বৰ্ণময় আহোম যুগৰ মৈদাম প্ৰথাৰ কিছু আলোকপাত আৰু আহোমসকলৰ বৰ্তমান অৱস্থা
আসাম হৈছে বিভিন্ন জাতি জনগোষ্ঠী আৰু সংস্কৃতিৰ মিলন ক্ষেত্ৰ।
বিভিন্ন জাতি ধৰ্মৰ লোক ইয়ালৈ প্ৰব্ৰজন হৈ আহিছে।ইয়াৰ মূল কাৰণ হিচাপে
ব্হ্মপুত্ৰ উপত্যকাৰ উৰ্বৰ ভূমি ভাগ বুলি ঠাৱৰ কৰিব পাৰি। দেশৰ অন্যান্য
প্ৰান্তৰ লগতে দক্ষিণ পূৱ এচিয়া আৰু তিব্বতৰ পৰা অহা বিভিন্ন লোকৰ
সাংস্কৃতিক ভাৱধাৰাই আসামখনক এক ৰ্ংগমঞ্চত পৰিণত কৰিছে।প্ৰ্তিটো জনগোষ্ঠীৰে
একো একোটা স্বকীয় অৱদান আছে।এই অৱদান সমূহে আসামখনক বৈচিত্ৰ্ময় স্থানলৈ
পৰিগণিত কৰিলে।এইদৰে এছিয়া মহাদেশৰ বিস্তীৰ্ণ অঞ্চলত সিচঁৰিত হৈ থকা
মংগোলীয় লোকসকলৰ টাই নামৰ এটা বৃহৎ ঠালো আসামলৈ প্ৰ্ৱজন ঘটিছিল।এই টাই সকল
উত্তৰ পূৱ ভাৰত, চীন দেশৰ য়ুন্নান প্ৰ্দেশ, কোৱাংচি,থাইলেন্
দ, লাওচ,ভিয়েটনাম, কম্বোদিয়া আদি অঞ্চল সমূহলৈকে বিয়পি আছে।বৃহৎ টাই জাতিৰ এটা ভাগ হ’ল আহোমসকল।১২২৮চনত
চাওফা চাওলুং চুকাফাই প্ং ৰাজ্য ত্যাগ কৰি বিভিন্ন টাই ঠালৰ লোকসকলক লৈ
পাটকাই পৰ্বত পাৰ হৈ সৌমাৰত প্ৰ্ৱেশ কৰিছিল।যেতিয়া তেওঁলোকে পাটকাই পাৰ হৈ
এই ভূ খণ্ডত উপস্থিত হৈছিল, তেওঁলোকে কোনেও ভাৱিব পৰা নাছিল যে এই ঠাই
খনেই তেওলোকৰ অতি আপোন স্থান হৈ পৰিব।তেওলোকে ক্ৰ্মাৎ পৰ্বতীয়া জাতিবিলাকক
বশ কৰি আসাম সাম্ৰাজ্য স্থাপন কৰি ৬০০ বছৰ একাদিক্ৰ্মে ৰাজত্ব
কৰিছিল।প্ৰাক আহোম যুগত আসামৰ অৱস্থা আছিল অতি সংকটজনক। তেওলোকে সকলো জাতি
উপজাতি আৰু জনজাতি সমূহক একগোট কৰি এক বৃহ্ৎ জাতিসত্ত্বা গঠন কৰিবলৈ সক্ষম
হ’ল।তেওলোকে আসামখনক পৰিৱৰ্তনৰ ধাৰাৰে বোৱাই তুলিলে। তেওঁলোকৰ এই পৰিৱৰ্তনৰ
ফলস্বৰূপে আসামৰ কৃষি কাৰ্য জটিল সামাজিক আৰু ৰাজনৈতিক সংগঠন আদি সমূহলৈ
পৰিৱৰ্তন কঢ়িয়াই আনিলে। আহোমসকলৰ আছিল সুকীয়া ধৰ্ম বিশ্বাস, ভাষা
সাহিত্য সংস্কৃতি সভ্যতা আৰু সামাজিক ৰীতি নীতি।মংগোলীয় মানৱ জাতি গোষ্ঠীৰ
টাই কাদাই ভাষিক পৰিয়াল হিচাপে আহোমজাতিৰ মাজতো ধৰ্ম, জন্ম,বিবাহ আৰু
মৃতকৰ সৎকাৰ আদি দেখিবলৈ পোৱা যায়।ধৰ্ম ৰীতি নীতিলে লক্ষ কৰিলে মৈদাম
প্ৰ্থাৰ ব্যৱস্থাটো আমাৰ চকুত পৰে।আহোম যুগত ৰজা, ডা ডাঙৰীয়া, বিষয়
ববীয়া সকলৰ মৃত্যৰ পিছত বিধিগত ভাৱে মৈদাম দিয়াৰ প্ৰথা আছিল।আৰু
বৰ্তমানেও কিছু সংখ্যকে এই প্ৰ্থাটো মানি আহিছে।প্ৰাচীন কালৰ মিচৰৰ পিৰামিড
আৰু আমাৰ মৈদামৰ বহুখিনি সাদৃক্ষ্য দেখা পোৱা যায়।এই প্ৰ্থা উত্তৰ
ভিয়েটনামৰ ‘থো’ সকলৰ দৰে আন আন ঠাই লোকৰ মাজতো প্ৰ্চলিত আছে।তেওলোকে মৃতকৰ
পূজা অৰ্চনা ৪৯ দিনৰ পিছত এবাৰ আৰু ১০০ দিনৰ পিচত এবাৰ অনুষ্ঠিত কৰে। আহোম
সকলৰ এক বিচিত্ৰ প্ৰ্থা আছিল মৈদাম প্ৰথা ।মন কৰিলে দেখা যায় যে কোনোবা
এজন স্বৰ্গদেউ যদি স্বৰ্গী হয় তেতিয় সেই সংবাদটো এজন নতুন ৰজা(চাওফা)
সিংহাসনত নবহা পৰ্যন্ত ঘোষণা কৰা হোৱা নাছিল বা কাকো এই কথাৰ শুংসূত্ৰ
পাবলৈ দিয়া নহৈছিল।যেতিয়া নতুন চাওফাজন ৰাজপাটত বহে তেতিয়াহে স্বৰ্গগামী
হোৱা চাওফা জনৰ মৃত্যুৰ বাতৰি ঘোষণা কৰিছিল।বহিশত্ৰু
থকাৰ বাবেই হয়তো এই ব্যৱস্থা আছিল।আহোমসকলে মৰা লোকক পুতি থৈছিল, এই
ব্যৱস্থাক মৈদাম বুলি কোৱা হৈছিল।নতুন ৰজাই স্বৰ্গগামী হোৱা স্বৰ্গদেউৰ
মৈদাম খন্দাৰ লগতে হেঙুল হাইতালেৰে বোলোৱা কাঠৰ পেৰা তৈয়াৰ কৰিবলৈ আদেশ
দিয়ে।এই কাঠৰ পেৰাটো দীঘলে দীঘলে শটো সোমাব পৰাকৈ তৈয়াৰ কৰা হয়।এই
পেৰাটো আহোম মতে ‘’ৰুঙ-ডাং’’ বোলে। উৰিয়াম কাঠেৰে তৈয়াৰ কৰা এই পেৰাটোৰ
চাৰিওফালে চাৰি চটা, দুমুৰে দুচটা মুঠতে চচটা তক্তা থাকে।ৰজা,কুৱৰী আৰু
ৰজাৰ নিজৰ বংশৰ কোৱৰ আদিৰ মৰাশ লুষুৰাষণৰ খেলৰ মানুহে নিব পাৰিছিল।আহোমৰ
কোনো লোকৰ মৃত্যুৰ সময়ত শ বাহিৰলৈ ওলিয়াই অনাৰ নিয়ম নাছিল। চাওফাসকল
তেওঁলোকৰ চাংতেই মৃত্যু হয়, মৃত্যুৰ পিছত ৰুংডাঙৰ ভিতৰত শটো থিয়কৈ
শুমুৱাই আৰু আঠজন লুষুৰাষণে হতাহতিকৈ ধৰি তললৈ নমাই আনে।মৃতকৰ আত্মীয়
স্বজনে ৰুংডাংৰ ওপৰত এৱা সূতাৰে তথা নানাবিধ ফুলৰ মালা,কেতিয়াবা ফুলো
ছটিওৱা হৈছিল বুলি কোৱা হয়।আগেপাছে বৰা-বোৰুকৈ হেংদান ধৰা, দুয়োকাষে
ডাঙৰীয়া ,প্ৰ্ধান প্ৰধান বিষয়া আৰু ৰজাৰ আপোন বংশৰ মানুহ যায়। আগে আগে
বৰঢাক বজাই যায় আৰু বাইলুং পণ্ডিতে’’ৰিক্খ্ বৱন পুথিৰ শ্লোক পাঠ কৰি মৃতকৰ আত্মাৰ সৎগতিৰ বাবে প্ৰাৰ্থনা কৰে।চুহুংমুং(দি হিঙীয়া)ৰজাৰ
দিনৰ পৰা পাটত উঠা ৰজা, কুৱৰীৰ ৰুংডাঙ কেকোৰা দোলাত তুলি নিয়ে,লগত গায়ন
বায়ন আৰু বৰঢাকৰ লগত যুৰীয়াকৈ কালি আৰু বৰকাহ বজাই যায়, আৰোৱান ধৰাই আগে
আগে শুকুলা আৰোৱান ধৰে আৰু পাখিমৰীয়া সকলে মৌৰা পাখিৰ বিচনীৰে বিচি
যায়।ৰুংডাং পোতা ঠাইত শাল কৰি তক্তাৰে এটা ঘৰ তৈয়াৰ কৰে। তাক কাৰেং
ৰুংডাং বোলে।ৰুংডাংৰ পৰা বাহিৰলৈ ওলিয়াই আহোম মতে বাইলুং পণ্ডিতে’ ৰিকখ্বন
বনৰ মন্ত্ৰ পাঠ কৰি লুষুৰাখনৰ হতুৱাই মৃত শটোক স্নান কৰোৱা হয়।তাৰ পিছত
ৰজা শটোক ৰাজ অলংকাৰ পৰিধান কৰোৱাই কাৰেং ৰুংডাংৰ ভিতৰত সজাই থোৱা এখন খাটৰ
ওপৰত শটো পূৱৰ পিনে মুৰ আৰু পশ্চিমৰ পিনে ভৰি কৰিকৰি শুৱাই ৰাখি
লুষুৰাকেইজন বাহিৰলৈ ওলাই আহে।ৰজাই জীৱিত অৱস্থাত ব্যৱহাৰ কৰা সোনৰ মাইহাং,
ভোগজৰা, পিকদান আদি বস্তু সমূহ কাৰেং ৰুঙদাঙৰ ভিতৰত থোৱা হয়।স্বৰ্গদেউ
সকলৰ মৈদামৰ ভিতৰত বিচিত্ৰ বস্তু দিয়াৰ কথা বুৰঞ্জী সমূহত পঢ়িবলৈ পোৱা
যায়।আহোম স্বৰ্গদেউ সকলৰ দিনত মৈদাম দিয়াৰ প্ৰ্থাৰ বিষয়ে অনেক বুৰঞ্জিত
ভিন্ন মত দেখিবলৈ পোৱা যায়।ৰজা শটো শুৱাই থোৱা খুটালিটোৰ ওপৰত সাত খলপীয়া
সোণৰ বৰৈ চাংটি,চন্দোৱাৰ, মাটিৰ
সোণৰ দাপোন মৰা চালপীৰা, তাৰ চাৰিওচুকে সোণেৰে বন্ধোৱা চাৰিটা খুটি, তাতে
সোনোৱালী বন কৰা জালিকতা আঠুৱা তৰা হয়।চালপীৰা বাখাটৰ ওপৰতে সোণৰ মুঠিৰে,
ফাকত হীৰা আৰু ডালিমা আদিৰে বাখৰ পতোৱা হেংদাং,ককালৰ ওচৰৰ মাটিত চাৰি পাচখন
সোণ খটোৱা ৰূপৰ শৰাই, তাৰ এখনৰ ওপৰত সোণৰ বাখৰামি বটা, বাখৰামি সোণৰ চুনৰ
টেমি আৰু সোণৰ ধপাত থোৱা টেমা, সোণৰ ডাবৰ কটাৰী আৰু তামূল পাণ থোৱা হয়।
এখন শৰাইত সোণৰ ভোগজৰা, এখনত ৰাজ অলংকাৰ আৰু সোণ ধনৰ পেৰা আদি ওচৰতে থয়।
ভৰিৰ ফালে সোণেৰে বন্ধোৱা সোণৰ ধোৱাঁ খোৱা, তাৰ ওপৰত ৰুপৰ সাফৰ মৰা চিলিম
আৰু সোণৰ বনকৰা নলী। এনেদৰে চাওফাই ব্যৱহাৰ কৰা বস্তুখিনি ভিতৰত সজাই থৈ
কাৰেং ৰুংডাংৰ ভিতৰত ভৰাই থোৱা হয়।ইয়াত লুখুৰাখনৰ বাহিৰে আন কোনো লোক
সোমাব নোৱাৰিছিল।সেয়ে হে
মৈদাম সমূহ সুৰক্ষিত হৈ আছিল।এই শ্ৰেণীৰ লোকক এটা খেলত বিভক্ত কৰিছিল। এই
খেলক মৈদমীয়া বোলে। ৰাজকীয় স সন্মানেৰে ভিভিন্ন প্ৰ্ক্ৰিয়াৰ মাজেৰে
মৈদাম দিয়া হয়। উল্লেখিত যে মৈদাম দিয়াৰ আগত শুভ দিন বাৰ চোৱাৰ ব্যৱস্থা
আছে।শুভ দিন বাৰ নিমিলিলে দীৰ্ঘ দিন হলেও ৰুংডাংত ভৰাই থোৱা হয়।উদাহৰণ
স্বৰূপে চাব গ’লে স্বৰ্গদেউ গদাধৰ সিংহ স্বৰ্গী হৈছিল ১৬৯৬ খ্ৰীষ্টাব্দৰ ১৭
ফাগুণত,কিন্তু স্বৰ্গদেউৰ শ মৈদাম দিছিল সুৰ্দীৰ্ঘ তিনি বছৰৰ
পাছতহে।(চাংৰুং ফুকনৰ বুৰঞ্জী)। স্বৰ্গদেউ সকলৰ মৈদামৰ লগত দিয়া বিচিত্ৰ
বস্তুৰ বিষয়ে যদি আমি মন কৰো এটা কথা শুনিবলৈ পোৱা যায় স্বৰ্গদেউৰ মৈদামত
জীয়াই জীয়াই বন্দী বেটি,লিগিৰী ইত্যাদি দিয়াৰ প্ৰ্থাৰ বিষয়ে। এই
বৰ্ণনা সমূহ বুৰঞ্জীতো লিপিবদ্ধ হৈ আছে।কিন্তু ই কিমান্দূৰ সত্য তাক ঠাৱৰ
কৰিব পৰা নাযায়।প্ৰবাদ আছে যে, ৰুদ্ৰ্সিংহ স্বৰ্গদেউৰ মৈদামত চাৰিটা আৰু
প্ৰমত্ত সিংহৰ মৈদামত দহোটা বাৰটা মানুহৰ মূৰ ওলাইছিল।
-
শ্বেয়াৰ কৰক
-
ফে'চবুকত শ্বেয়াৰ
-
টুইতাৰত শ্বেয়াৰ
-
গুগলত শ্বেয়াৰ
-
পিন
-
লিংকিনত শ্বেয়াৰ