আহোম পৰিধাৰণ বুৰঞ্জী

(চাও নগেন হাজৰিকা)
মৗং-দুন্‌-ছুন্‌
-খামলৈ অহাৰ সময়ত আহোমৰ পোচাক-পৰিচ্ছদ অৰ্থাৎ পৰিধাৰণ কি আছিল ? এই প্ৰশ্নটোক লৈ বহুতো বাক্‌-বিতণ্ডা চলি আহিছে ৷ নিৰপেক্ষ বৌৰঞ্জিক ঊদ্ধৃতি আৰু ঘটনাসমূহ পঢ়ি চালে আমি তাৰ প্ৰকৃত সন্ধান পাব পাৰোঁ ৷ চাও-লুং ছ্যু-কা-ফাই চে-ৰা-দয়ত থিতাপি লোৱাৰ পাছত এনে ঘটিছিল – “….. বৰাহীৰ চুৰিয়াৰ পোন্ধ ৰঙা, ক’লা, ধৱলা, এনে ধৰণৰ নেজ লুটি খায় ৷ পাছেআমাৰ মানুহে বোলে তহঁতে এনেকৈ চুৰিয়া নিপিন্ধিবি”…. [বৰবৰুৱা: ১৯৮১] ৷ উক্ত ঘটনাৰ পৰা এইটো বুজা যায় যে আহোমে পোন্ধ মৰা নাছিল, অৰ্থাৎ চুৰিয়া বা ধুতি পিন্ধা নাছিল৷ তেন্তে ইয়াতে এটা প্ৰশ্ন উঠে যে আহোমৰ মতা মানুহে সেই সময়ত কি পিন্ধিছিল ? উত্তৰ হিচাবে ক’ব পৰা যায় যে আহোম পুৰুষে সেই সময়ত পত্‌লুং আৰু গাত চাপ্‌-কন্‌ পৰিধাৰণ কৰিছিল ৷ সৰ্বানন্দ ৰাজকুমাৰ দেৱেও লিখি থৈ গৈছে, আহোমৰ পূৰ্বপুৰুষসকলে পূৰ্বে চুৰিয়া পিন্ধা নাছিল ৷ তেওঁবিলাকে সৰু গাঁঠিৰ ওপৰলৈকে পৰা এবিধ পট-লুং আৰু গাত এবিধ চোলা (চৌগা-চাবকন) পিন্ধিছিল [ৰাজকুমাৰ : ১৯৮০]৷
উত্তৰ-পূব ভাৰত তথা অসমত বসবাস কৰা কোনো কোনো তাঈ সম্প্ৰদায়ৰ লোকে কয় যে খাম্‌তি লুঙিখন তাঈ পুৰুষৰ পৰিধাৰণ আছিল আৰু এতিয়াও বৰ্তমান ৷ কিন্তু ছান্‌ স্তেটছৰ খাৰ্ন্‌ ছাই-জাই-য়েন্‌ আৰু অন্যান্য লিখকৰ লিখনিৰ পৰা জনা যায় যে ছান্‌ স্তেটছৰ পুৰুষৰ জাতীয় পৰিধান লুঙি নহয়৷ খাৰ্ন্‌ ছাই্‌ জাই্‌ য়েনে লিখিছে --- “They [৩] were also forced to were longy is (traditional Burmese skirts worm by males) instead of their traditional Shan trousers”.(Jayen : 766) অৰ্থাৎ “ছান্‌সকলৰ পৰম্পৰাগত পত্‌-লুঙৰ পৰিৱৰ্তে বাৰ্মানসকলৰ পাৰম্পৰিক লুঙি পিন্ধিবলৈ ছান্‌সকলক বাৰ্মিজহঁতে বাধ্য কৰাইছে ” ৷ ইয়াৰ অৰ্থ এই যে তাঈ-ছান্‌ বা জাই (য়াই)সকলৰ পুৰুষৰ পৰিধাৰণ হ’ল পত্‌লুং ৷ চীনদেশৰ তাঈ মানুহৰ পুৰুষসকলৰ পৰিধাৰণো ‘পত্‌লুং’ ৷ ইয়াৰ পৰা এইটোকে বুজা যায় যে হেমচন্দ্ৰ বৰুৱাই অসমীয়া অভিধানখন প্ৰণয়ন কৰাৰ সময়লৈকে অসমত ‘পত্‌-লুং’ শব্দটো সমাজত প্ৰচলিত আছিল ৷ আহোমৰ মতা মানুহে তেতিয়ালৈকে পৰম্পৰাগতভাৱে পত্‌-লুং পৰিধাৰণ কৰিছিল ৷ ধূতি আহোম জনসমাজত বহু পলমকৈহে সোমাইছে ৷ অসমীয়া লিখক কেইজনমানে অসমীয়া আৰু অন্যান্য ভাষাত লিখা বুৰঞ্জী পুথি তথা অন্যান্য পুথিত আহোমে চুৰিয়া পৰিধাৰণ কৰা বুলি দাঙি ধৰা উল্লেখসমূহ সত্য নহয় ; বৰং আহোমক ইণ্ডিয়ানাইজ কৰিবৰ বাবে মনে সজা অবাস্তৱক বাস্তৱৰ গঢ় দি আহোমে ধূতি পিন্ধিছিল ইত্যাদি কথা লিখা হৈছিল বুলি দৃঢ়ভাৱে ধাৰণা কৰিব পাৰি ৷
আহোমৰ পত্‌-লুংবিলাক ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকে পৰা আছিল ৷ চাও-ফাসকলৰ পত্‌-লুংবোৰ সকলোতকৈ দীঘল আৰু ডা-ডাঙৰীয়া,বিষয়া আদি সকলৰ বোৰ পদমৰ্য্যদা অনুসাৰ ক্ৰমাৎ চুটি আছিল ; কিন্তু সকলোবোৰ পত্‌-লুং আঁঠুৰ তলত পৰা আছিল ৷ আঁঠুৰ ওপৰত পৰাবোৰক পত্‌-নয় বোলা হৈছিল, যাক ইংৰাজীত ‘হাফ্‌ পেন্ট’ বোলা হয় ৷ বিষয়বাব নোপোৱা আহোমে বা আনুষ্ঠানিকতা নোহোৱা পোচাক হিচাবে আৰু বিষয়বাব খোৱা আহোমেও পত্‌-নয় পিন্ধিছিল ৷ অনানুষ্ঠানিক পোছাক হিচাবে আহোমে পাছলৈ হয়তো খাম্‌তি লুঙিবা অন্য তেনে বস্ত্ৰ পৰিধাৰণ কৰিছিল ৷ কিন্তু পাৎ-কাই পাৰ হৈ অহাৰ সময়ত আহোমে পত্‌-লুং আৰু পত্‌-নয়হে পৰিধাৰণ কৰিছিল আৰু আহোম ৰাজত্বৰ শেষলৈকে তেখেতসকলে এই পৰিধাৰণ ব্যৱহাৰ কৰি আছিল ৷
অন্য হাতেদি আহোমসকলে উদং গাৰে অথবা মাত্ৰ এখন কাপোৰেৰ গাটো ঢাকিয়েই দয়্‌-কাও-ৰং পাৰ হৈ অহা নাছিল ৷ তেখেত সকলে গাত চাপ্‌-কন্‌ পিন্ধিছিল ৷ চাও-ফাসকলে পিন্ধা ‘গোমচেঙৰ চোলা’টো প্ৰকৃততে ঙি-ঙাও-খাম্‌ অংকিত চাপ্‌-কন্‌হে আছিল ৷ প্ৰজাই ঙি-ঙাও খামকে চুম্‌-ছেং বুলি গণ্য কৰিছিল আৰু ‘চুম-ছেং’ শব্দটো অনা আহোমৰ মুখত পৰি ‘গোম-ছেং’ হ’ল ৷ চ্যুং-কুৱ শাসন কৰাৰ সময়তে তাঈসকলে চাপ্‌-কন্‌ আৰু চাও-ফাসকলে ড্ৰেগন্‌ (লুং/লা-কা) অংকিত চাপ্‌-কন্‌ পৰিধাৰণ কৰিছিল আৰু সেই পোচাকটো কালক্ৰমত নান্‌-চাও দেশত প্ৰচলিত হৈ পৰিছিল ৷ ইণ্ডয়াৰ সম্ৰাট কনিষ্কই বোধহয় নান-চাও দেশৰ পৰা সেই নমুনা নি চাপ্‌—ন্‌ চিলাই কৰি ৰাজকীয় পোছাক হিচাপে পৰিধাৰণ কৰিছিল ৷ কনিষ্কৰ (মুণ্ডহীন) মূৰ্তিটোত থকা চোলাটো তাঈ সকলৰ দীঘল চাপ্‌-কনটোৰ বাহিৰে অন্য একো নহয় ৷ প্ৰকৃততে কনিষ্ক কুছান্‌ বংশ (কুন্‌+ছান্‌> ‘কুন্‌=মানুহ; ‘ছান্‌’=তাঈ জাতিৰ এটা ঠাল)মূলীয় আৰু ‘কনিষ্ক’ শব্দটো মূল তাঈ শব্দ ‘কন্‌ + উক্‌-চা’ (‘কুন্‌’ = ধুনীয়া, ‘উক্‌-চা’=সকলো> ‘সকলোতকৈ ধুনীয়া’)ৰ সংস্কৃতকৰণ যেন লাগে ৷ কনিষ্কক ভাৰত বুৰঞ্জীত ‘দৈৱপুত্ৰ শাহানুশাহী’ অৰ্থাৎ ‘স্বৰ্গ-পুত্ৰৰ বংশধৰ ৰজাৰো ৰজা’ বুলি আখ্যা দিয়া হৈছে আৰু এই উপাধিটো প্ৰাচীন তাঈ বংশীয় এক পৰম্পৰা ৷ এইটো সত্য যে কনিষ্ক মংগোলীয় জনগোষ্ঠীভুক্ত আছিল ৷
চাও-লুং-ছ্যু-কা-ফাই পাৎ-কাই পাৰ হৈ আহোঁতে তেখেত আৰু লগৰীয়াসকলে চাপ্‌-কন পিন্ধিছিল ৷ চাপ-কনত অংকন চ্যুং-কুৱত ব্যৱহৃত ড্ৰেগনৰ ছবিটোৰ আকৃতিৰ কালক্ৰমত সাল-সলনি ঘটি ঘটিঙি-ঙাও-খামৰ ৰূপত ধাৰণ কৰিলে ৷ চাও-লুং-ছ্যু-কা-ফা আৰু পৰৱৰ্তী চাও-লুং/ চাও-ফাসকলৰ চাপ্‌-কন্‌ত সেয়েহে ঙি-ঙাও-খাম্‌ অংকিত আছিল ৷ আহোমে পত্‌-লুং, পত্‌-নয়, চাপ্‌-কন্‌ পিন্ধাৰ অভ্যাস থকাৰ বাবেহে বৰাহীসকলে মৰা তল পোন্ধটো আচহুৱা পৰিলক্ষিত হৈছিল ৷ “আৰু এই ৰজা দেৱৰ (চাও-লুং ছ্যু-কা-ফা) দিনতো পৰিধাৰণ কৰা বস্ত্ৰ বচোৱাল, টঙ্গালী, মূৰত পখ্‌ৰৌ অথচ দুই মূৰে ৰজা আঁচুৰ ফুল দিয়া কপাহী গামোচাখন মূৰত বন্ধা নিয়মহে আছিল” [সদৰ আমিন : ১৯৬২] ৷
দ্বিতীয়তে, আহোম মহিলাই আহোম মেখেলা পিন্ধিহে পাৎ-কাই পাৰ হৈছিল ৷ আহোমৰ মেখেলা যে অন্য মেখেলাতকৈ পৃথক, সেই কথা চাও-ফা ছ্যু-ছেং-ফাই সত্ৰাজিতলৈ পঠোৱা উপহাৰসমূহৰ পৰা বুজা যায় ৷ " এইবুলি সত্ৰাজিতলৈ বুলি মহাৰাজা পাট কাপোৰ, চিকন কাপোৰ,জালুক, আগৰ কাঠ--- এই সব দিলে আৰু তাৰ ঘাৰিণী ঘকলোলৈকে আই কুঁৱৰীৰ নামে আহোম মেখেলা এযোৰ কাপোৰ দিলে " [বৰবৰুৱা :১৯৮১] ৷ এতিয়া কথা হ'ল--- আহোম মেখেলা কি ? আহোম অহাৰ আগতেও এই অঞ্চলত মংগোলইদ তিৰোতাই হয়তো মেখেলা জাতীয় পৰিধাৰণ ব্যৱহাৰ কৰিছিল, কিন্তু সেই মেখেলাখন বুকুত মেথনি মাৰি পিন্ধা হৈছিল আৰু সেইখন চিলাই কৰা হোৱা নাছিল ৷ সেই মেখেলাবোৰ পথালিকৈ বোৱা আছিল ৷ বড়ো আৰু অন্যান্য মংগোলইদ গোষ্ঠীৰ মহিলাৰ পোচাকৰ পৰা সেইটো বুজা যায় ৷ কিন্তু আহোম মেখেলাবোৰ ঠিয়কৈ বোৱা আৰু ঠিয়কৈ চিলাই কৰা, তলে-ওপৰে পাতলি মাৰি চিলোৱা ৷ বৰ্তমান অসমত 'অসমীয়া' মাইকী মানুহে পিন্ধা মেখেলাখনেই আহোম মেখেলা ৷ সেই সময়ত এই অঞ্চলত বসবাস কৰা অমংগোলইদ মাইকী মানুহবোৰে শাৰীহে পিন্ধিছিল--- মেখেলা পিন্ধিব জনা নাছিল ৷ শংকৰদেৱৰ লিখনিত শাৰী পিন্ধাৰ বিৱৰণহে পোৱা যায় ---
" শাৰী পিন্ধি ঝোন্ট জালি
যেন মৈৰা কৰে চালি ৷"
অন্যহাতেদি আহোমে পাৎ-কাই পাৰ হৈ অহাৰ সময়ত প্ৰায়ভাগ মংগোলইদ মতা মানুহে লেংটি মাৰিছিল অথবা আঁঠুৰ ওপৰলৈকে চুৰিয়া পিন্ধিছিল; কিন্তু অমংগোলইদসকলে ধূতিহে পিন্ধিছিল ৷ মতাই হওক বা মাইকী মানুহেই হওক--- সেই সময়ত অমংগোলইদসকলে চিলাই কৰা পোচাক পিন্ধিব নাজানিছিল অৰ্থাৎ চিলাই কৰা পোচাক পিন্ধা সভ্যতাতো তেওঁলোকৰ মাজত নাছিল। তেওঁলোকে এখন দীঘল কাপোৰহে পিন্ধিব জানিছিল; সেইখনেই মতাই পিন্ধিলে ধূতি আৰু মাইকীয়ে পিন্ধিলে শাৰী হৈছিল ৷ পাছলৈ সেই কাপোৰখনৰ পাৰিটো বহল বা ঠেক কৰি শাৰী আৰু ধূতিৰ মাজত পাৰ্থক্য এটা অনা হ'ল ৷ এওঁলোকে গাত কোনো চোলা আদি পিন্ধিব জনা নাছিল, সেই দীঘল বস্ত্ৰখনেৰেই গাটোও ঢাকিছিল ৷ কিন্তু আহোমসকলে সু-সভ্য পোচাক পৰিধাৰণ কৰিছিল আৰু সেই সভ্যতা অসমত বিয়পাই দিছিল ৷ কোচ ৰজা নৰনাৰায়ণে ১৬ শতিকাত চাওফালৈ দিয়া বহুতো উপহাৰৰ ভিতৰত আহোম ৰাণীলৈ কেইখনমান শাৰীও পঠাইছিল ৷ আহোম ৰাজসভাৰ ডা-ডাঙৰীয়াসকলে শাৰীৰ উপহাৰ গ্ৰহণ নকৰি ঘূৰাই দিবলৈ চাও-ফাক উপদেশ দিছিল কাৰণ মৗং-দুন্‌-ছুন্‌-খামত মাত্ৰ খাৰ্‌চাই (বেশ্যা আৰু দুষ্ট মাইকী মানুহ) মাইকীয়েহে তেনে কাপোৰ পিন্ধিছিল [Rajguru : 1979] ৷ আহোম মহিলা আৰু ছোৱালীসকলে কঁকালৰ ওপৰ অংশত এটা মহিলা চাপ্‌-কন পিন্ধিছিল ৷ সেইটো সাধাৰণতে হাত দীঘল আছিল ৷ চাপ্‌-কনৰ ওপৰত বা চাপ্‌-কনৰ পৰিৱৰ্তে তেখেতসকলে দেহাৰ ওপৰ অংশত আৰু আঁঠুৰ ওপৰলৈকে ঢাক খোৱাকৈ দেহাটোৰ ওপৰত এখন ৰিহা মেৰিয়াই পিন্ধিছিল ৷ ৰিহা সংস্কৃতিটো আহোমৰ অৱদান ৷ ৰিহাৰ ওপৰত এখন চেলেং (আহোম শব্দ "চেন্‌" = এখন কাপোৰ, 'লেং'= ১ শব্দৰ অপ্ৰভ্ৰংশ) দি তেখেতসকলে দেহাটো আৱৰি ৰাখিছিল ৷ আহোম বিবাহিতাসকলে ওৰণি লোৱা নাছিল আৰু ওৰণিৰে মুখ ঢকা নাছিল [Grait :1981] ৷ তেখেতসকলে মূৰত এখন ফচৌ ('ফু' = মূৰ; 'ছু'= কাপোৰ টুকুৰা) হে মাৰিছিল ৷
"The Riha-Mekhela ensemble, specially the Riha was introduced into Assam by the Ahoms and it is associated with other Tai races of Thailand and Indo-China. [Desgupta : 1980]" ৷ অৰ্থাৎ "ৰিহা মেখেলাযোৰ বিশেষকৈ ৰিহাখন আহোমে অসমলৈ আনিছিল আৰু থাইলেণ্ড আৰু ইণ্ডো-চাইনাৰ অন্য তাঈ জাতিৰ লগত এইযোৰাৰ সম্বন্ধ আছে" ৷ বিশেষ মন কৰিবলগা এই যে, 'ৰিহা'ক আহোম ভাষাত 'ৰি-খাম্‌', 'লাং-বাত্‌', 'ফা-দাই' বোলা হয় ৷
এই প্ৰসংগত বিদেশী লেখক কেইজনমানৰ লিখনি কেইটামান পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন ৷
(১) মীৰজুমলাই অসম আক্ৰমণ কৰিবলৈ আহোতে লগত অহা ছিহাবুদ্দিন তালিছ বোলাজনে লিখিছিল যে সেই সময়ত অসমৰ মানুহে কোট, পায়জামা বা জোতা পিন্ধা নাছিল ৷ [Gait : 1980] পিছে কথাষাৰ সঁচা নহয় ৷ কাৰণ ছিহাবুদ্দিন অহাৰ আগতেও চাও-লুং/চাও-ফাসকলে খিপ্‌তিন্‌ (পয়জাৰ বা জোতা) ব্যৱহাৰ কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে ৷ দ্বিতীয়তে--- মোগল সৈন্য বাহিনীৰ লগত অহা লিখকজনে কেইজন চিভিলিয়ান আহোম বা বিষয়বাব খোৱা আহোমক লগ পাইছিল, দেখা পাইছিল বা দেখা পোৱা, লগ পোৱাৰ সৌভাগ্য ঘটিছিল, সেইটো বিবেচনীয় বিষয় ৷ তেনে হোৱাৰ কোনো অৱকাশ নাছিল আৰু যদি তেওঁ দেখা পোৱা বা লগ পোৱা নাছিলেই, তেন্তে চাও-ফা, ডা-ডাঙৰীয়াসকল বা অন্যান্য আহোমে চাপ্‌-কন পত্‌-লুং বা খিপ্‌-তিন্‌ পিন্ধিছিল নেনাই বা কেনে ধৰণৰ তেনে সামগ্ৰী ব্যৱহাৰ কৰিছিল সেই কথা নিৰূপন কৰাটো অসম্ভৱ আৰু বিষয়টোৰ ওপৰত তেনে ধৰণে লিখা কথাবোৰ অসত্য আৰু বলিয়ালি ৷ অৱশ্য এনেও হ'ব পাৰে যে মুছলমানৰ 'পয়জাৰ' আহোমৰ খিপ্‌-তিনতকৈ আকৃতি আৰু গুণগতভাৱে হয়তো পৃথক আছিল ৷ মোগলৰ ভাৱাৰ্থত ইংৰাজীত যিটো পৰিধাৰণক কোট বোলা হৈছে --- সেই 'কোট' অৱশ্য আহোম সংস্কৃতিত নথকাটোৱেই স্বাভাৱিক ৷
(২) মণ্টেগ'মেৰী মাৰ্টিনৰ 'Eastern India' নামৰ কিতাপখনত মি: বুখাননে লিখিছিল যে মুছলমানে ভাৰত আক্ৰমণ কৰাৰ আগতে ইণ্ডিয়াত কাপোৰ চিলাই কৰা অভ্যাসটো প্ৰচলিত নাছিল [Gohain : 1992] ৷ কথাষাৰ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য কৰি সেই কিতাপখন লিখা হৈছিল নে নাই সেইটো জনা নাযায়, কাৰণ ১৮২৬ খৃষ্টাব্দলৈকে অসমখন ইণ্ডিয়াৰ তলতীয়া নাছিল ৷ ১৩শ শতাব্দীত মুছলমানসকল পূবৰ পৰা অসমত সোমাইছিল; কিন্তু ইণ্ডিয়াত প্ৰচলন কৰাৰ পূৰ্বতেই আহোমে চিলাই কৰা পোচাক পৰিধাৰণ কৰা সভ্যতাটোৰ লগত অসমক পৰিচয় কৰাই দিছিল ৷ অন্যহাতেদি বুখাননৰ উক্ত মন্তব্য সঁচা নহয়, কাৰণ মুছলমান অহাৰ আগতেই চিলাই কৰা পোচাক পৰিধাৰণ কৰা তাঈ মানুহৰ সংস্কৃতিটো বোধহয় নান্‌-চাও দেশৰ পৰা নি সম্ৰাট কনিস্কই পশ্চিম ভাৰতত বিয়পাই দিছিল, যাৰ ফলত কনিস্কৰ বংশধৰ ক্ষত্ৰিয়সকলে পৰম্পৰাগতভাৱে চাপ্‌-কন্‌ পিন্ধিবলৈ ধৰিলে আৰু সেয়েহে ৰাজস্থানৰ ৰাজপুত তথা পশ্চিম ভাৰতৰ ক্ষত্ৰিয়সকলে আজিও পৰম্পৰাগতভাৱে আহোমৰ চাপ্‌-কন্‌ৰ নিচিনা 'চোলা' এটা নিজৰ জাতীয় পোচাক হিচাবে পৰিধাৰণ কৰে ৷ কনিস্কৰ মূৰ্তিটোত থকা চাপ্‌-কন্‌টোৱেই উক্ত চাপ্‌-কন্‌ চোলাসমূহৰ বুনিয়াদী নমুনা ৷ বোধহয় 'চোলা' বা 'চুলি' শব্দৰ উৎস তাঈ ভাষা ৷ চাপ্‌-কন্‌ৰ ওপৰত চাও-ফাসকলে 'চৌগা' শব্দটো আহোম ভাষাৰ 'চাও' (=গা, দেহা) আৰু 'ক্ক' বা 'ক্কা' (স্থাপন কৰা) শব্দ দুটাৰ সন্ধিৰ ফলত হোৱা অপ্ৰভ্ৰংশ আৰু 'চোলা' শব্দটোৰ উৎসও 'চাও-লা' শব্দৰ পৰা অহা যেন লাগে ৷ অথবা আহোমৰ 'ছু' শব্দৰ পৰা 'চোলা' হৈছে ৷
অন্য এক দৃষ্টিকোণৰ পৰা ফঁহিয়াই চালে দেখা পোৱা যায় যে চাও-লুং-ছ্যু-কা-ফা অহাৰ আগৰে পৰাই তিপাম্‌ অঞ্চলত তাঈ মানুহ বসবাস কৰিছিল আৰু নৰা ৰজাৰ অধীনত এক তাঈ বংশৰ ৰজাই ৰাজ্য শাসন কৰিছিল ৷ চাও-লুং-ছ্যু-কা-ফা আহি মাই-খ্ৰু-ৰং নামৰ এজন মানুহ লগ পাইছিল, যিজনে ৰজাৰ পোচাক চিলাই কৰিছিল [Barua : 198] ৷ ইয়াৰ পৰা সঠিককৈ ক'ব পৰা যায় যে মৗং-দুন্‌-ছুন্‌-খামলৈ অহাৰ আগৰে পৰাই আহোমে আৰু অন্যান্য তাঈ মানুহে চিলাই কৰা পোচাক পিন্ধিছিল ৷ আহোমৰ অগ্ৰজ তাঈ মহিলাই কেনে ধৰণৰ পৰিধাৰণ ব্যৱহাৰ কৰিছিল তাৰ এক সম্যক জ্ঞান কিছুমান বুৰঞ্জী পুথিত উল্লেখিত জা-ছিং-ফা দেৱীৰ পোচাক-পৰিচ্ছদ আদিৰ পৰা লভিব পৰা যায় ৷ বুৰঞ্জীত উল্লেখ আছে যে জা-ছিং-ফাই বহুতো স্বৰ্ণ তাৰকাৰে বুটা পোছাক পৰিধাৰণ কৰিছিল ৷ ডিঙিত সোণৰ কণ্ঠহাৰ আৰু চুলিত হীৰাৰ ফুল পিন্ধিছিল ৷ তেখেতৰ অপৰূপ পৰিধাৰণে সকলোৰে চকু জলমলাই তুলিছিল [Barua : 1981] ৷
খৃষ্টপূৰ্ব ২২১ চনৰ আগলৈকে আহোমৰ পূৰ্ব পুৰুষৰ বংশধৰ বুলি পৰিগণিত আৰু ছুং-কুৱ (বৰ্তমান চীনদেশ) শাসন কৰা তাঈ সম্প্ৰদায়ৰ ছিয়া , ছাং আৰু চাওসকলৰ মাজত প্ৰচলিত চিলাই কৰা পোচাক সম্পৰ্কে পণ্ডিত কন্‌-ফু-ছিয়াছে লিখি থৈ গৈছে [Muller : 1988] ৷ তলত দিয়া অনুদিত কথাখিনিৰ পৰা সেই বিষয়ে সবিশেষ বুজিব পৰা যায় ৷
(১) অতীজৰ পৰা দীঘল পোচাকটোৰ নিৰ্দিষ্ট এক জোখ-মাপ আছিল, যাতে প্ৰয়োজনীয় কম্পাছ্‌ (compass) , ছেট্‌ স্কোৱাৰ (set-square), শাৰী (line), সমতা (balance) আৰু মাপকাঠি (steel yard) আদিৰ লগত জোখে-মাখে, খাজে-খাপে মিল খাই পৰে ৷ গাৰ ছাল মণিব পৰা জোখাৰে ই চুটি নাছিল অথবা মাটিত চুঁচৰি যোৱাকৈ দীঘল কৰি বনোৱা হোৱা নাছিল ৷ চোলাটো চিলাই কৰোতে বাহিৰমুৱা হৈ থকা কাপোৰৰ টুকুৰাবোৰ জইন কৰি কাষতে চিলাই কৰি থোৱা হৈছিল, কঁকালত পৰা যোৰাটো বহলে তলত ওলমি থকা ঘেৰটোৰ আধা আছিল ৷
(২) গা চোলাটোৰ লগত হাত দুখন কাষলতিৰ তলত যোৰা দিয়া হৈছিল যাতে কিলাকুটি দুটা মুকলিমুৰীয়াকৈ লৰচৰ কৰি থাকিব পাৰে; হাতৰ ওলমি থকা অংশটো উজাই নি কিলাকুটিৰ ওচৰত চিলাই কৰি থুপ খুৱাই খুৱাই দিয়া হৈছিল ৷ ফা-বিন্‌ বাই-ৰাম্‌ (টঙালি)খন (তল পেটৰ) হাড় নথকা ঠাইত ৰখা হৈছিল যাতে ওপৰে কামিহাড় আৰু তলে কৰঙনত চাল-চলন কৰোতে অসুবিধা পোৱা নাযায় ৷
(৩) পোছাকটো বনাওঁতে ১২ টুকুৰা কাপোৰ জোৰা দি লগোৱা হৈছিল ৷ এই ১২ টুকুৰা কাপোৰ বছৰটোৰ ১২টা মাহৰ লগত সামঞ্জস্য ৰখা হৈছিল ৷ চোলাটোৰ হাত দুখন ঘূৰণীয়া আছিল--- এনে লাগিছিল যেন এখন কাঁহীৰে সেই হাত দুখন বনোৱা হৈছিল ৷ ডিঙিৰ ওচৰৰ খোলা ঠাইখিনি (কলাৰ) বৰ্গক্ষেত্ৰ আকাৰৰ আছিল যেন স্কোৱাৰ নামৰ সৰঞ্জামটোৰ সহায়ত তেনেকৈ কাটি চিলাই কৰা হৈছিল ৷ পকোৱা ৰচীৰ নিচিনা দেখা পাছফালৰ চিলাইটো ভৰিৰ সৰু গাঁঠিৰ ওচৰলৈকে নমা আছিল , যেন সেইডাল এডাল সৰল ৰেখাহে ৷ চোলাটোৰ তলৰ পতাটো মাপকাঠি ডালৰ নিচিনা মিহি আছিল ৷
(৪) খোজ কাঢ়োতে চোলাটোৰ ঘূৰণীয়া হাতখনৰ মাজেদি খ্ৰুপ্‌-তাং কৰিবৰ বাবে হাতখন পৰিপাটিকৈ উলিয়াই ল'ব পৰা গৈছিল ৷পকোৱা ৰচিৰ নিচিনা দেখা পাছফালৰ চিলাইটো আৰু ডিঙিৰ সন্মোখত থকা বৰ্গাকাৰ কলাৰ--- এই দুয়োটাই পিন্ধোতাজনক সঁকীয়াই দিছিল--- কেনেকৈ তেখেতৰ চৰকাৰখন সজ পথত চলা উচিত আৰু বৰ্গক্ষেত্ৰটোৰ দৰে তেখেত শুদ্ধ হ'ব পাৰে [Muller : 1988] ৷ চোলাটোৰ তলৰ মিহি পতাটোৱে মাপকাঠিডাল লাৰু তুলাচনিৰ মাৰিডালৰ দৰে পিন্ধোতাজনৰ ইচ্ছাশক্তিক শান্তিত থাকিবলৈ দিয়ে আৰু অন্তৰখনক মিহি আৰু শান্ত কৰি ৰাখে ৷
(৫) চিলাই কৰোতে এই পাঁচোটা নিয়ম মানি চলাৰ বাবে ম-মুন্‌ সকলে এই পোচাকটো পৰিধাৰণ কৰিছিল ৷ ইয়াৰ বৰ্গাকাৰত আৰু গোলাকাৰত তেখেতসকলে আপোনপেটীয়া নহবৰ বাবে থকা সতৰ্কবাণী দেখা পাইছিল; চোলাটোত থকা ৰেখাৰ নিচিনা পোনপটীয়া গুণত তেখেতসকলে শুদ্ধ হৈ থকাৰ উপদেশ দেখা পাইছিল আৰু তুলাচনীৰ নিচিনা জোখ-মাপত মিহিত্বত নিৰপেক্ষতাৰ শিক্ষা দেখা পাইছিল। সেইকাৰণে অতীতৰ ৰজাসকলে এই চোলাটোত বহুতো মূল্য আৰোপ কৰিছিল- তেখেতসকলৰ সামৰিক আৰু অসামৰিক কৰ্তব্য পালন কৰোঁতে পিন্ধিব পাৰিছিল; এইটো পিন্ধিয়েই তেখেতসকলে সাক্ষাৎ প্ৰাৰ্থীসকলক সোধ-পোচ কৰিছিল আৰু সেনা বাহিনীৰ বিভাগবোৰ (cohorts) নিয়ন্ত্ৰণ কৰিছিল।
(৬) পোচাকটোত কৰা অলংকৃতকৰণ আছিল এনে ধৰণৰ- মাক-দেউতাক আৰু বুঢ়ী আই, বুঢ়া দেউতাই জীয়াই থকাৰ সময়ত এজন পুত্ৰই চোলাৰ পতাত ফুল বচা পোচাক পিন্ধিব পাৰিছিল। মাক-দেউতাক ঢুকুৱাজনেহে নীলা ফুল বচা পতা লগাব পাৰিছিল। মাউৰাই বগা পতাৰ পোচাকহে পিন্ধিব পাৰিছিল। হাতৰ মুখত থকা পতা আৰু পোচাকৰ তলৰ পতাবোৰ বহলে ডেৰ ইঞ্চি আছিল।
আহোম ভাষাত মেখেলাক “ফা-ছিন”,“ৰি-খাম্‌” বা “ফা-দাই”, চোলাক “ফা-ছু”, গামোচাক “ফা-চিত্‌”( কাও-ম-চা) , লুঙিক “ফা-নই”,“ফা-ৰেম” বোলা হয়। ভুলতহে “ফা-নই” আৰু “ফা-ৰেম”ৰ প্ৰতিশব্দ হিচাপে “চুৰিয়া” বা “ধুতি” কোৱা হৈছে [Lexicon:1964]
টোকা আৰু গ্ৰন্থপঞ্জী
১) বৰবৰুৱা, হিতেশ্বৰ- আহোমৰ দিন(১৯৮১ চন, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী পৃ:২২)
২) ৰাজকুমাৰ, সৰ্বানন্দ- ইতিহাসে সোঁৱৰা ছশটা বছৰ(১৯৮০ চন, প্ৰকাশিকা শ্ৰীমতী অমিয়া ৰাজকুমাৰী, গুৱাহাটী,পৃ: ৮৬-৮৭)
৩)’They’= The Shans
৪) Jayen, Khernsai. The Dying of culture- a research paper published in The TAI( VOl.I) 766 Suo-Ka-Pha year,Ban Ok Pup Lik Mioung Tai P: 168
৫) সদৰ আমিন, হৰকান্ত- অসম বুৰঞ্জী,১৯৬২, বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, অসম চৰকাৰ
৬) বৰবৰুৱা , হিতেশ্বৰ( ১নং টোকা মতে পৃ: ১০৩)
৭) কীৰ্তনৰ হৰমোহন অধ্যায়
৮) Rajguru, Sarbeswar- Medieval Assamese Society,1979,Nagaon,P: 171
৯) Gait,E.A- A History of Assam