আহোমসকলৰ নামলাও(সাঁজপানী)ৰ বিষয়ে কিছু কথা

(নাং য়াছিংফা গগৈ)

আহোমসকলে ঘৰতে প্ৰস্তুত কৰি উলিওৱা পানীয়বিধক নামলাও/সাঁজ বা সাজঁপানী বুলি কোৱা হয় ৷ আহোম সম্প্ৰদায়ৰ মাজত ই এক পবিত্ৰ দ্ৰব্য আৰু উৎকৃষ্ট পানীয় খাদ্য হিচাপে ব্যৱহাৰ হয়৷এই পবিত্ৰ দ্ৰব্য আহোমসকলে নিজে খোৱাৰ উপৰিও পৰম্পৰাগত পূজা-পাতল, মৃতকৰ সকাম,বিহু,বুঢ়া ডাঙৰীয়াৰ সকাম,খেতিৰ আৰম্ভণি আৰু শেষ পর্ব আদি বিশেষ বিশেষ দিনত নৈবেদ্য হিচাপে অন্যান্য উপকৰণৰ লগত উর্ছগা কৰা হয়৷কলহৰ উৎকৃষ্ট ৰসখিনি আহোমসকলৰ পূর্বপুৰুষৰ নামত উর্ছগা কৰিহে গৃহস্থই ব্যৱহাৰ কৰা নিয়ম৷
এই পানীয়বিধ প্ৰস্তুতকৰণৰ বাবে বৰা বা লাহী চাউলৰ লগতে দৰবৰ পিঠা প্ৰয়োজন হয়৷ এই পিঠা প্ৰস্তুত কৰিবলৈ বিভিন্ন বনৌষধি যেনে-মানিমুনি,ব
নজালুক,বিহলঙণি,,তেজমূৰিৰ শিপা, জেতুলীপকা,পানীমধুৰী আদি যোগাৰ কৰি শুকুৱাই খুন্দি পিঠাগুৰিৰ লগত মিহলি কৰি ঘিলাপিঠা সদৃশ বা লাড়ু কৰি লোৱা হয়৷ ইয়াৰ লগত পুৰণি সাঁজৰ পিঠা ভাঙি দিয়া হয়৷
নামলাও বা সাঁজ প্ৰস্তুত কৰিবলৈ বৰা চাউল বা লাহী চাউল সিজাই কিম্বন কৰি প্ৰস্তুত কৰা হয়৷যদি বৰা চাউল হয় ভাপত সিজোৱা হয় আৰু লাহী চাউল হয় তেতিয়া ভাতৰ দৰে সিদ্ধ কৰি ডলাত কলপাত পাৰি ঠাণ্ডা হ’বলৈ দি সাঁজৰ পিঠাগুৰিখিনিৰ লগত মিহলাই কলপাত পাৰি বিহলঙণিৰে ঢাকোন দি এটা পাত্ৰৰ ওপৰত ৰখা হয়৷ বনৌষধিৰ গুণেৰে ৰাসায়নিক ক্ৰিয়া কৰা বাবে চাউলখিনিত কিম্বন আৰম্ভ হয় আৰু খৰাহীৰ তলত দুই-তিনিদিনৰ ভিতৰত ৰস নির্গত হয়৷ সেই ৰসখিনিক ৰহি বুলি কোৱা হয়৷ তাৰ পাছত চাউলখিনি ধোঁৱাচাঙত ৰখা মাটিৰ কলহত ভৰোৱা হয় ৷কলহত ভৰোৱা চাউলখিনিক সাঁজৰ পিঠা বুলি কোৱা হয়৷ এনেকৈ কলহত ভৰোৱাৰ তিনি/চাৰিদিনৰ ভিতৰতে সাঁজপানী খাবৰ বাবে উপযুক্ত হৈ উঠে৷
চিন্তনীয় বিষয় নামলাওৰ ব্যৱহাৰ আহোমসকলৰ মাজত পৰম্পৰাগত নিয়ম হিচাপে ব্যৱহাৰ হৈ আহিছে যদিও বর্তমান সময়ত ইয়াৰ ব্যৱহাৰ কমি অহা পৰিলক্ষিত হৈছে৷খেতি-বাতি তথা বনৌষধিসমূৰ বিলুপ্তিয়েই ইয়াৰ কাৰণ যেন অনুমান হয়৷ এনেবোৰ কাৰণতে অদূৰ ভৱিষ্যতে নামলাও বা সাঁজপানী কি, কেনেকুৱা আদি প্ৰশ্নৰ উদয় হোৱাৰ সম্ভাৱনাও প্ৰবল হৈ আহিছে৷