ত্যম্-ফু-তা-ঙ-ৰন্ /সম্পাদকীয়

কু-ত্যুৱ-খম
(শব্দ ধাৰ কৰণ)
অসমীয়া ভাষাত বহুতো আহোম ভাষাৰ শব্দ সোমাই আছে। তাৰে কিছুমান AHOM LEXICONS খনত দেখুওৱা হৈছে। লগতে বহুতো ঠাইৰ নামো তাঈ আহোম ভাষাৰ পৰা আহিছে। AHOM LEXICONS খনতো তেনেধৰণৰ বহু কেইখন ঠাইৰ নামো উল্লেখ কৰা হৈছে। আজিৰ কিছুমান “পণ্ডিতে” উক্ত পুথি খনৰ পৰা তেনে কিছুমান শব্দ বা ঠাইৰ নাম আহৰণ ক্ৰমে সিবোৰ নিজে “আৱিস্কাৰ” কৰা বুলি জাহিৰ কৰি কৰি প্ৰবন্ধ-পাতি লিখি লৈ আলোচনীত প্ৰকাশ কৰে। সেই জাতীয় প্ৰবন্ধ কিছুমান গোটাই লৈ পঢ়ি চাবছোন। দেখিব উক্ত সাহিত্য-পথাৰ খনত ইতিপূৰ্বে মাটি কঢ়াই, সমাৰ বাই মৈ দিয়া । এতিয়া পুনৰ হাল বাই বাই আকৌ মৈ দি ভুঁই ৰোৱাৰ কামখিনি বৰ্তমানৰ লিখক সকলে কৰে। হাঁহি উঠে। নিজে তাঈ আহোম ভাষাটো নাজানে বা জানিবলৈ চেষ্টাও নকৰে; কিন্তু প্ৰবন্ধ লিখাৰ সময়ত “হাম চব জান্তা” হৈ পৰে। আহোমৰ বিড়ম্বনা এই যে পূৰ্বাঞ্চল তাঈ সাহিত্য সভাৰ সভাপতি তথা সচিব সকলৰ (দুই এজনক বাদ দি) কোনেও তাঈ আহোম ভাষাটো নাজানে আৰু আয়ত্ব কৰিবলৈও চেষ্টা নকৰে। দুই এজনে মূৰৰ ছুলি খুড়াই পেলায় তথাপি কামত নাহে; মূৰ ঘূৰাই থাকে। কোনেও তেওঁ লোকক দয়া প্ৰদান কৰি আনন্দ নাপায়। মাত্ৰ বৰ বৰ মন্ত্ৰনাহে উপযাচি প্ৰদান কৰে।
উপৰুক্ত সাহিত্য-পথাৰ খনত মইও মাজে মাজে নামো; দুই এটা তেনে ধৰণৰ শব্দৰ কথা প্ৰকাশ কৰোঁ। সকলোৰে দৰে এই বিষয়টো মোৰো আওটাত পৰে। “আওঁতা” আহোম ভাষাৰ শব্দ। “আও”=লোৱা, “তা”= চকু, অৰ্থাৎ দৃষ্টিৰে লব পৰা পৰিধি। তদুপৰি- AHOM LEXICONS খনত ভেজা দি নতুন কিছুমান শব্দ, শব্দপূঞ্জ সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ। তথাপি অন্যান্য তাঈ জনগোষ্ঠীৰ প্ৰতিশব্দ ধাৰ কৰিবলৈ মন নকৰোঁ। আমি যদি তেনে দৰে ধাৰ কৰিয়েই থাকো, তেন্তে তাঈ আহোম ভাষাৰ নিজত্ব (মংঅক্) আৰু Originality (অক্-জিম্) হেৰাই যাব। তাঈ আহোম হিচাবে আমাৰ নিজৰ ভাষাটোক আধুনিকতাৰ মাজতো বচাই ৰাখিব লাগিব। তাঈ আহোমৰ ভালেমান শব্দ বৌদ্ধধৰ্মৰ পালি ভাষাৰ বুলি কিছুমান বুদ্ধিস্ত তাঈ মানুহে কব বিছাৰে। যেনে- “ছিকিয়া ৰানি পান্” বাক্যটোত থকা “ছিকিয়া” শব্দটো “শাক্যমুণি” শব্দৰ অপভ্ৰংশ বুলিয়েই অসমত বসবাস কৰা ফাকে আৰু আইতন পণ্ডিত দুজনমানে আৰু আহোম “পণ্ডিতে” কয়। মই সুধিছিলোঁ আৰু কৈছিলোঁ—“ঠিক আছে, ছিকিয়া শব্দটো ধৰি ললোঁ ‘শাক্য’ শব্দৰ পৰা আহিছে। কিন্তু এই শব্দটো প্ৰযোজিত ‘ছিকিয়া ৰানিপান’ বাক্যটোত থকা ‘ৰানি’ আৰু ‘পান’ শব্দই কি কি বুজায় আৰু সম্পূৰ্ণ বাক্যটোৰ অৰ্থ কি হ’ব পাৰে?” উত্তৰ দিবৰ সময়ত তেওঁলোকৰ জিভাখন কোচ খাই যায় আৰু ইটো ওঁঠে সিটো ওঁঠক আকৰ্ষণ কৰি নিৰৱতাক চুমা খায়। মই কওঁ—“ছি-কি-আ” (এইটোহে শুদ্ধ শব্দ গাঁঠনি) যে “ছি”= ভাগ কৰা, “কি”=ফুলা, অৰ্থাৎ বিৱৰ্তন সময়ত মহা বিশ্বখনৰ বিকশিত সুৰবোৰ, “আ”=বিস্তৃত ভাবে। মই পুনৰ কওঁ যে কিছুমান শব্দ আৰু বাক্যবোৰৰ মাত্ৰ face valued অৰ্থবোৰ গ্ৰহণ কৰাৰ আগতে সিবোৰৰ Philosophy Behind (অন্তৰ্নিহিত দৰ্শন বা গূঢ় তত্ব) জানি লবলৈ চেষ্টা কৰিব লাগে। অন্যথা Conditioned Reflex য়ে “ছাগলিটোকে কুকুৰ” বনাবগৈ, আজি নহয় কালিলৈ, কালিলৈ নহয় পৰহিলৈ। ই “তে’-মু-নান্” (ধুৰুপ)।
তাঈ আহোমৰ মাজত এটি অতি প্ৰাচীন সত্য-প্ৰবাদ আছে। সেইটো হৈছে—
উৰুলী, ওৰণী, শিৰত সেন্দুৰ ফোট
তাঈ জাতিৰ নিয়মত নাই।
তাঈ আহোম ভাষাত সদা বিৰাজমান বাক্য কেইটাৰ প্ৰতিবাক্যবোৰ বৰ্তমানে মোৰ হাতত নাই ;কিন্তু গীত আকাৰলৈ অনুবাদ কৰিলে প্ৰবাদটো এনেকুৱা হ’ব পাৰে---
ঙিন্ তাং প তাং-লাই
ফা-পক্-ৰূ লে ক্লং
তাং নন্ -নাম থন্ দেং
মে-য়াং চু ফান্ তাঈ।।
“ঙিন্-তাং”= শুনা, “প-তাং-লাই”=ৰাইজ সবাই, “ফা-পক্-ৰূ”= ওৰণী, “লে”= আৰু, “ক্লং”=উৰুলী, “নন্-নাম্”= শিৰত ফোট লোৱা ঠাই, “থন দেং”= ৰঙা সেন্দুৰ, “মে-য়াং”=নাই, “চু”= নীতি, “ফান্-তাঈ”= তাঈ জাতি।
ঘিলামৰাৰ নিকতৱৰ্তী কোনোবা ‘চেতিয়া’ উপাধিধাৰী লোক কেইজন মান চাও সুভাষ দিহিঙিয়াৰ ওচৰলৈ গৈ মোলৈ ফোন কৰাইছিল। উদ্দেশ্য – তেওঁলোকে বংশাৱলী পাতিব আৰু ‘‘বংশাৱলী” শব্দটোৰ তাঈ ভাষাৰ প্ৰতি শব্দটো কি জনাৰ। তেওঁলোক হেনো দেওঘৰীয়া চেতিয়াৰ বংশধৰ। মই “বংশাৱলী” শব্দটোৰ তাঈ আহোম ভাষাৰ প্ৰতিশব্দ হিচাবে “খ্ৰাই-ফান্” বুলি জনালোঁ আৰু “দেওঘৰীয়া চেতিয়াৰ বংশাৱলী” টো চাই দিবলৈ সময় বিছাৰিলোঁ। কিছু সময়ৰ পিছত পুনৰ ফোন আহিল। মই কলোঁ যে চেতিয়াৰ ৩৮ ফৈদ আছে। কিন্তু “দেওঘৰীয়া চেতিয়া” বোলা ফৈদ এটা মই বিচৰি নাপালোঁ। অৱশ্যে “দৌল চেতিয়া” নামৰ এটা ফৈদ এটা আছে। তেওঁলোকে কলে যে “দৌল চেতিয়া” আৰু “দেও ঘৰীয়া চেতিয়া” একেটা ফৈদ। বছ্, মোৰ কাম খতম্। তেওঁলোকে মোক তেতিয়াৰ পৰা এতিয়ালৈকে চম্-লুং এটাকে নিদিলে। কোনো দিন আৰু ফোন নকৰিলে। তেওঁলোকে “ত্যেং-পয়্”(আকৌ সাৰ পাইছোঁ), বা “ত্যেং-নাই”(এতিয়া সাৰ পাইছোঁ), অথবা ওলটিবলৈ সাৰ পাইছোঁ (ত্যেং-তাও) জাতীয় শব্দৰ লগত বতাহৰ মাজতহে চিনাকি, দিঠকত পৰিচয় (ৰূ-তং) কিমান নাজানিলোঁ।
মোৰ ব্যক্তিগত লাইব্ৰেৰীটো চাফা কৰি থাকোঁতে অলপতে এখন কিতাপ মোৰ হাতলৈ আহিল। চালো সেই খনৰ নামটো “তাই ভাষাৰ ব্যাকৰণ”। তাঈ লিপিত লিখা হৈছে “বি জা(য়া) ক ৰ না তাই”। লিখক জন হ’ল অধ্যাপক (চাও) নোমল গগৈ, প্ৰকাশ -১৯৯০ চন। কিতাপ খনক মই criticize কৰিব বিচৰা নাই, কিন্তু গেলা বৰালিত মোৰ হাত পৰিল। কিতাপ খনত লিখা হৈছে (পৃঃ৩)—“অসমত তাই ভাষা চৰ্চা সম্পূৰ্ণ নতুন পৰিভাষা সমূহ সৃষ্টি কৰা হৈছে ইয়াৰ কৃতিত্ব চাও খুক মান পুং দেৱৰেই প্ৰাপ্য। উদাহৰণ অধ্যায় পুক্(আহোম মতে ‘খ’ বৰ্ণ বা আখৰ ত্যু লিক্ (আহোম মতে “ত্যু-খম”), স্বৰ ছা ৰা, ব্যঞ্জন বিন্ জা না, সুৰ বা তান ছিং (আহোম মতে “থন্”। “ছিং” শব্দৰ অৰ্থ Ahom Lexicons খনৰ মতে “কথা-ক”, “অঁতা”, “হাত বুলা”, “মাত”, “সৰস্বতী”, “কথা”, শব্দ (sound), বাক্য=খিৱ্, খাম্, শব্দাংশ “চা কাম খাম”, বিশেষ্য চ্যু ত্যু, সৰ্বনাম লিক্ চ্যু ত্যু,বচন খান্ ত্যু, এক বচন “খান ত্যু দিৱ্” ইত্যাদি ইত্যাদি। এই খিনিৰ পৰা অনুমান কৰিব পৰা যায় যে নোমল গগৈদেৱৰ এই কাৰ্যই তাঈ আহোম ভাষাটো সংস্কৃত কৰণ কৰিব বিছাৰিছে আৰু লগতে বিজতৰীয়া শব্দ কিছুমান তাঈ আহোম ভাষাটোত সুমুৱাই আমাৰ ভাষাটোক পংগু বিজতৰীয়া আৰু সুগন্ধিহীন কৰি পেলাবলৈ চেষ্টা কৰিছে। এঠাইত “ক্ৰিয়া” শব্দটোৰ অৰ্থ “হিৎ” কৰা হৈছে। Ahom Lexicons খনত “হিৎ” শব্দৰ অৰ্থ দেখুৱাইছে—মৰমকৈ চা, কৰ, হ, সন্মুখ। “হিৎ” শব্দটো সাধাৰণতে “হিৎ চাও” অৰ্থাৎ ৰজা হোৱা, অন্য ঠাইত “হোৱা” বুজায়। “হিৎ দি হিৎ খেঞ্”ত থকা “হিৎ” শব্দটোৱে “হোৱা” হে বুজায়। “ক্ৰিয়া” শব্দৰ তাঈ আহোম ভাষাৰ প্ৰতিশব্দ “দয়্” টোহে বেছি খাপ খোৱা। মই বাৰু এই কিতাপৰ লিখক জনক criticize ধৰা হওঁক নকৰিলোঁ। কিন্তু উঠি অহা চামলৈ অনুৰোধ এই যে তাঈ ভাষাটো শিকিবলৈ তেওঁলোক তাঈ ভাষী সকলৰ ওচৰলৈ গৈ ভাল কাম কৰিছে। মনত ৰাখিব লাগিব যে তেওঁ লোকে “তাঈ” ভাষাটোহে শিকিছে (যেনেকৈ নোমল গগৈদেৱে কৰিছে) “তাঈ আহোম” ভাষাটো শিকা নাই। “তাঈ” শব্দটো বৰকৈ বিপথ প্ৰদৰ্শক। সাৱধান।
তাঈ আহোম ভাষাৰ Ahom Lexicons খনত নথকা দুটা শব্দ মই “তাঈ থাই” ভাষাৰ পৰা গ্ৰহণ কৰিছোঁ। সেই কেইটা হ’ল—“চম-লুং”= ধন্যবাদ আৰু “ময়্-দাম্” শব্দত থকা “ময়্” শব্দটোৰ অৰ্থ “জিৰণি”। “ময়্-দাম্”ৰ অৰ্থ হ’ল মৃতকৰ জিৰণি (স্থান)। সেই ফালে মই আগ বাঢ়ি গৈ আছোঁ। ভাল লাগিছে।
চাও নগেন হাজৰিকা