অসমৰ জাতীয় জীৱনলৈ জয়মতীৰ অৱদান (নাংচেং খুননাং)

টাই আহোম নামেই যাৰ পৰিচয়। মনলৈ ভাহি আহে এখন সু স্পষ্ট ছবি।য’ত ছশ বছৰীয়া বৰ্ণিল যাত্ৰা, চাওফা চাওলুং চুকাফাৰ সেই ছবিখনৰ লগতে জাতিৰ বাবে অজস্ৰ জনে কৰি অহা ত্যাগ আৰু মৰ্মবেদনা।আহোম যুগত নাৰীৰ ভূমিকা উল্লেখনিয়।ঐশ্বৰ্যময় নাৰীৰ হৃদয়েৰে বৰ্ণাধ্য এই জগতত প্ৰকৃততে নাৰীৰ অধিকাৰেই সৰ্বাধিক।কিয়নো নাৰী সৃষ্টিৰ মূল প্ৰকৃতিৰ প্ৰাণময় ৰূপ। সভ্যতা আৰু সমাজ ব্যৱস্থাই একোগৰাকী মহিয়সী নাৰী অথবা মহান ব্যক্তিৰ জন্ম দিয়ে।বিভিন্ন পটভূমি বিচাৰ কৰিবলৈ গ’লে নাৰী সকলৰ ত্যাগ দেখা পোৱা যায়। এনে ত্যাগৰ বিশ্লেষণ কৰিবলৈ গ’লে অসমৰ জাতীয় জীৱনলৈ জয়মতীৰ ত্যাগ অবৰ্ণনীয়।জয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানীৰ পত্নী।জয়মতী্ৰ পিতৃ আছিল লাইথেপেনা বৰগোহাঁই আৰু মাতৃ চন্দ্ৰদাৰু।শিৱসাগৰৰ পৰা ৯ কিলোমিটাৰ আঁতৰৰ মেচাগড়ৰ মাদুৰি গাঁৱত জয়মতীৰ জন্ম হৈছিল।জয়মতী আছিল লাইথেপেনাৰ মৰমৰ বৰ জী।জয়মতীৰ পাচত ৮ জনী ছোৱালী আছিল যদিও দেউতাক, ককায়েক, মাক,মাহী মাকহঁতৰ হিয়াৰ আমঠু আছিল জয়মতী। জয়মতী আছিল অতি বিচক্ষণশীল, কথা শিকাৰ জিজ্ঞাসা আছিল প্ৰ্ৱল। কিংবদন্তি মতে, এদিন গোবৰ ৰজাৰ পুত্ৰ গদাপানী কোঁৱৰ মাদুৰীত থকা লাইথেপেনাৰ ঘৰত উপস্থিত হয়।গদাপানী আছিল অতি শক্তিশালী যুৱক।বৰগোহাঁইৰ জীয়ৰী কেইজনীৰ ভিতৰত জয়মতী আছিল ডাঙৰ সেয়েহে আলহী সোধাৰ দায়িত্ব আছিল কুঁৱৰী জয়মতীৰ ওপৰত। গদাপানীয়ে জয়মতীৰ সেৱা সৎকাৰ দেখি অভিভুত হ’ল।গদাপানী আৰু জয়মতীৰ মাজত প্ৰেম ভাৱ জাগি উঠিল।পিছলৈ পিতৃ পৰিয়ালৰ সকলোৰে অনুমতি সাপেক্ষে গদাপানী আৰু জয়মতীৰ চকলং প্ৰথামতে বিবাহ সম্পন্ন হয়।সেই সময়ছোৱাত ৰাজতন্ত্ৰত খাম খেয়ালীৰ সৃষ্টি হৈছিল।১৬৭০ চনত চাওফা চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।১৬৮১ চনত গদাধৰ সিংহৰ ৰাজ অভিষেকৰ মাজৰ সময়ছোৱাত ৰাজপাটত ছজন চাওফা অধিষ্ঠিত হৈছিল।দেবেৰা বৰবৰুৱাই ষড়যন্ত্ৰ কৰি উদয়াদিত্য সিংহক হত্যা কৰি ৰাজ্যত কু শাসনৰ পাতনি মেলে। ৰাজশাসনৰ এটা নিয়ম আছিল যে অংগক্ষত থকা কোঁৱৰ ৰজা হ’ব নোৱাৰে।ইয়াৰ পূৰ্ণ সুযোগ আৰু সুবিধা গ্ৰহণ কৰিছিল চক্ৰান্তকাৰীয়ে। গদাপানী কোঁৱৰো এনে চক্ৰান্তৰ বলি হৈছিল।জয়মতীৰ পূৰ্ণ বিশ্বাস আছিল যে তেওঁৰ বঙহৰদেউ অৰ্থাৎ গদাপানীয়ে লালুকসোলাৰ শ্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই ৰাজ্যলৈ শান্তি শৃংখলা ঘূৰাই আনিব।সেই বাবে ৰজাৰ চোৰাংচোৱাই ধৰাৰ আগতেই জয়মতীয়ে গদাপানীক পলাই যাবলৈ অনুৰুধ কৰিলে। গদাপানীয়ে পত্নী জয়মতী আৰু দুই পুত্ৰ লাই লেচাইক এৰি দেশৰ স্বাৰ্থত পলাই গ’ল।নিজৰ বাটৰ কাঁইট আতৰাবলৈ টুংখুঙীয়া ফৈদৰ শক্তিশালী কোঁৱৰ গদাপানীক চকু দিছিল ক্ষমতালোভী ডাঙৰীয়াসকলে।যাৰ বাবে স্বদেশত থাকিব নোৱাৰি দুটা দিন হাবিৰ মাজেৰে আৰু নাৱেৰে স্বদেশৰ সীমা অতিক্ৰম কৰি নগা পাহাৰত উপস্থিত হৈছিল।কোঁৱৰে গাভৰুৰ পাহাৰৰ নিৰ্জন শিলত বহি মনত পেলাইছিল বুলনি চৰাত এৰি অহা জয়মতী, ৰাজমাও চৰাত এৰি অহা ৰাজমাও, সোণৰ পালেংত নিশ্চিত মনে শুই থকা ল’ৰা দুটালৈ।বাৰে বাৰে মনটো গুচি গৈছিল নিজ মানুহখিনিৰ ওচৰলৈ।
গদাপানীক বিচাৰি নাপাই ৰজাৰ চাওদাঙে জয়মতীক ধৰি নিয়ে। জয়মতীক ৰাজসভাত থিয় কৰাই সোধ পোচ কৰাৰ পিছতো গদাপানীৰ কোনো ঠিকনা নাপাই লালুকসোলাই ঠিৰাই কৰিলে যে জয়মতীক ৰাজহুৱাকৈ অত্যাচাৰ কৰিলে গদাপানী নিজেই আহি ধৰা দিব। ঠিক সেইমতেই জয়মীক কোটকোৰা গছত বান্ধি লৈ চাওদাংৰ হতুৱাই নানা শাস্তি দিছিল।কিন্তু তথাপিও জয়মতীয়ে দেশৰ স্বাৰ্থত শাস্তি সহ্য কৰি বংহৰদেউৰ সম্ভেদ নিদিলে। জয়মতী মৃতপ্ৰায় অৱস্থা হৈ যোৱাৰ স্বত্বেও বংহৰদেউৰ সম্ভেদ দিবলৈ প্ৰস্তত নহ’ল।১৩ দিন ইচ্ছা কৰিয়েই মুখত একো নিদিয়াকৈ আছিল জয়মতী। গদাপানীয়ে ছদ্মবেশেৰে নগা পাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহি শাস্তি খোৱাতকৈ বংহৰদেউৰ কথা কৈ দিবলৈ অনুৰুধ কৰিলে।কিন্তু জয়মতীয়ে তেওঁক চিনিব পাৰি আঁতৰি যাবলৈহে অনুৰুধ জনালে।অৱশেষত চৈধ্য দিন চাওদাঙৰ নিৰ্যাতন সহ্য কৰি ১৬০১ শকৰ তেৰ চ’তত জয়মতীৰ মৃত্যু হয়। জয়মতীৰ মৃত্যুৰ দুবছৰৰ পাছত লৰা ৰজাৰ শ্বেচ্ছাচাৰী শাসনৰ অন্ত পৰে।
অসমৰ জাতীয় জীৱনলৈ জয়মতীৰ অৱদান সম্পৰ্কে আলোচনা কৰিবলৈ যাওতেঁ উভতি যাব লাগিব আজিৰ পৰা প্ৰায় ৪০০ বছৰৰ আগলৈ।স্বাৰ্থান্বেষী ক্ষমতালোভী বৰফুকনৰ অত্যাচাৰে জোৰোলা কৰি পেলাইছিল সেই সময়ৰ জনসাধাৰণক। তেওঁলোকৰ মনত বিদ্ৰোহৰ জুই উমি উমি জ্বলিছিল যদিও গোট বান্ধি মুক্তভাৱে বিদ্ৰোহ ঘোষণা কৰিব পৰা নাছিল।ঠিক সেই সময়তে নিৰৱ প্ৰতিবাদে জনসাধাৰণক জাগ্ৰত কৰিবলৈ সক্ষম হৈছিল দেশ আৰু জাতিপ্ৰাণা জয়মতী কুঁৱৰীয়ে।নিজকে তিল তিলকৈ শত্ৰুৰ ওচৰত শেষ কৰি দিয়া জয়মতীয়ে জনসাধাৰণৰ মনত শাসন ব্যৱস্থাৰ প্ৰতি বিদ্ৰোহ তীব্ৰ কৰি তুলিছিল।বংহৰদেউৰ প্ৰতি আছিল জয়মতীৰ অন্তহীন প্ৰেম।প্ৰেমৰ সেই ঐশ্বৰিক শক্তিৰ ফলশ্ৰুতিতেই দেশৰ বাবে নিজক আত্ম বলিদান দিবলৈ প্ৰস্তুত হৈছিল।ৰূপকোঁৱৰৰ ভাষাৰে- “ জয়াৰে কীৰিতি দেশে বিদেশে সাগৰে নগৰে ফুৰিবি কৈ।” সেই আহোম বীৰাংগনাৰ আত্মত্যাগে বৰফুকনৰ হিংসামূলক কাৰ্যৰ অৱসান ঘটায়।জয়মতীয়ে আত্মত্যাগ নকৰা হ’লে ৰাজসিংহাসনৰ বাবে সুযোগ্য কোনো কোঁৱৰ নাথাকিলহেঁতেন। চাওফাই চাওলুঙ চুকাফাই গঢ়ি যোৱা বৃহৎ জাতিয়ে কোন দিশলৈ গতি কৰিলহয় তাৰ ঠিকনা নাথাকিলহেতেঁন।জয়মতীৰ আত্মত্যাগে সমাজলৈ সুস্থিৰতা ঘূৰাই আনিলে। তাৰ ফলশ্ৰুতিত সৃষ্টি হ’ল পৰৱৰ্তী সভ্যতা, যি সভ্যতাৰ ফলত সৃষ্টি হ’ল ৰুদ্ৰ্সিংহৰ দৰে সৰ্বশ্ৰেষ্ঠ ৰজা।বাধ্য হ’ল ধোদ সকলে আলি বান্ধিবলৈ।
বৰ্তমান গণতান্ত্ৰিক সমাজব্যৱস্থাটো পুনৰাবৃত্তি হৈছে বহু লৰা ৰজাৰ চৰিত্ৰ,লালোক সোলাৰ চৰিত্ৰ।জয়মতী এগৰাকী প্ৰকৃত নাৰী যিয়েই অসমীয়া জাতি গঠনত এক গতি দি গ’ল।জয়মতীৰ আদৰ্শই কয় বঞ্চিত শ্ৰেণীয়ে নিজ অধিকাৰ সাব্যস্ত কৰিবলৈ এখন সুস্থিৰ সমাজ গঢ় দিবলৈ অনেক ত্যাগ স্বীকাৰ কৰিব লাগিব।লগতে থাকিব লাগিব পুৰুষ আৰু নাৰীৰ পৰস্পৰৰ প্ৰতি প্ৰেম শ্ৰদ্ধা আৰু সহযোগ। শেষত আহোম বীৰাংগনা গৰাকীলৈ মই সশ্ৰ্দ্ধাৰে প্ৰণিপাত জনাইছো।