খেতিয়কৰ তৃপ্তিৰ এসাঁজ(ধ্ৰুৱজ্যোতি ফুকন)

ভঁৰালৰ মাৰলিত উলমাই থোৱা লাহনীখন নমাই, খৰি চাঙৰ পৰা খালৈটো আনি কঁকালত মেৰাই লৈ আকাশখনলৈ এবাৰ চাই ললে ৷ শাওনৰ দুপৰীয়া, পথাৰলৈ বুলি গহীনাই খোজ ললে ৷ ফিৰফিৰিয়া গাভৰু পথাৰৰ গৰম মিহলি বতাহ এচাতিয়ে বাঁহপাতকেইখিলাৰ
লগতে তাৰ তামবৰণীয়া দেহাটো চুই যায়হি ৷ পথাৰখন তিলেশ্বৰৰ বাবে নতুন নহয় ৷ কিন্তু সেউজীয়া সপোনবোৰ প্ৰতিবাৰেই নতুন ৷ প্ৰখৰ ৰ'দে পথাৰৰ পানীবোৰ গৰম কৰে ৷ গৰমত মাছ-পুঠিবোৰ পথাৰৰ কম পানীত চৰিব নোৱাৰি তাহাঁতৰ দ' ডুবাতে খনা সৰু পুখুৰীটোতেই সোমায়হি ৷ খেতিৰ দিনকেইটাত শুকটি, খৰিচাৰ সৈতে পঁইতা-কৰ্কৰা একাঁহী খাই নাহিলে আলি দিওঁতে কোৰখনত বোকা সোমোৱাবলৈকে টান ৷ ভনীয়েকেও শুকটি এচুঙাৰ আব্দাৰ কৰি আছিল ৷ একাষৰিয়াকৈ ধোঁৱাচাঙত তুলিব লাগিব ৷ যোৱাবাৰ বিহুতেই যোৱা ভনীয়েৰ ঘৰলৈ ৷ একেটা পাকতে বাৰীৰ পকা তামোলকেইঠোকা পাৰি চহৰত বেচি থৈ আহিব পাৰিব ৷ কেৰ্কেটুৱা সোপাৰ যি হে উৎপাত ৷ নাঙল সামৰি কলৈ কলৈ যাব তাৰ দীঘলীয়া তালিকা এখন বনাই বনাই পুখুৰীৰ ভেটাটো ঠিক ললে ৷ লাহনিখনৰ দীঘটো আৰু পানীৰ গভীৰতাক মিলাই কোণ এটাত জপংকৈ নামি দিলে ৷ পানীত নামিয়েই গৰৈ-চিৰিকা কেইটামানে তাৰ ভৰিত খুন্দিওৱাৰ উমান পাই পাৰৰ খালৈটোলৈ এবাৰ চাই পানী সিঁচাত লাগি গ'ল ৷
গাওঁখনত বা'ৰমাহেই উৎসৱমুখৰ পৰিৱেশ এটা থাকে বাবে চাগে তাৰ মনটো সদায় পাতল হৈ থাকে ৷ ব'হাগে এৰা বুলিলেই জেঠুৱা নামলোৱা, পথাৰৰ মাটি ফলা ৷ কঠিয়া সিঁচি আহাৰৰ ষাঁঠ ভাঙে মানেই ৰুৱনীৰ আলপৈচান ধৰা ৷ ভূঁই ৰুই শেষ হয়হে, গোজবোৰ বাঢ়িবলৈ ধৰেহে, কাতি সোমায়েই নহয় ৷ আকৌ খেতি চপোৱা, ন-খোৱা, মাঘক আদৰা ৷ এনেদৰেই লাই,মূলাৰ বীজ সঁচলৈ থয় মানেই বছৰটি গলেই দেখোন ৷ দেউতাকৰ বছৰেকীয়াখনো ব'হাগতেই পৰে ৷ সেই তেতিয়াই মিতিৰ কুটুমক আলহী কৰি যি এসাজ খায় ৷ এইবাৰ মাকে মইনাৰ শুধি ভাঙি নামঘৰতে মৃতকলৈ শৰাই এখনি দি থব কলে ৷ খেতিয়কৰ সংসাৰ ৷ মৃতকে ধৰিলে আকৌ অপায়-অমংগল গোচাওঁতেই টোকোনা হ'ব লাগিব ৷ এনেও টোকোনা সংসাৰত মইনা অহাৰে পৰা অলপ হাঁহিবলৈ পাইছেহে ৷ এয়াই তাহাঁতৰ সৰগৰ সুখ ৷
কথাৱোৰ ভাৱি ভাৱি কেতিয়ানো পুখুৰিটো সিঁচি শেষ কৰিলে সি উমানেই নাপালে ৷ ভেটাটো খুলি দিলে সি ৷ খালৈটোৰ মুখত সোপা দি ঘোলা পানীতেই আওখালি মাছকেইটা আকৌ এবাৰ চাই এটা তৃপ্তিৰ হুমুনিয়াহৰ সৈতে ঘৰলৈ বুলি খোজ ললে ৷ কাৱৈ,পুঠি,ডৰিকণ
া,খলিহনা,চেঙেলী,ভেচেলি,গৰৈ,মাগোৰ,চিৰিকা,বটীয়া,শিঙি,দুই এটা শিঙৰা আৰু কুচীয়া ৷ কেতিয়াবা ওচৰৰ জানৰ পৰা দুই এটা টোৰা,বামী সোমায়াহি ৷ পিছে ডৰিকণাৰ লগত নহৰু দুফুটা মান দি মান ধনীয়াৰ সৈতে পাতত দি খাইহে ভাল পাই সি ৷ কণ জলকীয়াৰ সৈতে গোল নেমু এচকল চেপি ললে সোৱাদেই বেলেগ হৈ পৰে ৷ মইনাৰ মাকে এইবোৰ বৰ জুতি লগাকৈ ৰান্ধে ৷ সেইবাবেই সি আখলৰ দৰকাৰী বস্তু সমূহ যোগোতাই ভাল পায় ৷
বেলিটো তেতিয়া সিপাৰৰ বাঁহনীখনৰ মুৰত উঠিছিলগৈ ৷ গাওঁখনলৈ আনদিনাৰ দৰে আজৰি বেলাটো নামি আহিছিল ৷ ঘৰ পাই সি পোনছাতেই খালৈটোৰ সৈতে নাদৰ পাৰ পালেগৈ ৷ পেটলৈ ভোক অলপ আহিছিল ৷
: হেৰা কেৰাহীখন পাতা ৷ মাছ আনিছো ৷
তিলেশ্বৰৰ মাতত মইনাৰ সৈতে চিলমিল টোপনীত বাগৰি থকা পদুমীয়ে খপজপকৈ নাদৰ পাৰলৈ বুলি উঠি আহিল ৷ মানুহজনলৈ বুলি ৰৈ ৰৈ তায়ো হয়তো ভোকতেই টোপনী গৈছিল ৷ মাছকেইটাৰ পেটু কাঢ়ি শিঙি দুটামান লৈ তাই আখলঘৰত সোমাল ৷ পুৱাতেই তুলি থোৱা মেজেঙাৰ আগ দুডালমানৰ সৈতে আঞ্জাখনৰ জুতি বঢ়াই বেৰৰ জলঙাইদি বাহিৰৰ আকাশখনলৈ চাই থাকিল ৷
আকাশখনতনো কি আছে চালেই যে চাই থাকিবৰ মন যায় ৷ নীলা নীলা আৰু মাজে মাজে শুকুলা ডাৱৰ ৷ কেতিয়াবা চুই চাবলৈ মন যায় কেনেকুৱানো লাগে ব'গা ব'গা ডাৱৰবোৰ ৷ চহৰৰ ঘৰবোৰত থকা বিছনাবোৰৰ দৰে কোমল নহবনে বাৰু ! ডাৱৰত শুই শুই তাই ধুনীয়া সপোন দেখিব ৷ মইনাই উমলিব আৰু মানুজনে দূৰৰ পৰা মিচিকিয়া হাঁহি এটি মুখত লৈ তাহাঁতলৈ চাই থাকিব ৷ অৱশ্যে তাই সপোন নেদেখে ৷ কবলৈ গলে দিনৰ ভাগৰে তাইক সপোন দেখিবলৈ সময় নিদিয়ে ৷ সেইবুলিয়েই তাইৰ সপোন নথকা নহয় ৷ তাইৰ সপোনত মইনা ডাঙৰ হয় ৷ মা মা বুলি চিঞৰি কোলালৈ আহে ৷ হাটৰ পৰা দেউতাক উভতিলে মোনাটো খুলি চায় ৷ পিছে তাই সপোনবোৰ ডাঙৰ হ'বলৈ নিদিয়ে ৷ ভয় কৰে, জানোচা মৰমবোৰে নাটে ! তাই নাজানে, মানুহজনে বা এইবোৰ ভাৱে নে নাভাৱে ৷ পুৱাৰ চাহবাটি, আঞ্জাখন ভাল হৈছে কলেই তাই সন্তুষ্ট হয় ৷ ভালপোৱা কি তাই নিচিনে ৷ সেই সৰুতেই ক'কাকে শিকোৱা ডাঙৰলৈ সন্মান,সৰুলৈ মৰম ৷ কথাষাৰি তাই আজিও আখৰে আখৰে পালন কৰে ৷ জোৰোণৰ দিনা মাকে কোৱাও মনত পৰে, "মানহুটোক ভগৱান বুলি ভাৱিবি" ৷ মাকৰ কথাষাৰ সঁচা আছিল ৷ তাই বুজে ৷
বাৰিষাৰ বতৰত কেতিয়াবা শিল বৰষুণে মুধচ ফুটালে বৰষুণৰ পানী সৈতে দুচকুৰ লোটক বৈ আহিব খোজে ৷ কিন্তু মানুহজনে নিশাই মৈ বগাই চালচোৱা দেখিলে চকুলো সামৰিবলৈ বাধ্য হয় ৷
: হেৰি শুনিছে, ভাত বাঢ়িব লৈছো আহক ৷ চেঁচা পৰিলে সোৱাদ নাথাকিব ৷
তিলেশতিলেশ্বৰে গাটো পখালি মইনাৰ কাষতে বাগৰি আছিল ৷ ভাগৰ অলপ লাগিছিল তাৰ ৷ অৱশ্যে মনৰ ভাগৰৰ বাহিৰলি মইনাৰ কাষতে বাগৰি আছিল ৷ ভাগৰ অলপ লাগিছিল তাৰ ৷ অৱশ্যে মনৰ ভাগৰৰ বাহিৰে এনেবোৰ ভাগৰক ভাগৰ বুলি গণ্যই নকৰে সি ৷ তিনিমহীয়া শিশুটিৰ মুখখনলৈ একেৰাহে চাই আছিল ৷ এই কণমানি শিশুটিয়ে কি বা চিনে সুখ-দুখ সংসাৰৰ মায়া মোহ ৷ জন্ম হৈয়েই শিকি আহিছে কান্দিবলৈ ৷ কণমানি ক'লা চকুদুটাৰে পৃথিৱীখন চিনিব খোজে ৷ টোপনী গলেই বন্ধ পলকৰ সিপাৰে যেন এখন নতুন পৃথিৱীয়ে তাক মাতে, জীৱন কি চিনিবলৈ ৷
ভাৱনাত বিভোৰ হৈ তাৰ মনটোও উৰি যায় শৈশৱলৈ ৷ মাক,দেউতাকৰ কাষলৈ....
: হেৰি শুনিছেনে, ভাত বাঢ়িছো কৈছো আহক আ'ক ৷
: এহঃ পাহৰিছিলোৱেই ৷ গৈছো ৰ'ৱা ৷
পীৰাখন পোনাই তিলেশ্বৰে লেপেটা কাঢ়ি বহি ললে ৷ গৰম ভাতৰ গোন্ধত পেটৰ ভোকটো আৰু অলপ উজাইছিল ৷ আঞ্জাখনৰ সৈতে বৰ তৃপ্তিৰে এসাঁজ খালে সি ৷ পদুমীৰ হাতৰ তৃপ্তিৰ এসাঁজ ৷ খেতিয়কৰ তৃপ্তিৰ এসাঁজ ৷ শাওনৰ পথাৰখন ইতিমধ্যে বাৰিষাই চেঁচা কৰিছিল আৰু বেৰৰ জলঙাইদি তেতিয়াও পোহৰ বিৰিঙি আছিল ৷ পোহৰ......জীৱনৰ
...... !