সাহিত্যিক পানীন্দ্ৰ নাথ গগৈৰ সম্পৰ্কে এক চমু অৱলোকন

“হাতীত উঠি পানীৰাম ঘৰলৈ যায়, আলিবাটৰ মানুহে ঘূৰি ঘূৰি যায়।”
এনেদৰেই সেই সময়ৰ বিদ্যালয়ৰ পাঠ্যপুথি “ল’ৰা শিক্ষা’ত স্বপ্নৰ সম্যক প্ৰকাশ ঘটাই পাঠ্যপুথি ৰচনা কৰা ল’ৰাজনেই আছিল পানীন্দ্ৰ নাথ গগৈ। দুৰন্ত সাহসী,অক্লান্ত,
পৰিশ্ৰমী, অমায়িক স্বভাৱ,পিতৃ মাতৃৰ প্ৰতি ভক্তিপৰায়ণ পানীৰাম ওৰফে পানীন্দ্ৰ নাথ গগৈ বঙলা ভাষাক প্ৰত্যাহবান জনাই অসমীয়া ভাষাত পাঠ্যপুথি প্ৰণয়ন কৰা জাতিৰ এজন প্ৰবাদপুৰুষ।অসমৰ সাহিত্য আৰু জাতীয় জীৱনৰ উজ্জ্বল নক্ষত্ৰ এইজনা মহান সাহিত্যিকৰ জন্ম হৈছিল ১৮৭১ চন শকাব্দ ১৭৯৩ আঘোণ মাহত উত্তৰ লক্ষিমপুৰ চহৰৰ গাতে লাগি থকা চেতিয়া গাঁৱত।তেওঁৰ দেউতাক কটিয়া গগৈ বেণ্ডৰ গাওঁখনৰ ভিতৰত এজন মাতব্বৰ লোক আৰু আইতাক এগৰাকী আহোম ৰাজখোৱা ঘৰৰ বিচক্ষণীয়া জীয়াৰী আছিল।সেই একে চন আৰু মাহতে অসমৰ আন এগৰাকী সিংহপুৰুষ বিশিষ্ট সাহিত্যিকৰ জন্ম হৈছিল উত্তৰ লক্ষিমপুৰ চহৰৰেই নঁকাড়ী গাঁৱত, তেওঁ হ’ল অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱা। পানীৰামে ১৮০১ শকৰ আঘোণমাহত উত্তৰ লক্ষীমপুৰৰ চহৰীয়া পঢ়াশালিত পঢ়ি উঠি ১৮৮৪ চনত গুৱাহাটীৰ নৰ্মাল স্কুলত বাংলা ভাষাৰ মাধ্যমেৰেহে অধ্যয়ণ কৰিবলগীয়া হৈছিল।অসমীয়া ভাষা সাহিত্যৰ এনে এক কাল সন্ধিক্ষণত পানীন্দ্ৰ নাথ গগৈদেউৰ জন্ম হৈছিল যি সময়ত অসমৰ অফিচ কাছাৰী বিদ্যালয় আদিত কেৱল বাংলা ভাষাৰ প্ৰয়োভৰ আছিল। এক কথাত ক’বলৈ গলে সেই সময়ছোৱা অসমৰ ভাষাৰ বিপৰ্যয়ৰ যুগ।১৮৭২ চনত ইংৰাজ শাসকসকলে অসমীয়া ভাষাৰ ক্ষেত্ৰত বাধ্য হৈ নিজৰ ভুল স্বীকাৰ কৰি যেতিয়া কেম্বেল চাহাবৰ আদেশত অসমৰ আদালত আৰু পঢ়াশালীবিলাকত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা হৈছিল তেতিয়াৰ পাঠ্যপুথিৰ অভাৱত বহুবছৰ ধৰি বঙালী কিতাপেই চলি আছিল।শিক্ষা সাং কৰাৰ পিছত পানীন্দ্ৰনাথ গগৈয়ে সেই অভাৱ পূৰণ কৰিবলৈ সক্ষম হৈছিল-
“তোমাৰ নাম কি? মোৰ নাম পানীৰাম তুমি ক’ত থাকা? মই চেতিয়া গাঁৱত থাকো।
এইদৰেই ‘ল’ৰা শিক্ষা আগৰছোৱা’ কিতাপত আত্ম পৰিচয় দি পানীন্দ্ৰ নাথ গগৈদেৱে পাঠ্যপুথি ৰচনা কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ এজন পঢ়াশলীয়া এজন ছাত্ৰই কেনেকৈ আত্মপৰিচয় দিব লাগে তাকে সুন্দৰভাৱে উপস্থাপন কৰিছে। শিক্ষা সাং কৰি প্ৰথম ঢকুৱাখানাত শিক্ষকতা কৰি থকা অৱস্থাতেই প্ৰাথমিক প্ৰৰ্যায়ৰ বাবে “ল’ৰা শিক্ষা আগৰছোৱা আৰু মাজৰছোৱা প্ৰণয়নৰ প্ৰস্তূতি কৰি ১৮১৫ শকত প্ৰকাশ কৰে।

ঢকুৱাখানাৰ ছাত্ৰবৃত্তি বিদ্যালয় এৰি উত্তৰ লক্ষিমপুৰলৈ হেডপণ্ডিত হিচাপে যোগদান কৰাৰ পিছত ‘ল’ৰা শিক্ষা শেষৰছোৱা’ কলিকতাৰ পৰা প্ৰকাশ হয়।অসমীয়া জাতিৰেই সৌভাগ্য যে এইজনা মহান সাহিত্যিকৰ তিনিখন পুথিয়েই শিক্ষা বিভাগৰ অনুমোদন লাভ কৰি পাঠ্যপুথি ৰূপে প্ৰচলিত হ’ল আৰু লগে লগেই পাঠ্যপুথিৰ অভাৱ পূৰণ কৰি অসমীয়া জাতীয় জীৱনলৈ তেওঁ অনবদ্য সাহিত্য সেৱা আগবঢ়াই ইতিহাস ৰচনা কৰি গ’ল।তেওঁ অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচলনৰ ক্ষেত্ৰত যি অৰিহণা আগবঢ়াই গ’ল সেয়া অসমীয়া জাতিয়ে কোনোকালেই পাহৰি যোৱা উচিত নহয়।তেওঁৰ সোঁৱৰণত অসম সাহিত্য সভাৰ দৰে সাহিত্যৰ বৃহৎ অনুষ্ঠানেও কোনো লেখত লবলগীয়াকৈ কোনো উল্লেখযোগ্য প্ৰদক্ষেপ গ্ৰহণ নকৰাটোৱেই অতি পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে।তেঁওৰ সোঁৱৰণত কোনো এটা সংগঠন বা অনুষ্ঠানে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি পানীন্দ্ৰ নাথ গগৈদেৱৰ আজো নাতি স্কুল ইন্সপেক্টৰ দয়াকৃষ্ণ গগৈ দেৱে অতি দুখ প্ৰকাশ কৰে। এই জনা মহান পুৰুষে ১৮৯৯ চনৰ ৩১ ডিচেম্বৰ তাৰিখে মাত্ৰ ২৯ বছৰ বয়সতে জীৱন নাট সামৰিছিল।জীৱনৰ অতি কম সময়ৰ ভিতৰতে অসমীয়া সাহিত্য জগতলৈ যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। অৰুণোদই কাকতৰ যোগেদি নানা ৰচনাসম্ভাৰ প্ৰকাশ কৰাৰ উপৰিও ১৮৭৩ চনত আদিপাঠ, ১৮৮৬ চনত অসমীয়া লৰা ব্যাকৰণ, ১৮৯২ চনত পঢ়াশলীয়া অনুষ্ঠান প্ৰকাশ কৰি অসমৰ পঢ়াশালীৰ উপযোগীপুথি প্ৰণয়ন কৰি অসমীয়া সাহিত্য ভৰাল চহকী কৰি থৈ গৈছে।পানীন্দ্ৰ নাথ গগৈ দেৱে জোনাকী কাকতত প্ৰৱন্ধ লিখাৰ ওপৰিও বিজুলীত কবিতা লিখিছিল।পদ্মনাথ গোহাঞিবৰুৱাৰ লগত তেখেতে’ সাহিত্য সংগ্ৰ্হ নামৰ মজলীয়া স্কুলৰ পাঠ্যপুথি এখনো যুটীয়াভাৱে পানীন্দ্ৰ নাথ গগৈ দেৱে সম্পাদনা কৰিছিল। এনে এগৰাকী মহান সাহিত্যিকক নতুন প্ৰজন্মৰ আগত চিনাকী কৰাই দিয়াটো প্ৰবীন লেখক সাহিত্যিকৰ যথেষ্ট কৰণীয় আছিল যদিও তেওঁৰ সম্পৰ্কে কাকত আলোচনীত আদিত বিশেষ একো পঢ়িবলৈ পোৱা নাযায়। সাহিত্য সভাক এই সম্পৰ্কে বিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰুধ জনাইছো।কোনো সদাশয় ব্যক্তি অথবা অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে তেওঁৰ সম্পৰ্কে এখনি গ্ৰন্থ প্ৰকাশৰ দিহা কৰিলে সাহিত্যনুৰাগী সকলো শ্ৰেণীৰ লোকেই কৃতাৰ্থ হ’ব।
সহায়ক পুথি: ১/ মোৰ সোঁৱৰণি- পদ্মনাথ গোহাঞিবৰুৱা ২/ জীৱনী সংগ্ৰহ-অসম প্ৰকাশন পৰিষদ ৩/সম্বাদ পত্ৰ ৰ’দ কাচলিত অসমীয়া সাহিত্য-নন্দ তালুকদাৰ বিশেষ ধন্যবাদ- টুনুজ্যোতি গগৈ,গল্পকাৰ