বাংলাদেশী'- অসমীয়াৰ ভৱিষ্যত আৰু গোষ্ঠীগত চিন্তাৰ পটভূমিত আহোমৰ গুৰুত্ব

(চিলেট নিলাম গনভোটে
আসাম নিব জনবলে)

ভয়ংকৰ এক ভয়ংকৰ দীৰ্ঘম্যাদী পৰিকল্পনা। বাংলাদেশী ৰাজনীতিৰ এই ষড়যন্ত্ৰৰ বিষয়ে বহু জ্যেষ্ঠজনৰ দীৰ্ঘদিনীয়া অভিযোগ। অসমীয়াৰ মন মগজু আতংকিত কৰা এটা পৰিকল্পনা। বহু ধৰ্মীয় সংখ্যালঘূ ব্যক্তি আৰু সংগঠনে এই পৰিকল্পনা নস্যাৎ কৰাটো স্বাভাৱিক। কিন্তু বাস্তৱ পৰিস্থিতি সকলোৰে জ্ঞাত। পৃথিৱী কঁপাই যোৱা বিখ্যাত ছাত্ৰ আন্দোলনৰ ফলশ্ৰুতিত সম্পাদন হোৱা অসম চুক্তি (বুজাবুজিৰ চুক্তি)ৰ ত্ৰিশ বছৰ অতিক্ৰম কৰাৰ পাছতো বাংলাদেশী খেদিবলৈ সক্ষম নোহোৱা কথাটোৱে সকলো স্তৰৰ লোককে নিজৰ ভৱিষ্যতৰ প্ৰতি সন্দিহান কৰি তুলিছে। অসমীয়া জাতি আজি ভীতিগ্ৰস্ত। এটা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ১৯০১ চনত ভাৰতৰ জনসংখ্যা আছিল ২৩৮৪ লাখ আৰু ২০০১ চনত ই হ’লগৈ ১০২৭০ লাখ। অসমৰ জনসংখ্যা ১৯০১ চনত আছিল ৩৩ লাখ আৰু ২০০১ চনত ই হ’লগৈ ২৬৬ লাখ। ১৯০১ চনৰ পৰা ২০০১ চনলৈ ভাৰতৰ জনসংখ্যা বৃদ্ধি হ’ল ৩৩১ শতাংশ আৰু এই সময়ছোৱাত অসমৰ জনসংখ্যা বৃদ্ধি হ’ল ৭০৬ শতাংশ। যোৱা এশ বছৰত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ভাৰতৰ ক্ষেত্ৰত ৪.৩ শতাংশ আৰু অসমৰ ক্ষেত্ৰত ৮ শতাংশ । এই তথ্যটো লক্ষ্য কৰিলেই গম পোৱা যায় কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে আমি এটা ভয়াবহ ভৱিষ্যতৰ দিশে গতি কৰি আছোঁ। আমাৰ অস্তিত্ব বিপদাপন্ন, ভৱিষ্যত অন্ধকাৰ, ভেঁটি উছন হ’বলৈ বেছি পৰ নাই। এতিয়া আমাৰ কৰণীয় কি? আমি দেখি আহিছোঁ ইমানবোৰ আন্দোলন, চুক্তি হোৱাৰ পাছতো ইয়াৰ ফলপ্ৰসু সমাধান নোহোৱাৰ মূলতেই ভাৰতীয় সংবিধানৰ কেতবোৰ সুৰুঙা। তাৰোপৰি বাংলাদেশৰ লগত এই বিষয়ত কোনো ধৰণৰ স্পষ্ট চুক্তি নাই। যিটোৰ সুবিধা লৈ আছে অবৈধ বাংলাদেশী নাগৰিকে তথা কিছুমান সু-চতুৰ ৰাজনীতিবিদ আৰু ৰাজনৈতিক-অৰাজনৈ
তিক দল-সংগঠনৰ ফলশ্ৰুতিত অসমৰ কেইবাখনো জিলাৰ জনগাঁঠনি সম্পূৰ্ণৰূপে সলনি হৈ গ’ল। প্ৰচলিত ব্যৱস্থাৰ ওপৰত মানুহৰ সন্দেহ গাঢ়ৰ পৰা গাঢ়তৰ হৈ গৈ আছে।এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিভিন্ন সূত্ৰ উদ্ভাৱন কৰা হৈছে। শেহতীয়াকৈ অসমীয়াৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাব লগা হৈছে। কোন জনগোষ্ঠী খিলঞ্জীয়া, ভিত্তি বৰ্ষ কি হ’ব এইলৈ বিতৰ্ক চলিছে, চলিব। এফালে ঐতিহ্য, পৰম্পৰা, অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আনফালে বহিৰাগত-বিদেশীৰ অবৈধ দখলদাৰী অভিযান। ইয়াৰ মাজত খিলঞ্জীয়াৰ ভৱিষ্যত। জোঁৰ পুৰি হাত পালেহি, এতিয়া নিজকে ৰক্ষা কৰাৰ সময়। এই পটভূমিতে গোষ্ঠীগত আন্দোলনৰ যুক্তিযুক্ততা আছে, গুৰুত্ব তথা প্ৰয়োজনীয়তা অধিক হাৰত বৃদ্ধি পাইছে। প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়েই নিজৰ নিজৰ স্বকীয় ভাষা-কৃষ্টি-পৰম্পৰা ৰক্ষা কৰাৰ লগতে মাটিৰ অধিকাৰ হস্তগত কৰিব লাগিব। অৱশ্যে এই ক্ষেত্ৰত ইতিমধ্যে জনজাতিৰ মৰ্যাদা লাভ কৰি অহা জনগোষ্ঠী সমূহ কিছু আগবাঢ়ি গৈছে। তেওঁলোকে স্বকীয় কৃষ্টি-পৰম্পৰা সমূহ বজাই ৰখাৰ উপৰিও তেওঁলোকৰ আৰ্থ-সামাজিক, ৰাজনৈতিক উন্নয়নৰ কাৰণে স্বায়ত্ব শাসিত পৰিষদ আছে। তাৰোপৰি অসমত কেইবাটাও জনজাতি বেল্ট আৰু ব্লক আছে। য’ত অজনজাতিয়ে মাটি কিনিব নোৱাৰে। কিন্তু এইখিনিয়েই খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ পৰ্যাপ্ত নহয়। ইয়াৰ বাবে লাগিব ছয় জনগোষ্ঠীৰ জনজাতিকৰণ। এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণে অসমত জনজাতিৰ সংখ্যা সত্তৰ শতাংশলৈকে বৃদ্ধি কৰিব। ফলত অসম জনজাতি ৰাজ্য হোৱাৰ সুযোগ ওলাব। অসম জনজাতি ৰাজ্য হ’লে নগালেণ্ডৰ আৰ্হিত সংবিধানৰ ৩৭১(ক) অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্য প্ৰদানৰ দাবী কৰিব পৰা যাব। এই ব্যৱস্থা প্ৰৱৰ্তিত হ’লে অসমৰ খনিজ সম্পদ আৰু মাটিৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ সাৱ্যস্ত কৰাটো সম্ভৱপৰ হ’ব। তদুপৰি ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কৰিব পৰা যাব। তেতিয়া বহিৰাগত-বিদেশী সমস্যাৰ বহুলাংশে সমাধান কৰিব পৰা যাব। আৰু তেতিয়াহে খিলঞ্জীয়াৰ ঐতিহ্য, অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পৰা যাৱ। কিন্তু এই ক্ষেত্ৰত উচ্চ জাতিৰ কেৰামতালি, জনজাতি সংগঠনৰ বিধি পথালি আৰু কেন্দ্ৰীয় চৰকাৰ হৈছে বাধাৰ প্ৰাচীৰ। তৃতীয় ঘূৰণীয়া মেজমেলৰ প্ৰাকক্ষণত আহোম ব্যৱস্থাপক সভা, আহোম সভা, আহোম ৰয়েল চ’চাইটিৰ সুৰেন্দ্ৰ নাথ বুঢ়াগোঁহাই , পদ্মনাথ গোঁহাঞি বৰুৱা আৰু চন্দ্ৰ নাৰায়ন সিংহৰ নেতৃত্বত তেতিয়াৰ আসামৰ প্ৰায় সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিৰ উপস্থিতিত ১৯৪৫ চনৰ ২১,২২ আৰু ২৩ মাৰ্চত শ্বিলঙৰ খাছি দৰবাৰ হ’লত অনুষ্ঠিত হোৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে অসমৰ কৃষ্টি-সংস্কৃতি ভাৰততকৈ পৃথক আৰু অসম কোনোদিনেই ভাৰতৰ অধীন নাছিল সেয়ে আসাম স্বাধীন আাৰু মুক্ত হৈ থাকিব। এই কথাৰ ভূ-পাই তেতিয়াৰ গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন চৰকাৰে ৰাইজক ক’লে যে তৃতীয় ঘূৰণীয়া মেজমেললৈ এজন চৰকাৰী প্ৰতিনিধি পঠোৱা হ’ব। আৰু তেওঁ ৰাইজৰ সিদ্ধান্ত
মেজমেলত উপস্থাপন কৰিব। চন্দ্ৰধৰ বৰুৱা (আহোম নহয়) নামৰ এজন ব্যক্তিক চৰকাৰী প্ৰতিনিধি হিচাবে প্ৰেৰণ কৰা হৈছিল। যথা সময়ত লণ্ডনৰ ঘূৰণীয়া মেজমেলত যেতিয়া অসমৰ সিদ্ধান্ত জনোৱাৰ পাল পৰিছিল তেতিয়া চন্দ্ৰধৰ বৰুৱা উঠিছিল আৰু কৈছিল--“অসমে ভাৰতৰ লগত বিলীন হৈ যাব বিছাৰে” আৰু এইষাৰ কৈয়েই তেওঁ বহি পৰিছিল। লগে লগে আসাম ভাৰতৰ অংগৰাজ্যত পৰিণত হৈছিল। চন্দ্ৰধৰ বৰুৱাই এই কাম কিয় কৰিছিল ? আৰু পদ্মনাথ গোঁহাঞি বৰুৱা বা চন্দ্ৰ নাৰায়ণ সিংহৰ দৰে ব্যক্তিক প্ৰতিনিধি হিচাবে প্ৰেৰণ নকৰিলে কিয়? ভালদৰে লক্ষ্য কৰিলে দেখা যাৱ যে সেই সময়ত কংগ্ৰেছ দলৰ আসামৰ নেতৃত্ব বহন কৰিছিল উচ্চ জাতিৰ নেতাই। তেওঁলোকে জানিছিল যে যদি আহোম প্ৰতিনিধি পঠোৱা হয় আৰু অসম যদি স্বাধীন হয় তেতিয়া আসামৰ শাসন ক্ষমতা আহোম তথা জনজাতীয় ৰাইজৰ হাতলৈ গুচি যাব আৰু তেওঁলোক ক্ষমতাহীন হ’ব। এমুঠিমান উচ্চ জাতিৰ প্ৰভূত্ব তথা তেওঁলোকৰ হাতত শাসন ক্ষমতা ৰখাৰ স্বাৰ্থতেই গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন উচ্চ জাতিৰ চৰকাৰখনে অসমৰ ভৱিষ্যত, অসমৰ অস্তিত্ব ধ্বংসৰ মুখলৈ ঠেলি পঠিয়াইছিল। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ ক্ষেত্ৰত বিধি-পথালি দি আহিছে ট্ৰাইবেল ফ্ৰন্ট আৰু জনজাতীয় ৰাজনীতিবিদ তথা দল-সংগঠন সমূহে। তেওঁলোকে ভাবে যে এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে তেওঁলোকে ভোগ কৰি অহা সংৰক্ষণৰ সুবিধা তথা অন্যান্য সুবিধা সমূহ কমি যাব। এইক্ষেত্ৰত তেওঁলোকৰ প্ৰাপ্ত সংৰক্ষণৰ সুবিধা তথা অন্যান্য সুবিধা সমূহ সুৰক্ষিত কৰি ৰাখি অসম তথা খিলঞ্জীয়াৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনজাতি সকল আগবাঢ়ি আহিব লাগে। আনফালে অসমক অধিক সুবিধা, বিত্তীয় সাহায্য দিয়াৰ ভয়ত তথা ধৰ্মীয় সংখ্যালঘুৰ ভোট বেংকৰ স্বাৰ্থত প্ৰতিখন কেন্দ্ৰীয় চৰকাৰেই এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ দেখা দিছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰৰোচনাত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনগোষ্ঠী কেইটাৰ জনজাতীয় বৈশিষ্ট্য নাই বুলি জনজাতিকৰণত বাধা প্ৰদান কৰি আহিছে। এই ছয় জনগোষ্ঠীৰ মাজৰে কোচ-ৰাজবংশীক হিতেশ্বৰ শইকীয়া চৰকাৰে এখন অধ্যাদেশযোগে জনজাতিৰ মৰ্যাদা দিছিল। কিন্তু পৰবৰ্তী কালত ইয়াক বাতিল কৰা হৈছিল। এতিয়া চোৱা যাওক এই ছয় জনগোষ্ঠীৰ জনজাতি মৰ্য্যাদা পোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰূপিত সেই বিশেষ পাঁচটা বৈশিষ্ট্য আছেনে নাই। পাঁচটা বৈশিষ্ট্য হৈছে—পৃথক ভৌগোলিক অঞ্চল, লাজকুৰীয়া চৰিত্ৰ অৰ্থাৎ আন সমাজৰ স’তে মিলিব নিবিচৰা, সকলো দিশত অনগ্ৰসৰতা, আদিম তথা সাংস্কৃতিক বৈশিষ্ট্য আৰু মূলসূঁতিৰ সমাজৰ পৰা বিচ্ছিন্ন হৈ থকা। যদিও অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমি কৈ আহিছোঁ যে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰক। কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যাৱ এই জনগোষ্ঠীকেইটাৰ জনজাতীয় গুণ বা বৈশিষ্ট্য প্ৰায় নায়েই। অৱশ্যে নামনি অসমৰ কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠী এইক্ষেত্ৰত আগবাঢ়ি আছে। কোঁচ-ৰাজবংশীক এবাৰ জনজাতিৰ মৰ্য্যাদা দিয়া হৈছে আৰু অসমৰ বাহিৰে ভাৰতৰ অন্যকেইখন মান ৰাজ্যত চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰা হৈছে তথা বাকী চাৰিটা জনগোষ্ঠীতকৈ এই দুটা জনগোষ্ঠীৰ জনজাতীয় বৈশিষ্ট্য বা গুণ বেছি। অৱশ্যে চাহ জনগোষ্ঠীৰ আসামলৈ প্ৰব্ৰজিত হোৱা বৰ বেছি দিন হোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ নিৰূপিত জনজাতীয় বৈশিষ্ট্য এই জনগোষ্ঠীকেইটাৰ কমকৈ আছে আৰু কেইটামান জনগোষ্ঠীৰ প্ৰায় নায়েই। এনেক্ষেত্ৰত জনজাতিকৰণৰ দাবী তেনেই অমূলক। কিন্তু অসমৰ ভৱিষ্যতৰ স্বাৰ্থত, খিলঞ্জীয়া, থলুৱাৰ সুৰক্ষিত আৰ্থ-সামাজিক-ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত এই দাবী আমি কৰিছোঁ। কিন্তু দাবী কৰিলেই নহ’ব, কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয় চৰ্তও পূৰণ কৰিব লাগিব। এই ক্ষেত্ৰত আহোম জাতি বহুদূৰ আগুৱাই যাব পাৰে। স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ আহোম হৈছে এটা ঐতিহ্যপূৰ্ণ সু-প্ৰাচীন জাতি। আহোমে যদি স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি পালন কৰিব পাৰে তেন্তে জনজাতিৰ মৰ্য্যাদাও লাভ কৰিব পাৰিব। তেনে ক্ষেত্ৰত আহোমৰ হাতলৈ অধিক ৰাজনৈতিক ক্ষমতা আহিব আৰু অসমৰ ৰাজনীতিত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। তাৰোপৰি জনজাতি হিচাবে বিভিন্ন ধৰনৰ সংৰক্ষণৰ সুবিধাকে ধৰি অন্যান্য সুবিধা আহোম জনসাধাৰণে লাভ কৰিব।দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা আশী শতাংশ কৃষক শ্ৰমিকেৰে পৰিপূৰ্ণ আহোম জনগোষ্ঠীয়ে বিশ শতাংশ মধ্যবিত্ত তথা উচ্চ মধ্যবিত্তৰ ভোগ লালসাৰে নিজৰ ভৱিষ্যত গঢ়িব নোৱাৰে। সমগ্ৰ জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ কাৰণে লাগিব একতা, ভ্ৰাতৃত্ববোধ তথা ৰাজনৈতিক ক্ষমতা। এই তিনিওতা বৈশিষ্ট্য লাভ কৰিবলৈ হ’লে সমূহ আহোম জনসাধাৰণে একেই ভাষা-ধৰ্ম-পৰম্পৰা তথা কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰি চলিব লাগিব। একে ভাষা-ধৰ্ম-কৃষ্টি-পৰপৰাই আহোম জনসাধাৰণৰ মাজত একতা আৰু ভ্ৰাতৃত্ববোধৰ সৃষ্টি কৰিব। এই একতাই
আহোম জনসাধাৰণক এটা শক্তিশালী ৰাজনৈতিক শক্তিত পৰিণত কৰিব। তেতিয়া সকলো দল-সংগঠনে আহোম জনশক্তিক গুৰুত্ব দিবলৈ বাধ্য হ’ব। তদুপৰি ইয়াৰ পৰা আৰু এটা লাভ হ’ব—স্বকীয় ভাষা –ধৰ্ম-পৰম্পৰা-কৃষ্টি গ্ৰহণে আহোমক পৃথক ভৌগোলিক অঞ্চলৰ বাহিৰে বাকীকেইটা জনজাতীয় বৈশিষ্ট্য বা গুণৰ অধিকাৰী কৰিব। ফলত আহোমে জন-জাতি হিচাবে স্বীকৃতি পোৱাত সহায়ক হ’ব। বৰ্তমান অৱস্থাত আহোম জনসাধাৰণ বিভিন্ন ধৰ্ম-পৰম্পৰা তথা মতাদৰ্শত বিশ্বাসী হোৱাৰ সমান্তৰালকৈ ৰাজনৈতিকভাৱেও বহুধা বিভক্ত। ফলশ্ৰুতিত আহোম জনসাধাৰণৰ মাজত একতাৰ অভাৱ। ইয়াৰ বাবেই কোনো এটা ৰাজনৈতিক দল-সংগঠনে আহোমক এটা শক্তিশালী ৰাজনৈতিক শক্তি হিচাবে গণ্য নকৰে। কিন্তু উজনি আসামৰ সাতখন জিলাই আহোম প্ৰধান। ইমান এটা বৃহৎ জনসংখ্যাৰ জন-সমষ্টি হোৱা স্বত্বেও কেৱল একতাৰ অভাৱেই আহোমক এটা ক্ষমতাহীন জাতিত পৰিণত কৰিছে। এই অৱস্থাৰ পৰা আহোমক উদ্ধাৰ কৰিবলৈ বিভিন্ন সংগঠনে বহু আগৰে পৰা বিভিন্ন ধৰণে চেষ্টা কৰিছে। কোনোৱে ভাষাক প্ৰাধান্য দি কোনোৱে পৰম্পৰাক প্ৰধান্য দি কোনোৱে আকৌ কেৱল ৰাজনৈতিক দাবীক প্ৰাধান্য দি এই দিশত আগবাঢ়িছে। কিন্তু বিশেষ সফলতা কোনোৱে লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰকৃততে এটা এটা দিশক প্ৰধান্য দি নহয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি সকলোকে সমানে প্ৰাধান্য দি আগুৱাব লাগিব। আৰু সেয়ে আহোম জনসাধাৰণে স্বতঃস্ফুৰ্তভাৱে স্বকীয় ভাষা-কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব লাগিব। এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয়—আহোম সকলে ভাষা-কৃষ্টি-সংস্কৃতিৰ কাৰণে কিয় দুশ বছৰ পিছুৱাই যাব লাগে? কথাতে কয়—ভালদৰে আগবাঢ়িবৰ কাৰণে কেতিয়াবা দুখোজ পিছুৱাব লগীয়াও হয়। বহিৰাগত বিদেশী আহি বৰঘৰত থিতাপি ল’লেহি, উশাহ ল’বলৈও বিদেশীৰ অনুমতি লোৱাৰ সময় আহিল। এনে সন্ধিক্ষণত নিজৰ ভৱিষ্যতৰ স্বাৰ্থত, আহিবলগীয়া প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত দুখোজ কি দহখোজ পিছুৱাব লাগিব, দুশ বছৰ কি এহেজাৰ বছৰ পিছুৱাব লাগিব। আচলতে এইবোৰ কিছুমান স্বাৰ্থান্বেষী ৰাজনৈতিক নেতৃত্ব তথা দলৰ ষড়যন্ত্ৰমূলক কূট-কৌশল। তেওঁলোকে নিবিছাৰে আহোম সকল এক হওঁক, এটা শক্তিশালী ৰাজনৈতিক শক্তিত পৰিণত হওক। সেয়া হ’লেই এই স্বাৰ্থপৰ মহলৰ সান্দহ খোৱা বালি তল পৰিব। সেই কাৰণেই তেওঁলোকে নিজৰ স্বাৰ্থত, ক্ষমতা নিজৰ হাতত ৰখাৰ স্বাৰ্থত আহোম ৰাজত্বৰ শেষ সময়ছোৱাৰ পৰা বৰ্তমানলৈকে না-না কূট-কৌশলেৰে আসামক বহিৰাগত-বিদেশীৰ ওচৰত বন্ধকত দিলে। আহোম সকলে এই কথাবোৰ ভালদৰে বিশ্লেষণ কৰি চোৱাৰ সময় সমাগত। সময় নাই, খিলঞ্জীয়া অসমীয়া তথা আহোমৰ অস্তিত্ব ভয়ংকৰ সংকটৰ গৰাহত। ক্ষীপ্ৰগতিৰে স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰি নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ লগতে জনজাতীয় মৰ্য্যাদাও হস্তগত কৰিব লাগিব। আঁজুৰি আনিব লাগিব মাটিৰ অধিকাৰ, খনিজ সম্পদৰ অধিকাৰ, পৃথক ৰাজনৈতিক, বিধিগত তথা প্ৰশাসনীয় অধিকাৰ। তেতিয়াহে আমাৰ তথা অনাগত প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ’ব, আসামৰ ভৱিষ্যত সুৰক্ষিত হ’ব। এই পটভূমিত আৰু এটা কথা পৃথিৱীৰ কোনো সু-সমৃদ্ধ উন্নত জাতিয়েই নিজৰ কৃষ্টি-পৰম্পৰা-ভাষা ত্যাগ কৰা নাই আৰু নকৰেও। বিখ্যাত ৰোমান, ফৰাছী, ইংৰাজ, ৰুছ, চীনা আদি কোনো উন্নত জাতিয়েই নিজৰ ভাষা-কৃষ্টি-পৰম্পৰা ত্যাগ কৰা নাই আৰু সেইকাৰণেই তেওঁলোক ঐতিহ্যপূৰ্ণ, সু-সভ্য আৰু উন্নত জাতি হিচাবে বিশ্বত পৰিচিত। অৱশ্যে সময়ৰ লগত পৰিবৰ্তন অৱশ্যম্ভাৱী। কিন্তু পৰিবৰ্তনৰ নামত সম্পূৰ্ণৰূপে নিজৰ ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি –সংস্কৃতি ত্যাগ কৰা এটা জাতিৰ বিশ্বৰ দৰবাৰত পৰিচয় কি ঽ’ব? নিশ্চয়কৈ এটা অনুন্নত অসভ্য জাতিয়েহে নিজৰ অসভ্য কৃষ্টি-পৰম্পৰা ত্যাগ কৰি কোনো এটা উন্নত জাতিৰ কৃষ্টি-পৰম্পৰাৰ আলম লৈ নিজৰ চিনাকি দিয়ে। কিন্তু বিশ্বৰ অন্যতম সু-প্ৰাচীন, সু-সভ্য জাতি তাই জাতীৰ বংশধৰ সকলৰ কাৰণে ই নিশ্চয়কৈ দূৰ্ভাগ্যজনক। তাতে আকৌ গৌৰৱোজ্জ্বল ছশ বছৰীয়া ইতিহাসেৰে সমুজ্জ্বল এটা জাতিৰ বাবে ই চৰম লজ্জ্বাৰ বিষয়। সেয়েহে সমূহ আহোমৰ বাবে এটি আহ্বান কথাবোৰ ভালদৰে বিশ্লেষণ কৰি চাওঁক, দীৰ্ঘদিনীয়া ধৰ্মীয়-ৰাজনৈতিক কূট-কৌশলবোৰ বুজি উঠক আৰু সকলোৱে একেলগে মাৰ বান্ধি স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰি আহোমক ৰক্ষা কৰক আৰু তাৰ জৰিয়তে মহান চাও লুং চ্যু-কা-ফাৰ সৃষ্ট মৗঙ্-ড্যুন্-চ্যুন্-খাম্ আসামক ৰক্ষা কৰক। খপ চাউ খা