৰ এনেধৰণৰ—
" ৰংপুৰ নগৰখন চনপুৰ হ'বগৈ
দেৱালৰ খহিব মাটি
সুৱৰ্ণৰ কলচী সুলকি পৰিব
অজাতিয়ে ধৰিব চাটি ৷
শাল শিঙৰি কৰৈ গজিব
অপূৰ্ব ৰংপুৰ মাজ
গড়ৰ গড়খাৱৈ খহি পোত যাব
নীচে কাঢ়ি ল'ব ৰাজ ৷
ৰজাৰ কৰ বাঢ়িব গুৰুৰ কৰ বাঢ়িব
আহোমৰ দুৰ্দশা হ'ব
অপেশ্বৰী সকলক নিব খৰি ভাৰীয়ে
কুকুৰে পাহভাত খাব ৷
ৰজাই চেপিব গুৰুৱে চেপিব
ঘটিব দুৰ্দশা টান
ভাল ভাল আহোমৰ টিপনি লৰিব
হেৰাব সকলো মান ৷
এটা তাই ফকৰা আছে—
" খাম্ প নে ৱা
মা জু তাই লৌম্
হো কান্ মান্ ৷ "
অৰ্থাৎ পিতাইৰ কথা নুশুনা খালত পৰি মৰ ৷ ইয়াৰ লগত সংগতি থকা অন্য এটা ফকৰা আছে —
য়ক্ মা মা লে না
য়ক্ খা খা লু নাই ৷
অৰ্থাৎ চল পোৱা কুকুৰে গললৈ জপিয়াই ৷
যি বামুণৰ যোগেদি স্বৰ্গদেৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে, সেই বামুণৰ জাতত উঠা কালী মোহন ভট্টাচাৰ্যই লিখিলে যে মনোৰমা নামৰ নটী এজনী পৃথিৱীত পুনৰ জন্ম লৈ কং কতী নাম লৈ ধৃতৰাষ্টক পতি স্বৰুপে লাভ কৰিলে ৷ কুৰুক্ষেত্ৰ ৰণত কৌৰৱ নিধন হোৱাত কংকতী পলাই গৈ চন্দ্ৰচুড় পৰ্বতৰ ওচৰত থাকোতে ইন্দ্ৰৰ লগত হোৱা অবৈধ মিলনৰ ফলত অৰিন্দম নামৰ ম্লেছাছাৰ পৰায়ণ, ব্যাধবৃত্তি প্ৰিয়, ঘোৰতৰ সৰ্ব প্ৰাণী হিংসুক, কদাচাৰ পৰায়ণ আৰু সৰ্ব প্ৰকাৰ পাপাসক্ত পুত্ৰৰ জন্ম হ'ল ৷ এই অৰিন্দমৰ পৰিনাতিয়েই হ'ল আহোম ৷
হৰকান্ত বৰুৱা নামৰ অন্য একে লিখিলে— বশিষ্ঠৰ শাপত ইন্দ্ৰ দৈত্যকাৰ কলা আৰু বোবা মানুহ হ'ল ৷ তেনেতে এক দৈত্যৰ অন্তাজা স্ত্ৰীয়ে আপচুৰ ইন্দ্ৰৰ লগত সহবাস কৰাত ' থেন্ খাম " জন্ম হ'ল ৷ আহোমবোৰ খেন খামৰ বংশধৰ ৷
১৯৩৪ চনৰ ১০ নৱেম্বৰত খৰ্গেশ্বৰ শৰ্মা আৰু শিৱনাথ ভট্টাচাৰ্যই সম্পাদনা কৰা " ৰিপুঞ্জয় স্মৃতি " নামৰ কিতাপখন দিহিঙিয়া সত্ৰৰ সত্ৰাধিকাৰৰ পৃষ্ঠপোষকতাত প্ৰকাশ পালে ৷ আউনী আটী আৰু দক্ষিণপাট সত্ৰইও কিতাপখনক সৰ্মথন দিলে ৷ তাত লিখা আছিল যে আহোম বিলাক ম্লেছ, অন্তাজ, বৰ্ণসংকৰ, আৰু অন্যান্য অনাৰ্যৰ দৰে সিহঁতো অস্পৃশ্য ৷
এই জণ্ডিছ চকুৱামখাই অযথা কেংকেঙাই মিছাটোকে সঁচা আৰু সঁচাটোকে মিছা সাজি আহোমক হীন কৰি তুলিবলৈ সুবিধা পালে এইকাৰণেই যে স্বৰ্গদেউ সকলে বামুণৰ দীক্ষা লোৱাৰ কথা ভাৱিলে ৷ অন্যান্য আহোমেও বৈষ্ণৱ ধৰ্মৰ প্ৰতি দুৰ্বলতা নেদেখুৱা হ'লেও এনে হ'বলৈ নাপালেহেতেন ৷ অন্যহাতেদি অসমত বামুণৰ সৃষ্টি কৰিলে আহোমে ৷ ১৫৬২ চনত কোচ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰোতে আহোমে অবামুণ সৈন্যক লগুণ পিন্ধাই গৰুৰ পিঠিত তুলি যুদ্ধলৈ পঠালে ৷ যুদ্ধৰ পৰা ঘুৰি অহা পাছত সিহঁতক নিজৰ জাতিয়ে জাতত গ্ৰহণ নকৰিলে ৷ সেয়েহে সমাজে আজি খিকিন্দালি কৰি কয় যে নিজৰ জাত এৰিব লগাবোৰে লাজ ( শৰম) পোৱাৰ বাবে শৰ্মা বা শৰমা, গৰুৰ পিঠিত উঠি ' গো ' ( গো- গৰু)ৰ স্বামী হোৱাৰ বাবে গোস্বামী, ভাত আচাৰি মদ বনাই খোৱাৰ বাবে ভট্টাচাৰ্যি ( ভাত-আচাৰি) ইত্যাদি উপাধি গ্ৰহণ কৰিলে ৷ ধেমেলীয়া অৰ্থত হ'লেও এই প্ৰবচন অদ্যপি গোলাঘাট অঞ্চলত প্ৰচলিত হৈ আছে ৷
অসমৰ বাহিৰত ভাৰতবৰ্ষৰ অন্য ঠাইত শৰ্মা, গোস্বামী, ভট্টাচাৰ্য থকাৰ বাবে সেইকেইটা চৰম পোৱা, গৰুৰ পিঠিত উঠা আৰু মদ বনোৱাহঁতে স্থায়ী ভাৱে গ্ৰহণ কৰিলে ৷
আজিৰ পৰা বহু বছৰৰ পূৰ্বেই লিখা ' লিৎ লাই পেঞ্- কা-কা ' স্পষ্টভাৱে লিখা আছে যে জাদিপৰ পৰা লেং-দনৰ নাতি খুন্- লুং-খুন্ লাই নামি পৃথিৱীত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোকৰ বংশধৰ সকলেই আহোম ৷এইকথা ক'বলৈ আহোমৰ বুৰঞ্জীয়ে মাতে, কিন্তু বামুণৰ টিলিঙাই চাতুৰী কোবায়, কপালৰ পথালিফোটাবোৰে আওবাট দেখুৱাই ৷ স্বৰ্গদেৱ গদাধৰ সিংহই সেয়েহে কৈছিল — পথালি ফোটাক বিশ্বাস নকৰিবা ৷
এই সংক্ৰান্তত ' জাছিংফা ' পূজা বিধিত আছে—

লেংদন দেৱতাই
অত্যাচাৰ দেখা পাই
বিৰাজমান ধৰাৰ ওপৰে,
এজনো কুন তাই
পৃথিৱীত দেখা নাই
সেয়েহে অশান্তি বহে ৷

অভিজ্ঞ বংশোদ্ভৱ
হ'লেহে প্ৰশাসক
প্ৰজাক পালিব জানে
পৃথিৱীৰ ৰজাবোৰ
নহয় ৰাজবংশৰ
শাসনৰ বিষয়ে নাজানে ৷

সবলে দুৰ্বলক
দুৰ্বলে নিৰ্বলক
ভৰিৰে হেচুকি ধৰে
ডকা দি ফুচুলাই
মৃত্যুলৈ আগুৱাই
সম্পত্তি হস্তগত কৰে৷

ৰীতি নীতি নিয়ম
শান্তি শৃংখলা
নেদেখি একোকে ধৰাত
অশান্তি ব্যভিচাৰ
অনিয়ম দুৰাচাৰ
অন্ধকাৰ মানুহৰ মাজত

সেইভাৱি গুণি
সিদ্ধান্ত কৰিলে
দেৱ বংশী কোনোলোকক
ৰাজ্য স্থাপন কৰি
পৃথিৱীৰ ওপৰত
প্ৰশাসন কৰিব বেকত

দেৱৰজাৰ নাতি
খুন লুং খুন লাইক
পঠাব ৰজাৰ বেশত
শান্তি স্থাপন কৰি
প্ৰজাগণ পালিব
থাপি অনুশাসন দেশত ৷
সৰ্বানন্দ ৰাজকুমাৰ দেৱে লিখিছে— নিজৰ লক্ষ্য স্থিৰ ৰাখি সুকীয়া দেশ, সুকীয়া জাতি, সুকীয়া ভাষী, সুকীয়া সাহিত্য, সুকীয়া ধৰ্ম, সুকীয়া সংস্কৃতি, সুকীয়া বুৰঞ্জী আদি থকা জাতিৰ বুৰঞ্জীৰ তথ্যত এহাতে বংশৰ গৌৰৱ বঢ়াই, ৰজাসকলৰ চকুত চমক লগাই, আনহাতে মনিব নোৱাৰাকৈ কেৰোণ লগাই ব্ৰাহ্মণসকলে আহোমক তল পেলাই ৰাখিবলৈ কৰা অপচেষ্টাৰ মূলত হিন্দুৰ এই বিৱৰণী বিলাকৰ উৎপত্তি ৷
এইদৰে ম্লেচ, অন্ত্যজ, অস্পৃশ্য, কদাচাৰ পৰায়ণ আৰু পাপী হৈ ' হিন্দু ' বোলাই থাকি আহোমৰ কি লাভ? নিজৰ এক অত্যুত্তম ধৰ্ম থকা সত্বেও পৰৰ এটা ধৰ্ম মানি চলি পৰৰ ভৰি চেলেকি, আমি জীয়াই থাকো কিয় বাৰু? আহক, " ফু-ৰা-তা-ৰা-আ-লং " নাম লৈ আমি নিজকে প্ৰতিষ্ঠা কৰো ৷
(বৰফাঁট বুৰঞ্জী)
১৭২২ চনত আহোমৰ অস্তিত্বত বৰফাঁট মেলিলে ৷ আহোমৰ ৰাজত্ব নাশিবৰ উদেশ্যে বামুণ জ্যোতিষী আৰু পৰ্বতীয়া গোসাঁয়ে ষড়যন্ত্ৰ কৰি চাও ফা ছ্যু তন্ ফাক গোপনে মন্ত্ৰণা দি দি মস্তিষ্ক বিশুদ্ধিকৰণ কৰি বুজাই দিলে যে চাও ফা জনৰ ছত্ৰভংগ যোগ পৰিছে আৰু যিহেতু ভাৰ্যা স্বামীৰ অৰ্ধাংগিনী হয়, সেইকাৰণে বৰকুঁৱৰীক ৰাজছত্ৰ প্ৰদান কৰি ছত্ৰভংগ যোগৰ পৰা হাত সাৰিব লাগে ৷ চাও ফাই কালুগঞা ( চিনাতলীয়া) নটিৰ জী, পিতৃপৰিচয়হীনা ফুলেশ্বৰী নটিনীক বৰকুঁৱৰী পাতি সিংহাসনত বহুৱালে ৷ যিজনী নটীয়ে ঠায়ে ঠায়ে নাচোনৰ নামত দেহা বিক্ৰী কৰি কৰি জহৰা পোৱালি জন্ম দিয়ে, সেই নটীৰ জাৰজ কন্যা এজনী গাভৰু হৈ স্বৰ্গদেৱক আঁতৰাই নিজে বৰৰজা হ'ল আৰু স্বৰ্গৰ লেং দনবংশী ডা- ডাঙৰীয়া সকলক তাইৰ আগত আঠু কঢ়ালে আৰু ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম বুলি প্ৰচাৰ কৰি কাৰ্যকৰি কৰিবলৈ ল'লে ৷ আহোম ৰজাৰ নামত এইজনী নটীয়ে শিখণ্ডি হৈ বৈষ্ণৱসকলক ধৰিবান্ধি আনি শাক্ত ধৰ্মত জোৰ কৰি দীক্ষিত কৰিবলৈ চেষ্টা কৰিলে, যাতে আহোম ৰাজ্য প্ৰৱতৰ্নত বৰফাঁট মেলে ৷ আহোম ৰজাসকল ধৰ্ম নিৰপেক্ষ হোৱা হেতু তেনে ধৰ্ম পক্ষপাতিত্বমূলক কাম নকৰে আৰু কৰা নাছিল ৷
বুৰঞ্জীবিদ গেইটে লিখিছে যে তেতিয়াৰ পৰাই আহোম ৰাজ্যত হিন্দু ধৰ্ম প্ৰধান হ'ল আৰু আগৰ ধৰ্মবিশ্বাস আৰু ৰীতিনীতি মানি চলি থকাৰ আহোমসকলক পৃথক আৰু নীচ বুলি গণ্য কৰা হ'ল ৷ দেওধাই বাইলুং সকলে পাৰ্যমানে ইয়াৰ বিৰুদ্ধে যুঁজিছিল আৰু কিছুদিনৰ বাবে চোমদেউৰ পূজা আদি দুই চাৰি উৎসৱ মনাই চলাই কৃতকাৰ্য হৈছিল ৷ এই পৰিবৰ্তন ধ্বংসমূলক হ'ল ৷ হিন্দু ধৰ্মৰ বিভাগত নিম্নখাপৰ স্থান লৈ আহোমসকলে যে কেৱল জাতীয় গৌৰৱ আৰু যুজাৰু ভাৱকে হেৰুৱালে এনে নহয়, অলপীয়া শক্তি থকা খাদ্য খাই তেওঁলোকৰ দেহৰো বিশেষভাৱে অৱনতি ঘটালে ৷ বৰ্তমানৰ আহোম সকলক চাই কোনেও বিশ্বাস নকৰে যে সংখ্যাত তাকৰ হ'লেও এওঁলোকেই ক্ৰমাৎ গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য বিস্তাৰ কৰা আৰু মোগলবিলাক ক্ষমতাৰ শীৰ্ষ স্থানত থকাৰ সময়তো তেওঁলোকৰ লগত যুদ্ধ কৰা সেই আহোম সকলৰেই বংশধৰ ৷
পূৰ্ব বংগ আৰু অসমৰ ইম্পেৰিয়েল ৰাজপ্ৰত্ৰত আছে ( পৃষ্ঠা ৩৫) যে এই পৰিবৰ্তন ( ধৰ্ম ) টো ধ্বংসকাৰী আছিল ৷ ই আহোমৰ কোটি কলীয়া সামৰিক শক্তি আৰু জাতীয় গৌৰৱ হানি কৰিলে, তেওঁলোকৰ দেশপ্ৰেমৰ চেতনা ধৰ্মই নিশেষ কৰিলে, আভ্যন্তৰিণ ভুল বুজাবুজিৰ আৰম্ভ হ'ল, ইজনৰ ওপৰত সিজনৰ বিশ্বাস নোহোৱা হ'ল আৰু তেওঁলোকৰ শক্তি আৰু ক্ষমতা ততালিকে ক্ষয় পাবলৈ আৰম্ভ কৰিলে ৷
সৰ্বানন্দ ৰাজকুমাৰ দেৱৰ মতে দেউধাই, মোহন, বাইলুঙ, চিৰিং আৰু শান্তি ৰক্ষক চাওদাঙ সকলে হিন্দু ধৰ্ম গ্ৰহণ নকৰাত আহোম সমাজৰ পৰা প্ৰায় বাদ পৰিল ৷ হিন্দু হোৱা আহোমসকলৰ ধৰ্ম ভাতৰ চৰুত সোমাল ৷ আহোমে আহোমৰ লগত খোৱাবোৱা, বিয়াবাৰু, বহা মেলা কৰাত গুৰুঘৰৰ পৰা বাধা পৰিল ৷ সমাজৰ বান্ধোন শিথিল হ'ল, ভাগ ভাগ হোৱা আহোমৰ সমাজ নিশকতীয়া হ'ল ৷
ড° লীলা গগৈৰ মতে পৰ্বতীয়া গোসাঁইৰ হস্তক্ষেপৰ পিছত অসমৰ সামাজিক-সাংস্কৃতিক জীৱনলৈ পৰিবৰ্তন ভাঙোন আহিল ৷ প্ৰাচীন ৰীতিনীতিপুষ্ট, আহোমৰ ধৰ্ম অনাদৰ অৱহেলাত মৰহি যাবলৈ ধৰিলে ৷ দেওধাই, বাইলুঙসকল পকা হিন্দু আহোমে আওহেলাৰ দৃষ্টিৰে চাবলৈ ধৰিলে ৷ নিজৰ ভিতৰতে ফাঁট মেলিলে ৷ পৰ্বতীয়া গোসাঁই গুৰু হ'ল - অসমৰ ৰজা প্ৰজা উভয়ৰে ৷ কিন্তু অসমীয়া নহ'ল ৷ ৰজাঘৰৰ অনুগ্ৰহ লাভ কৰিলে সঁচা , কিন্তু ৰজাকেই সামাজিক ভাৱে অৱনমিত কৰি বেলপাতত মন্ত্ৰ দিলে ৷ কামৰূপৰ অৰ্দ্ধেক ভূমি, অজস্ৰ ধনসোণ লাভ কৰিলে সঁচা কিন্তু তাক নাও ভাৰা দি নদীয়াললৈ লৈ গ'ল ৷ পুত্ৰ-নাতি অনুক্ৰমে ৰজাঘৰত কূটনীতি আৰু ষড়যন্ত্ৰৰ বিহগুটি সিঁচি ঐক্য আৰু সংহতি বিনষ্ট কৰিলে ৷
খ্যাতনামা বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাদেৱে লিখিছে -- আহোমৰ হাতত যেতিয়া ৰাজকীয় ক্ষমতা আছিল, তেতিয়া ব্ৰাহ্মণত্তৰ জাতিক লগুণ পিন্ধাই বামুণ কৰিব পাৰিছিল, তেতিয়া নিশ্চয় সিবিলাকে সমাজতো সিবিলাকৰ নিমিত্তে উপযুক্ত ঠাই ঠিকনা কৰিব পাৰিলেহেতেন ৷ কিন্তু সিবিলাকে তালৈ মন নকৰিলে ৷ সিবিলাকে সপোনতো নাভাৱিছিল যে সিবিলাকৰ ভৱিষ্যত বংশধৰৰ এনে দিন আহিব, যেতিয়া সিবিলাকৰ পথাৰৰ পকা ধানেও বাট এৰি নিদিব ৷ আৰু সমাজত ঠাই বিচাৰি যাওতে গোসাঁই-বামুণৰ ওচৰত শৰণাপন্ন হ'ব লাগিব ৷ সিবিলাকে নিশ্চয় ভাৱিব নোৱাৰিছিল যে মিত্ৰদেৱৰ ফুল তোলা সামান্য ব্ৰাহ্মণ নিৰঞ্জন পাঠকক আউনী আটী নামে সত্ৰ পাতি দি তেওঁক তাতে অধিকাৰী পাতি অনেক শিষ্যবৰ্গ আৰু দেৱোত্তৰ -ব্ৰহ্মোত্তৰ আদি মাটি বৃত্তি দিয়াৰ পাছত যিবিলাকৰ বৃত্তি উপভোগ কৰি সেই সত্ৰৰ সত্ৰাধিকাৰ আজিকালি এজন ক্ষুদ্ৰ ৰজাৰ নিচিনাকৈ থাকিব পাৰিছে, সেই সত্ৰৰ সত্ৰাধিকাৰ এগৰাকীয়ে এদিন এনেকৈ কব পাৰিব যে পাটনাদৰ পানী আহোমে তুলি খালে তাৰ পৰা এশ কলহ পানী উঠাই দিলেহে ব্ৰাহ্মণাদি জাতিয়ে সেই নাদৰ পানী খাবলৈ ভাল হ'ব আৰু আহোমৰ হাত লাগিলে তেওঁলোকৰ কোমল চাউল অশুচি হ'ব ৷ তেওঁলোকে নিশ্চয় ভাৱিব পৰা নাছিল যে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছত গোসাঁই ব্ৰাহ্মণ সকলে সিবিলাকক এদিন অন্ত্যজ জাতিৰ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব আৰু সেই অন্ত্যজ জাতিৰ দান গ্ৰহণ কৰি গোসাই ব্ৰাহ্মণ সকলে কিন্তু ' পতিত ' নহৈ চিৰকাল শুদ্ধ হৈয়ে থাকি, মানুহক শৰণ, ভজন আৰু আৰ্শীবাদ কৰি নৰকৰ পৰা স্বৰ্গলৈ তুলিব পৰা, শক্তিমন্ত হৈ থাকিব পৰা বিধান পাবলৈ হিন্দু শাস্ত্ৰৰ ওচৰত সেই গোসাই ব্ৰাহ্মণ সকলক দাবী কৰিব ৷
ইয়াকে দেখি কোৱা -
চাও-ফু-ৰা চাও তা ৰা
ফু ৰা তা ৰা আ লং
ছি কি আ ৰা নি পান
বয় মউ
চাও কাও অ' ৷
চাও নু ৰু
চাও কাও অ '
চাও কাও অ'
চাও কাও অ '
********
ফেউৰাৰ বুৰঞ্জী
কিৰাত কছাৰী খাচী গাৰো মিৰি
য়ৱন কংক গোৱাল
অসম মুলুক ৰজক তুৰুক
কুৱাচ ম্লেচ চাণ্ডাল ৷
আনো পাপী নৰ কহিল শংকৰ
সাজি আহোনক পাপী
কি পাপ কৰিলা হেৰা আহোম তুমি
নিজৰ ধৰমত থাকি?
লেং দনৰ নাতি খুন লুং খুন লাই
ৰজা হ'ল মোগঙত নামি
তাহাৰ বংশৰ চাও লুং ছ্যু কা ফাই
শাসিলে সৌমাৰত আহি ৷
মিলাই সাতৰাজ কৰি একৰাজ
আহোমে গঢ়িলে অসম
সেহিখন দেশতে আহি শংকৰদেৱে
ধৰমৰ কৰিলে যতন ৷
একেটা শংকৰে ধৰমৰ নামতে
কহিলে আহোমক পাপী
আহোম ধৰম এৰি পৰৰ ধৰম লৈলা
সেয়েহে এনুৱা গতি ৷
ধৰম অনুভূতি পৰশ কাতৰ অতি
কৰে বহতীয়া সবক
ইটো জগাই ল'লে হেং দান নালাগে
ৰজা জিনিবলৈ ৰণত ৷
শংকৰৰ উৎপাত খাবলৈ ৰাজপাট
স্বৰ্গদেউক আতৰাই
নোৱাৰি হেং দান জুৰি লৈ হৰিনাম
প্ৰজাৰ মন ভোলাব খোজে ৷
সেয়েহে শংকৰে আৰম্ভ কৰিলে
হৰি নাম বিলাব ধৰি
মুখেৰে ৰাম নাম পেটে কপটালি
আহোমক নিশেষ কৰিম বুলি ৷
আহোমৰ সভ্যতা কৃষ্টি ৰীতিনীতি
সকলো ধাৰলৈ ললে
মিছাটো মাতি লৈ সকলো নিজৰ কৈ
প্ৰচাৰী সংসাৰক কলে ৷
তাৰ পদলেহন হস্তাংগে প্ৰণিপাত
কৰালে আহোমৰ দ্বাৰা
তথাপি স্বৰ্গদেউক কহি অত্যাচাৰী
ভাগি গ'ল অসমৰ পৰা ৷
বুজিও নুবুজা কিয় আহোম তুমি
ধূৰ্ত শিয়ালৰ কথা
ঈশ্বৰৰ নামতে 'হোৱা ' হোৱা কৰা
লগত হাত চাপৰি মাৰা ৷
কিমান নো নোলোৱা পৰৰ পদধূলি
ফেউৰাকে সেৱাটি কৰি
হিন্দুৰ তিয়াগি খ্ৰুপ তাং কৰাহি
মুখে ফু ৰাৰ নাম ডাকি ৷
**************
( আগলৈ)
সম্পূৰ্ণকৈ পঢ়ক »

চকৰীফেটীৰ আৰু এটা খোট ® টুনজ্যোতি গগৈ, দৈনিক ভূমিপুত্ৰ, ৭ ছেপ্তেম্বৰ ২৹৹২

নুমলী বৰগোহাঞিয়ে প্ৰথমবাৰৰ বাবে ' চকৰী ফেটী বুৰঞ্জী ' ৰচনা কৰি কীৰ্তি চন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালৰ স্বৰুপ উদঙাইছিল আৰু তেনেকুৱা খোঁট বৃহৎ অসমীয়া জাতিগোষ্ঠীৰ অন্যতম সম্প্ৰদায় তাই আহোমত্ব বা আহোমৰ অস্তিত্বৰ ওপৰত মাজে সময়ে পৰি আহিছে ৷ উনবিংশ শতিকাতো চাও নগেন হাজৰিকাই ৰচনা কৰিছে অন্য এখন চকৰী ফেটী বুৰঞ্জী ৷ স্মৰ্তব্য যে বুৰঞ্জী খন প্ৰকাশ পোৱাৰ লগে লগে এচাম অসমীয়াই আদৰি লৈছিল আৰু এচাম অসমীয়াই জলাই দিছিল ৷ বহুতে ৰচক হাজৰিকাক গুলীয়াই হত্যাৰ ভাৱুকিও দিছিল ৷ স্বাভাৱিকতে প্ৰশ্ন হয় কি আছিলনো সেই বুৰঞ্জীখনত?
সন্দেহ নাই, বৰ অসম আৰু অসমীয়াৰ জাতিৰ ভেটি গঢ়োতা তাই আহোম সকলে এই ভূ-খণ্ডত ছশবছৰ প্ৰৱল প্ৰতাপেৰে ৰাজত্ব চলাই আহিও এসময়ত ব্ৰাহ্মণ, কায়স্থ, কলিতা আদি বৰ্ণহিন্দু সকলৰ ষড়যন্ত্ৰৰ কবলত পৰি দিশহাৰা হ'বলগীয়া হৈছিল ৷ বৰ্ণহিন্দু সকলে এই কথাত সদায় সদায় হীনমন্যতাত ভুগিছিল যে সুদূৰ ব্ৰহ্মদেশৰ মাওলুঙৰ পৰা প্ৰবজিত হৈ অহা এটা জাতিয়ে অসমত ছশবছৰ এজন বুদ্ধিমত্তা, অপৰাজেয় সাহস আৰু দূৰদৰ্শিতাৰে ৰাজত্ব চলাই আছে বা উচ্চবৰ্ণৰ বুলি গৌৰৱত ওফন্দি থকা সকলকো তলতীয়া কৰি ৰাখিছে ৷ সেয়ে তাই আহোমৰ অস্তিত্ব বিনাশৰ বাবে, শাসক জাতিটোক পংগু কৰিবৰ বাবে বৰ্ণহিন্দু সকলে ধৰ্মক মূল অস্ত্ৰ হিচাপে লৈ আৰম্ভ কৰিছিল এটাৰ পাছত এটা নিকৃষ্ট ষড়যন্ত্ৰ ৷ 
অসমৰ অন্যান্য সম্প্ৰদায় সমুহৰ ভিতৰত তাই আহোম সকলেই আছিল সৱাটোকৈ উদাৰ আৰু গোড়ামি মুক্ত লোক আছিল ৷ চাওলুঙ ছ্যু কা ফাৰ দিনৰে পৰা তাই আহোমে জাতপাতৰ তুচ্ছ সীমাৰেখা মচি মৰাণ বৰাহী আদি সম্প্ৰদায়ৰ ছোৱালী বিবাহ কৰিছিল বা অসমৰ ভাষা, অসমৰ সংস্কৃতি আদিও প্ৰশাসনৰ সুবিধাৰ্থে গ্ৰহণ কৰিছিল ৷ কিন্তু, তাই আহোমৰ এই উদাৰতাক বৰ্ণহিন্দু সকলে জাতিগত দুৰ্বলতা বুলি ভাৱি, তৎকালীন ৰজাৰ মস্তিষ্ক বিশুদ্ধিকৰণ কৰি বুজাই দিলে যে তাই আহোমসকলৰ বাবে হিন্দু ধৰ্মহে উপযুক্ত ৷ এই ধৰ্মান্তকৰণে তাই আহোম জাতিটোক কেনেদৰে বিনাশৰ মুখলৈ ঠেলি পঠিয়ালে, সেই কথা আধুনিক বুৰঞ্জীবিদ সকলৰ বিভিন্ন মন্তব্যৰ পৰা উপলব্ধি কৰিব পাৰি ৷ বুৰঞ্জীবিদ গেইটে লিখিছে যে তেতিয়াৰ পৰাই হিন্দু ধৰ্ম বিশ্বাস ৰীতিনীতি মানি চলি থকা আহোমসকলক পৃথক আৰু নীচ বুলি গণ্য কৰা হ'ল ৷ দেওধাই আৰু বাইলুঙ সকলে পাৰ্যমানে ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু কিছুদিনৰ বাবে চোমদেউ পূজা আদি দুই উৎসৱ মনাই চলাবলৈ কৃতকাৰ্য হৈছিল ৷ হিন্দু নিম্নখাপত স্থান লৈ আহোম সকলে কেৱল জাতীয় গৌৰৱ হেৰুৱালে এনে নহয়, অলপীয়া শক্তি থকা খাদ্য খাই তেওঁলোকৰ দেহৰো বিশেষ ভাৱে অৱনতি ঘটালে ৷ 
খ্যাতনামা বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাদেৱে লিখিছে -- আহোমৰ হাতত যেতিয়া ৰাজকীয় ক্ষমতা আছিল, তেতিয়া ব্ৰাহ্মণত্তৰ জাতিক লগুণ পিন্ধাই বামুণ কৰিব পাৰিছিল, তেতিয়া নিশ্চয় সিবিলাকে সমাজতো সিবিলাকৰ নিমিত্তে উপযুক্ত ঠাই ঠিকনা কৰিব পাৰিলেহেতেন ৷ কিন্তু সিবিলাকে তালৈ মন নকৰিলে ৷ সিবিলাকে সপোনতো নাভাৱিছিল যে সিবিলাকৰ ভৱিষ্যত বংশধৰৰ এনে দিন আহিব, যেতিয়া সিবিলাকৰ পথাৰৰ পকা ধানেও বাট এৰি নিদিব ৷ আৰু সমাজত ঠাই বিচাৰি যাওতে গোসাঁই-বামুণৰ ওচৰত শৰণাপন্ন হ'ব লাগিব ৷ সিবিলাকে নিশ্চয় ভাৱিব নোৱাৰিছিল যে মিত্ৰদেৱৰ ফুল তোলা সামান্য ব্ৰাহ্মণ নিৰঞ্জন পাঠকক আউনী আটী নামে সত্ৰ পাতি দি তেওঁক তাতে অধিকাৰী পাতি অনেক শিষ্যবৰ্গ আৰু দেৱোত্তৰ -ব্ৰহ্মোত্তৰ আদি মাটি বৃত্তি দিয়াৰ পাছত যিবিলাকৰ বৃত্তি উপভোগ কৰি সেই সত্ৰৰ সত্ৰাধিকাৰ আজিকালি এজন ক্ষুদ্ৰ ৰজাৰ নিচিনাকৈ থাকিব পাৰিছে, সেই সত্ৰৰ সত্ৰাধিকাৰ এগৰাকীয়ে এদিন এনেকৈ কব পাৰিব যে পাটনাদৰ পানী আহোমে তুলি খালে তাৰ পৰা এশ কলহ পানী উঠাই দিলেহে ব্ৰাহ্মণাদি জাতিয়ে সেই নাদৰ পানী খাবলৈ ভাল হ'ব আৰু আহোমৰ হাত লাগিলে তেওঁলোকৰ কোমল চাউল অশুচি হ'ব ৷ তেওঁলোকে নিশ্চয় ভাৱিব পৰা নাছিল যে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছত গোসাঁই ব্ৰাহ্মণ সকলে সিবিলাকক এদিন অন্ত্যজ জাতিৰ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব আৰু সেই অন্ত্যজ জাতিৰ দান গ্ৰহণ কৰি গোসাই ব্ৰাহ্মণ সকলে কিন্তু ' পতিত ' নহৈ চিৰকাল শুদ্ধ হৈয়ে থাকি, মানুহক শৰণ, ভজন আৰু আৰ্শীবাদ কৰি নৰকৰ পৰা স্বৰ্গলৈ তুলিব পৰা, শক্তিমন্ত হৈ থাকিব পৰা বিধান পাবলৈ হিন্দু শাস্ত্ৰৰ ওচৰত সেই গোসাই ব্ৰাহ্মণ সকলক দাবী কৰিব ৷ 
হাজৰিকাৰ বুৰঞ্জীখনত তাই আহোমৰ বিৰুদ্ধে বৰ্ণহিন্দু সকলে কৰা নিকৃষ্ট ষড়যন্ত্ৰৰ বিৱৰণেই পুংখানুপুংখ ভাৱে বৰ্ণিত হৈছে ৷ কিন্তু সুবিধাবাদী আৰু আনৰ মুৰত কঠাল ভাঙি খাব খোজা বৰ্ণহিন্দুৰ সম্প্ৰদায়ৰেই দুৰ্ভাগ্য যে তাই আহোম সকলে তেওঁলোকৰ স্বৰুপ বৰ্তমান চিনি পালে আৰু আহোম ধৰ্ম পুনৰ আঁকোৱালি লৈছে ৷ উল্লেখযোগ্য যে তাই সভ্যতা আৰু তাই সংস্কৃতি ভাৰতৰ আৰ্য সভ্যতা আৰু সংস্কৃতিতকৈ বহু বেছিগুণে সমৃদ্ধ, গোড়ামিমুক্ত আৰু প্ৰাচীন ৷ এই কথা প্ৰমাণ কৰিবৰ বাবে থাইলেণ্ড, চীন আদি সুউন্নত দেশৰ তাই সভ্যতা সংস্কৃতিৰ প্ৰতি মন কৰিলেই হ'ল ৷ তাই আহোমক হিন্দু ধৰ্মৰ ' অন্ত্যজ ' শ্ৰেণীত থোৱাৰ স্পৰ্ধা আৰু চাতুৰীক যে সময়ে ক্ষমা নকৰে বা লেনিনে কোৱাৰ দৰে সকলো মানুহক যে সকলো সময়ৰ বাবে মূৰ্খ কৰি ৰাখিব নোৱাৰি তাৰ যথোচিত দৃষ্টান্ত হ'ল চাও নগেন হাজৰিকাৰ চকৰীফেটী বুৰঞ্জী ৷ 
হাজৰিকাৰ এই বুৰঞ্জীখনত কিছুমান বিস্ফোৰক তথ্যও লিপিবদ্ধ হৈছে ৷ শংকৰদেৱে লিখিছিল - " কিৰাত কছাৰী/ খাচী গাৰো মিৰি/ য়ৱন কংক গোৱাল / অসম ( আহোম) মুলূক / ৰজক তুৰুক/ কুৱাচ ম্লেচ চণ্ডাল / আনো পাপী নৰ ইত্যাদি " 
৷ যি শংকৰদেৱক আমি মহাপুৰুষ বুলি গণ্য কৰো, কথাই কথাই তেওঁৰ গুণ গৰিমা গাওঁ, সেই শংকৰদেৱে কিৰাত , কছাৰী, খাচী, গাৰো , আহোম সকলক পাপী বুলিহে ভাৱি ছিল ৷ জ্যাতিভিমানী তাই আহোম সকলৰ বাবে এইয়া অতি অপমান জনক বাবেই হাজৰিকাই শংকৰদেৱক ইতিকিং কৰিবলৈও কুণ্ঠাবোধ নকৰিলে -" মিলাই সাতৰাজ/ কৰি একৰাজ / আহোমে গঢ়িলে অসম / সেহিখন দেশতে / আহি শংকৰদেৱে ধৰমৰ কৰিলে যতন / একোটা শংকৰে / ধৰমৰ নামতে / কহিলে আহোমক পাপী / আহোম ধৰম এৰি / পৰৰ ধৰম লৈলা / সেয়েহে এনুৱা গতি ৷ " আকৌ লিখিছে " আহোমৰ সভ্যতা/ কৃষ্টি ৰীতি- নীতি/ সকলো ধাৰলৈ ললে / প্ৰচাৰি সংসাৰক কলে ৷" 
অসমীয়া সংস্কৃতিলৈ তাই আহোমৰ অৱদান সম্পৰ্কে হাজৰিকাৰ চিপখাম বুৰঞ্জীত বিস্তৃত্ব ভাৱে লিপিবদ্ধ কৰিছে ৷ বিহু, ফুলাম গামোছা, বুট, মগু, তামোল, পান, চেলেং, ৰিহা, দোলা আদি তাই আহোমৰ দান ৷ হাজৰিকাই শংকৰদেৱে সৃষ্টি কৰা সংস্কৃতিটো আহোমৰ সংস্কৃতি বুলি উনুকীয়াই কৈছে -- " শংকৰী ধৰ্মৰ ফলস্বৰুপে শংকৰী সকলে ৰাতি ৰাতি হৰিনাম গাবলৈ ধৰিলে ৷ টোপনি খতিয়ে তেখেতসকলক দিনত শুই থাকিবলৈ বিচনা পাৰি দিলে ৷ প্ৰত্যেক অসমীয়াই প্ৰত্যেক কামৰ বাবে নিজৰ বাহিৰে আনৰ ওপৰত নিৰ্ভৰ নকৰিছিল ৷ কিন্তু শংকৰদেৱৰ অৱদান এলাহে অসমীয়াক নিজৰ কাম কৰাৰ পৰা বিৰত ৰাখিলে ৷ শংকৰী সাহিত্য, ধৰ্মই সমাজত জাত পাতৰ সৃষ্টি কৰিলে ৷ জাতপাতৰ বিচাৰ নৰ'ল মাথো আহোমৰ মাজত ৷ সকলো জাতৰ লোক লগ লগাই এটা নতুন জাতি গঠনৰ উদ্যেশেৰে কামত আগবঢ়া চাওলুঙ ছ্যু কা ফা অসমীয়া জাতিৰ পিতা ৷
হাজৰিকাই লিখিছে - " শংকৰদেৱে জাত পাতৰ বিচাৰ কৰি বৰ্ণভেদৰ সৃষ্টি কৰিছিল আৰু কিছুমান জাতিক হীন চকুৰে চোৱা উপৰিও হেয় জ্ঞান কৰিছিল ৷ সেয়েহে তেওঁ উজনিৰ পৰা ভটিয়াই যাওঁতে কিছুদিনৰ বাবে কুমাৰকুচী নামৰ ঠাইতথাকিব লগা হৈছিল ৷ কিন্তু প্ৰতিৱেশী জন এজন চঁড়াল হোৱা বাবে থাকিবলৈ ঘিণ কৰি পাটবাউসী নামৰ ঠাই পাই ৷ "শংকৰদেৱে কিয় ৰাম ৰাম গুৰু, হৰি গামোদৰ, মাধৱ, মনোহৰ আচাৰ্য পাতিলে আৰু গাৰো গোবিন্দ , মিকিৰৰ হৰি, মিৰিৰ ৰাম, যৱনৰ হৰিদাস আদিক মাত্ৰ আতৈ পাতিলে? ই দেখ দেখ কৈ বৰ্ণবিভাজন আৰু কিছুমান ধৰ্মক হেয়জ্ঞান কৰাৰ জ্বলন্ত নিৰ্দশন ৷ "
কথাবোৰ অপ্ৰিয় হ'লেও অসত্য নহয় ৷ বুৰঞ্জীখনত শংকৰদেৱৰ বিৰুদ্ধে অনেক যুক্তিয়েই উপলব্ধ ৷ এনেকি শংকৰদেৱক অসমীয়া নহয় বুলিও কোৱাৰ তেওঁ প্ৰয়াস কৰিছে ৷ অৱশ্যে এই মতটো সৰ্মথন যোগ্য হ'ব নোৱাৰে ৷
বৰ্তমান শংকৰদেৱ মাধৱদেৱ সম্পৰ্কীয় সভাবোৰত শীৰ্ষস্থান লাভ কৰা বাক্যটো হ'ল " আহোমৰ অত্যাচাৰত শংকৰদেৱে অসম এৰি ভটীয়াই গ'ল " ৷ এই মন্তব্যটো যে সম্পূৰ্ণ অশুদ্ধ আৰু প্ৰৰোচনামূলক, সেই কথা হাজৰিকা দেৱে যুক্তি সহকাৰে দাঙি ধৰিছে ৷ 
ভাৱ প্ৰৱণতাই ধৰা দিলেও হাজৰিকাৰ কিছুমান মন্তব্য বিবেকৱান আহোমসকলৰ বাবে চকৰীফেটীৰ খোঁট সদৃশ - " আহোম জাতি যুজাৰু জাতি " ৷ হিন্দুত্বৰ ছাঁ পৰাৰ পাছত ভাৰতৰ পাৰস্পৰিক বৰ্ণবিভাজন মতে আহোমসকল হ'ব লাগিছিল ক্ষত্ৰিয় ৷ কিন্তু নহ'ল ৷ হ'ল শূদ্ৰ ৷ আহোম স্বৰ্গদেউসকল ধৰ্মনিৰপেক্ষ আছিল বাবেই যুদ্ধ বন্দী মোগল সৈন্যসকল অসমতে থাকি নিজৰ ধৰ্ম কায়েম ৰাখিব পাৰিছিল আৰু সেইবাবেই আজিও মুছলমান হৈয়ে আছে ৷ ইমানৰ পাছতো ধৰ্মনিৰপেক্ষ স্বৰ্গদেউসকলক অত্যাচাৰী নামাকৰণ কৰা হ'ল ৷ যি আহোমে পৃথিৱীৰ মাত্ৰ কেইটামান সুসভ্য জাতিৰ দৰে বহু আগৰে পৰা প্ৰণালীবদ্ধভাৱে বুৰঞ্জী লিখিব জানিছিল, সেই আহোম আজি হৈ পৰিল অসভ্য ৷ প্ৰৱল পৰাক্ৰমী মোগলক যি আহোমে ইমান পৰাজয় কৰিছিল, সেই আহোমে নিজৰ হেংদাং এৰি ৰাতি ৰাতি হাত চাপৰি বজাবলৈ বাধ্য হ'ল ৷ 
আহোমৰ স্বাধীনতা যোৱা ডেৰশ বছৰতকৈ মাত্ৰ কেইটামান বেছি দিন অতিবাহিত হোৱাৰ লগে লগে আজি ৰংঘৰত ফাট মেলিল, কাৰেংঘৰৰ মুধচ খাই গ'ল ৷ দৌল দলত বটগছে মেৰাই ধৰিলে ৷ আহোমৰ পুৰণি কীৰ্তি চিহ্নসমূহ ভাঙি চিঙি শেষ হ'লেই যেন আহোমৰ অস্তিত্ব শেষ হৈ যাব, তেনে মনোভাৱে বহুতৰ হৃদয়ত জহৰা গজিল ৷ জয়মতী নামৰ কোনো সতী নাৰী নাছিল, ই এটা কাল্পনিক ঘটনা বুলি অভিহিত কৰাৰ উদেশ্য টুলুঙা যুক্তি দাঙি ধৰা হ'ল ৷ আহোম ৰমণী বিশ্ব বীৰাংগনা মূলা গাভৰুৰ স্মৃতি আজি হেৰাই গ"ল ৷ গমধৰ কোঁৱৰক আজি সুঁৱৰিব লাগে বুলি নজনা হ'ল ৷ বিশ্ববিখ্যাত কৃষ্ণকান্ত সন্দিকৈ, যিজনৰ পাণ্ডিত্যৰ সোৱাদ ল'বলৈ অসমতহে নালাগে, সমগ্ৰ ভাৰতত উপযুক্ত লোক নাই, সেই পণ্ডিতজন হ'ব লাগিছিল অসমৰ " জাতীয় পণ্ডিত " কিন্তু নহ'ল ৷ হ'ল " পণ্ডিত প্ৰৱৰ " ৷ আহোম ৰাজত্ব পুনৰ ঘূৰি অহাৰ ভয়ত সুৰেন বুঢ়াগোহাঁইদেৱক সুপৰিকল্পিত ভাৱে ঠেলা দি দি বৰশীৰ টোপসহ অসমৰ ৰাজনীতিৰ পৰা বাহিৰ কৰি দিয়া হ'ল ৷ সুদীৰ্ঘ ৬০০ বছৰ কৃতিত্বৰে ৰাজত্বৰ অন্ত পৰা কেইদিনমানৰ পিছতে আহোমসকল হ'ল অন্যান্য পিছ পৰা জাতি আৰু শেষত বিদেশী ৷ 
হাজৰিকাৰ চকৰীফেটীৰ খোঁট কেৱল এটা বিশেষ প্ৰজাতিৰ ওপৰত পৰা নাই, পৰিছে সমগ্ৰ অসমীয়া জাতিৰ ওপৰত ৷ বুৰঞ্জীখনৰ পাতে পাতে হাজৰিকাদেৱৰ আৱেগপ্ৰৱণতা পৰিকল্পিত হ'লেও বক্তৱ্যসমূহ সত্যৰ ওপৰত প্ৰতিষ্ঠিত ৷ কেৱল হীনমন্যতাত ভুগিয়েই বৰ্ণহিন্দুসকলে তাই আহোমক হেয় প্ৰতিপন্ন কৰাৰ নিষ্ফল প্ৰচেষ্টা কোনো বিবেকবান আহোমে সহ্য কৰিব নোৱাৰে কেতিয়াও ৷
সম্পূৰ্ণকৈ পঢ়ক »

* আহোমৰ সংস্কৃতি আৰু পৰম্পৰা








সম্পূৰ্ণকৈ পঢ়ক »

* সম্পাদকীয় ණ.......চাও নগেন হাজৰিকা

মানৱ চিন্তনৰ পৰিসৰ দিনক দিনে বৃদ্ধি পাই অহাৰ লগে লগে বহুতো নতুন নতুন শব্দৰ প্ৰয়োজন হৈ পৰিছে ৷ পশ্চিমীয়া দেশত প্ৰাচীন গ্ৰীক আৰু ৰোমান ভাষাৰ শব্দৰ ওপৰত ভিত্তি কৰি নতুন নতুন শব্দ coin কৰি লোৱা হৈছে , আনকি মহাকাষৰ লগত জড়িত বিজ্ঞানটো ৷ তেনেকৈ হিন্দী ভাষাই সংস্কৃত শব্দৰ ওপৰত ভেজা মাৰি নতুন নতুন শব্দ coin কৰি গৈ আছে যাৰ ফলত এসময়ৰ " সাধাৰণ শ্ৰেণীৰ মানুহৰ ভাষা " অৰ্থাৎ হিন্দী ভাষাটো এতিয়া বহুত চহকী হৈ উঠিছে ৷সময়ৰ চাহিদাত যদি আমি কিছুমান নতুন শব্দ coin কৰিব লগা হয় তেন্তে The Ahom Lexicon খনত থকা শব্দবোৰৰ ভিতৰত পৰাই আনুসংগিক আৰু প্ৰয়োজনীয় একাধিক শব্দ লগলগাই কিছুমান শব্দ বা শব্দ পুঞ্জ coin কৰি লব পাৰো ৷ তেনে নকৰি যদি আমি অন্যান্য তাই জনগোষ্ঠীৰ পৰা শব্দ বা শব্দপুঞ্জ ধাৰ কৰি আনো তেন্তে তেন্তে তাই আহোম ভাষাৰ তেন্তে তাই আহোম ভাষাটিৰ নিজস্ব আৰু orginiality হেৰাই যাব উদাহৰণ স্বৰুপে Dictionary শব্দটো থাইলেণ্ডত " পৎনানুক্ৰম " আৰু " শব্দানুক্ৰম " কৰা হৈছে ৷ এই দুটা শব্দ সংস্কৃতৰ পৰা পালি ভাষালৈ যোৱাৰ পাছত taise কৰা হৈছে ৷ ঢৌতে খৰ মাৰি চৌ ( প্ৰফেচৰ) নোমল গগৈয়ে ১৯৮৮ চনত প্ৰকাশ কৰা Assamese -English-Tai-Dictionary খনক " আফি- থা-না " বুলি লিখিছে ৷ " আফি- থা-না " শব্দটোৰ অভিধান গত অৰ্থ হ'ল যহৰা গজন ৷ পালি আৰু অন্যান্য শব্দ আমদানি কৰোতে কৰোতে standard Thai Language টোত মাত্ৰ ৬৹ শতাংশ non tai word সোমাল, আৰু মাত্ৰ ৪৹ শতাংশহে তাই শব্দ অৱশিষ্ট ৷ সেইকেইটাকো কেতিয়াকৈ আতৰাই পেলোৱা হ'ব, সেই " কেতিয়া " টো আহিবলৈও বেছিদিন অপেক্ষা কৰিব লগা নহ'ব ৷ দুজনমান " পণ্ডিতে " তাই আহোমৰ ব্যাকৰণ লিখিছে কিন্তু " ব্যাকৰণ " শব্দটো তাই আহোম শব্দ মিহলি কৰি নতুন এটা Ahomised word তৈয়াৰ কৰি লব পৰা নাই ৷ এতিয়া অসমত বহুতেই বহু কেইখন "তাই অসমীয়া শব্দাৰ্থ " লিখিছে, কিন্তু লিখি থাকোতে তাই মাতৃভাষী সকলৰ ওচৰলৈ গৈ তেওঁলোকৰ শব্দবোৰ আহৰণ কৰি লয় ৷ ফলস্বৰুপে প্ৰাচীন তাই শব্দ , অৰ্থাৎ তাই আহোম শব্দবোৰ বাদ পৰি গৈছে ৷ সেয়েহে ভাৱো ডেকা আহোম কিছুমানে তাই ভাষা শিকিবৰ বাবে Tai speaking মানুহৰ গাঁৱলৈ গৈ শব্দ কিছুমান শিকে কিন্তু সেই শব্দবোৰ পালি নে অন্য ভাষাৰ পৰা অহা সেইকথা নাজানে ৷ তাই আহোম শব্দ কিমান শিকে সেইটো সন্দেহৰ অৱকাশ আছে ৷ তেওঁলোকলৈ মোৰ অনুৰোধ যেন Tai speaking মানুহৰ পৰা ভাষা শিকিবলৈ যোৱাৰ আগত The Ahom Lexicon ত থকা শব্দবোৰ জনা বা শব্দ ৰিজনিটো জানি লোৱাটো ভাল হ'ব ৷ বাক্য গঠন আদিৰ বাবে tai speaking মানুহৰ পৰা জ্ঞান আহৰণ কৰিব লাগিব, কিন্তু শব্দৰ ক্ষেত্ৰত সাৱধান হ'বই লাগিব ৷ 
এতিয়া মোৰ লিখাৰ উদ্যেশ্যটো হ'ল " আফি - থা-না " শব্দটো গ্ৰহণ নকৰি " তু- খম্ তাং চাম্ " ( তু খম্ - শব্দ, তাং- চাম্ - লগত অৰ্থ ) শব্দটো গ্ৰহণ কৰিলে আহোমত্ব থাকিব ৷ তেনে এটা উদেশ্য সন্মুখত ৰাখি নতুনকৈ coin কৰা কিছুমান শব্দপুঞ্জ মোৰ ' লিৎ- মুৎ আম্-ছু-ছিন্ ফু- ৰা-লুং ( ফুৰালুঙ ধৰ্মৰ হাতপুথি)" , অবৌৰঞ্জিক, নামৰ পুথি, "দয়- ছেং - দয়- খাম্ -2 ( ২৹৹৭ চনৰ মেদাম মে- ফীৰ স্মৰণিকা, বৃহত্তৰ নৰকাসুৰ পাহাৰ, গুৱাহাটী) নামৰ আলোচনীখনত প্ৰকাশ কৰিছিলো ৷ 
বহুতো ডক্টৰেট উপাধিধাৰী " পণ্ডিতে " নিজৰ ভিতৰ ফোপোলা খিনি ঢাকি ৰাখিবলৈ " হাম সব জানটা ' হৈ যোৱা দেখা যায় ৷ দেখাবোৰেও নিশ্চিন্তে ভাৱে - হয়দেই এইজন বৰ ডাঙৰ পণ্ডিত , scholar হয় ৷ তেওঁ মধ্য প্ৰদেশ ফালৰ এখন বিশ্ববিদ্যালয়ত পঢ়িছিল য'ত নপঢ়িলেও M.A ত second class পায়, নামমাত্ৰ অকণ পঢ়িলেই first class পায় ৷ তেওঁ পাছ কৰি আহি পিছ দুৱাৰেদি অসমৰ এখন বিশ্ববিদ্যালয়ত চাকৰিত সোমাই ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিলে ৷ কিছুক্ষেত্ৰত তেওঁ scholar হয় কিন্তু কেতিয়াও scholary হ'ব নোৱাৰিলে ৷ কলহপ্ৰিয় এইজন কিন্তু ভাল তাৰ্কিক আৰু নিজকে বহুত ওপৰত ৰাখিবলৈ চেষ্টা কৰে ৷ নিজে আহোম হোৱাৰ বাবে নিজৰ শৈক্ষিক বিষয়টিৰ উপৰিও তাই আহোমৰ সকলো ক্ষেত্ৰতে ওস্তাদি মাৰি ফুৰে আৰু কয় যে তেওঁ তাই ভাষাটো ভালকৈ জানে ৷ কিন্তু থাইলেণ্ডৰ মানুহ আহিলে তেওঁ তাই/ থাই ভাষাত কথা পাতিব নাজানে ৷ তেওঁ হেনো তাই ভাষাৰ এখন ব্যাকৰণো লিখিছে ৷
কিন্তু তাই ভাষাটো অলপ চলপহে জানে ৷ কিবা প্ৰবলেম হ'লে তাই ভাষী য়ে হম গোঁহাই ওচৰলৈ দৌৰ মাৰে ৷ সেয়েহে তেওঁক জনা আহোমবোৰে কয় --
" মৌল্লাৰ দৌৰ মছজিদলৈ, ড° ---—--- নৰ তাই ভাষাৰ দৌৰ য়ে হম গোঁহাঞিলৈ ৷
"
" we are waiting by the river 
we are watching by the shore.
Only waiting for the boatman
soon He'll come and row us o'er. "
এনে এক সংকট ভৰা মুহুৰ্ত্তত তাই আহোমক বচাবলৈ কোন আগবাঢ়ি আহিব? 
কোনো নাহে ৷ বৰ্তমানে তাই আহোমৰ কাৰণে কাম কৰি থকাসকলৰ প্ৰায়ভাগেই অৰ্থলোভী, ক্ষমতালোভী, মেৰুদণ্ডহীন, সদাচাৰহীন, সুবিধাবাদী আৰু লালসাবাদী ৷
হে লেং- দন পু-থাও, এই অমানুহ সোপাৰ হাতোৰাৰ পৰা তাই আহোম জাতিটোক ৰক্ষা কৰা, উঠি অহা চামক সুমতি দিয়া, তেওঁলোকেহে ৰুপায়িত কৰিব পাৰিব - 
We Revive, We survive ৰ মূল spirit টো ৷
সম্পূৰ্ণকৈ পঢ়ক »

* আহোমৰ লুক-লাও (ණ চাও শশাংক হাতীমূৰীয়া)

অসমৰ সৰ্ববৃহত জনগোষ্ঠী আহোমসকলৰ মুখ্যপানী লুক-
লাও। ইয়াক মূলত :    চাউলৰ পৰা বনৌষধীৰ যোগেদি প্ৰস্তত
কৰা হয়। ধৰ্মীয় পৰম্পৰাৰ লগতে খাদ্য তালিকাতো তথা
অতিথি শুশ্ৰুষাৰ এই পানীই বিশেষ স্থান লাভ কৰি
আহিছে। মৃতকৰ সকাম, বিহু , মে দাম মেফীত এই পানী
বিধ লাগিবই।
লাও পানীৰ বাবে প্ৰয়োজনয় প্ৰথম বস্ত হ'ল আৰৈ চাউল।
আৰৈ চাউলো আক মৰহা ধানৰ বা ভঁৰালৰ তল সৰা ধানৰ
'লে অধিক সোৱাদ হয়। বৰাধানৰ পৰা প্ৰস্তত কৰিবলৈ
'লে "চেৱা দিয়া ভাত" 'ব লাগে। বৰাধানৰ লাও পানী
অধিক চোকা হয়। লাহি চাউলৰ পৰা প্ৰস্তত কৰা লাও
মানুহে বেছিকৈ ব্যবহাৰ কৰে।লাও প্ৰস্তত কৰিবলৈ
লোৱা চাউলখিনি আমি খাবলৈ লোৱা ভাতৰ দৰে
ভালকৈ ধোৱা নহয়। চলা বা জৰাও নহয়, অলপ অলপ তুঁহ
থাকে।সিজাওঁতেও কিছু চাউলীয়াকৈ ভাতখিনি ৰন্ধা
হয়। তাৰ পাছত এখন ডলাত ভাতখিনি মেলি দিয়া হয়।
কিছু গৰম হয় থাকোতে পিঠা বা দৰব খিনি মিহোকৈ
ভাগি ভাতখিনিত ছটিয়াই দিব লাগে। দৰব সানি
ভালকৈ কলপাতেৰে ঢাকি থ'ব লাগে। এনেদৰে থওঁতে
যাতে নিমখ বা টেঙা তাত নেলাগে সেই কথা অতি মন
কৰিব লগিয়া। ঠাণ্ডাকালি দৰব সানি থোৱা ভাত পৰা
ৰস নিগৰিৱলৈ ৫,৬ দিন লাগে।গৰম দিনত ২,৩ দিন
ভিতৰতে ৰস নিগৰে।তাৰ পাছত ধোৱাঁচাঙত ধোৱাঁ
খোৱাই শুকাই থকা তেকেলিত ৰস নিগৰা ভাত খিনি
ভৰাই থই, কলপাতেৰে হোপা দি থ'ব লাগে। ৫,৬ দিন
পাছত কলহতো ঘামিবলৈ ধৰে। যিমান দিনলৈ থ'ব পাৰি,
সিমান ভাল। তেতিয়া ই বুঢ়া হয়। কলহৰ মুখে একতিয়াকৈ
যিখিনি ৰস বাহিৰ কৰা হয় তাক লুক-লাও বা ৰহী
বোলে। কেতিয়াবা ৰহী নাবাকি তাত পানী দি চেপা
হয় ইয়াক নাম-লাও বোলা হয়।
লাও পিঠা প্ৰস্তত কৰিবলৈ ১০১ বিধ মান বনৌষধি
দৰকাৰ।যদিও প্ৰায় ১০০ বিধ মান বনৌষধি কৰিছিল বুলি
জনা যায়, তথাপি কিন্ত অমিলভাৱে দৰবৰ ব্যবহাৰ
কৰিছিল।তাৰে অতি প্ৰয়োজনীয় বনৌষধি হ'= তেজমুই,
বনজালুক, পাতি হোতা, বিয়নি সাবোতা। বৰমানিমুনি,
সৰুমানিমুনি, গপছৈ, কপৌ ঢেঁকিয়া, এচাৰি লতা, বাত
ডোলা মালি, কঠাল পাত, গছ মাহদী, লতা মাহদী,
পাজিঁ শিপা, পানচৈ, কাঁচি দৈয়া, মাক পোৱালি,
দোৰোন বন, হোৰা পাত, বৰসুমথুৰি, বন আমলখি, ধপাত
তিতা পাত, মধুৰি পাত, ইত্যাদি।
বনৌষধ হাবিৰ পৰা আনি ৰ'দত শুকুৱাই ঢেঁকিত গুৰি কৰা
হয়। আৰৈ চাউল পিঠা খুন্দি তাত বনৌষধ সানি দিয়া
হয়। লাঠু কৰি ধান খেৰত মেলি তাৰ ওপৰত বিহলঙনি দি
ঢাকি থোৱা হয়। লাঠু বিলাক ঘামিবলৈ ধৰিলে
চালনিত তুলি পাকঘৰৰ জুহালৰ ওপৰত ধোঁৱা খাবলৈ
দিয়া হয়।
এনে এক ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তত কৰা এই
পৰম্পৰাগত পানীয় লাও পানী শৰীৰ বাবে অপকাৰ নহয়
বৰং উপকাৰীহে, কিন্ত তাৰ পৰিমান বেছি হোৱা উচিত
নহয়।
সম্পূৰ্ণকৈ পঢ়ক »

* মুগা শিল্প আৰু অসম (ණ চাও পুলক মনিষ গগৈ(গোলাঘাট))

“ আহুখেতি আহুকাল মুগাখেতি কপাল ভাল”। অসমীয়া আহোম সমাজ জীৱনৰ এটি উল্লেখযোগ্য শিল্প হ’ল মুগা বা ৰেচম শিল্প।এই ৰেচম শিল্পৰ ইতিহাস বহু পুৰণি,আজিৰ পৰা প্ৰায় চাৰি হেজাৰ বছৰৰ আগতে চীন দেশত এই ৰেচম সূতা আৱিস্কাৰ হৈছিল।কালক্ৰমত প্ৰৱজন আৰু চাহিদাৰ ফলত ই পৃথিৱীৰ বিভিন্ন দেশত বিয়পি পৰিল। অসমলৈ এই শিল্পক আহোমসকলে লৈ আহিছিল। অসমত সচৰাচৰ চাৰি প্ৰজাতিৰ মুগা পলু পোৱা যায়।এই কেইবিধ হ’ল মুগা ৰেচম পলু, এৰি পলু, পাট পলু আৰু তচ পলু। এই চাৰিবিধৰ ভিতৰত অসমত মুগা পলু আৰু এৰি পলুৰ সমাদৰ বেছি। তলত মুগা পলুৰ এক খতিয়ান দাঙি ধৰা হ’ল-
   চিনাক্তকৰণৰ অৰ্থে বিজ্ঞানীসকলে মুগাক তলত দিয়া ধৰণে শ্ৰেণী নিৰ্ধাৰণ কৰিছে। পৰ্ব- সন্ধীপদী,শ্ৰেণী- পতংগ, গোত্ৰ-চেটাৰনিদী, বৰ্গ- লেপিডপটেৰা, জাতি- এন্থেৰিয়া আৰু প্ৰজাতি আচামা।মুগা পলুৰ বৈজ্ঞানিক নাম হ’ল এনথেৰেচা আচামা।সকলোতকৈ আচৰিত কথাটো হ’ল এই মুগা পলু কেৱল অসমতহে হয়,বোধহয় অসমৰ ভৌগোলিক জলবায়ু মুগাৰ শৰীৰৰ বাবে অনুকূল।ইঅএবিধ অতি আলসুৱা জীৱ। প্ৰদূষিত অঞ্চলত মুগা জীয়াই নাথাকে, সেইবাবেই হয়তো পৃথিৱীৰ বিভিন্ন উন্নত দেশেও মুগা খেতিত বিশেষ সফলতা লাভ কৰিব পৰা নাই। অসমত আহোম ৰাজত্বৰ সময়ৰে পৰা এই মুগা শিল্প ঠন ধৰি উঠে।আৰু ইয়াৰ পৰা তৈয়াৰ কৰা কাপোৰ ৰাজকীয় পোচাকৰ মান্যতা লাভ কৰিছিল।নিপুন আহোম শিপিনী টাকুৰীত সৃষ্টি হোৱা মুগা সূতাই সোণৰ দৰে জিকমিকাই উঠিছিল।
 মুগা সূতাৰ পৰা তৈয়াৰ কৰা কেইবিধমান পোচাক হ’ল চাপকণ, পটলুং, ফা চিত, চাদৰ মেখেলা, ৰিহা, চেলেং ইত্যাদি।চাহিদা তথা ইয়াৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ মূল্য বহু হাজাৰ টকা হৈছেগৈ। ফলত মুগা খেতিয়ক সকললৈ ই এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।ঋতু অনুসৰি মুগা চোমনিয়া সকলে মুগাক কেইবাটিআও ভাগত ভাগ কৰিছে। সেইঅকেইটা হ’ল চতুৱা মুগা, জেঠুৱা মুগা, এহেৰুৱা মুগা, ভদিয়া মুগা, কতিয়া মুগা আৰু আঘোণীয়া মুগা।মুগা পলুৱে বিশেষকৈ কেইবিধমান নিৰ্দিষ্ট উদ্ভিদৰ পাতহে খায়। যেনে চোম গছ, সোঁৱালো গছ, পাতি ধোন্দা, দীঘলতি আৰু মেজাংকৰি। ইয়াৰে মেজাংকৰি গছৰ পাত খোৱা মুগাৰ পৰা তৈয়াৰ কৰা সূতাৰে মেজাংকৰি চোলা প্ৰস্তুত কৰা হয়। ই এবিধ ৰাজকীয় পোছাক। সমগ্ৰ মংগোলীয় মানুহে মুগাক দেও জীৱ হিচাপে জ্ঞান কৰে। আগৰ দিনত মুগা পালক সকলে বিভিন্ন নীতি নিয়মৰ মাজেৰেহে মুগা পালন কৰিছিল।যেনে মুগা দুই ওলালে চোমনিত নিয়ম অনুসাৰে ডাম ফী পূজা সমাপন কৰিছিল। গাত তেল টেঙা নঘহিছিল।বৰ্তমান এনেবোৰ নীতি নিয়ম অঞ্চলভেদে বয়োজেষ্ঠ মুগাপালক সকলে পালন কৰি আহিছে।
   মুগা পলুৰ জীৱন চক্ৰ চাৰিটা স্তৰৰ মাজেদি সম্পাদন হয়- কণী, পলু,লেটা, পখিলা।
১/ কণী- চকৰা চকৰি যোৰ পতাৰ পাছত চকৰিয়ে তিনিদিন পৰ্যন্ত কণী পাৰে।কণীবোৰৰ ৰং ইষৎ ধোঁৱা বৰণীয়া। এবাৰত  চকৰিয়ে তিনিশ/চাৰিশ মান কণী পাৰে। বৈজ্ঞানিক পদ্ধতিৰে মুগা খেতি কৰা সকলে এই কণীবোৰ ২ শতাংশ ফৰ্মেলিন দ্ৰ্ৱত ৰাখি বীজাণু মুক্ত কৰে।
২/ পলু- চকৰিয়ে কণী পৰা সাত দিনৰ পিছত কণী ফুটি পলু ওলায়।উক্ত পলুবোৰ গছত স্থাপন কৰাৰ পাছত সিহতে পাত খাবলৈ আৰম্ভ কৰে। পলু স্তৰত ইঁহতে সৰ্বমুঠ চাৰিবাৰ চাল সলায়। পঞ্চম পৰ্যায় অৰ্থাৎ ভৰ যৌৱনত প্ৰৱেশ কৰে। এই সময়তে পলুটোৰ গাত দৈহিক সকলো লক্ষণ ফুটি উঠে তাৰ পাছতেই পলুবোৰ পকিবলৈ আৰম্ভ কৰে। সাধাৰণতে ইহতে সন্ধিয়া পাঁচটা বজাৰ পৰা দহ বজা মানলৈকে পকে। পকা পলুবোৰ গছৰ গুৰিলৈ নামি আহে।
৩/ লেটা- জালিত এৰি দিয়া মুগাবোৰে ৰাতিটোৰ ভিতৰতে মুখৰ পৰা নিঃসৰণ কৰা এবিধ প্ৰ্টিন জাতীয় আহঁৰ দ্বাৰা নিজৰ জাতো আৱদ্ধ কৰি সুপ্ত অৱস্থালৈ গতি কৰে। এই অৱস্থা গৰমৰ দিনত পোন্ধৰ দিন মানলৈ আৰু শীতকালি এমাহ পৰ্যন্ত হ’ব পাৰে।
৪/ পখিলা বা চকৰি- গৰম কালি পোন্ধৰ দিন মানৰ ভিতৰতে মুগা বাহৰ পৰা চকৰি ওলায় আহে।প্ৰথম অৱস্থাত চকৰীৰ পাখি দুখন অত্যন্ত আলসোৱা হয় আৰু কেইঘণ্টা মানৰ পিছতেই সিঁহত সৱল হৈ পৰে। ইয়াৰ পাছত মুগা পালক সকলে চকৰিবোৰ এৱা সূতাৰে খৰিকাত বান্ধি গঢ় যাবলৈ ওলোমাই থয়। এনেকৈয়ে আকৌ মুগা পলুৰ জীৱন চক্ৰ আৰম্ভ হয়। কেতিয়াবা লেটাৰ পৰা চকৰাৰ জন্মৰ হাৰ কম হ’লে মুগা চোমনিয়াই পৃথক চকৰীবোৰ খৰিকাত বান্ধি চোতালত ৰচিত খৰিকাবোৰ ওলোমাই থৈ গায়-
              চকৰা  এ আইছ আইছ
              চকৰী আছে মোৰ মেলাই
              চকৰা আহে গা ঘেলাই
              চকৰা এ আইছ আইছ
              চকৰী আছে সোণে ৰূপে
              চকৰা আহে বাৰীৰ চুকে।
  ফলত কৰবাৰ পৰা আচৰিত ধৰণেৰে চকৰাবোৰ উৰি আহি চকৰীৰ লগত প্ৰজনন কামত লিপ্ত হয়। মুগা পালনৰ সময়ত ঘাইকৈ অসমত কাউৰী, ভদৰ কলী, কলাখাটি,হেতুলুকি চৰাই আদিয়ে মুগা ভক্ষণ কৰি মুগাপলকক আমনি দিয়ে। বৰ্তমান চৰকাৰে বৈজ্ঞানিক পদ্ধতিৰে মুগাপালন কৰা আদৰ্শ খতিয়কক গছ বোৰ ঢাকি ৰাখিবলৈ আঠুৱা যোগান ধৰিছে। মুগা পলুৰ প্ৰধান ৰোগ সমূহ হ’ল- Grassaric, Muscaardine, Pebrine  ইত্যাদি। সেইবাবেই খেতিয়ক সকলে মুগা খেতিত সফল হ’বলৈ এবাহ নিৰোগী উন্নত জাতৰ সঁচ নিৰ্বাচন কৰাত গুৰুত্ব দিয়ে। তদুপৰি মুগা চোমনি খনৰ পৰিস্কাৰ পৰিচ্চন্নতাই মুগা খতিৰ ফলাফল ধনাত্মক হোৱাত যথেষ্ট সহায় কৰে।
   ৰেচম শিল্প হ’ল উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ। বিশেষকৈ মংগোলীয় ঠালৰ মানুহসকলৰ সমাজ জীৱনএ এক এৰাব নোৱাৰা সম্পদ। অসমৰ বিশেষকৈ উজনি অসমত মুগা খেতি বেছিকৈ হয়। গুৱাহাটীৰ শুৱালকুছি পাটমুগা কাপোৰৰ বাবে বিশ্ব বিখ্যাত। প্ৰায় উজনি অসমৰ পৰা উৎপন্ন হোৱা মুগাখোলাই শুৱালকুছি ৰেচম উদ্যোগত বিশেষ অৱদান আগবঢ়াই আহিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে উজনী অসমত উদ্যোগিক ভিত্তিত এই শিল্পই ঠন ধৰি উঠিব নোৱাৰাৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে কম মূল্যত মুগাখোলা ক্ৰয় কৰি শুৱালকুছিত লাখ টকাৰ কাৰবাৰ চলাই আছে। উজনীৰ ৰাইজ এইক্ষেত্ৰত সাৱধান হ’বৰ হ’ল।
   টাই জাতিৰ উৎকৃষ্ট উপাদান মুগাক লৈ বিহুনামো ৰচনা হৈছে। যেনে-
      অতিকৈ চেনেহৰ মুগাৰে মহুৰা
        তাতোকৈ চেনেহৰ মাকো
     তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
        নেপাতি কেনেকৈ থাকো।

 এই অপৰূপ মংগোলীয় সংস্কৃতিক ধৰি ৰখাটো প্ৰতিজন অসমবাসীৰে কৰ্তব্য। চৰাকাৰেও ইয়াৰ বাণিজ্যিক মানদণ্ড উন্নত কৰাত গুৰুত্ব আৰূপ কৰিব লাগে। কেৱল মুগা সূতাৰে প্ৰ্স্তুত কৰা কাপোৰ পিন্ধিয়েই আত্মসন্তুষ্টি লভিলে নহ’ব।  মুগা শিল্পৰ বিষয়ে জনাতো সকলো অসমবাসীৰে দায়িত্ব আৰু কৰ্তব্য।
সম্পূৰ্ণকৈ পঢ়ক »

* আহোমৰ ফুৰা-লুং ধৰ্ম (ණ চাও নগেন হাজৰিকা)

আহোম মানুহৰ এটা নিজা আম- ছু ছিন বা ধৰ্ম আছেচাওলুং চুকাফা আৰু তেখেতৰ সহযাত্ৰী প্ৰ্ৱজনকাৰীসকলে মুংদুনচুনখামলৈ আহোতে সেইটো লগত লৈ আহিছিলতাকে ফুৰা-লুং আম-ছু-ছিন বা আহোম ধৰ্ম বোলা হয়এই ধৰ্মটো মাত্ৰ তাই মানুহৰহে ধৰ্ম আৰু সেয়েহে তাই মানুহৰ বাহিৰে অন্য জনগোষ্ঠী লোকৰ মাজত প্ৰ্সাৰিত হোৱাৰ অৱকাশ নাইঅৱশ্যে হেৰাই যোৱা তাই মানুহক এই ধৰ্মই আঁকোৱালি পাৰে
   আহোমৰ ধৰ্ম কাৰ্য সমূহকখ্যেক’,’লুং’, ‘ক্লুং’,’মে’,’প্লেকআদি আহোম শব্দ যোগে প্ৰ্কাশ কৰা হয় আটাইকেইটা শব্দই পূজা শব্দকে বুজাই যদিও পূজা শব্দটো বৰ শিথিলকৈ গ্ৰহণ কৰা হয় ৰাজপাট খাই থকা চাওলুং বা চাওফা সকলে চুমচেঙ মূৰ্তিটোক কৰা পূজা বাহিৰে আহোম ধৰ্মটোত কোনো মূৰ্তি পূজাই স্থান নাইপুঠাও লুং লেংদন প্ৰ্মূখ্যে পূৰ্বপুৰুষ সকলক এট ধৰ্মত পূজা কৰা হয়তাই আহোমৰ পাৰস্স্পৰিক খাদ্য যেনে লুকলাও কাইছেং প্ৰ্মূখ্যে অন্যান্য নিৰামিষ আমিষ খাদ্য উমহেউ কৰা হয়তদুপৰি অদৃশ্যমান মহান ফুৰা বা ফুৰালুং( ফু=গৰাকী,স্বামী ৰা= অধিক,সকলো লুং=মহান) জনো একপ্ৰকাৰে আমাৰ পূৰ্বপুৰুষ কাৰণ তেখেতে আমক স্ৰ্জন কৰিছে
  আহোম ধৰ্মৰ এই পূজা সমূহৰ বাবে একোখন খ্যেকলাই আছেআৰু এই ধৰ্মৰ ঘাই পুথিখন পেঞ কাকা পেঞ কা কাত বহু কেইটা খণ্ড আছে তাৰ ভিতৰত লিট লাই,লাই কু মৌঙ,পুন কু মৌং,লিট লাই টু,লিট লেংদন, নাং হুন ফা, দয় লাই, পুন ঙি ঙাও খাম ইত্যাদিয়েই ঘাই এই পেঞ কাকা আৰু খ্যেক লাই সমূহ চাওলুং চুকাফাৰ লগত চাম, মছাই সকলে লৈ আহিছিল অৱশ্যে খ্যে লাই চে ৰাই দয়( চৰাইদেউ) বৰবিধিখন মুংদুনচুনখামত ৰচনা কৰা কিন্তু তেনে কৰোতে প্ৰাচীন তাই ধৰ্মৰ ময় দাম পূজা বিধিৰ ওপৰত সম্পূৰ্ণকৈ ভিত্তি কৰা হৈছিলআহোম ধৰ্মটো বহুতে তাও ধৰ্ম, কনফুচিয়াচ ধৰ্ম, বৌদ্ধ ধৰ্ম আদি বুলিও কয়লগতে আহোম ধৰ্মৰ বহুতো দেৱতাক হিন্দু ধৰ্মৰ দেৱতা বুলি কবও বিচাৰে ভালদৰে চালি জাৰি চাই দেখা যায় যে তাও ধৰ্মৰ পূৰ্বপুৰুষৰ পূজা, পাৎছি কৰা প্ৰথা আহোম ধৰ্মত প্ৰ্তক্ষ্য ভাৱে বিৰাজমান অন্যহাতেদি তাও ধৰ্মৰ বৌদ্ধিক আৰু স্বাস্থ্য সম্পৰ্কীয় ভাগ সমূহৰ কাৰ্য কৰ্মখিনি কম বেছি পৰিমাণে আহোম ধৰ্মত কৰা হয়কিন্তু আহো ধৰ্মত এনে কিছু নীতি আছে যিখিনি তাও ধৰ্মত নাই অনুহাতেদি কনফুচিয়াচ ধৰ্মত মানৱতা মানুহৰ পৰিস্থিতি চৰকাৰৰ কৰ্তব্য উৎসৱ পালন আদি ৰীতি নীতি আহোম ধৰ্মতো আছে কিন্তু আহোম ধৰ্মটো প্ৰতক্ষ্য ভাৱে কনফুচিয়াচ ধৰ্ম নহয়আহোমৰ ফুৰালুং পূজাত চাকি জ্বলোৱা কুঞ-লাক লিং আৰু চক্লংত ব্যৱহিত মৰলখন দেখি বহুতে আহোম ধৰ্মটো বৌদ্ধ ধৰ্মৰ এটা ভাগ বুলি কবলৈ বিচাৰেতেওঁলোকৰ লাগিছে এইখিনিতে যে ফু ৰা বা ফ্ৰা শব্দৰ অৰ্থ তেওঁলোকে বুদ্ধ বুলি ভাৱে আৰু সেয়েহে অন্ধযুক্তি দিবলৈ উদ্যত হৈ তেওঁলোকে কয় যে আহোমৰ ফুৰালুং ধৰ্মটো বৌদ্ধ ধৰ্মকিন্তু ভাষিক বিশ্লেষণ কৰি দেখা পোৱা যায় যে ফু=গৰাকী ৰা=অধিক,সকলো অৰ্থাৎ সকলোৰে স্বামী জন ফু ৰা বা ফ্ৰা তাই মানুহে বুদ্ধক ফ্ৰা বা ফুৰা বুলি কয় কাৰণ বৌদ্ধ ধৰ্মত ভগৱান নাইআৰু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পাছত সেই ধৰ্মত ভগৱানৰ অভাৱত পূৰ্বতে বিশ্বাস কৰা ভগৱানজনৰ পৰিৱৰ্তে বুদ্ধকে ভগৱান বুলি তেওলোকে মানি লোৱাৰ বাবে ফ্ৰা মানে বুদ্ধ বুলি ধৰি ললেকিন্তু আহোম ফ্ৰা মানে প্ৰাচীন তাই ধৰ্ম মতে ঈশ্বৰক বুজাই যেনে কুঞ-ইং-কা-ফ্ৰা,মা-লি-খা-ফ্ৰা,ঙাও চেং বং ফ্ৰা ইত্যাদিএই ফ্ৰা সকলৰ ওপৰতো এজন মহান ফ্ৰা বা ফুৰা আছেসেইজনেই ফুৰা লুংযিজনৰ আকাৰ নাই,অস্তিত্ব আছে, যিজন সৰ্বজ্ঞানী, সৰ্বশক্তিমান আৰু সৰ্বব্যাপ্তবুদ্ধৰ থকাৰ দৰে সিজনৰ মানৱিক গুণাগুণ নাইবুদ্ধিস্ত সকলে কয় যে বুদ্ধই বৌদ্ধপ্ৰাপ্তি যি জোপা গছ(বুদ্ধিবৃক্ষৰ তলত) কৰিছিল সেইজোপাকে আহোম ধৰ্মত কুঞ-লাক-লিং হিচাপে মনা হয় এইটো বৰ যুক্তিহীন যুক্তিকাৰণ গছ আকাৰৰ লাক এদাল সাজিবলৈ যদি সেইদাল বুদ্ধিবৃক্ষ পাৰে তেন্তে খৃষ্টান ধৰ্মৰ খৃষ্টমাছ গছ দাল অন্যধৰ্মত পূজা কৰা গছবোৰ বুদ্ধিবৃক্ষ নহ কিয়?এইখিনিতে আমি মনত ৰাখিব লাগিব যে বুদ্ধিবৃক্ষ আছিল এজোপা ডিমৰু গছ কিন্তু অন্যহাতেদি কুঞ-লাক-লিং দালৰ আকাৰ ডিমৰু গছৰ নিছিনা নহয়আৰু আহোম ধৰ্মত ডিমৰু গছক পৱিত্ৰ বুলি গণ্য কৰা নহয় সেয়েহে কুঞ-লাক-লিং দাল ডিমৰু গছৰ প্ৰ্তৃক বা বুদ্ধিবৃক্ষ নোৱাৰেকুঞ-লাক-লিং দাল জগতবৃক্ষ,যি জোপাই মহাবিশ্বক ধৰি ৰাখে আৰু আহোম ধৰ্মমতে বোধহয় সেইদাল নাহৰ গছহেআকৌ দেখা যায় যে চক্লঙ( =লগ লগোৱা,ক্লঙ=পূজা) বা চক্লঙত ব্যৱহাৰ কৰা মৰল(তি-ফী)খন বৌদ্ধ ধৰ্মৰ মৰলখনেই বুলি ধিতিঙা পণ্ডিত কিছুমানে কয়কিন্তু প্ৰকৃততে চক্লঙৰ মৰল খন পেঞ কাকাত উদ্ধৃতজাও-কাও বা কাও- মক- জংখনহে ডক্টৰেট উপাধিধাৰী এজন দুজন পণ্ডিতে ভুলতে বুদ্ধিস্ত মৰল খনৰ ছবি অসমীয়াত লিখা চক্লঙ বিধিত সন্নিবিষ্ট থকাৰ বাবেই বা দুই এজন মলুং, শিল্পী আদিৰ ভ্ৰান্ত ধাৰণাৰ বাবেই এই ভুলটো বলৈ পালে১০১ গছ চাকি বহাগ বিহুত খোৱা ১০১ বিধ শাক, লুকলাও বনোৱা পিঠাত ১০১ বিধ বন আদিৰ ধাৰণা আহোমৰহে আছেতদুপৰি বুদ্ধিস্ত হলে ভিক্ষু লাগে আহোম ভিক্ষু হোৱাৰ কোনো নজিৰ নাইআহোম বুদ্ধিস্ত হোৱা লে ৬০০ বছৰীয়া ৰাজত্ব কালত বহুত বৌদ্ধ ম্ন্দিৰ গঢ়ি তুলিলেহেঁতেন, হালধীয়া কাপোৰ পিন্ধি থাইলেন্দৰ দৰে অসমখনো বুদ্ধিস্ত দেশ লহেতেন,প্ৰাণী পাৎছি, তাই-ছি,থাম আদি কৰি ৱান ফি পূজা নকৰিলহেঁতেন,ৰজা সকলে যুদ্ধ বিগ্ৰহ নকৰিবুদ্ধ্ং শৰণং গচ্ছামিহে কৰিলেহেঁতেন, দেশতকৈ মোমাইকে ডাঙৰ বলৈ দিলেহেঁতেন,বৌদ্ধ ধৰ্মীসকলে শৱ দাহ কৰাৰ বিপৰীতে আহোমে আজি পৰ্যন্ত মৈদাম দি নাথাকিলহেঁতেনঅন্যহাতেদি আহোম ধৰ্মৰ বহুতো উপৰিপুৰুষ ফী,চাং আদিক হিন্দু দেৱ দেৱতা বুলি কবলৈ বিছৰা গুৰিতেই আছে হিন্দুসকলে আহোমক হিন্দু(দাসহিন্দু) সজা পৰিকল্পনা আৰু বহু আহোমে কাউৰী হৈও মৌৰা চৰাই পাখি গুজিবলৈ কৰা অপচেষ্টা

   আহোম ধৰ্মৰ বৈশিষ্ট সমূহ- এই ধৰ্মত অন্য জাতিৰ মানুহক দিক্ষিত কৰা নহয় কাৰণ মাত্ৰ তাই মানুহৰহে ধৰ্ম যি সকল আহোমৰ ওপৰত অন্য ধৰ্মৰ প্ৰভাৱ পৰিছিল সেইসকলকাণী আই জনিহে আছ্ল আইবুলি বুজি পাই নিজ ধৰ্মলৈ ঘূৰি আহিলে তে তে তে কৰোৱা হয়তে তে তেঅৰ্থাৎ সত্য সত্য সত্য আহোম ধৰ্মটো বৰ সহজ সৰল, ইয়াত ৰজা, মাক দেউতাক, শশুৰ শাহুৱেকৰ বাহিৰে অন্যৰ ভৰিত ধৰাৰ নিয়ম নাই আঁঠুকঢ়া নিয়মো নাই থিয় হৈ বা বহিয়েই ভগৱানক, ৰাইজক বা জেষ্ঠ্য জনক খ্ৰুপতাং কৰিব পাৰে অন্যধৰ্মত থকাৰ দৰে আহোম ধৰ্মত টিপিকেল আত্মা বোলা সত্বা এটি নাইআছে মাথো ডাম , ফী, খ্বন, মিং আদিহেআহোম ধৰ্মত ভাতৃত্ববোধ প্ৰ্কট সেয়েহে ফুৰা লুং পন্থী সকলোকেচাও ’, ‘মে সম্বোধন কৰা হয় এনে এটা অত্যাধুনিক আৰু জাতি উৎকৰ্ষ সাধক ধৰ্মটোলৈ সকলো আহোম ঘূৰি অহাতো যুগৰ আহব্বান আৰু প্ৰ্ত্যেকজন আহোমৰ জাতীয় কৰ্মঅন্যথা আহোম জাতি বিচিন্ন হোৱাতো দেখা পাবলৈ বেছি দিন অপেক্ষা কৰিব নালাগিবআহোম ধৰ্মত উমৰ মাজত আহোম জাতিটোক উমনি দিয়ক, দেখা পাব প্ৰ্কৃত তাই আহোমৰ জন্ম হৈ জাতিটোক পুনৰ জয় জয় ময় ময় কৰি জগত বিখ্যাত কৰি তুলিব
সম্পূৰ্ণকৈ পঢ়ক »