ফান টাই (লিজা লাহন)

লাচিতৰ দিনৰে জ্বলা জুইকোৰা,
আজিও আছোঁ যেন বুকুতে লৈ, 
হেলাৰঙে দি যাম বুলি দেহৰ প্ৰতি টোপাল তেজ,
নৱপ্ৰজন্ম ওলাই আহা,নাথাকিবা দূৰতে ৰৈ..
জেৰেঙাতে মাতৃ,সতী জয়মতী তুমি,
এটোপ দুটোপ কৰি তেজৰ নৈ বোৱাই
দি গ'লা নিজক দেশৰ হকে,জাতিৰ হকে,
শুনো যেন গদাপাণিৰ কান্দোন
আজিও জেৰেঙা পথাৰৰ আশে পাশে...
সাহসী মূলাগাভৰু,তোমাৰ আদৰ্শেৰে
অনুপ্ৰাণিত কৰিলা,নাৰী জাতিক নৱৰূপ দি গ'লা,
জীৱন যুঁজত জয়ী হ'বলৈ যেন শিকাই গ'লা,
সচাঁয়ে,হে নাৰী তুমি মহান...
ওলাই আহা সমনীয়া,আগবাঢ়ি যাওঁ,
কঁকালত টঙালি বান্ধি যুঁজিবলৈ যাওঁ..
নাৰী কি!পুৰুষ কি!সকলো সমান,
ব'লা সকলো আগবাঢ়ি কৰি যাওঁ জাতিক মহান..