বাহিৰ পকীয়া পৰম্পৰা আৰু আহোম সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ (নাং প্ৰ্তিভা গগৈ)

আমাৰ গাঁওখনৰ ৰাইজ মলাজপীয়া বা কেঁচা আহোম। যি দিনাৰ পাৰই জনা বুজা হলো সেইদিনাৰ পৰাই কিছুমান সামাজিক বাধা নিষেধৰো সন্মুখীন হৈছিলো।“এইটো নকৰিবি, সেইটো নকৰিবি নেপায়, পাপে চুব” ইত্যাদি ইত্যাদি। কাৰণ সুধিলে কোনো উত্তৰ পোৱা নাছিলো। লাহে লাহে ডাঙৰ হৈ হাইস্কুল পালোগৈ। স্কুলত আমাৰ সম্প্ৰদায়ৰে বিভিন্ন লগৰীয়া লগ পালো কোনোবা ৰাজকোঁৱৰী, কোনোবা ফুকন, কোনোবা বৰুৱা। আটাইতকৈ আচৰিত হৈছিলো সেইদিনা যেতিয়া মোৰ লগৰীয়া এজনীয়ে সুধিছিল, “তুমি গাহৰি খোৱানে, ঘৰত সাঁজ পানী চলে নেকী???” মোৰ বৰ খং উঠিছিল, তথা ঘৃণাত নাক কোঁচ খাই গৈছিল। তাৰমানে তাই গাহৰী খায়, সিঁহতৰ ঘৰত সাঁজপানী খায়। ঘৰত কথাষাৰ কওতে জ্যেষ্ঠ সকলে কৈছিল সিঁহতি ভিতৰপকীয়া, সাঁজপানীৰেই সকলো সকাম নিকাম কৰে, আমাৰ লগত নিমিলে, গতিকে আঁতৰি থাকিবি। মোৰ সৰু মনটোৱে পিছে বেলেগ এটা কথাহে চিন্তা কৰিছিল। কাৰণ সৰুৰে পৰা আমাৰ সম্প্ৰদায়টো আহোম বুলি জানিছিলো, কিন্তু জনা নাছিলো যে আমাৰ মাজতো ভিতৰপকীয়া, বাহিৰপকীয়া আদি ভাগ আছে। মনতো অনুসন্ধীৎসু হৈ পৰাত সেই বান্ধৱী জনীকে সুধিলো, “তোমালোকে কিয় গাহৰি, মদ খোৱা, এইবোৰটো বেয়া বস্তু???” সেই বান্ধৱী জনী মোৰ দৰেই যদিও বয়সত সৰু আছিল, কিন্তু যি কেইটা কথা কৈছিল, সেই কথা কেইটাই মোৰ গোটেই চিন্তা ভাৱনাতে খেলি মেলি লগাই দিছিল। তাই কৈছিল, “আমাৰ জাতিটো এটা শক্তিশালী জাতি আছিল, ৬০০ বছৰ অসমত ৰাজত্ব কৰিছিল। আনকি মোগলেও আমাৰ লগত হাৰ মানিছিল। কিন্তু ইয়াত বাস কৰা সকলো মানুহ আহোম নাছিল, গতিকে আমাৰ জাতিটোক বশ কৰিবলৈ আহোমৰ বিপৰীত কিছুমান ধৰ্মীয় বিশ্বাসৰ সৃষ্টি কৰি আমাৰ মাজত বিভেদৰ সৃষ্টি কৰিলে।আৰু তাৰ ফলতে একে জাতৰ হলেও তোমালোকৰ সমাজখনে আমাৰ সমাজ খনক নেমানে বা আমাৰ সমাজখনেও তোমালোকৰ সমাজখনক নকল আহোম বুলি হাঁহিব বিচাৰে।” 
লাহে লাহে ডাঙৰ হৈ আহিলো, লগতে কেতিয়াও নুশুনা আন কিছুমান নেদেখা নুশুনা কথা কাণ্ডৰ লগত পৰিচিত হবলৈ ধৰিলো। আমাৰ গাঁৱৰ ৰাইজ যদিও মলাজপীয়া বা বাহিৰ পকীয়া আছিল, কিন্তু কোনো গোঁসাইক গাঁৱৰ নামঘৰৰ কাম কাজত ভাগ লবলৈ নিমন্ত্ৰণ কৰা নাছিল, তাৰ পৰিবৰ্তে মাজুলীলৈ গৈ তাৰ পৰা শৰণ ভজন আদি লৈ আহিছিলগৈ। কিন্তু আমাৰ গাঁওখন মাজুলীৰ যি সত্ৰৰ আন্তৰ্গত আছিল, সেই সত্ৰৰ কোনো গোঁসাইৰ জীয়েক আদিৰ বিয়া হলে, গোঁসাই কেইদিনমান আগতে আমাৰ গাঁৱলৈ আহে আৰু জীয়েকৰ বিয়াৰ বাবে এফালৰ পৰা মাননি সংগ্ৰহ কৰি যায়। মা দেউতাক সুধিলে একেই উত্তৰ, “আমাৰ গোঁসাই হয়, অলপ সহায় নকৰিলে পাপে চুব, তেনেকৈ কব নেপায় নহয়” ইত্যাদি ইত্যাদি। এবাৰ এজন ককাইদেউৱে এনে এজন গোঁসাইক উভতি ধৰাত গোঁসাইয়ে কৈছিল যে তেঁওলোক ঈশ্বৰৰ দূত, গতিকে তেঁওলোকক অপমান কৰা মানে ভগৱানক অপমান কৰা হয়। ককাইদেউ জনৰ কবলগীয়া বহুত আছিল যদিও জ্যেষ্ঠ জনৰ কথাত মনে মনে থাকিল। এনে কাণ্ডবোৰ দেখি খং উঠিলেও সমাজৰ বাবে একো বিৰুধ কৰিব পৰা নাছিলো। দেখিছিলো, ঈশ্বৰ আৰাধনাৰ নামত এটা মানসিক চাপৰ সৃষ্টি কৰা হৈছিল। নৱপ্ৰজন্মৰ যুৱক যুৱতী সকলৰ মাজত এটা আত্মবিশ্বাসহীনতাৰ বাতাবৰণে গা কৰি উঠা। পূৱাৰ পৰা ৰাতি শোৱালৈকে সকলো ঈশ্বৰৰ ভাল পোৱা বেয়া পোৱাৰ ওপৰতে যেন নিৰ্ভৰ কৰে। তাৰোপৰি দেখিছিলো উপাসনাৰ স্হল নামঘৰ বোৰত এক পৰচৰ্চাৰ পৰিবেশ গা কৰি উঠা। তাৰোপৰি এটা অতি নিকৃষ্ট কাণ্ড আছিল সৰু সৰু কথাতে সমাজখন ভাগ ভাগ হোৱা তথা দুই তিনিঘৰ মানুহ লগ লাগি এটাকৈ নামঘৰ নিৰ্মাণ কৰা। কিবা কবলৈ গলে মুঠতে নেপায়, পাপে চুব, শাও লাগিব আদি।
মোৰ মনত কেইটামান প্ৰশ্ন সততে জাগি উঠে, সেইকেইটা হল- কিয় আমাৰ সমাজ খনক ধৰ্মৰ ভাগ ভাগ কৰা হল??? আমাৰ মানুহে এই চক্ৰান্ত কিয় আজিও বুজি নেপালেযে ধৰ্মৰ নামত গোটেই জাতিটোকে একেবাৰে দুৰ্বল কৰি পেলোৱা হল??? আধুনিক যুগতো কোনোবা ৰঘূমলাই কলে বুলিয়েই আজিৰ নৱপ্ৰজন্মই কিয় নেপায়, পাপে চুব, শাও লাগিব আদি কথাবোৰ বিশ্বাস কৰে??? ভালকৈ বিশ্লেষণ কৰিলেই ইয়াত নিহিত হৈ থকা চক্ৰান্তবোৰ ওলায় পৰে।
শেষত সকলোকে আহ্বান জনাইছো, ধৰ্মক বিশ্বাস কৰক, কিন্তু বাস্তৱক প্ৰাধান্য দিয়ক, অলীক, অৱাস্তৱ, অন্ধবিশ্বাস আদিৰ পৰা আঁতৰি থাকক। সকলো ৰাইজ এই অসামাজিক কৰ্মকাণ্ডবোৰৰ বিৰুদ্ধে সজাগ হওক, সকলো ভেদাভেদ পাহৰি এটা জাতি হিচাপে নিজক পৰিচয় দিয়ক।। নিজৰ মাজতে বিবেদ থাকিবলৈ হলে এই চক্ৰান্তবোৰে আমাৰ সমাজখনক ভাগ ভাগ কৰাৰ দৰে এদিন আমাৰ ঘৰ খনকো ভাগ ভাগ কৰি আমাক নিশকতীয়া কৰি নাকত ধৰি চাকত ঘুৰাব। আৰু এদিন এনেকৈয়ে ৬০০ বছৰৰ গৌৰৱোজ্জল ইতিহাস থকা জাতি এটা পাহৰণিৰ গহ্বৰত বিলীন হৈ যাব।