বাহিৰ পকীয়া পৰম্পৰা আৰু আহোম সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ (নাং প্ৰ্তিভা গগৈ)

আমাৰ গাঁওখনৰ ৰাইজ মলাজপীয়া বা কেঁচা আহোম। যি দিনাৰ পাৰই জনা বুজা হলো সেইদিনাৰ পৰাই কিছুমান সামাজিক বাধা নিষেধৰো সন্মুখীন হৈছিলো।“এইটো নকৰিবি, সেইটো নকৰিবি নেপায়, পাপে চুব” ইত্যাদি ইত্যাদি। কাৰণ সুধিলে কোনো উত্তৰ পোৱা নাছিলো। লাহে লাহে ডাঙৰ হৈ হাইস্কুল পালোগৈ। স্কুলত আমাৰ সম্প্ৰদায়ৰে বিভিন্ন লগৰীয়া লগ পালো কোনোবা ৰাজকোঁৱৰী, কোনোবা ফুকন, কোনোবা বৰুৱা। আটাইতকৈ আচৰিত হৈছিলো সেইদিনা যেতিয়া মোৰ লগৰীয়া এজনীয়ে সুধিছিল, “তুমি গাহৰি খোৱানে, ঘৰত সাঁজ পানী চলে নেকী???” মোৰ বৰ খং উঠিছিল, তথা ঘৃণাত নাক কোঁচ খাই গৈছিল। তাৰমানে তাই গাহৰী খায়, সিঁহতৰ ঘৰত সাঁজপানী খায়। ঘৰত কথাষাৰ কওতে জ্যেষ্ঠ সকলে কৈছিল সিঁহতি ভিতৰপকীয়া, সাঁজপানীৰেই সকলো সকাম নিকাম কৰে, আমাৰ লগত নিমিলে, গতিকে আঁতৰি থাকিবি। মোৰ সৰু মনটোৱে পিছে বেলেগ এটা কথাহে চিন্তা কৰিছিল। কাৰণ সৰুৰে পৰা আমাৰ সম্প্ৰদায়টো আহোম বুলি জানিছিলো, কিন্তু জনা নাছিলো যে আমাৰ মাজতো ভিতৰপকীয়া, বাহিৰপকীয়া আদি ভাগ আছে। মনতো অনুসন্ধীৎসু হৈ পৰাত সেই বান্ধৱী জনীকে সুধিলো, “তোমালোকে কিয় গাহৰি, মদ খোৱা, এইবোৰটো বেয়া বস্তু???” সেই বান্ধৱী জনী মোৰ দৰেই যদিও বয়সত সৰু আছিল, কিন্তু যি কেইটা কথা কৈছিল, সেই কথা কেইটাই মোৰ গোটেই চিন্তা ভাৱনাতে খেলি মেলি লগাই দিছিল। তাই কৈছিল, “আমাৰ জাতিটো এটা শক্তিশালী জাতি আছিল, ৬০০ বছৰ অসমত ৰাজত্ব কৰিছিল। আনকি মোগলেও আমাৰ লগত হাৰ মানিছিল। কিন্তু ইয়াত বাস কৰা সকলো মানুহ আহোম নাছিল, গতিকে আমাৰ জাতিটোক বশ কৰিবলৈ আহোমৰ বিপৰীত কিছুমান ধৰ্মীয় বিশ্বাসৰ সৃষ্টি কৰি আমাৰ মাজত বিভেদৰ সৃষ্টি কৰিলে।আৰু তাৰ ফলতে একে জাতৰ হলেও তোমালোকৰ সমাজখনে আমাৰ সমাজ খনক নেমানে বা আমাৰ সমাজখনেও তোমালোকৰ সমাজখনক নকল আহোম বুলি হাঁহিব বিচাৰে।” 
লাহে লাহে ডাঙৰ হৈ আহিলো, লগতে কেতিয়াও নুশুনা আন কিছুমান নেদেখা নুশুনা কথা কাণ্ডৰ লগত পৰিচিত হবলৈ ধৰিলো। আমাৰ গাঁৱৰ ৰাইজ যদিও মলাজপীয়া বা বাহিৰ পকীয়া আছিল, কিন্তু কোনো গোঁসাইক গাঁৱৰ নামঘৰৰ কাম কাজত ভাগ লবলৈ নিমন্ত্ৰণ কৰা নাছিল, তাৰ পৰিবৰ্তে মাজুলীলৈ গৈ তাৰ পৰা শৰণ ভজন আদি লৈ আহিছিলগৈ। কিন্তু আমাৰ গাঁওখন মাজুলীৰ যি সত্ৰৰ আন্তৰ্গত আছিল, সেই সত্ৰৰ কোনো গোঁসাইৰ জীয়েক আদিৰ বিয়া হলে, গোঁসাই কেইদিনমান আগতে আমাৰ গাঁৱলৈ আহে আৰু জীয়েকৰ বিয়াৰ বাবে এফালৰ পৰা মাননি সংগ্ৰহ কৰি যায়। মা দেউতাক সুধিলে একেই উত্তৰ, “আমাৰ গোঁসাই হয়, অলপ সহায় নকৰিলে পাপে চুব, তেনেকৈ কব নেপায় নহয়” ইত্যাদি ইত্যাদি। এবাৰ এজন ককাইদেউৱে এনে এজন গোঁসাইক উভতি ধৰাত গোঁসাইয়ে কৈছিল যে তেঁওলোক ঈশ্বৰৰ দূত, গতিকে তেঁওলোকক অপমান কৰা মানে ভগৱানক অপমান কৰা হয়। ককাইদেউ জনৰ কবলগীয়া বহুত আছিল যদিও জ্যেষ্ঠ জনৰ কথাত মনে মনে থাকিল। এনে কাণ্ডবোৰ দেখি খং উঠিলেও সমাজৰ বাবে একো বিৰুধ কৰিব পৰা নাছিলো। দেখিছিলো, ঈশ্বৰ আৰাধনাৰ নামত এটা মানসিক চাপৰ সৃষ্টি কৰা হৈছিল। নৱপ্ৰজন্মৰ যুৱক যুৱতী সকলৰ মাজত এটা আত্মবিশ্বাসহীনতাৰ বাতাবৰণে গা কৰি উঠা। পূৱাৰ পৰা ৰাতি শোৱালৈকে সকলো ঈশ্বৰৰ ভাল পোৱা বেয়া পোৱাৰ ওপৰতে যেন নিৰ্ভৰ কৰে। তাৰোপৰি দেখিছিলো উপাসনাৰ স্হল নামঘৰ বোৰত এক পৰচৰ্চাৰ পৰিবেশ গা কৰি উঠা। তাৰোপৰি এটা অতি নিকৃষ্ট কাণ্ড আছিল সৰু সৰু কথাতে সমাজখন ভাগ ভাগ হোৱা তথা দুই তিনিঘৰ মানুহ লগ লাগি এটাকৈ নামঘৰ নিৰ্মাণ কৰা। কিবা কবলৈ গলে মুঠতে নেপায়, পাপে চুব, শাও লাগিব আদি।
মোৰ মনত কেইটামান প্ৰশ্ন সততে জাগি উঠে, সেইকেইটা হল- কিয় আমাৰ সমাজ খনক ধৰ্মৰ ভাগ ভাগ কৰা হল??? আমাৰ মানুহে এই চক্ৰান্ত কিয় আজিও বুজি নেপালেযে ধৰ্মৰ নামত গোটেই জাতিটোকে একেবাৰে দুৰ্বল কৰি পেলোৱা হল??? আধুনিক যুগতো কোনোবা ৰঘূমলাই কলে বুলিয়েই আজিৰ নৱপ্ৰজন্মই কিয় নেপায়, পাপে চুব, শাও লাগিব আদি কথাবোৰ বিশ্বাস কৰে??? ভালকৈ বিশ্লেষণ কৰিলেই ইয়াত নিহিত হৈ থকা চক্ৰান্তবোৰ ওলায় পৰে।
শেষত সকলোকে আহ্বান জনাইছো, ধৰ্মক বিশ্বাস কৰক, কিন্তু বাস্তৱক প্ৰাধান্য দিয়ক, অলীক, অৱাস্তৱ, অন্ধবিশ্বাস আদিৰ পৰা আঁতৰি থাকক। সকলো ৰাইজ এই অসামাজিক কৰ্মকাণ্ডবোৰৰ বিৰুদ্ধে সজাগ হওক, সকলো ভেদাভেদ পাহৰি এটা জাতি হিচাপে নিজক পৰিচয় দিয়ক।। নিজৰ মাজতে বিবেদ থাকিবলৈ হলে এই চক্ৰান্তবোৰে আমাৰ সমাজখনক ভাগ ভাগ কৰাৰ দৰে এদিন আমাৰ ঘৰ খনকো ভাগ ভাগ কৰি আমাক নিশকতীয়া কৰি নাকত ধৰি চাকত ঘুৰাব। আৰু এদিন এনেকৈয়ে ৬০০ বছৰৰ গৌৰৱোজ্জল ইতিহাস থকা জাতি এটা পাহৰণিৰ গহ্বৰত বিলীন হৈ যাব।
সম্পূৰ্ণকৈ পঢ়ক »

ফান টাই (লিজা লাহন)

লাচিতৰ দিনৰে জ্বলা জুইকোৰা,
আজিও আছোঁ যেন বুকুতে লৈ, 
হেলাৰঙে দি যাম বুলি দেহৰ প্ৰতি টোপাল তেজ,
নৱপ্ৰজন্ম ওলাই আহা,নাথাকিবা দূৰতে ৰৈ..
জেৰেঙাতে মাতৃ,সতী জয়মতী তুমি,
এটোপ দুটোপ কৰি তেজৰ নৈ বোৱাই
দি গ'লা নিজক দেশৰ হকে,জাতিৰ হকে,
শুনো যেন গদাপাণিৰ কান্দোন
আজিও জেৰেঙা পথাৰৰ আশে পাশে...
সাহসী মূলাগাভৰু,তোমাৰ আদৰ্শেৰে
অনুপ্ৰাণিত কৰিলা,নাৰী জাতিক নৱৰূপ দি গ'লা,
জীৱন যুঁজত জয়ী হ'বলৈ যেন শিকাই গ'লা,
সচাঁয়ে,হে নাৰী তুমি মহান...
ওলাই আহা সমনীয়া,আগবাঢ়ি যাওঁ,
কঁকালত টঙালি বান্ধি যুঁজিবলৈ যাওঁ..
নাৰী কি!পুৰুষ কি!সকলো সমান,
ব'লা সকলো আগবাঢ়ি কৰি যাওঁ জাতিক মহান..
সম্পূৰ্ণকৈ পঢ়ক »

অসমৰ জাতীয় জীৱনলৈ জয়মতীৰ অৱদান (নাংচেং খুননাং)

টাই আহোম নামেই যাৰ পৰিচয়। মনলৈ ভাহি আহে এখন সু স্পষ্ট ছবি।য’ত ছশ বছৰীয়া বৰ্ণিল যাত্ৰা, চাওফা চাওলুং চুকাফাৰ সেই ছবিখনৰ লগতে জাতিৰ বাবে অজস্ৰ জনে কৰি অহা ত্যাগ আৰু মৰ্মবেদনা।আহোম যুগত নাৰীৰ ভূমিকা উল্লেখনিয়।ঐশ্বৰ্যময় নাৰীৰ হৃদয়েৰে বৰ্ণাধ্য এই জগতত প্ৰকৃততে নাৰীৰ অধিকাৰেই সৰ্বাধিক।কিয়নো নাৰী সৃষ্টিৰ মূল প্ৰকৃতিৰ প্ৰাণময় ৰূপ। সভ্যতা আৰু সমাজ ব্যৱস্থাই একোগৰাকী মহিয়সী নাৰী অথবা মহান ব্যক্তিৰ জন্ম দিয়ে।বিভিন্ন পটভূমি বিচাৰ কৰিবলৈ গ’লে নাৰী সকলৰ ত্যাগ দেখা পোৱা যায়। এনে ত্যাগৰ বিশ্লেষণ কৰিবলৈ গ’লে অসমৰ জাতীয় জীৱনলৈ জয়মতীৰ ত্যাগ অবৰ্ণনীয়।জয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানীৰ পত্নী।জয়মতী্ৰ পিতৃ আছিল লাইথেপেনা বৰগোহাঁই আৰু মাতৃ চন্দ্ৰদাৰু।শিৱসাগৰৰ পৰা ৯ কিলোমিটাৰ আঁতৰৰ মেচাগড়ৰ মাদুৰি গাঁৱত জয়মতীৰ জন্ম হৈছিল।জয়মতী আছিল লাইথেপেনাৰ মৰমৰ বৰ জী।জয়মতীৰ পাচত ৮ জনী ছোৱালী আছিল যদিও দেউতাক, ককায়েক, মাক,মাহী মাকহঁতৰ হিয়াৰ আমঠু আছিল জয়মতী। জয়মতী আছিল অতি বিচক্ষণশীল, কথা শিকাৰ জিজ্ঞাসা আছিল প্ৰ্ৱল। কিংবদন্তি মতে, এদিন গোবৰ ৰজাৰ পুত্ৰ গদাপানী কোঁৱৰ মাদুৰীত থকা লাইথেপেনাৰ ঘৰত উপস্থিত হয়।গদাপানী আছিল অতি শক্তিশালী যুৱক।বৰগোহাঁইৰ জীয়ৰী কেইজনীৰ ভিতৰত জয়মতী আছিল ডাঙৰ সেয়েহে আলহী সোধাৰ দায়িত্ব আছিল কুঁৱৰী জয়মতীৰ ওপৰত। গদাপানীয়ে জয়মতীৰ সেৱা সৎকাৰ দেখি অভিভুত হ’ল।গদাপানী আৰু জয়মতীৰ মাজত প্ৰেম ভাৱ জাগি উঠিল।পিছলৈ পিতৃ পৰিয়ালৰ সকলোৰে অনুমতি সাপেক্ষে গদাপানী আৰু জয়মতীৰ চকলং প্ৰথামতে বিবাহ সম্পন্ন হয়।সেই সময়ছোৱাত ৰাজতন্ত্ৰত খাম খেয়ালীৰ সৃষ্টি হৈছিল।১৬৭০ চনত চাওফা চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।১৬৮১ চনত গদাধৰ সিংহৰ ৰাজ অভিষেকৰ মাজৰ সময়ছোৱাত ৰাজপাটত ছজন চাওফা অধিষ্ঠিত হৈছিল।দেবেৰা বৰবৰুৱাই ষড়যন্ত্ৰ কৰি উদয়াদিত্য সিংহক হত্যা কৰি ৰাজ্যত কু শাসনৰ পাতনি মেলে। ৰাজশাসনৰ এটা নিয়ম আছিল যে অংগক্ষত থকা কোঁৱৰ ৰজা হ’ব নোৱাৰে।ইয়াৰ পূৰ্ণ সুযোগ আৰু সুবিধা গ্ৰহণ কৰিছিল চক্ৰান্তকাৰীয়ে। গদাপানী কোঁৱৰো এনে চক্ৰান্তৰ বলি হৈছিল।জয়মতীৰ পূৰ্ণ বিশ্বাস আছিল যে তেওঁৰ বঙহৰদেউ অৰ্থাৎ গদাপানীয়ে লালুকসোলাৰ শ্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই ৰাজ্যলৈ শান্তি শৃংখলা ঘূৰাই আনিব।সেই বাবে ৰজাৰ চোৰাংচোৱাই ধৰাৰ আগতেই জয়মতীয়ে গদাপানীক পলাই যাবলৈ অনুৰুধ কৰিলে। গদাপানীয়ে পত্নী জয়মতী আৰু দুই পুত্ৰ লাই লেচাইক এৰি দেশৰ স্বাৰ্থত পলাই গ’ল।নিজৰ বাটৰ কাঁইট আতৰাবলৈ টুংখুঙীয়া ফৈদৰ শক্তিশালী কোঁৱৰ গদাপানীক চকু দিছিল ক্ষমতালোভী ডাঙৰীয়াসকলে।যাৰ বাবে স্বদেশত থাকিব নোৱাৰি দুটা দিন হাবিৰ মাজেৰে আৰু নাৱেৰে স্বদেশৰ সীমা অতিক্ৰম কৰি নগা পাহাৰত উপস্থিত হৈছিল।কোঁৱৰে গাভৰুৰ পাহাৰৰ নিৰ্জন শিলত বহি মনত পেলাইছিল বুলনি চৰাত এৰি অহা জয়মতী, ৰাজমাও চৰাত এৰি অহা ৰাজমাও, সোণৰ পালেংত নিশ্চিত মনে শুই থকা ল’ৰা দুটালৈ।বাৰে বাৰে মনটো গুচি গৈছিল নিজ মানুহখিনিৰ ওচৰলৈ।
গদাপানীক বিচাৰি নাপাই ৰজাৰ চাওদাঙে জয়মতীক ধৰি নিয়ে। জয়মতীক ৰাজসভাত থিয় কৰাই সোধ পোচ কৰাৰ পিছতো গদাপানীৰ কোনো ঠিকনা নাপাই লালুকসোলাই ঠিৰাই কৰিলে যে জয়মতীক ৰাজহুৱাকৈ অত্যাচাৰ কৰিলে গদাপানী নিজেই আহি ধৰা দিব। ঠিক সেইমতেই জয়মীক কোটকোৰা গছত বান্ধি লৈ চাওদাংৰ হতুৱাই নানা শাস্তি দিছিল।কিন্তু তথাপিও জয়মতীয়ে দেশৰ স্বাৰ্থত শাস্তি সহ্য কৰি বংহৰদেউৰ সম্ভেদ নিদিলে। জয়মতী মৃতপ্ৰায় অৱস্থা হৈ যোৱাৰ স্বত্বেও বংহৰদেউৰ সম্ভেদ দিবলৈ প্ৰস্তত নহ’ল।১৩ দিন ইচ্ছা কৰিয়েই মুখত একো নিদিয়াকৈ আছিল জয়মতী। গদাপানীয়ে ছদ্মবেশেৰে নগা পাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহি শাস্তি খোৱাতকৈ বংহৰদেউৰ কথা কৈ দিবলৈ অনুৰুধ কৰিলে।কিন্তু জয়মতীয়ে তেওঁক চিনিব পাৰি আঁতৰি যাবলৈহে অনুৰুধ জনালে।অৱশেষত চৈধ্য দিন চাওদাঙৰ নিৰ্যাতন সহ্য কৰি ১৬০১ শকৰ তেৰ চ’তত জয়মতীৰ মৃত্যু হয়। জয়মতীৰ মৃত্যুৰ দুবছৰৰ পাছত লৰা ৰজাৰ শ্বেচ্ছাচাৰী শাসনৰ অন্ত পৰে।
অসমৰ জাতীয় জীৱনলৈ জয়মতীৰ অৱদান সম্পৰ্কে আলোচনা কৰিবলৈ যাওতেঁ উভতি যাব লাগিব আজিৰ পৰা প্ৰায় ৪০০ বছৰৰ আগলৈ।স্বাৰ্থান্বেষী ক্ষমতালোভী বৰফুকনৰ অত্যাচাৰে জোৰোলা কৰি পেলাইছিল সেই সময়ৰ জনসাধাৰণক। তেওঁলোকৰ মনত বিদ্ৰোহৰ জুই উমি উমি জ্বলিছিল যদিও গোট বান্ধি মুক্তভাৱে বিদ্ৰোহ ঘোষণা কৰিব পৰা নাছিল।ঠিক সেই সময়তে নিৰৱ প্ৰতিবাদে জনসাধাৰণক জাগ্ৰত কৰিবলৈ সক্ষম হৈছিল দেশ আৰু জাতিপ্ৰাণা জয়মতী কুঁৱৰীয়ে।নিজকে তিল তিলকৈ শত্ৰুৰ ওচৰত শেষ কৰি দিয়া জয়মতীয়ে জনসাধাৰণৰ মনত শাসন ব্যৱস্থাৰ প্ৰতি বিদ্ৰোহ তীব্ৰ কৰি তুলিছিল।বংহৰদেউৰ প্ৰতি আছিল জয়মতীৰ অন্তহীন প্ৰেম।প্ৰেমৰ সেই ঐশ্বৰিক শক্তিৰ ফলশ্ৰুতিতেই দেশৰ বাবে নিজক আত্ম বলিদান দিবলৈ প্ৰস্তুত হৈছিল।ৰূপকোঁৱৰৰ ভাষাৰে- “ জয়াৰে কীৰিতি দেশে বিদেশে সাগৰে নগৰে ফুৰিবি কৈ।” সেই আহোম বীৰাংগনাৰ আত্মত্যাগে বৰফুকনৰ হিংসামূলক কাৰ্যৰ অৱসান ঘটায়।জয়মতীয়ে আত্মত্যাগ নকৰা হ’লে ৰাজসিংহাসনৰ বাবে সুযোগ্য কোনো কোঁৱৰ নাথাকিলহেঁতেন। চাওফাই চাওলুঙ চুকাফাই গঢ়ি যোৱা বৃহৎ জাতিয়ে কোন দিশলৈ গতি কৰিলহয় তাৰ ঠিকনা নাথাকিলহেতেঁন।জয়মতীৰ আত্মত্যাগে সমাজলৈ সুস্থিৰতা ঘূৰাই আনিলে। তাৰ ফলশ্ৰুতিত সৃষ্টি হ’ল পৰৱৰ্তী সভ্যতা, যি সভ্যতাৰ ফলত সৃষ্টি হ’ল ৰুদ্ৰ্সিংহৰ দৰে সৰ্বশ্ৰেষ্ঠ ৰজা।বাধ্য হ’ল ধোদ সকলে আলি বান্ধিবলৈ।
বৰ্তমান গণতান্ত্ৰিক সমাজব্যৱস্থাটো পুনৰাবৃত্তি হৈছে বহু লৰা ৰজাৰ চৰিত্ৰ,লালোক সোলাৰ চৰিত্ৰ।জয়মতী এগৰাকী প্ৰকৃত নাৰী যিয়েই অসমীয়া জাতি গঠনত এক গতি দি গ’ল।জয়মতীৰ আদৰ্শই কয় বঞ্চিত শ্ৰেণীয়ে নিজ অধিকাৰ সাব্যস্ত কৰিবলৈ এখন সুস্থিৰ সমাজ গঢ় দিবলৈ অনেক ত্যাগ স্বীকাৰ কৰিব লাগিব।লগতে থাকিব লাগিব পুৰুষ আৰু নাৰীৰ পৰস্পৰৰ প্ৰতি প্ৰেম শ্ৰদ্ধা আৰু সহযোগ। শেষত আহোম বীৰাংগনা গৰাকীলৈ মই সশ্ৰ্দ্ধাৰে প্ৰণিপাত জনাইছো।
সম্পূৰ্ণকৈ পঢ়ক »

ত্যম্-ফু-তা-ঙ-ৰন্ /সম্পাদকীয়

কু-ত্যুৱ-খম
(শব্দ ধাৰ কৰণ)
অসমীয়া ভাষাত বহুতো আহোম ভাষাৰ শব্দ সোমাই আছে। তাৰে কিছুমান AHOM LEXICONS খনত দেখুওৱা হৈছে। লগতে বহুতো ঠাইৰ নামো তাঈ আহোম ভাষাৰ পৰা আহিছে। AHOM LEXICONS খনতো তেনেধৰণৰ বহু কেইখন ঠাইৰ নামো উল্লেখ কৰা হৈছে। আজিৰ কিছুমান “পণ্ডিতে” উক্ত পুথি খনৰ পৰা তেনে কিছুমান শব্দ বা ঠাইৰ নাম আহৰণ ক্ৰমে সিবোৰ নিজে “আৱিস্কাৰ” কৰা বুলি জাহিৰ কৰি কৰি প্ৰবন্ধ-পাতি লিখি লৈ আলোচনীত প্ৰকাশ কৰে। সেই জাতীয় প্ৰবন্ধ কিছুমান গোটাই লৈ পঢ়ি চাবছোন। দেখিব উক্ত সাহিত্য-পথাৰ খনত ইতিপূৰ্বে মাটি কঢ়াই, সমাৰ বাই মৈ দিয়া । এতিয়া পুনৰ হাল বাই বাই আকৌ মৈ দি ভুঁই ৰোৱাৰ কামখিনি বৰ্তমানৰ লিখক সকলে কৰে। হাঁহি উঠে। নিজে তাঈ আহোম ভাষাটো নাজানে বা জানিবলৈ চেষ্টাও নকৰে; কিন্তু প্ৰবন্ধ লিখাৰ সময়ত “হাম চব জান্তা” হৈ পৰে। আহোমৰ বিড়ম্বনা এই যে পূৰ্বাঞ্চল তাঈ সাহিত্য সভাৰ সভাপতি তথা সচিব সকলৰ (দুই এজনক বাদ দি) কোনেও তাঈ আহোম ভাষাটো নাজানে আৰু আয়ত্ব কৰিবলৈও চেষ্টা নকৰে। দুই এজনে মূৰৰ ছুলি খুড়াই পেলায় তথাপি কামত নাহে; মূৰ ঘূৰাই থাকে। কোনেও তেওঁ লোকক দয়া প্ৰদান কৰি আনন্দ নাপায়। মাত্ৰ বৰ বৰ মন্ত্ৰনাহে উপযাচি প্ৰদান কৰে।
উপৰুক্ত সাহিত্য-পথাৰ খনত মইও মাজে মাজে নামো; দুই এটা তেনে ধৰণৰ শব্দৰ কথা প্ৰকাশ কৰোঁ। সকলোৰে দৰে এই বিষয়টো মোৰো আওটাত পৰে। “আওঁতা” আহোম ভাষাৰ শব্দ। “আও”=লোৱা, “তা”= চকু, অৰ্থাৎ দৃষ্টিৰে লব পৰা পৰিধি। তদুপৰি- AHOM LEXICONS খনত ভেজা দি নতুন কিছুমান শব্দ, শব্দপূঞ্জ সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ। তথাপি অন্যান্য তাঈ জনগোষ্ঠীৰ প্ৰতিশব্দ ধাৰ কৰিবলৈ মন নকৰোঁ। আমি যদি তেনে দৰে ধাৰ কৰিয়েই থাকো, তেন্তে তাঈ আহোম ভাষাৰ নিজত্ব (মংঅক্) আৰু Originality (অক্-জিম্) হেৰাই যাব। তাঈ আহোম হিচাবে আমাৰ নিজৰ ভাষাটোক আধুনিকতাৰ মাজতো বচাই ৰাখিব লাগিব। তাঈ আহোমৰ ভালেমান শব্দ বৌদ্ধধৰ্মৰ পালি ভাষাৰ বুলি কিছুমান বুদ্ধিস্ত তাঈ মানুহে কব বিছাৰে। যেনে- “ছিকিয়া ৰানি পান্” বাক্যটোত থকা “ছিকিয়া” শব্দটো “শাক্যমুণি” শব্দৰ অপভ্ৰংশ বুলিয়েই অসমত বসবাস কৰা ফাকে আৰু আইতন পণ্ডিত দুজনমানে আৰু আহোম “পণ্ডিতে” কয়। মই সুধিছিলোঁ আৰু কৈছিলোঁ—“ঠিক আছে, ছিকিয়া শব্দটো ধৰি ললোঁ ‘শাক্য’ শব্দৰ পৰা আহিছে। কিন্তু এই শব্দটো প্ৰযোজিত ‘ছিকিয়া ৰানিপান’ বাক্যটোত থকা ‘ৰানি’ আৰু ‘পান’ শব্দই কি কি বুজায় আৰু সম্পূৰ্ণ বাক্যটোৰ অৰ্থ কি হ’ব পাৰে?” উত্তৰ দিবৰ সময়ত তেওঁলোকৰ জিভাখন কোচ খাই যায় আৰু ইটো ওঁঠে সিটো ওঁঠক আকৰ্ষণ কৰি নিৰৱতাক চুমা খায়। মই কওঁ—“ছি-কি-আ” (এইটোহে শুদ্ধ শব্দ গাঁঠনি) যে “ছি”= ভাগ কৰা, “কি”=ফুলা, অৰ্থাৎ বিৱৰ্তন সময়ত মহা বিশ্বখনৰ বিকশিত সুৰবোৰ, “আ”=বিস্তৃত ভাবে। মই পুনৰ কওঁ যে কিছুমান শব্দ আৰু বাক্যবোৰৰ মাত্ৰ face valued অৰ্থবোৰ গ্ৰহণ কৰাৰ আগতে সিবোৰৰ Philosophy Behind (অন্তৰ্নিহিত দৰ্শন বা গূঢ় তত্ব) জানি লবলৈ চেষ্টা কৰিব লাগে। অন্যথা Conditioned Reflex য়ে “ছাগলিটোকে কুকুৰ” বনাবগৈ, আজি নহয় কালিলৈ, কালিলৈ নহয় পৰহিলৈ। ই “তে’-মু-নান্” (ধুৰুপ)।
তাঈ আহোমৰ মাজত এটি অতি প্ৰাচীন সত্য-প্ৰবাদ আছে। সেইটো হৈছে—
উৰুলী, ওৰণী, শিৰত সেন্দুৰ ফোট
তাঈ জাতিৰ নিয়মত নাই।
তাঈ আহোম ভাষাত সদা বিৰাজমান বাক্য কেইটাৰ প্ৰতিবাক্যবোৰ বৰ্তমানে মোৰ হাতত নাই ;কিন্তু গীত আকাৰলৈ অনুবাদ কৰিলে প্ৰবাদটো এনেকুৱা হ’ব পাৰে---
ঙিন্ তাং প তাং-লাই
ফা-পক্-ৰূ লে ক্লং
তাং নন্ -নাম থন্ দেং
মে-য়াং চু ফান্ তাঈ।।
“ঙিন্-তাং”= শুনা, “প-তাং-লাই”=ৰাইজ সবাই, “ফা-পক্-ৰূ”= ওৰণী, “লে”= আৰু, “ক্লং”=উৰুলী, “নন্-নাম্”= শিৰত ফোট লোৱা ঠাই, “থন দেং”= ৰঙা সেন্দুৰ, “মে-য়াং”=নাই, “চু”= নীতি, “ফান্-তাঈ”= তাঈ জাতি।
ঘিলামৰাৰ নিকতৱৰ্তী কোনোবা ‘চেতিয়া’ উপাধিধাৰী লোক কেইজন মান চাও সুভাষ দিহিঙিয়াৰ ওচৰলৈ গৈ মোলৈ ফোন কৰাইছিল। উদ্দেশ্য – তেওঁলোকে বংশাৱলী পাতিব আৰু ‘‘বংশাৱলী” শব্দটোৰ তাঈ ভাষাৰ প্ৰতি শব্দটো কি জনাৰ। তেওঁলোক হেনো দেওঘৰীয়া চেতিয়াৰ বংশধৰ। মই “বংশাৱলী” শব্দটোৰ তাঈ আহোম ভাষাৰ প্ৰতিশব্দ হিচাবে “খ্ৰাই-ফান্” বুলি জনালোঁ আৰু “দেওঘৰীয়া চেতিয়াৰ বংশাৱলী” টো চাই দিবলৈ সময় বিছাৰিলোঁ। কিছু সময়ৰ পিছত পুনৰ ফোন আহিল। মই কলোঁ যে চেতিয়াৰ ৩৮ ফৈদ আছে। কিন্তু “দেওঘৰীয়া চেতিয়া” বোলা ফৈদ এটা মই বিচৰি নাপালোঁ। অৱশ্যে “দৌল চেতিয়া” নামৰ এটা ফৈদ এটা আছে। তেওঁলোকে কলে যে “দৌল চেতিয়া” আৰু “দেও ঘৰীয়া চেতিয়া” একেটা ফৈদ। বছ্, মোৰ কাম খতম্। তেওঁলোকে মোক তেতিয়াৰ পৰা এতিয়ালৈকে চম্-লুং এটাকে নিদিলে। কোনো দিন আৰু ফোন নকৰিলে। তেওঁলোকে “ত্যেং-পয়্”(আকৌ সাৰ পাইছোঁ), বা “ত্যেং-নাই”(এতিয়া সাৰ পাইছোঁ), অথবা ওলটিবলৈ সাৰ পাইছোঁ (ত্যেং-তাও) জাতীয় শব্দৰ লগত বতাহৰ মাজতহে চিনাকি, দিঠকত পৰিচয় (ৰূ-তং) কিমান নাজানিলোঁ।
মোৰ ব্যক্তিগত লাইব্ৰেৰীটো চাফা কৰি থাকোঁতে অলপতে এখন কিতাপ মোৰ হাতলৈ আহিল। চালো সেই খনৰ নামটো “তাই ভাষাৰ ব্যাকৰণ”। তাঈ লিপিত লিখা হৈছে “বি জা(য়া) ক ৰ না তাই”। লিখক জন হ’ল অধ্যাপক (চাও) নোমল গগৈ, প্ৰকাশ -১৯৯০ চন। কিতাপ খনক মই criticize কৰিব বিচৰা নাই, কিন্তু গেলা বৰালিত মোৰ হাত পৰিল। কিতাপ খনত লিখা হৈছে (পৃঃ৩)—“অসমত তাই ভাষা চৰ্চা সম্পূৰ্ণ নতুন পৰিভাষা সমূহ সৃষ্টি কৰা হৈছে ইয়াৰ কৃতিত্ব চাও খুক মান পুং দেৱৰেই প্ৰাপ্য। উদাহৰণ অধ্যায় পুক্(আহোম মতে ‘খ’ বৰ্ণ বা আখৰ ত্যু লিক্ (আহোম মতে “ত্যু-খম”), স্বৰ ছা ৰা, ব্যঞ্জন বিন্ জা না, সুৰ বা তান ছিং (আহোম মতে “থন্”। “ছিং” শব্দৰ অৰ্থ Ahom Lexicons খনৰ মতে “কথা-ক”, “অঁতা”, “হাত বুলা”, “মাত”, “সৰস্বতী”, “কথা”, শব্দ (sound), বাক্য=খিৱ্, খাম্, শব্দাংশ “চা কাম খাম”, বিশেষ্য চ্যু ত্যু, সৰ্বনাম লিক্ চ্যু ত্যু,বচন খান্ ত্যু, এক বচন “খান ত্যু দিৱ্” ইত্যাদি ইত্যাদি। এই খিনিৰ পৰা অনুমান কৰিব পৰা যায় যে নোমল গগৈদেৱৰ এই কাৰ্যই তাঈ আহোম ভাষাটো সংস্কৃত কৰণ কৰিব বিছাৰিছে আৰু লগতে বিজতৰীয়া শব্দ কিছুমান তাঈ আহোম ভাষাটোত সুমুৱাই আমাৰ ভাষাটোক পংগু বিজতৰীয়া আৰু সুগন্ধিহীন কৰি পেলাবলৈ চেষ্টা কৰিছে। এঠাইত “ক্ৰিয়া” শব্দটোৰ অৰ্থ “হিৎ” কৰা হৈছে। Ahom Lexicons খনত “হিৎ” শব্দৰ অৰ্থ দেখুৱাইছে—মৰমকৈ চা, কৰ, হ, সন্মুখ। “হিৎ” শব্দটো সাধাৰণতে “হিৎ চাও” অৰ্থাৎ ৰজা হোৱা, অন্য ঠাইত “হোৱা” বুজায়। “হিৎ দি হিৎ খেঞ্”ত থকা “হিৎ” শব্দটোৱে “হোৱা” হে বুজায়। “ক্ৰিয়া” শব্দৰ তাঈ আহোম ভাষাৰ প্ৰতিশব্দ “দয়্” টোহে বেছি খাপ খোৱা। মই বাৰু এই কিতাপৰ লিখক জনক criticize ধৰা হওঁক নকৰিলোঁ। কিন্তু উঠি অহা চামলৈ অনুৰোধ এই যে তাঈ ভাষাটো শিকিবলৈ তেওঁলোক তাঈ ভাষী সকলৰ ওচৰলৈ গৈ ভাল কাম কৰিছে। মনত ৰাখিব লাগিব যে তেওঁ লোকে “তাঈ” ভাষাটোহে শিকিছে (যেনেকৈ নোমল গগৈদেৱে কৰিছে) “তাঈ আহোম” ভাষাটো শিকা নাই। “তাঈ” শব্দটো বৰকৈ বিপথ প্ৰদৰ্শক। সাৱধান।
তাঈ আহোম ভাষাৰ Ahom Lexicons খনত নথকা দুটা শব্দ মই “তাঈ থাই” ভাষাৰ পৰা গ্ৰহণ কৰিছোঁ। সেই কেইটা হ’ল—“চম-লুং”= ধন্যবাদ আৰু “ময়্-দাম্” শব্দত থকা “ময়্” শব্দটোৰ অৰ্থ “জিৰণি”। “ময়্-দাম্”ৰ অৰ্থ হ’ল মৃতকৰ জিৰণি (স্থান)। সেই ফালে মই আগ বাঢ়ি গৈ আছোঁ। ভাল লাগিছে।
চাও নগেন হাজৰিকা
সম্পূৰ্ণকৈ পঢ়ক »

তাঈ ভাষাত আহোম সম্বন্ধবাচক শব্দ সমূহ(পলাশ প্ৰতীম)

তাঈ ভাষাত আহোম সম্বন্ধবাচক শব্দ সমূহ
বৰ্তমান তাঈ-আহোমসকলৰ মাজত প্ৰচলিত সম্বন্ধসূচক শব্দসমূহৰ কিছুমান প্ৰত্যক্ষভাৱে তাঈ ভাষাৰ, কিছুমান আংশিকভাৱে তাঈ ভাষাৰ, কিছুমান তাঈ ভাষাৰ অপ্ৰভ্ৰংশ তথা কিছুমান বেলেগ ভাষাৰ পৰা অহা। তলত তাঈ সম্বন্ধসূচক শব্দ কিছুমান ৰাইজৰ বাবে দিয়া হ’ল:-
তু-খম্‌-তাং হুং( সম্বন্ধ(হুং))
আজো ককা:- পুলিন্‌ পুমন
আইতা, বুঢ়ী:- য়া-থাও
ককা:- পু-থাও
পিতৃ:- প’মান, প’
মাতৃ:- মে-মান্‌, মে, আ-মে’
দদায়েক:- আও-চাও, আ-চাও, আও
খুৰী:- খুঞ্‌ চাও
বাপেকৰ ককায়েক:- নি-চাও, লুং চাও
বাপেকৰ বৌ:- পা-চাও
বাপেকৰ বায়েক:- পা-চাও, আ-পা
পেহী:- পু-আই, লিউ,লু-নাই, পা-মউ
পেহা:- প-খুঞ্‌
বৰজনা:- লুং-চাও,জাম
জাশাহু:- মৌ-পু
মাকৰ ককায়েক:- নি-চা
মাকৰ বায়েক:- আ-পা
মাহী:- খেক্‌-নাংমি, পা-মেউ, পু-আই
মহা:- খেক্‌-চাও, না-খুঞ্‌
দো-মতি:- খেক্‌ পি-কান্‌
মাকৰ দেউতাক:- পু-নাই
মাকৰ মাক:- য়া-নাই
বিয়ৈ:- দং চাও
বিয়নী:- দংমে
মোমাই:- না-চাও
মাইদেউ:- পি-লু
ননদ:- ফু-ঞিং মি
গিৰিয়েক:- ফু-লে
ঘৈণীয়েক:- মী-লে
দৰা:- ফু-মা
কইনা:- ফু-মী
পুতেক:- লুক্‌-চাই, ফু-চাই
বোৱাৰী:- প্লাও, নাংপাত্‌
জী:- ফু-ঞেং
বৰজী:- জী
জোঁৱাই:- খ্ৰু-ঞ্‌
ককাই-ভাই, বাই-ভনী:- পি-নং
ককাই:- পি-কাই, আ চাই
বৌ:- পা-লু-বাউ, পা-পি-বাউ, পি-ঞিং
ভনী:- পা-নং-বাউ, নং-ছাউ
ভনী(গাভৰু):- নং-ছাউ
ভনী(সৰু):- নং-ঞেং
ভিনিদেউ:- পি-চাও
খুলখালী:- লুং-তা
ভতিজা:- লান-চাই-প’
ভতিজী:- লান-ছাউ-প’
ভাহিন:- খেক্‌-লুক্‌-মান

্‌, লান-চাই-মে
ধুনীয়া মানুহ:- কুন-ঙাম্‌
মতা-মানুহ:- কুন-চাই
ভাগিনী:- লান-ছাউ-মে
নাতি:-লান,লাং,ল
াই-চাই
শহুৰ:- প-চাও
শাহু:- মে-চাও
বন্ধু:- ক’
বান্ধৱী:- মে-ক’
জীৱন লগৰী:- ক-মিং
বংশ:- নূ
জাত(race):- ফান্‌
মই:- কাও
তুমি:- মাউ
তোমালোক:- ছু
সি:- মান্‌
তেওঁলোক:- খাউ
সকলো:- তাং-লাই, তাং-লুং, উক্‌-চা, মি-তাং
ওচৰ-চুবুৰীয়া:-
কুন-কি-লাং, কুন-ৰিম্‌
ৰাইজ:- প-তাং-লাই
তোলনীয়া:- কিপ্‌
মাইকী মানুহ:- কুন্‌-মী
অবিবাহিত:- কুন্‌-লাং
চফল ডেকা:- কুন্‌-নুম্‌
ল’ৰা:- ফু-চাই
সম্পূৰ্ণকৈ পঢ়ক »

আহোম পৰিধাৰণ বুৰঞ্জী

(চাও নগেন হাজৰিকা)
মৗং-দুন্‌-ছুন্‌
-খামলৈ অহাৰ সময়ত আহোমৰ পোচাক-পৰিচ্ছদ অৰ্থাৎ পৰিধাৰণ কি আছিল ? এই প্ৰশ্নটোক লৈ বহুতো বাক্‌-বিতণ্ডা চলি আহিছে ৷ নিৰপেক্ষ বৌৰঞ্জিক ঊদ্ধৃতি আৰু ঘটনাসমূহ পঢ়ি চালে আমি তাৰ প্ৰকৃত সন্ধান পাব পাৰোঁ ৷ চাও-লুং ছ্যু-কা-ফাই চে-ৰা-দয়ত থিতাপি লোৱাৰ পাছত এনে ঘটিছিল – “….. বৰাহীৰ চুৰিয়াৰ পোন্ধ ৰঙা, ক’লা, ধৱলা, এনে ধৰণৰ নেজ লুটি খায় ৷ পাছেআমাৰ মানুহে বোলে তহঁতে এনেকৈ চুৰিয়া নিপিন্ধিবি”…. [বৰবৰুৱা: ১৯৮১] ৷ উক্ত ঘটনাৰ পৰা এইটো বুজা যায় যে আহোমে পোন্ধ মৰা নাছিল, অৰ্থাৎ চুৰিয়া বা ধুতি পিন্ধা নাছিল৷ তেন্তে ইয়াতে এটা প্ৰশ্ন উঠে যে আহোমৰ মতা মানুহে সেই সময়ত কি পিন্ধিছিল ? উত্তৰ হিচাবে ক’ব পৰা যায় যে আহোম পুৰুষে সেই সময়ত পত্‌লুং আৰু গাত চাপ্‌-কন্‌ পৰিধাৰণ কৰিছিল ৷ সৰ্বানন্দ ৰাজকুমাৰ দেৱেও লিখি থৈ গৈছে, আহোমৰ পূৰ্বপুৰুষসকলে পূৰ্বে চুৰিয়া পিন্ধা নাছিল ৷ তেওঁবিলাকে সৰু গাঁঠিৰ ওপৰলৈকে পৰা এবিধ পট-লুং আৰু গাত এবিধ চোলা (চৌগা-চাবকন) পিন্ধিছিল [ৰাজকুমাৰ : ১৯৮০]৷
উত্তৰ-পূব ভাৰত তথা অসমত বসবাস কৰা কোনো কোনো তাঈ সম্প্ৰদায়ৰ লোকে কয় যে খাম্‌তি লুঙিখন তাঈ পুৰুষৰ পৰিধাৰণ আছিল আৰু এতিয়াও বৰ্তমান ৷ কিন্তু ছান্‌ স্তেটছৰ খাৰ্ন্‌ ছাই-জাই-য়েন্‌ আৰু অন্যান্য লিখকৰ লিখনিৰ পৰা জনা যায় যে ছান্‌ স্তেটছৰ পুৰুষৰ জাতীয় পৰিধান লুঙি নহয়৷ খাৰ্ন্‌ ছাই্‌ জাই্‌ য়েনে লিখিছে --- “They [৩] were also forced to were longy is (traditional Burmese skirts worm by males) instead of their traditional Shan trousers”.(Jayen : 766) অৰ্থাৎ “ছান্‌সকলৰ পৰম্পৰাগত পত্‌-লুঙৰ পৰিৱৰ্তে বাৰ্মানসকলৰ পাৰম্পৰিক লুঙি পিন্ধিবলৈ ছান্‌সকলক বাৰ্মিজহঁতে বাধ্য কৰাইছে ” ৷ ইয়াৰ অৰ্থ এই যে তাঈ-ছান্‌ বা জাই (য়াই)সকলৰ পুৰুষৰ পৰিধাৰণ হ’ল পত্‌লুং ৷ চীনদেশৰ তাঈ মানুহৰ পুৰুষসকলৰ পৰিধাৰণো ‘পত্‌লুং’ ৷ ইয়াৰ পৰা এইটোকে বুজা যায় যে হেমচন্দ্ৰ বৰুৱাই অসমীয়া অভিধানখন প্ৰণয়ন কৰাৰ সময়লৈকে অসমত ‘পত্‌-লুং’ শব্দটো সমাজত প্ৰচলিত আছিল ৷ আহোমৰ মতা মানুহে তেতিয়ালৈকে পৰম্পৰাগতভাৱে পত্‌-লুং পৰিধাৰণ কৰিছিল ৷ ধূতি আহোম জনসমাজত বহু পলমকৈহে সোমাইছে ৷ অসমীয়া লিখক কেইজনমানে অসমীয়া আৰু অন্যান্য ভাষাত লিখা বুৰঞ্জী পুথি তথা অন্যান্য পুথিত আহোমে চুৰিয়া পৰিধাৰণ কৰা বুলি দাঙি ধৰা উল্লেখসমূহ সত্য নহয় ; বৰং আহোমক ইণ্ডিয়ানাইজ কৰিবৰ বাবে মনে সজা অবাস্তৱক বাস্তৱৰ গঢ় দি আহোমে ধূতি পিন্ধিছিল ইত্যাদি কথা লিখা হৈছিল বুলি দৃঢ়ভাৱে ধাৰণা কৰিব পাৰি ৷
আহোমৰ পত্‌-লুংবিলাক ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকে পৰা আছিল ৷ চাও-ফাসকলৰ পত্‌-লুংবোৰ সকলোতকৈ দীঘল আৰু ডা-ডাঙৰীয়া,বিষয়া আদি সকলৰ বোৰ পদমৰ্য্যদা অনুসাৰ ক্ৰমাৎ চুটি আছিল ; কিন্তু সকলোবোৰ পত্‌-লুং আঁঠুৰ তলত পৰা আছিল ৷ আঁঠুৰ ওপৰত পৰাবোৰক পত্‌-নয় বোলা হৈছিল, যাক ইংৰাজীত ‘হাফ্‌ পেন্ট’ বোলা হয় ৷ বিষয়বাব নোপোৱা আহোমে বা আনুষ্ঠানিকতা নোহোৱা পোচাক হিচাবে আৰু বিষয়বাব খোৱা আহোমেও পত্‌-নয় পিন্ধিছিল ৷ অনানুষ্ঠানিক পোছাক হিচাবে আহোমে পাছলৈ হয়তো খাম্‌তি লুঙিবা অন্য তেনে বস্ত্ৰ পৰিধাৰণ কৰিছিল ৷ কিন্তু পাৎ-কাই পাৰ হৈ অহাৰ সময়ত আহোমে পত্‌-লুং আৰু পত্‌-নয়হে পৰিধাৰণ কৰিছিল আৰু আহোম ৰাজত্বৰ শেষলৈকে তেখেতসকলে এই পৰিধাৰণ ব্যৱহাৰ কৰি আছিল ৷
অন্য হাতেদি আহোমসকলে উদং গাৰে অথবা মাত্ৰ এখন কাপোৰেৰ গাটো ঢাকিয়েই দয়্‌-কাও-ৰং পাৰ হৈ অহা নাছিল ৷ তেখেত সকলে গাত চাপ্‌-কন্‌ পিন্ধিছিল ৷ চাও-ফাসকলে পিন্ধা ‘গোমচেঙৰ চোলা’টো প্ৰকৃততে ঙি-ঙাও-খাম্‌ অংকিত চাপ্‌-কন্‌হে আছিল ৷ প্ৰজাই ঙি-ঙাও খামকে চুম্‌-ছেং বুলি গণ্য কৰিছিল আৰু ‘চুম-ছেং’ শব্দটো অনা আহোমৰ মুখত পৰি ‘গোম-ছেং’ হ’ল ৷ চ্যুং-কুৱ শাসন কৰাৰ সময়তে তাঈসকলে চাপ্‌-কন্‌ আৰু চাও-ফাসকলে ড্ৰেগন্‌ (লুং/লা-কা) অংকিত চাপ্‌-কন্‌ পৰিধাৰণ কৰিছিল আৰু সেই পোচাকটো কালক্ৰমত নান্‌-চাও দেশত প্ৰচলিত হৈ পৰিছিল ৷ ইণ্ডয়াৰ সম্ৰাট কনিষ্কই বোধহয় নান-চাও দেশৰ পৰা সেই নমুনা নি চাপ্‌—ন্‌ চিলাই কৰি ৰাজকীয় পোছাক হিচাপে পৰিধাৰণ কৰিছিল ৷ কনিষ্কৰ (মুণ্ডহীন) মূৰ্তিটোত থকা চোলাটো তাঈ সকলৰ দীঘল চাপ্‌-কনটোৰ বাহিৰে অন্য একো নহয় ৷ প্ৰকৃততে কনিষ্ক কুছান্‌ বংশ (কুন্‌+ছান্‌> ‘কুন্‌=মানুহ; ‘ছান্‌’=তাঈ জাতিৰ এটা ঠাল)মূলীয় আৰু ‘কনিষ্ক’ শব্দটো মূল তাঈ শব্দ ‘কন্‌ + উক্‌-চা’ (‘কুন্‌’ = ধুনীয়া, ‘উক্‌-চা’=সকলো> ‘সকলোতকৈ ধুনীয়া’)ৰ সংস্কৃতকৰণ যেন লাগে ৷ কনিষ্কক ভাৰত বুৰঞ্জীত ‘দৈৱপুত্ৰ শাহানুশাহী’ অৰ্থাৎ ‘স্বৰ্গ-পুত্ৰৰ বংশধৰ ৰজাৰো ৰজা’ বুলি আখ্যা দিয়া হৈছে আৰু এই উপাধিটো প্ৰাচীন তাঈ বংশীয় এক পৰম্পৰা ৷ এইটো সত্য যে কনিষ্ক মংগোলীয় জনগোষ্ঠীভুক্ত আছিল ৷
চাও-লুং-ছ্যু-কা-ফাই পাৎ-কাই পাৰ হৈ আহোঁতে তেখেত আৰু লগৰীয়াসকলে চাপ্‌-কন পিন্ধিছিল ৷ চাপ-কনত অংকন চ্যুং-কুৱত ব্যৱহৃত ড্ৰেগনৰ ছবিটোৰ আকৃতিৰ কালক্ৰমত সাল-সলনি ঘটি ঘটিঙি-ঙাও-খামৰ ৰূপত ধাৰণ কৰিলে ৷ চাও-লুং-ছ্যু-কা-ফা আৰু পৰৱৰ্তী চাও-লুং/ চাও-ফাসকলৰ চাপ্‌-কন্‌ত সেয়েহে ঙি-ঙাও-খাম্‌ অংকিত আছিল ৷ আহোমে পত্‌-লুং, পত্‌-নয়, চাপ্‌-কন্‌ পিন্ধাৰ অভ্যাস থকাৰ বাবেহে বৰাহীসকলে মৰা তল পোন্ধটো আচহুৱা পৰিলক্ষিত হৈছিল ৷ “আৰু এই ৰজা দেৱৰ (চাও-লুং ছ্যু-কা-ফা) দিনতো পৰিধাৰণ কৰা বস্ত্ৰ বচোৱাল, টঙ্গালী, মূৰত পখ্‌ৰৌ অথচ দুই মূৰে ৰজা আঁচুৰ ফুল দিয়া কপাহী গামোচাখন মূৰত বন্ধা নিয়মহে আছিল” [সদৰ আমিন : ১৯৬২] ৷
দ্বিতীয়তে, আহোম মহিলাই আহোম মেখেলা পিন্ধিহে পাৎ-কাই পাৰ হৈছিল ৷ আহোমৰ মেখেলা যে অন্য মেখেলাতকৈ পৃথক, সেই কথা চাও-ফা ছ্যু-ছেং-ফাই সত্ৰাজিতলৈ পঠোৱা উপহাৰসমূহৰ পৰা বুজা যায় ৷ " এইবুলি সত্ৰাজিতলৈ বুলি মহাৰাজা পাট কাপোৰ, চিকন কাপোৰ,জালুক, আগৰ কাঠ--- এই সব দিলে আৰু তাৰ ঘাৰিণী ঘকলোলৈকে আই কুঁৱৰীৰ নামে আহোম মেখেলা এযোৰ কাপোৰ দিলে " [বৰবৰুৱা :১৯৮১] ৷ এতিয়া কথা হ'ল--- আহোম মেখেলা কি ? আহোম অহাৰ আগতেও এই অঞ্চলত মংগোলইদ তিৰোতাই হয়তো মেখেলা জাতীয় পৰিধাৰণ ব্যৱহাৰ কৰিছিল, কিন্তু সেই মেখেলাখন বুকুত মেথনি মাৰি পিন্ধা হৈছিল আৰু সেইখন চিলাই কৰা হোৱা নাছিল ৷ সেই মেখেলাবোৰ পথালিকৈ বোৱা আছিল ৷ বড়ো আৰু অন্যান্য মংগোলইদ গোষ্ঠীৰ মহিলাৰ পোচাকৰ পৰা সেইটো বুজা যায় ৷ কিন্তু আহোম মেখেলাবোৰ ঠিয়কৈ বোৱা আৰু ঠিয়কৈ চিলাই কৰা, তলে-ওপৰে পাতলি মাৰি চিলোৱা ৷ বৰ্তমান অসমত 'অসমীয়া' মাইকী মানুহে পিন্ধা মেখেলাখনেই আহোম মেখেলা ৷ সেই সময়ত এই অঞ্চলত বসবাস কৰা অমংগোলইদ মাইকী মানুহবোৰে শাৰীহে পিন্ধিছিল--- মেখেলা পিন্ধিব জনা নাছিল ৷ শংকৰদেৱৰ লিখনিত শাৰী পিন্ধাৰ বিৱৰণহে পোৱা যায় ---
" শাৰী পিন্ধি ঝোন্ট জালি
যেন মৈৰা কৰে চালি ৷"
অন্যহাতেদি আহোমে পাৎ-কাই পাৰ হৈ অহাৰ সময়ত প্ৰায়ভাগ মংগোলইদ মতা মানুহে লেংটি মাৰিছিল অথবা আঁঠুৰ ওপৰলৈকে চুৰিয়া পিন্ধিছিল; কিন্তু অমংগোলইদসকলে ধূতিহে পিন্ধিছিল ৷ মতাই হওক বা মাইকী মানুহেই হওক--- সেই সময়ত অমংগোলইদসকলে চিলাই কৰা পোচাক পিন্ধিব নাজানিছিল অৰ্থাৎ চিলাই কৰা পোচাক পিন্ধা সভ্যতাতো তেওঁলোকৰ মাজত নাছিল। তেওঁলোকে এখন দীঘল কাপোৰহে পিন্ধিব জানিছিল; সেইখনেই মতাই পিন্ধিলে ধূতি আৰু মাইকীয়ে পিন্ধিলে শাৰী হৈছিল ৷ পাছলৈ সেই কাপোৰখনৰ পাৰিটো বহল বা ঠেক কৰি শাৰী আৰু ধূতিৰ মাজত পাৰ্থক্য এটা অনা হ'ল ৷ এওঁলোকে গাত কোনো চোলা আদি পিন্ধিব জনা নাছিল, সেই দীঘল বস্ত্ৰখনেৰেই গাটোও ঢাকিছিল ৷ কিন্তু আহোমসকলে সু-সভ্য পোচাক পৰিধাৰণ কৰিছিল আৰু সেই সভ্যতা অসমত বিয়পাই দিছিল ৷ কোচ ৰজা নৰনাৰায়ণে ১৬ শতিকাত চাওফালৈ দিয়া বহুতো উপহাৰৰ ভিতৰত আহোম ৰাণীলৈ কেইখনমান শাৰীও পঠাইছিল ৷ আহোম ৰাজসভাৰ ডা-ডাঙৰীয়াসকলে শাৰীৰ উপহাৰ গ্ৰহণ নকৰি ঘূৰাই দিবলৈ চাও-ফাক উপদেশ দিছিল কাৰণ মৗং-দুন্‌-ছুন্‌-খামত মাত্ৰ খাৰ্‌চাই (বেশ্যা আৰু দুষ্ট মাইকী মানুহ) মাইকীয়েহে তেনে কাপোৰ পিন্ধিছিল [Rajguru : 1979] ৷ আহোম মহিলা আৰু ছোৱালীসকলে কঁকালৰ ওপৰ অংশত এটা মহিলা চাপ্‌-কন পিন্ধিছিল ৷ সেইটো সাধাৰণতে হাত দীঘল আছিল ৷ চাপ্‌-কনৰ ওপৰত বা চাপ্‌-কনৰ পৰিৱৰ্তে তেখেতসকলে দেহাৰ ওপৰ অংশত আৰু আঁঠুৰ ওপৰলৈকে ঢাক খোৱাকৈ দেহাটোৰ ওপৰত এখন ৰিহা মেৰিয়াই পিন্ধিছিল ৷ ৰিহা সংস্কৃতিটো আহোমৰ অৱদান ৷ ৰিহাৰ ওপৰত এখন চেলেং (আহোম শব্দ "চেন্‌" = এখন কাপোৰ, 'লেং'= ১ শব্দৰ অপ্ৰভ্ৰংশ) দি তেখেতসকলে দেহাটো আৱৰি ৰাখিছিল ৷ আহোম বিবাহিতাসকলে ওৰণি লোৱা নাছিল আৰু ওৰণিৰে মুখ ঢকা নাছিল [Grait :1981] ৷ তেখেতসকলে মূৰত এখন ফচৌ ('ফু' = মূৰ; 'ছু'= কাপোৰ টুকুৰা) হে মাৰিছিল ৷
"The Riha-Mekhela ensemble, specially the Riha was introduced into Assam by the Ahoms and it is associated with other Tai races of Thailand and Indo-China. [Desgupta : 1980]" ৷ অৰ্থাৎ "ৰিহা মেখেলাযোৰ বিশেষকৈ ৰিহাখন আহোমে অসমলৈ আনিছিল আৰু থাইলেণ্ড আৰু ইণ্ডো-চাইনাৰ অন্য তাঈ জাতিৰ লগত এইযোৰাৰ সম্বন্ধ আছে" ৷ বিশেষ মন কৰিবলগা এই যে, 'ৰিহা'ক আহোম ভাষাত 'ৰি-খাম্‌', 'লাং-বাত্‌', 'ফা-দাই' বোলা হয় ৷
এই প্ৰসংগত বিদেশী লেখক কেইজনমানৰ লিখনি কেইটামান পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন ৷
(১) মীৰজুমলাই অসম আক্ৰমণ কৰিবলৈ আহোতে লগত অহা ছিহাবুদ্দিন তালিছ বোলাজনে লিখিছিল যে সেই সময়ত অসমৰ মানুহে কোট, পায়জামা বা জোতা পিন্ধা নাছিল ৷ [Gait : 1980] পিছে কথাষাৰ সঁচা নহয় ৷ কাৰণ ছিহাবুদ্দিন অহাৰ আগতেও চাও-লুং/চাও-ফাসকলে খিপ্‌তিন্‌ (পয়জাৰ বা জোতা) ব্যৱহাৰ কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে ৷ দ্বিতীয়তে--- মোগল সৈন্য বাহিনীৰ লগত অহা লিখকজনে কেইজন চিভিলিয়ান আহোম বা বিষয়বাব খোৱা আহোমক লগ পাইছিল, দেখা পাইছিল বা দেখা পোৱা, লগ পোৱাৰ সৌভাগ্য ঘটিছিল, সেইটো বিবেচনীয় বিষয় ৷ তেনে হোৱাৰ কোনো অৱকাশ নাছিল আৰু যদি তেওঁ দেখা পোৱা বা লগ পোৱা নাছিলেই, তেন্তে চাও-ফা, ডা-ডাঙৰীয়াসকল বা অন্যান্য আহোমে চাপ্‌-কন পত্‌-লুং বা খিপ্‌-তিন্‌ পিন্ধিছিল নেনাই বা কেনে ধৰণৰ তেনে সামগ্ৰী ব্যৱহাৰ কৰিছিল সেই কথা নিৰূপন কৰাটো অসম্ভৱ আৰু বিষয়টোৰ ওপৰত তেনে ধৰণে লিখা কথাবোৰ অসত্য আৰু বলিয়ালি ৷ অৱশ্য এনেও হ'ব পাৰে যে মুছলমানৰ 'পয়জাৰ' আহোমৰ খিপ্‌-তিনতকৈ আকৃতি আৰু গুণগতভাৱে হয়তো পৃথক আছিল ৷ মোগলৰ ভাৱাৰ্থত ইংৰাজীত যিটো পৰিধাৰণক কোট বোলা হৈছে --- সেই 'কোট' অৱশ্য আহোম সংস্কৃতিত নথকাটোৱেই স্বাভাৱিক ৷
(২) মণ্টেগ'মেৰী মাৰ্টিনৰ 'Eastern India' নামৰ কিতাপখনত মি: বুখাননে লিখিছিল যে মুছলমানে ভাৰত আক্ৰমণ কৰাৰ আগতে ইণ্ডিয়াত কাপোৰ চিলাই কৰা অভ্যাসটো প্ৰচলিত নাছিল [Gohain : 1992] ৷ কথাষাৰ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য কৰি সেই কিতাপখন লিখা হৈছিল নে নাই সেইটো জনা নাযায়, কাৰণ ১৮২৬ খৃষ্টাব্দলৈকে অসমখন ইণ্ডিয়াৰ তলতীয়া নাছিল ৷ ১৩শ শতাব্দীত মুছলমানসকল পূবৰ পৰা অসমত সোমাইছিল; কিন্তু ইণ্ডিয়াত প্ৰচলন কৰাৰ পূৰ্বতেই আহোমে চিলাই কৰা পোচাক পৰিধাৰণ কৰা সভ্যতাটোৰ লগত অসমক পৰিচয় কৰাই দিছিল ৷ অন্যহাতেদি বুখাননৰ উক্ত মন্তব্য সঁচা নহয়, কাৰণ মুছলমান অহাৰ আগতেই চিলাই কৰা পোচাক পৰিধাৰণ কৰা তাঈ মানুহৰ সংস্কৃতিটো বোধহয় নান্‌-চাও দেশৰ পৰা নি সম্ৰাট কনিস্কই পশ্চিম ভাৰতত বিয়পাই দিছিল, যাৰ ফলত কনিস্কৰ বংশধৰ ক্ষত্ৰিয়সকলে পৰম্পৰাগতভাৱে চাপ্‌-কন্‌ পিন্ধিবলৈ ধৰিলে আৰু সেয়েহে ৰাজস্থানৰ ৰাজপুত তথা পশ্চিম ভাৰতৰ ক্ষত্ৰিয়সকলে আজিও পৰম্পৰাগতভাৱে আহোমৰ চাপ্‌-কন্‌ৰ নিচিনা 'চোলা' এটা নিজৰ জাতীয় পোচাক হিচাবে পৰিধাৰণ কৰে ৷ কনিস্কৰ মূৰ্তিটোত থকা চাপ্‌-কন্‌টোৱেই উক্ত চাপ্‌-কন্‌ চোলাসমূহৰ বুনিয়াদী নমুনা ৷ বোধহয় 'চোলা' বা 'চুলি' শব্দৰ উৎস তাঈ ভাষা ৷ চাপ্‌-কন্‌ৰ ওপৰত চাও-ফাসকলে 'চৌগা' শব্দটো আহোম ভাষাৰ 'চাও' (=গা, দেহা) আৰু 'ক্ক' বা 'ক্কা' (স্থাপন কৰা) শব্দ দুটাৰ সন্ধিৰ ফলত হোৱা অপ্ৰভ্ৰংশ আৰু 'চোলা' শব্দটোৰ উৎসও 'চাও-লা' শব্দৰ পৰা অহা যেন লাগে ৷ অথবা আহোমৰ 'ছু' শব্দৰ পৰা 'চোলা' হৈছে ৷
অন্য এক দৃষ্টিকোণৰ পৰা ফঁহিয়াই চালে দেখা পোৱা যায় যে চাও-লুং-ছ্যু-কা-ফা অহাৰ আগৰে পৰাই তিপাম্‌ অঞ্চলত তাঈ মানুহ বসবাস কৰিছিল আৰু নৰা ৰজাৰ অধীনত এক তাঈ বংশৰ ৰজাই ৰাজ্য শাসন কৰিছিল ৷ চাও-লুং-ছ্যু-কা-ফা আহি মাই-খ্ৰু-ৰং নামৰ এজন মানুহ লগ পাইছিল, যিজনে ৰজাৰ পোচাক চিলাই কৰিছিল [Barua : 198] ৷ ইয়াৰ পৰা সঠিককৈ ক'ব পৰা যায় যে মৗং-দুন্‌-ছুন্‌-খামলৈ অহাৰ আগৰে পৰাই আহোমে আৰু অন্যান্য তাঈ মানুহে চিলাই কৰা পোচাক পিন্ধিছিল ৷ আহোমৰ অগ্ৰজ তাঈ মহিলাই কেনে ধৰণৰ পৰিধাৰণ ব্যৱহাৰ কৰিছিল তাৰ এক সম্যক জ্ঞান কিছুমান বুৰঞ্জী পুথিত উল্লেখিত জা-ছিং-ফা দেৱীৰ পোচাক-পৰিচ্ছদ আদিৰ পৰা লভিব পৰা যায় ৷ বুৰঞ্জীত উল্লেখ আছে যে জা-ছিং-ফাই বহুতো স্বৰ্ণ তাৰকাৰে বুটা পোছাক পৰিধাৰণ কৰিছিল ৷ ডিঙিত সোণৰ কণ্ঠহাৰ আৰু চুলিত হীৰাৰ ফুল পিন্ধিছিল ৷ তেখেতৰ অপৰূপ পৰিধাৰণে সকলোৰে চকু জলমলাই তুলিছিল [Barua : 1981] ৷
খৃষ্টপূৰ্ব ২২১ চনৰ আগলৈকে আহোমৰ পূৰ্ব পুৰুষৰ বংশধৰ বুলি পৰিগণিত আৰু ছুং-কুৱ (বৰ্তমান চীনদেশ) শাসন কৰা তাঈ সম্প্ৰদায়ৰ ছিয়া , ছাং আৰু চাওসকলৰ মাজত প্ৰচলিত চিলাই কৰা পোচাক সম্পৰ্কে পণ্ডিত কন্‌-ফু-ছিয়াছে লিখি থৈ গৈছে [Muller : 1988] ৷ তলত দিয়া অনুদিত কথাখিনিৰ পৰা সেই বিষয়ে সবিশেষ বুজিব পৰা যায় ৷
(১) অতীজৰ পৰা দীঘল পোচাকটোৰ নিৰ্দিষ্ট এক জোখ-মাপ আছিল, যাতে প্ৰয়োজনীয় কম্পাছ্‌ (compass) , ছেট্‌ স্কোৱাৰ (set-square), শাৰী (line), সমতা (balance) আৰু মাপকাঠি (steel yard) আদিৰ লগত জোখে-মাখে, খাজে-খাপে মিল খাই পৰে ৷ গাৰ ছাল মণিব পৰা জোখাৰে ই চুটি নাছিল অথবা মাটিত চুঁচৰি যোৱাকৈ দীঘল কৰি বনোৱা হোৱা নাছিল ৷ চোলাটো চিলাই কৰোতে বাহিৰমুৱা হৈ থকা কাপোৰৰ টুকুৰাবোৰ জইন কৰি কাষতে চিলাই কৰি থোৱা হৈছিল, কঁকালত পৰা যোৰাটো বহলে তলত ওলমি থকা ঘেৰটোৰ আধা আছিল ৷
(২) গা চোলাটোৰ লগত হাত দুখন কাষলতিৰ তলত যোৰা দিয়া হৈছিল যাতে কিলাকুটি দুটা মুকলিমুৰীয়াকৈ লৰচৰ কৰি থাকিব পাৰে; হাতৰ ওলমি থকা অংশটো উজাই নি কিলাকুটিৰ ওচৰত চিলাই কৰি থুপ খুৱাই খুৱাই দিয়া হৈছিল ৷ ফা-বিন্‌ বাই-ৰাম্‌ (টঙালি)খন (তল পেটৰ) হাড় নথকা ঠাইত ৰখা হৈছিল যাতে ওপৰে কামিহাড় আৰু তলে কৰঙনত চাল-চলন কৰোতে অসুবিধা পোৱা নাযায় ৷
(৩) পোছাকটো বনাওঁতে ১২ টুকুৰা কাপোৰ জোৰা দি লগোৱা হৈছিল ৷ এই ১২ টুকুৰা কাপোৰ বছৰটোৰ ১২টা মাহৰ লগত সামঞ্জস্য ৰখা হৈছিল ৷ চোলাটোৰ হাত দুখন ঘূৰণীয়া আছিল--- এনে লাগিছিল যেন এখন কাঁহীৰে সেই হাত দুখন বনোৱা হৈছিল ৷ ডিঙিৰ ওচৰৰ খোলা ঠাইখিনি (কলাৰ) বৰ্গক্ষেত্ৰ আকাৰৰ আছিল যেন স্কোৱাৰ নামৰ সৰঞ্জামটোৰ সহায়ত তেনেকৈ কাটি চিলাই কৰা হৈছিল ৷ পকোৱা ৰচীৰ নিচিনা দেখা পাছফালৰ চিলাইটো ভৰিৰ সৰু গাঁঠিৰ ওচৰলৈকে নমা আছিল , যেন সেইডাল এডাল সৰল ৰেখাহে ৷ চোলাটোৰ তলৰ পতাটো মাপকাঠি ডালৰ নিচিনা মিহি আছিল ৷
(৪) খোজ কাঢ়োতে চোলাটোৰ ঘূৰণীয়া হাতখনৰ মাজেদি খ্ৰুপ্‌-তাং কৰিবৰ বাবে হাতখন পৰিপাটিকৈ উলিয়াই ল'ব পৰা গৈছিল ৷পকোৱা ৰচিৰ নিচিনা দেখা পাছফালৰ চিলাইটো আৰু ডিঙিৰ সন্মোখত থকা বৰ্গাকাৰ কলাৰ--- এই দুয়োটাই পিন্ধোতাজনক সঁকীয়াই দিছিল--- কেনেকৈ তেখেতৰ চৰকাৰখন সজ পথত চলা উচিত আৰু বৰ্গক্ষেত্ৰটোৰ দৰে তেখেত শুদ্ধ হ'ব পাৰে [Muller : 1988] ৷ চোলাটোৰ তলৰ মিহি পতাটোৱে মাপকাঠিডাল লাৰু তুলাচনিৰ মাৰিডালৰ দৰে পিন্ধোতাজনৰ ইচ্ছাশক্তিক শান্তিত থাকিবলৈ দিয়ে আৰু অন্তৰখনক মিহি আৰু শান্ত কৰি ৰাখে ৷
(৫) চিলাই কৰোতে এই পাঁচোটা নিয়ম মানি চলাৰ বাবে ম-মুন্‌ সকলে এই পোচাকটো পৰিধাৰণ কৰিছিল ৷ ইয়াৰ বৰ্গাকাৰত আৰু গোলাকাৰত তেখেতসকলে আপোনপেটীয়া নহবৰ বাবে থকা সতৰ্কবাণী দেখা পাইছিল; চোলাটোত থকা ৰেখাৰ নিচিনা পোনপটীয়া গুণত তেখেতসকলে শুদ্ধ হৈ থকাৰ উপদেশ দেখা পাইছিল আৰু তুলাচনীৰ নিচিনা জোখ-মাপত মিহিত্বত নিৰপেক্ষতাৰ শিক্ষা দেখা পাইছিল। সেইকাৰণে অতীতৰ ৰজাসকলে এই চোলাটোত বহুতো মূল্য আৰোপ কৰিছিল- তেখেতসকলৰ সামৰিক আৰু অসামৰিক কৰ্তব্য পালন কৰোঁতে পিন্ধিব পাৰিছিল; এইটো পিন্ধিয়েই তেখেতসকলে সাক্ষাৎ প্ৰাৰ্থীসকলক সোধ-পোচ কৰিছিল আৰু সেনা বাহিনীৰ বিভাগবোৰ (cohorts) নিয়ন্ত্ৰণ কৰিছিল।
(৬) পোচাকটোত কৰা অলংকৃতকৰণ আছিল এনে ধৰণৰ- মাক-দেউতাক আৰু বুঢ়ী আই, বুঢ়া দেউতাই জীয়াই থকাৰ সময়ত এজন পুত্ৰই চোলাৰ পতাত ফুল বচা পোচাক পিন্ধিব পাৰিছিল। মাক-দেউতাক ঢুকুৱাজনেহে নীলা ফুল বচা পতা লগাব পাৰিছিল। মাউৰাই বগা পতাৰ পোচাকহে পিন্ধিব পাৰিছিল। হাতৰ মুখত থকা পতা আৰু পোচাকৰ তলৰ পতাবোৰ বহলে ডেৰ ইঞ্চি আছিল।
আহোম ভাষাত মেখেলাক “ফা-ছিন”,“ৰি-খাম্‌” বা “ফা-দাই”, চোলাক “ফা-ছু”, গামোচাক “ফা-চিত্‌”( কাও-ম-চা) , লুঙিক “ফা-নই”,“ফা-ৰেম” বোলা হয়। ভুলতহে “ফা-নই” আৰু “ফা-ৰেম”ৰ প্ৰতিশব্দ হিচাপে “চুৰিয়া” বা “ধুতি” কোৱা হৈছে [Lexicon:1964]
টোকা আৰু গ্ৰন্থপঞ্জী
১) বৰবৰুৱা, হিতেশ্বৰ- আহোমৰ দিন(১৯৮১ চন, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী পৃ:২২)
২) ৰাজকুমাৰ, সৰ্বানন্দ- ইতিহাসে সোঁৱৰা ছশটা বছৰ(১৯৮০ চন, প্ৰকাশিকা শ্ৰীমতী অমিয়া ৰাজকুমাৰী, গুৱাহাটী,পৃ: ৮৬-৮৭)
৩)’They’= The Shans
৪) Jayen, Khernsai. The Dying of culture- a research paper published in The TAI( VOl.I) 766 Suo-Ka-Pha year,Ban Ok Pup Lik Mioung Tai P: 168
৫) সদৰ আমিন, হৰকান্ত- অসম বুৰঞ্জী,১৯৬২, বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ, অসম চৰকাৰ
৬) বৰবৰুৱা , হিতেশ্বৰ( ১নং টোকা মতে পৃ: ১০৩)
৭) কীৰ্তনৰ হৰমোহন অধ্যায়
৮) Rajguru, Sarbeswar- Medieval Assamese Society,1979,Nagaon,P: 171
৯) Gait,E.A- A History of Assam
সম্পূৰ্ণকৈ পঢ়ক »

জয়মতী কুঁৱৰীৰ স্মৃতিত(দেৱকান্ত গগৈ)

আজি তেৰ চ’ত
আইচু...........

............
কেনে আছা তুমি?
অ’ মান দাম নাং জয়মতী !
ফী হৈ মন সৰগত বাস কৰা তুমি
আৰু তুমি হেনো নাই(?)
ওহোঁ....
তুমি আছা জয়া
বসন্তৰ কুমলীয়া যৌৱনত
আৰু
কেঁচা প্ৰেমৰ
সঁচা ভালপোৱা বোৰত।
...
জেৰেঙাৰ জোঙা কাঁইটবোৰ
পঁচি ভাঙি সৰি পৰক
উটি যাওক এজাক
মৰমৰ বৰষুণত।
..........
তুঙখুঙীয়া লাঙিৰ
মহা বিক্ৰমত
তোমাৰেই ভালপোৱাৰ শক্তি নাছিল জানো ?
সেই প্ৰেমৰ শক্তিয়েই জোৱাৰ হৈ উটুৱাই নিয়ক
শত লালুকসোলা !!
...
তেজৰ টোপালবোৰ
কৃষ্ণচূড়াৰ পাহি হৈ
এটি দুটিকৈ সৰিছিল
সেই পাহিবোৰেই পোখা মেলি
হেজাৰ জয়মতী, হেজাৰ গদাপানিৰ
হৃদয়ত কৃষ্ণচূড়া হৈ ফুলক
আৰু............
...
দহৰ হকে,দেশৰ হকে
জীয়াই থাকিবলৈ পথ দেখুৱাওক।
প্ৰিয় আইচু,
তোমাৰ এই অজেয় প্ৰেমৰ বিজয় দিৱসত
শ্ৰদ্ধাৰে সোঁৱৰিছো।
মান দাম নাং জয়মতী অং তা লে..........
সম্পূৰ্ণকৈ পঢ়ক »

বৰ্ণময় আহোম যুগৰ মৈদাম প্ৰথাৰ কিছু আলোকপাত আৰু আহোমসকলৰ বৰ্তমান অৱস্থা

আসাম হৈছে বিভিন্ন জাতি জনগোষ্ঠী আৰু সংস্কৃতিৰ মিলন ক্ষেত্ৰ। বিভিন্ন জাতি ধৰ্মৰ লোক ইয়ালৈ প্ৰব্ৰজন হৈ আহিছে।ইয়াৰ মূল কাৰণ হিচাপে ব্হ্মপুত্ৰ উপত্যকাৰ উৰ্বৰ ভূমি ভাগ বুলি ঠাৱৰ কৰিব পাৰি। দেশৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ পূৱ এচিয়া আৰু তিব্বতৰ পৰা অহা বিভিন্ন লোকৰ সাংস্কৃতিক ভাৱধাৰাই আসামখনক এক ৰ্ংগমঞ্চত পৰিণত কৰিছে।প্ৰ্তিটো জনগোষ্ঠীৰে একো একোটা স্বকীয় অৱদান আছে।এই অৱদান সমূহে আসামখনক বৈচিত্ৰ্ময় স্থানলৈ পৰিগণিত কৰিলে।এইদৰে এছিয়া মহাদেশৰ বিস্তীৰ্ণ অঞ্চলত সিচঁৰিত হৈ থকা মংগোলীয় লোকসকলৰ টাই নামৰ এটা বৃহৎ ঠালো আসামলৈ প্ৰ্ৱজন ঘটিছিল।এই টাই সকল উত্তৰ পূৱ ভাৰত, চীন দেশৰ য়ুন্নান প্ৰ্দেশ, কোৱাংচি,থাইলেন্
দ, লাওচ,ভিয়েটনাম, কম্বোদিয়া আদি অঞ্চল সমূহলৈকে বিয়পি আছে।বৃহৎ টাই জাতিৰ এটা ভাগ হ’ল আহোমসকল।১২২৮চনত চাওফা চাওলুং চুকাফাই প্ং ৰাজ্য ত্যাগ কৰি বিভিন্ন টাই ঠালৰ লোকসকলক লৈ পাটকাই পৰ্বত পাৰ হৈ সৌমাৰত প্ৰ্ৱেশ কৰিছিল।যেতিয়া তেওঁলোকে পাটকাই পাৰ হৈ এই ভূ খণ্ডত উপস্থিত হৈছিল, তেওঁলোকে কোনেও ভাৱিব পৰা নাছিল যে এই ঠাই খনেই তেওলোকৰ অতি আপোন স্থান হৈ পৰিব।তেওলোকে ক্ৰ্মাৎ পৰ্বতীয়া জাতিবিলাকক বশ কৰি আসাম সাম্ৰাজ্য স্থাপন কৰি ৬০০ বছৰ একাদিক্ৰ্মে ৰাজত্ব কৰিছিল।প্ৰাক আহোম যুগত আসামৰ অৱস্থা আছিল অতি সংকটজনক। তেওলোকে সকলো জাতি উপজাতি আৰু জনজাতি সমূহক একগোট কৰি এক বৃহ্ৎ জাতিসত্ত্বা গঠন কৰিবলৈ সক্ষম হ’ল।তেওলোকে আসামখনক পৰিৱৰ্তনৰ ধাৰাৰে বোৱাই তুলিলে। তেওঁলোকৰ এই পৰিৱৰ্তনৰ ফলস্বৰূপে আসামৰ কৃষি কাৰ্য জটিল সামাজিক আৰু ৰাজনৈতিক সংগঠন আদি সমূহলৈ পৰিৱৰ্তন কঢ়িয়াই আনিলে। আহোমসকলৰ আছিল সুকীয়া ধৰ্ম বিশ্বাস, ভাষা সাহিত্য সংস্কৃতি সভ্যতা আৰু সামাজিক ৰীতি নীতি।মংগোলীয় মানৱ জাতি গোষ্ঠীৰ টাই কাদাই ভাষিক পৰিয়াল হিচাপে আহোমজাতিৰ মাজতো ধৰ্ম, জন্ম,বিবাহ আৰু মৃতকৰ সৎকাৰ আদি দেখিবলৈ পোৱা যায়।ধৰ্ম ৰীতি নীতিলে লক্ষ কৰিলে মৈদাম প্ৰ্থাৰ ব্যৱস্থাটো আমাৰ চকুত পৰে।আহোম যুগত ৰজা, ডা ডাঙৰীয়া, বিষয় ববীয়া সকলৰ মৃত্যৰ পিছত বিধিগত ভাৱে মৈদাম দিয়াৰ প্ৰথা আছিল।আৰু বৰ্তমানেও কিছু সংখ্যকে এই প্ৰ্থাটো মানি আহিছে।প্ৰাচীন কালৰ মিচৰৰ পিৰামিড আৰু আমাৰ মৈদামৰ বহুখিনি সাদৃক্ষ্য দেখা পোৱা যায়।এই প্ৰ্থা উত্তৰ ভিয়েটনামৰ ‘থো’ সকলৰ দৰে আন আন ঠাই লোকৰ মাজতো প্ৰ্চলিত আছে।তেওলোকে মৃতকৰ পূজা অৰ্চনা ৪৯ দিনৰ পিছত এবাৰ আৰু ১০০ দিনৰ পিচত এবাৰ অনুষ্ঠিত কৰে। আহোম সকলৰ এক বিচিত্ৰ প্ৰ্থা আছিল মৈদাম প্ৰথা ।মন কৰিলে দেখা যায় যে কোনোবা এজন স্বৰ্গদেউ যদি স্বৰ্গী হয় তেতিয় সেই সংবাদটো এজন নতুন ৰজা(চাওফা) সিংহাসনত নবহা পৰ্যন্ত ঘোষণা কৰা হোৱা নাছিল বা কাকো এই কথাৰ শুংসূত্ৰ পাবলৈ দিয়া নহৈছিল।যেতিয়া নতুন চাওফাজন ৰাজপাটত বহে তেতিয়াহে স্বৰ্গগামী হোৱা চাওফা জনৰ মৃত্যুৰ বাতৰি ঘোষণা কৰিছিল।বহিশত্ৰু থকাৰ বাবেই হয়তো এই ব্যৱস্থা আছিল।আহোমসকলে মৰা লোকক পুতি থৈছিল, এই ব্যৱস্থাক মৈদাম বুলি কোৱা হৈছিল।নতুন ৰজাই স্বৰ্গগামী হোৱা স্বৰ্গদেউৰ মৈদাম খন্দাৰ লগতে হেঙুল হাইতালেৰে বোলোৱা কাঠৰ পেৰা তৈয়াৰ কৰিবলৈ আদেশ দিয়ে।এই কাঠৰ পেৰাটো দীঘলে দীঘলে শটো সোমাব পৰাকৈ তৈয়াৰ কৰা হয়।এই পেৰাটো আহোম মতে ‘’ৰুঙ-ডাং’’ বোলে। উৰিয়াম কাঠেৰে তৈয়াৰ কৰা এই পেৰাটোৰ চাৰিওফালে চাৰি চটা, দুমুৰে দুচটা মুঠতে চচটা তক্তা থাকে।ৰজা,কুৱৰী আৰু ৰজাৰ নিজৰ বংশৰ কোৱৰ আদিৰ মৰাশ লুষুৰাষণৰ খেলৰ মানুহে নিব পাৰিছিল।আহোমৰ কোনো লোকৰ মৃত্যুৰ সময়ত শ বাহিৰলৈ ওলিয়াই অনাৰ নিয়ম নাছিল। চাওফাসকল তেওঁলোকৰ চাংতেই মৃত্যু হয়, মৃত্যুৰ পিছত ৰুংডাঙৰ ভিতৰত শটো থিয়কৈ শুমুৱাই আৰু আঠজন লুষুৰাষণে হতাহতিকৈ ধৰি তললৈ নমাই আনে।মৃতকৰ আত্মীয় স্বজনে ৰুংডাংৰ ওপৰত এৱা সূতাৰে তথা নানাবিধ ফুলৰ মালা,কেতিয়াবা ফুলো ছটিওৱা হৈছিল বুলি কোৱা হয়।আগেপাছে বৰা-বোৰুকৈ হেংদান ধৰা, দুয়োকাষে ডাঙৰীয়া ,প্ৰ্ধান প্ৰধান বিষয়া আৰু ৰজাৰ আপোন বংশৰ মানুহ যায়। আগে আগে বৰঢাক বজাই যায় আৰু বাইলুং পণ্ডিতে’’ৰিক্খ্বৱন পুথিৰ শ্লোক পাঠ কৰি মৃতকৰ আত্মাৰ সৎগতিৰ বাবে প্ৰাৰ্থনা কৰে।চুহুংমুং(দিহিঙীয়া)ৰজাৰ দিনৰ পৰা পাটত উঠা ৰজা, কুৱৰীৰ ৰুংডাঙ কেকোৰা দোলাত তুলি নিয়ে,লগত গায়ন বায়ন আৰু বৰঢাকৰ লগত যুৰীয়াকৈ কালি আৰু বৰকাহ বজাই যায়, আৰোৱান ধৰাই আগে আগে শুকুলা আৰোৱান ধৰে আৰু পাখিমৰীয়া সকলে মৌৰা পাখিৰ বিচনীৰে বিচি যায়।ৰুংডাং পোতা ঠাইত শাল কৰি তক্তাৰে এটা ঘৰ তৈয়াৰ কৰে। তাক কাৰেং ৰুংডাং বোলে।ৰুংডাংৰ পৰা বাহিৰলৈ ওলিয়াই আহোম মতে বাইলুং পণ্ডিতে’ ৰিকখ্বন বনৰ মন্ত্ৰ পাঠ কৰি লুষুৰাখনৰ হতুৱাই মৃত শটোক স্নান কৰোৱা হয়।তাৰ পিছত ৰজা শটোক ৰাজ অলংকাৰ পৰিধান কৰোৱাই কাৰেং ৰুংডাংৰ ভিতৰত সজাই থোৱা এখন খাটৰ ওপৰত শটো পূৱৰ পিনে মুৰ আৰু পশ্চিমৰ পিনে ভৰি কৰিকৰি শুৱাই ৰাখি লুষুৰাকেইজন বাহিৰলৈ ওলাই আহে।ৰজাই জীৱিত অৱস্থাত ব্যৱহাৰ কৰা সোনৰ মাইহাং, ভোগজৰা, পিকদান আদি বস্তু সমূহ কাৰেং ৰুঙদাঙৰ ভিতৰত থোৱা হয়।স্বৰ্গদেউ সকলৰ মৈদামৰ ভিতৰত বিচিত্ৰ বস্তু দিয়াৰ কথা বুৰঞ্জী সমূহত পঢ়িবলৈ পোৱা যায়।আহোম স্বৰ্গদেউ সকলৰ দিনত মৈদাম দিয়াৰ প্ৰ্থাৰ বিষয়ে অনেক বুৰঞ্জিত ভিন্ন মত দেখিবলৈ পোৱা যায়।ৰজা শটো শুৱাই থোৱা খুটালিটোৰ ওপৰত সাত খলপীয়া সোণৰ বৰৈ চাংটি,চন্দোৱাৰ,মাটিৰ সোণৰ দাপোন মৰা চালপীৰা, তাৰ চাৰিওচুকে সোণেৰে বন্ধোৱা চাৰিটা খুটি, তাতে সোনোৱালী বন কৰা জালিকতা আঠুৱা তৰা হয়।চালপীৰা বাখাটৰ ওপৰতে সোণৰ মুঠিৰে, ফাকত হীৰা আৰু ডালিমা আদিৰে বাখৰ পতোৱা হেংদাং,ককালৰ ওচৰৰ মাটিত চাৰি পাচখন সোণ খটোৱা ৰূপৰ শৰাই, তাৰ এখনৰ ওপৰত সোণৰ বাখৰামি বটা, বাখৰামি সোণৰ চুনৰ টেমি আৰু সোণৰ ধপাত থোৱা টেমা, সোণৰ ডাবৰ কটাৰী আৰু তামূল পাণ থোৱা হয়। এখন শৰাইত সোণৰ ভোগজৰা, এখনত ৰাজ অলংকাৰ আৰু সোণ ধনৰ পেৰা আদি ওচৰতে থয়। ভৰিৰ ফালে সোণেৰে বন্ধোৱা সোণৰ ধোৱাঁ খোৱা, তাৰ ওপৰত ৰুপৰ সাফৰ মৰা চিলিম আৰু সোণৰ বনকৰা নলী। এনেদৰে চাওফাই ব্যৱহাৰ কৰা বস্তুখিনি ভিতৰত সজাই থৈ কাৰেং ৰুংডাংৰ ভিতৰত ভৰাই থোৱা হয়।ইয়াত লুখুৰাখনৰ বাহিৰে আন কোনো লোক সোমাব নোৱাৰিছিল।সেয়েহে মৈদাম সমূহ সুৰক্ষিত হৈ আছিল।এই শ্ৰেণীৰ লোকক এটা খেলত বিভক্ত কৰিছিল। এই খেলক মৈদমীয়া বোলে। ৰাজকীয় স সন্মানেৰে ভিভিন্ন প্ৰ্ক্ৰিয়াৰ মাজেৰে মৈদাম দিয়া হয়। উল্লেখিত যে মৈদাম দিয়াৰ আগত শুভ দিন বাৰ চোৱাৰ ব্যৱস্থা আছে।শুভ দিন বাৰ নিমিলিলে দীৰ্ঘ দিন হলেও ৰুংডাংত ভৰাই থোৱা হয়।উদাহৰণ স্বৰূপে চাব গ’লে স্বৰ্গদেউ গদাধৰ সিংহ স্বৰ্গী হৈছিল ১৬৯৬ খ্ৰীষ্টাব্দৰ ১৭ ফাগুণত,কিন্তু স্বৰ্গদেউৰ শ মৈদাম দিছিল সুৰ্দীৰ্ঘ তিনি বছৰৰ পাছতহে।(চাংৰুং ফুকনৰ বুৰঞ্জী)। স্বৰ্গদেউ সকলৰ মৈদামৰ লগত দিয়া বিচিত্ৰ বস্তুৰ বিষয়ে যদি আমি মন কৰো এটা কথা শুনিবলৈ পোৱা যায় স্বৰ্গদেউৰ মৈদামত জীয়াই জীয়াই বন্দী বেটি,লিগিৰী ইত্যাদি দিয়াৰ প্ৰ্থাৰ বিষয়ে। এই বৰ্ণনা সমূহ বুৰঞ্জীতো লিপিবদ্ধ হৈ আছে।কিন্তু ই কিমান্দূৰ সত্য তাক ঠাৱৰ কৰিব পৰা নাযায়।প্ৰবাদ আছে যে, ৰুদ্ৰ্সিংহ স্বৰ্গদেউৰ মৈদামত চাৰিটা আৰু প্ৰমত্ত সিংহৰ মৈদামত দহোটা বাৰটা মানুহৰ মূৰ ওলাইছিল।
সম্পূৰ্ণকৈ পঢ়ক »

সাক্ষাতকাৰ বিশিষ্ট তাই ভাষাৰ গৱেষক চাও নগেন হাজৰিকাৰ সৈতে

প্ৰশ্ন : এই ধৰ্মটোৰ(ফু-ৰা-ল
ুং) বৰ্তমানে বিষয়ক্ষেত্ৰ কিমান?
উত্তৰ : চাও নগেন হাজৰিকা- আহোম আম-ছু-ছিন বা ফু-ৰা-লুং ধৰ্মটো তাঈ মানুহৰ প্ৰাচীন ধৰ্ম। সেয়েহে এই ধৰ্মটোৰ বিষয়ক্ষেত্ৰ বা পৰিসৰ হ’ল তাঈ মানুহ। আহোমৰ বাহিৰে বাকীবোৰ তাঈ মানুহ বৌদ্ধ হোৱাৰ বাবে প্ৰথমে হিন্দু, বৌদ্ধ, খৃস্তান, মুছলমান আহোমসকলক নিজ ধৰ্মটোলৈ ঘূৰাই অনাৰ পাছত থাইলেণ্ড-মালয়েছিয়াত থকা ছাম্‌ ছাম্‌ ইছলাম ধৰ্মী তাঈসকলক খৃস্তান তাঈসকলক আৰু বৌদ্ধ তাঈসকলক এই ধৰ্মলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব। সেয়েহে ফু-ৰা-লুং আম-ছু-ছিনৰ পৰিসৰ হ’ল পৃথিৱীৰ সকলো তাঈ মানুহ আৰু পৰিচয় হেৰাই যোৱা তাঈ মানুহ সকল।
প্ৰশ্ন : তাঈসকলে বলি কাটে। আমি বলি কাটিলে মুছলমান নহ’ম জানো?
প্ৰশ্ন : আমি গৰু-ম’হ আদি খালে দেখোন পৰাচিত কৰে কাৰণ কি?
প্ৰশ্ন : তাইসকলৰ ধৰ্ম ঘৰটো আঠকোণীয়া কিয়?
প্ৰশ্ন : তাই পতাকাখনত থকা প্ৰতীকটোৱে কি বুজায়?
চাও নগেন হাজৰিকাৰ উত্তৰ : আহোম খ্ৰিংখনত থকা প্ৰতীকটো হ’ল ঙি-ঙাও-খাম্‌ বা ঙাও-ছেং-বং-ফ্ৰা. এইজন ভগৱানৰ চতুৰ্থ পুত্ৰ। তাঈ মানুহৰ ভাষা-ধৰ্ম-সংস্কৃতি পৃথিৱীত বোৱাই দিবলৈ দায়িত্ব এইজনৰ ওপৰত অৰ্পিত হৈছিল। এইজন এজন ঘোঁৰা ড্ৰেগন সদৃশ, আকাশতো উৰিব পাৰে, পানীতো যাব পাৰে, স্থলতো বেগাই যাব পাৰে। ঙাও-ছেং বং ফ্ৰাকে আহোমৰ ৰাজ প্ৰতীক হিচাপে গ্ৰহণ কৰা হৈছিল। এইজন এজন ফু-ৰা। তাঈ মানুহৰ পূবৰ্পুৰুষ আৰু সম্ৰাট ফু-ছিয়ে ৰছীত গাঁঠি দি সময়ৰ হিচাপ ৰাখিবলৈ আৰু কিছুমান আঁচ টনা ছবি আঁকিবলৈ শিকাইছিল। ৰহস্যৰে ভৰপুৰ এই ছবিবোৰে ৮ প্ৰকাৰৰ সত্তাক বুজাইছিল। সেইকেইটা হ’ল-১) আকাশ ২) হ্ৰদ আৰু ডোবাৰ পানী ৩) জুই বিজুলী আৰু সূৰ্য ৪) বজ্ৰপাত ৫) বতাহ আৰু কাঠ ৬) বৰষুণ, নিজৰা, সুঁতি, মেঘ আৰু চন্দ্ৰৰ পাহাৰ ৭) পাহাৰ ৮) মাটি (পৃথিৱী)। এয়ে হ’ল ৮ কোণীয়া দেওঘৰ সজাৰ এটা কাৰণ আৰু আৰম্ভণি। আহোমে বলি নাকাটে বৰং পাৎছিহে কৰে। অৰ্থাৎ হিন্দুৱে জন্তুৰ ডিঙিত ওপৰৰ পৰা ঘাপ মাৰি বলি দিয়ে মুছলমানে তল ফালৰ পৰা ডিঙিত নলীডাল কাটি জবাই বা হালাল কৰে আৰু আহোমে ডিঙিৰ কাষৰ ফালে ৰেপ দি কাটি জন্তুক পাৎ-ছি কৰে। পাৎ-ছি বলিও নহয় হালালো নহয়। সেয়েহে পাৎ-ছি কৰিলে আহোমবোৰ মুছলমানো নহয় হিন্দুও নহয়। আহোম গৰু ম’হ আৰু অন্যান্য সকলো প্ৰাণী খায় মাত্ৰ মানুহক বাদ দি। আমি গৰু খালে হিন্দুবোৰে বেয়া পায় বাবে হিন্দু আহোমক পৰাচিত কৰে কিন্তু ফু-ৰা-লুং পন্থীসকলক পৰাচিত কৰাৰ প্ৰশ্ন নুঠে।
প্ৰশ্ন - আমি দেখিছোঁ যে ধৰ্মক লৈ ৰাজনীতি চলে। তাঈ ধৰ্মক লৈও ৰাজনীতি চলে নেকি?
প্ৰশ্ন:-আপুনি ক’লে যে বৈষ্ণৱ ধৰ্ম এৰি আহোম ধৰ্ম ল’ব লাগে। ইয়াৰ কাৰণ কি? আহোম ধৰ্মক লৈ আপোনালোকে গৌৰৱ কৰে নেকি?
প্ৰশ্ন:-আহোম ধৰ্ম মাজতে লোপ পাইছিল কিন্তু আকৌ মূৰ দাঙি উঠিছে কিয়?
প্ৰশ্ন:-এই ধৰ্ম বতৰ্মানক লৈ ভৱিষ্যতে কাৰ্যপন্থা কেনে হ’ব বুলি ভাবে বা ইয়াৰ পদোন্নতি কেনে হ’ব বহলাই ক’ব।
প্ৰশ্ন:- মানুহবোৰে কয় যে আহোম এটা ট্ৰাইবেল জাতি। কথাষাৰ সঁচানে?
প্ৰশ্ন:- আহোম এটা জাতি নে ধৰ্ম?
চাও নগেন হাজৰিকাৰ উত্তৰ :- আহোম ধৰ্মক লৈ আমি গৌৰৱ কৰো। কাৰণ আহোমৰ বাবে ই সৰ্বোৎকৃষ্ট ধৰ্ম। বৈষ্ণৱ ধৰ্মই আহোমক কাম-বন এৰি অৰ্থাৎ কৰ্ম সংস্কৃতি এৰি মাত্ৰ ভক্তি সংস্কৃতি শিকায়। তদুপৰি ই ঘাইকৈ আৰ্যসকলৰ ধৰ্ম হোৱা হেতু আহোমক আহোমৰ ভাষা পৰম্পৰা ৰীতি-নীতি এৰাই জাতিহীন হ’বলৈ আগবঢ়াই নিয়ে। ছশবছৰ ৰাজত্ব কৰা আহোমক পৰৰ দাস হৈ থাকিবলৈও শিকায়। আহোমৰ ধৰ্মটো মাজতে সুপ্ত হৈ আছিল। কিন্তু আহোমে বুজি উঠিছে যে পৰধৰ্মই আমাৰ সৰ্বনাশৰ মূল সেয়েহে নিজ ধৰ্মলৈ ঘূৰি আহিছে আৰু আহোম ধৰ্মটো সেইবাবে মূৰ দাঙি উঠিছে। আহোম ধৰ্মত পৰা অন্য ধৰ্মৰ প্ৰভাৱবোৰ আঁতৰাই ইয়াক institutionalised ধৰ্ম কৰিবলৈ চেষ্টা কৰা হৈছে। আমাৰ দেওঘৰবোৰ বিভিন্ন ঠাইত নিৰ্মাণ কৰা হৈছে। এইদৰেই ধৰ্মটোৰ পৰিসৰ বৃদ্ধি পাব। আহোমৰ সামাজিকতা খাৱন-পিয়ন স্বভাৱ-চৰিত্ৰ আচাৰ-ব্যৱহাৰ আদিবোৰ অন্য ট্ৰাইবেল মানুহৰ নিচিনা। সেয়েহে আহোমবোৰো ট্ৰাইবেল। সেয়েহে ভাৰতীয় সংবিধানত অনুসূচিত কৰণৰ বাবে চেষ্টা কৰি থকা হৈছে। আহোম এটা জাতি বা ৰেছ আৰু আহোমৰ ধৰ্মটোক আহোম ধৰ্ম বা ফু-ৰা-লুং ধৰ্ম বুলি কোৱা হয়।
প্ৰশ্ন- প্ৰথম তাই ধমৰ্ৰ প্ৰচাৰক কোন আছিল?
প্ৰশ্ন- তাঈ এই জাতিটো কিয় ল’ব লগা হ’ল আৰু কেতিয়াৰ পৰা এই জাতিটো সুকীয়া হ’ল?
প্ৰশ্ন-আমি তাঈ ধৰ্ম লৈ ভৱিষ্যতে কিবা উন্নতি কৰিব পাৰিম নেকি?
প্ৰশ্ন-যদি অতীতৰ এই ধৰ্ম আছিল মাজতে কিয় এৰিব লগা হ’ল?
চাও নগেন হাজৰিকাৰ উত্তৰ : ম-ৰূ-ম-ছেংসকলৰ পূবৰ্পুৰুষ আছিল লাউ খ্ৰী, পূজাকছী, পু ফী ছ্যু। পেঞ্‌ কা কা লিখিছিল হুন্‌ খাম্‌ উম্‌ পণ্ডিতে। তেতিয়াৰ পৰা তাঈ জাতিৰ মাজত তাঈ ধৰ্মটো চলি আছিল। কিন্তু তাৰ আগতে ভগৱানৰ ৪ৰ্থ পুত্ৰ ঙি-ঙাও-ছেং-ৱং ফ্ৰাই তাঈ মানুহৰ ভাষা-ধৰ্ম-সংস্কৃতি মানৱ সমাজত প্ৰচাৰ কৰিছিল। এই জাতিটো প্ৰাচীন আৰু প্ৰাচীন কালৰ পৰা এই জাতিটো সুকীয়া। তাঈ ধৰ্ম ফুৰা লুঙে আমাক কৰ্ম সংস্কৃতি শিকায় আমাৰ নিজৰ বুৰঞ্জী ঐতিহ্য আৰু পৰম্পৰা শিকায়. যাৰ যোগেদি আমি আমাৰ উন্নতি পাব পাৰো। মাজতে পৰ ধৰ্মৰ প্ৰৰোচনাত পৰি এই ধৰ্ম কিছুমান আহোম মানুহে এৰিব লগা হৈছিল।
প্ৰশ্ন:- আহোমবোৰে সকলোতকৈ দুখীয়া কিয়?
চাও নগেন হাজৰিকাৰ উত্তৰ:- শংকৰী ধৰ্মটোৱে ‘এৰি আন কাম বোলা ৰাম ৰাম সুখে ভৱনদী তৰা’- জাতীয় নৈতিকতা শিকালে যাৰ ফলত কাম-বন এৰি আহোমবোৰ দুখীয়া হ’ল সেয়েহে সেই ধৰ্ম এৰি কৰ্ম সংস্কৃতি থকা আহোম ধৰ্মলৈ আহোমসকল ঘূৰি আহিব লাগে। পুথাও লেং-দনে খুন্‌-লুং খুন্‌-লাইক পৃথিৱী শাসন কৰিবলৈ পঠাইছিল আৰু ৰাজ্য শাসন কৰিবলৈ কৰ্ম কৰিব লাগে বাবে কাম কৰি শাসন কৰিবলৈকে আহোমৰ জন্ম হয়। আমি আজি শাসক নহৈ ধৰ্মৰ প্ৰভাৱত দাস আৰু শাসিত হ’লো। সেয়েহে আহোমবোৰ আজি ইমান দুখীয়া।
সম্পূৰ্ণকৈ পঢ়ক »

বাংলাদেশী'- অসমীয়াৰ ভৱিষ্যত আৰু গোষ্ঠীগত চিন্তাৰ পটভূমিত আহোমৰ গুৰুত্ব

(চিলেট নিলাম গনভোটে
আসাম নিব জনবলে)

ভয়ংকৰ এক ভয়ংকৰ দীৰ্ঘম্যাদী পৰিকল্পনা। বাংলাদেশী ৰাজনীতিৰ এই ষড়যন্ত্ৰৰ বিষয়ে বহু জ্যেষ্ঠজনৰ দীৰ্ঘদিনীয়া অভিযোগ। অসমীয়াৰ মন মগজু আতংকিত কৰা এটা পৰিকল্পনা। বহু ধৰ্মীয় সংখ্যালঘূ ব্যক্তি আৰু সংগঠনে এই পৰিকল্পনা নস্যাৎ কৰাটো স্বাভাৱিক। কিন্তু বাস্তৱ পৰিস্থিতি সকলোৰে জ্ঞাত। পৃথিৱী কঁপাই যোৱা বিখ্যাত ছাত্ৰ আন্দোলনৰ ফলশ্ৰুতিত সম্পাদন হোৱা অসম চুক্তি (বুজাবুজিৰ চুক্তি)ৰ ত্ৰিশ বছৰ অতিক্ৰম কৰাৰ পাছতো বাংলাদেশী খেদিবলৈ সক্ষম নোহোৱা কথাটোৱে সকলো স্তৰৰ লোককে নিজৰ ভৱিষ্যতৰ প্ৰতি সন্দিহান কৰি তুলিছে। অসমীয়া জাতি আজি ভীতিগ্ৰস্ত। এটা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ১৯০১ চনত ভাৰতৰ জনসংখ্যা আছিল ২৩৮৪ লাখ আৰু ২০০১ চনত ই হ’লগৈ ১০২৭০ লাখ। অসমৰ জনসংখ্যা ১৯০১ চনত আছিল ৩৩ লাখ আৰু ২০০১ চনত ই হ’লগৈ ২৬৬ লাখ। ১৯০১ চনৰ পৰা ২০০১ চনলৈ ভাৰতৰ জনসংখ্যা বৃদ্ধি হ’ল ৩৩১ শতাংশ আৰু এই সময়ছোৱাত অসমৰ জনসংখ্যা বৃদ্ধি হ’ল ৭০৬ শতাংশ। যোৱা এশ বছৰত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ভাৰতৰ ক্ষেত্ৰত ৪.৩ শতাংশ আৰু অসমৰ ক্ষেত্ৰত ৮ শতাংশ । এই তথ্যটো লক্ষ্য কৰিলেই গম পোৱা যায় কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে আমি এটা ভয়াবহ ভৱিষ্যতৰ দিশে গতি কৰি আছোঁ। আমাৰ অস্তিত্ব বিপদাপন্ন, ভৱিষ্যত অন্ধকাৰ, ভেঁটি উছন হ’বলৈ বেছি পৰ নাই। এতিয়া আমাৰ কৰণীয় কি? আমি দেখি আহিছোঁ ইমানবোৰ আন্দোলন, চুক্তি হোৱাৰ পাছতো ইয়াৰ ফলপ্ৰসু সমাধান নোহোৱাৰ মূলতেই ভাৰতীয় সংবিধানৰ কেতবোৰ সুৰুঙা। তাৰোপৰি বাংলাদেশৰ লগত এই বিষয়ত কোনো ধৰণৰ স্পষ্ট চুক্তি নাই। যিটোৰ সুবিধা লৈ আছে অবৈধ বাংলাদেশী নাগৰিকে তথা কিছুমান সু-চতুৰ ৰাজনীতিবিদ আৰু ৰাজনৈতিক-অৰাজনৈ
তিক দল-সংগঠনৰ ফলশ্ৰুতিত অসমৰ কেইবাখনো জিলাৰ জনগাঁঠনি সম্পূৰ্ণৰূপে সলনি হৈ গ’ল। প্ৰচলিত ব্যৱস্থাৰ ওপৰত মানুহৰ সন্দেহ গাঢ়ৰ পৰা গাঢ়তৰ হৈ গৈ আছে।এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিভিন্ন সূত্ৰ উদ্ভাৱন কৰা হৈছে। শেহতীয়াকৈ অসমীয়াৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাব লগা হৈছে। কোন জনগোষ্ঠী খিলঞ্জীয়া, ভিত্তি বৰ্ষ কি হ’ব এইলৈ বিতৰ্ক চলিছে, চলিব। এফালে ঐতিহ্য, পৰম্পৰা, অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম আনফালে বহিৰাগত-বিদেশীৰ অবৈধ দখলদাৰী অভিযান। ইয়াৰ মাজত খিলঞ্জীয়াৰ ভৱিষ্যত। জোঁৰ পুৰি হাত পালেহি, এতিয়া নিজকে ৰক্ষা কৰাৰ সময়। এই পটভূমিতে গোষ্ঠীগত আন্দোলনৰ যুক্তিযুক্ততা আছে, গুৰুত্ব তথা প্ৰয়োজনীয়তা অধিক হাৰত বৃদ্ধি পাইছে। প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়েই নিজৰ নিজৰ স্বকীয় ভাষা-কৃষ্টি-পৰম্পৰা ৰক্ষা কৰাৰ লগতে মাটিৰ অধিকাৰ হস্তগত কৰিব লাগিব। অৱশ্যে এই ক্ষেত্ৰত ইতিমধ্যে জনজাতিৰ মৰ্যাদা লাভ কৰি অহা জনগোষ্ঠী সমূহ কিছু আগবাঢ়ি গৈছে। তেওঁলোকে স্বকীয় কৃষ্টি-পৰম্পৰা সমূহ বজাই ৰখাৰ উপৰিও তেওঁলোকৰ আৰ্থ-সামাজিক, ৰাজনৈতিক উন্নয়নৰ কাৰণে স্বায়ত্ব শাসিত পৰিষদ আছে। তাৰোপৰি অসমত কেইবাটাও জনজাতি বেল্ট আৰু ব্লক আছে। য’ত অজনজাতিয়ে মাটি কিনিব নোৱাৰে। কিন্তু এইখিনিয়েই খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ পৰ্যাপ্ত নহয়। ইয়াৰ বাবে লাগিব ছয় জনগোষ্ঠীৰ জনজাতিকৰণ। এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণে অসমত জনজাতিৰ সংখ্যা সত্তৰ শতাংশলৈকে বৃদ্ধি কৰিব। ফলত অসম জনজাতি ৰাজ্য হোৱাৰ সুযোগ ওলাব। অসম জনজাতি ৰাজ্য হ’লে নগালেণ্ডৰ আৰ্হিত সংবিধানৰ ৩৭১(ক) অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্য প্ৰদানৰ দাবী কৰিব পৰা যাব। এই ব্যৱস্থা প্ৰৱৰ্তিত হ’লে অসমৰ খনিজ সম্পদ আৰু মাটিৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ সাৱ্যস্ত কৰাটো সম্ভৱপৰ হ’ব। তদুপৰি ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কৰিব পৰা যাব। তেতিয়া বহিৰাগত-বিদেশী সমস্যাৰ বহুলাংশে সমাধান কৰিব পৰা যাব। আৰু তেতিয়াহে খিলঞ্জীয়াৰ ঐতিহ্য, অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পৰা যাৱ। কিন্তু এই ক্ষেত্ৰত উচ্চ জাতিৰ কেৰামতালি, জনজাতি সংগঠনৰ বিধি পথালি আৰু কেন্দ্ৰীয় চৰকাৰ হৈছে বাধাৰ প্ৰাচীৰ। তৃতীয় ঘূৰণীয়া মেজমেলৰ প্ৰাকক্ষণত আহোম ব্যৱস্থাপক সভা, আহোম সভা, আহোম ৰয়েল চ’চাইটিৰ সুৰেন্দ্ৰ নাথ বুঢ়াগোঁহাই , পদ্মনাথ গোঁহাঞি বৰুৱা আৰু চন্দ্ৰ নাৰায়ন সিংহৰ নেতৃত্বত তেতিয়াৰ আসামৰ প্ৰায় সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিৰ উপস্থিতিত ১৯৪৫ চনৰ ২১,২২ আৰু ২৩ মাৰ্চত শ্বিলঙৰ খাছি দৰবাৰ হ’লত অনুষ্ঠিত হোৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে অসমৰ কৃষ্টি-সংস্কৃতি ভাৰততকৈ পৃথক আৰু অসম কোনোদিনেই ভাৰতৰ অধীন নাছিল সেয়ে আসাম স্বাধীন আাৰু মুক্ত হৈ থাকিব। এই কথাৰ ভূ-পাই তেতিয়াৰ গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন চৰকাৰে ৰাইজক ক’লে যে তৃতীয় ঘূৰণীয়া মেজমেললৈ এজন চৰকাৰী প্ৰতিনিধি পঠোৱা হ’ব। আৰু তেওঁ ৰাইজৰ সিদ্ধান্ত
মেজমেলত উপস্থাপন কৰিব। চন্দ্ৰধৰ বৰুৱা (আহোম নহয়) নামৰ এজন ব্যক্তিক চৰকাৰী প্ৰতিনিধি হিচাবে প্ৰেৰণ কৰা হৈছিল। যথা সময়ত লণ্ডনৰ ঘূৰণীয়া মেজমেলত যেতিয়া অসমৰ সিদ্ধান্ত জনোৱাৰ পাল পৰিছিল তেতিয়া চন্দ্ৰধৰ বৰুৱা উঠিছিল আৰু কৈছিল--“অসমে ভাৰতৰ লগত বিলীন হৈ যাব বিছাৰে” আৰু এইষাৰ কৈয়েই তেওঁ বহি পৰিছিল। লগে লগে আসাম ভাৰতৰ অংগৰাজ্যত পৰিণত হৈছিল। চন্দ্ৰধৰ বৰুৱাই এই কাম কিয় কৰিছিল ? আৰু পদ্মনাথ গোঁহাঞি বৰুৱা বা চন্দ্ৰ নাৰায়ণ সিংহৰ দৰে ব্যক্তিক প্ৰতিনিধি হিচাবে প্ৰেৰণ নকৰিলে কিয়? ভালদৰে লক্ষ্য কৰিলে দেখা যাৱ যে সেই সময়ত কংগ্ৰেছ দলৰ আসামৰ নেতৃত্ব বহন কৰিছিল উচ্চ জাতিৰ নেতাই। তেওঁলোকে জানিছিল যে যদি আহোম প্ৰতিনিধি পঠোৱা হয় আৰু অসম যদি স্বাধীন হয় তেতিয়া আসামৰ শাসন ক্ষমতা আহোম তথা জনজাতীয় ৰাইজৰ হাতলৈ গুচি যাব আৰু তেওঁলোক ক্ষমতাহীন হ’ব। এমুঠিমান উচ্চ জাতিৰ প্ৰভূত্ব তথা তেওঁলোকৰ হাতত শাসন ক্ষমতা ৰখাৰ স্বাৰ্থতেই গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন উচ্চ জাতিৰ চৰকাৰখনে অসমৰ ভৱিষ্যত, অসমৰ অস্তিত্ব ধ্বংসৰ মুখলৈ ঠেলি পঠিয়াইছিল। আনহাতে ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ ক্ষেত্ৰত বিধি-পথালি দি আহিছে ট্ৰাইবেল ফ্ৰন্ট আৰু জনজাতীয় ৰাজনীতিবিদ তথা দল-সংগঠন সমূহে। তেওঁলোকে ভাবে যে এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে তেওঁলোকে ভোগ কৰি অহা সংৰক্ষণৰ সুবিধা তথা অন্যান্য সুবিধা সমূহ কমি যাব। এইক্ষেত্ৰত তেওঁলোকৰ প্ৰাপ্ত সংৰক্ষণৰ সুবিধা তথা অন্যান্য সুবিধা সমূহ সুৰক্ষিত কৰি ৰাখি অসম তথা খিলঞ্জীয়াৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনজাতি সকল আগবাঢ়ি আহিব লাগে। আনফালে অসমক অধিক সুবিধা, বিত্তীয় সাহায্য দিয়াৰ ভয়ত তথা ধৰ্মীয় সংখ্যালঘুৰ ভোট বেংকৰ স্বাৰ্থত প্ৰতিখন কেন্দ্ৰীয় চৰকাৰেই এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ দেখা দিছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰৰোচনাত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনগোষ্ঠী কেইটাৰ জনজাতীয় বৈশিষ্ট্য নাই বুলি জনজাতিকৰণত বাধা প্ৰদান কৰি আহিছে। এই ছয় জনগোষ্ঠীৰ মাজৰে কোচ-ৰাজবংশীক হিতেশ্বৰ শইকীয়া চৰকাৰে এখন অধ্যাদেশযোগে জনজাতিৰ মৰ্যাদা দিছিল। কিন্তু পৰবৰ্তী কালত ইয়াক বাতিল কৰা হৈছিল। এতিয়া চোৱা যাওক এই ছয় জনগোষ্ঠীৰ জনজাতি মৰ্য্যাদা পোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰূপিত সেই বিশেষ পাঁচটা বৈশিষ্ট্য আছেনে নাই। পাঁচটা বৈশিষ্ট্য হৈছে—পৃথক ভৌগোলিক অঞ্চল, লাজকুৰীয়া চৰিত্ৰ অৰ্থাৎ আন সমাজৰ স’তে মিলিব নিবিচৰা, সকলো দিশত অনগ্ৰসৰতা, আদিম তথা সাংস্কৃতিক বৈশিষ্ট্য আৰু মূলসূঁতিৰ সমাজৰ পৰা বিচ্ছিন্ন হৈ থকা। যদিও অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমি কৈ আহিছোঁ যে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰক। কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখা যাৱ এই জনগোষ্ঠীকেইটাৰ জনজাতীয় গুণ বা বৈশিষ্ট্য প্ৰায় নায়েই। অৱশ্যে নামনি অসমৰ কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠী এইক্ষেত্ৰত আগবাঢ়ি আছে। কোঁচ-ৰাজবংশীক এবাৰ জনজাতিৰ মৰ্য্যাদা দিয়া হৈছে আৰু অসমৰ বাহিৰে ভাৰতৰ অন্যকেইখন মান ৰাজ্যত চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰা হৈছে তথা বাকী চাৰিটা জনগোষ্ঠীতকৈ এই দুটা জনগোষ্ঠীৰ জনজাতীয় বৈশিষ্ট্য বা গুণ বেছি। অৱশ্যে চাহ জনগোষ্ঠীৰ আসামলৈ প্ৰব্ৰজিত হোৱা বৰ বেছি দিন হোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ নিৰূপিত জনজাতীয় বৈশিষ্ট্য এই জনগোষ্ঠীকেইটাৰ কমকৈ আছে আৰু কেইটামান জনগোষ্ঠীৰ প্ৰায় নায়েই। এনেক্ষেত্ৰত জনজাতিকৰণৰ দাবী তেনেই অমূলক। কিন্তু অসমৰ ভৱিষ্যতৰ স্বাৰ্থত, খিলঞ্জীয়া, থলুৱাৰ সুৰক্ষিত আৰ্থ-সামাজিক-ৰাজনৈতিক ভৱিষ্যতৰ স্বাৰ্থত এই দাবী আমি কৰিছোঁ। কিন্তু দাবী কৰিলেই নহ’ব, কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয় চৰ্তও পূৰণ কৰিব লাগিব। এই ক্ষেত্ৰত আহোম জাতি বহুদূৰ আগুৱাই যাব পাৰে। স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ আহোম হৈছে এটা ঐতিহ্যপূৰ্ণ সু-প্ৰাচীন জাতি। আহোমে যদি স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি পালন কৰিব পাৰে তেন্তে জনজাতিৰ মৰ্য্যাদাও লাভ কৰিব পাৰিব। তেনে ক্ষেত্ৰত আহোমৰ হাতলৈ অধিক ৰাজনৈতিক ক্ষমতা আহিব আৰু অসমৰ ৰাজনীতিত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। তাৰোপৰি জনজাতি হিচাবে বিভিন্ন ধৰনৰ সংৰক্ষণৰ সুবিধাকে ধৰি অন্যান্য সুবিধা আহোম জনসাধাৰণে লাভ কৰিব।দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা আশী শতাংশ কৃষক শ্ৰমিকেৰে পৰিপূৰ্ণ আহোম জনগোষ্ঠীয়ে বিশ শতাংশ মধ্যবিত্ত তথা উচ্চ মধ্যবিত্তৰ ভোগ লালসাৰে নিজৰ ভৱিষ্যত গঢ়িব নোৱাৰে। সমগ্ৰ জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ কাৰণে লাগিব একতা, ভ্ৰাতৃত্ববোধ তথা ৰাজনৈতিক ক্ষমতা। এই তিনিওতা বৈশিষ্ট্য লাভ কৰিবলৈ হ’লে সমূহ আহোম জনসাধাৰণে একেই ভাষা-ধৰ্ম-পৰম্পৰা তথা কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰি চলিব লাগিব। একে ভাষা-ধৰ্ম-কৃষ্টি-পৰপৰাই আহোম জনসাধাৰণৰ মাজত একতা আৰু ভ্ৰাতৃত্ববোধৰ সৃষ্টি কৰিব। এই একতাই
আহোম জনসাধাৰণক এটা শক্তিশালী ৰাজনৈতিক শক্তিত পৰিণত কৰিব। তেতিয়া সকলো দল-সংগঠনে আহোম জনশক্তিক গুৰুত্ব দিবলৈ বাধ্য হ’ব। তদুপৰি ইয়াৰ পৰা আৰু এটা লাভ হ’ব—স্বকীয় ভাষা –ধৰ্ম-পৰম্পৰা-কৃষ্টি গ্ৰহণে আহোমক পৃথক ভৌগোলিক অঞ্চলৰ বাহিৰে বাকীকেইটা জনজাতীয় বৈশিষ্ট্য বা গুণৰ অধিকাৰী কৰিব। ফলত আহোমে জন-জাতি হিচাবে স্বীকৃতি পোৱাত সহায়ক হ’ব। বৰ্তমান অৱস্থাত আহোম জনসাধাৰণ বিভিন্ন ধৰ্ম-পৰম্পৰা তথা মতাদৰ্শত বিশ্বাসী হোৱাৰ সমান্তৰালকৈ ৰাজনৈতিকভাৱেও বহুধা বিভক্ত। ফলশ্ৰুতিত আহোম জনসাধাৰণৰ মাজত একতাৰ অভাৱ। ইয়াৰ বাবেই কোনো এটা ৰাজনৈতিক দল-সংগঠনে আহোমক এটা শক্তিশালী ৰাজনৈতিক শক্তি হিচাবে গণ্য নকৰে। কিন্তু উজনি আসামৰ সাতখন জিলাই আহোম প্ৰধান। ইমান এটা বৃহৎ জনসংখ্যাৰ জন-সমষ্টি হোৱা স্বত্বেও কেৱল একতাৰ অভাৱেই আহোমক এটা ক্ষমতাহীন জাতিত পৰিণত কৰিছে। এই অৱস্থাৰ পৰা আহোমক উদ্ধাৰ কৰিবলৈ বিভিন্ন সংগঠনে বহু আগৰে পৰা বিভিন্ন ধৰণে চেষ্টা কৰিছে। কোনোৱে ভাষাক প্ৰাধান্য দি কোনোৱে পৰম্পৰাক প্ৰধান্য দি কোনোৱে আকৌ কেৱল ৰাজনৈতিক দাবীক প্ৰাধান্য দি এই দিশত আগবাঢ়িছে। কিন্তু বিশেষ সফলতা কোনোৱে লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰকৃততে এটা এটা দিশক প্ৰধান্য দি নহয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি সকলোকে সমানে প্ৰাধান্য দি আগুৱাব লাগিব। আৰু সেয়ে আহোম জনসাধাৰণে স্বতঃস্ফুৰ্তভাৱে স্বকীয় ভাষা-কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব লাগিব। এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয়—আহোম সকলে ভাষা-কৃষ্টি-সংস্কৃতিৰ কাৰণে কিয় দুশ বছৰ পিছুৱাই যাব লাগে? কথাতে কয়—ভালদৰে আগবাঢ়িবৰ কাৰণে কেতিয়াবা দুখোজ পিছুৱাব লগীয়াও হয়। বহিৰাগত বিদেশী আহি বৰঘৰত থিতাপি ল’লেহি, উশাহ ল’বলৈও বিদেশীৰ অনুমতি লোৱাৰ সময় আহিল। এনে সন্ধিক্ষণত নিজৰ ভৱিষ্যতৰ স্বাৰ্থত, আহিবলগীয়া প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত দুখোজ কি দহখোজ পিছুৱাব লাগিব, দুশ বছৰ কি এহেজাৰ বছৰ পিছুৱাব লাগিব। আচলতে এইবোৰ কিছুমান স্বাৰ্থান্বেষী ৰাজনৈতিক নেতৃত্ব তথা দলৰ ষড়যন্ত্ৰমূলক কূট-কৌশল। তেওঁলোকে নিবিছাৰে আহোম সকল এক হওঁক, এটা শক্তিশালী ৰাজনৈতিক শক্তিত পৰিণত হওক। সেয়া হ’লেই এই স্বাৰ্থপৰ মহলৰ সান্দহ খোৱা বালি তল পৰিব। সেই কাৰণেই তেওঁলোকে নিজৰ স্বাৰ্থত, ক্ষমতা নিজৰ হাতত ৰখাৰ স্বাৰ্থত আহোম ৰাজত্বৰ শেষ সময়ছোৱাৰ পৰা বৰ্তমানলৈকে না-না কূট-কৌশলেৰে আসামক বহিৰাগত-বিদেশীৰ ওচৰত বন্ধকত দিলে। আহোম সকলে এই কথাবোৰ ভালদৰে বিশ্লেষণ কৰি চোৱাৰ সময় সমাগত। সময় নাই, খিলঞ্জীয়া অসমীয়া তথা আহোমৰ অস্তিত্ব ভয়ংকৰ সংকটৰ গৰাহত। ক্ষীপ্ৰগতিৰে স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰি নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ লগতে জনজাতীয় মৰ্য্যাদাও হস্তগত কৰিব লাগিব। আঁজুৰি আনিব লাগিব মাটিৰ অধিকাৰ, খনিজ সম্পদৰ অধিকাৰ, পৃথক ৰাজনৈতিক, বিধিগত তথা প্ৰশাসনীয় অধিকাৰ। তেতিয়াহে আমাৰ তথা অনাগত প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ’ব, আসামৰ ভৱিষ্যত সুৰক্ষিত হ’ব। এই পটভূমিত আৰু এটা কথা পৃথিৱীৰ কোনো সু-সমৃদ্ধ উন্নত জাতিয়েই নিজৰ কৃষ্টি-পৰম্পৰা-ভাষা ত্যাগ কৰা নাই আৰু নকৰেও। বিখ্যাত ৰোমান, ফৰাছী, ইংৰাজ, ৰুছ, চীনা আদি কোনো উন্নত জাতিয়েই নিজৰ ভাষা-কৃষ্টি-পৰম্পৰা ত্যাগ কৰা নাই আৰু সেইকাৰণেই তেওঁলোক ঐতিহ্যপূৰ্ণ, সু-সভ্য আৰু উন্নত জাতি হিচাবে বিশ্বত পৰিচিত। অৱশ্যে সময়ৰ লগত পৰিবৰ্তন অৱশ্যম্ভাৱী। কিন্তু পৰিবৰ্তনৰ নামত সম্পূৰ্ণৰূপে নিজৰ ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি –সংস্কৃতি ত্যাগ কৰা এটা জাতিৰ বিশ্বৰ দৰবাৰত পৰিচয় কি ঽ’ব? নিশ্চয়কৈ এটা অনুন্নত অসভ্য জাতিয়েহে নিজৰ অসভ্য কৃষ্টি-পৰম্পৰা ত্যাগ কৰি কোনো এটা উন্নত জাতিৰ কৃষ্টি-পৰম্পৰাৰ আলম লৈ নিজৰ চিনাকি দিয়ে। কিন্তু বিশ্বৰ অন্যতম সু-প্ৰাচীন, সু-সভ্য জাতি তাই জাতীৰ বংশধৰ সকলৰ কাৰণে ই নিশ্চয়কৈ দূৰ্ভাগ্যজনক। তাতে আকৌ গৌৰৱোজ্জ্বল ছশ বছৰীয়া ইতিহাসেৰে সমুজ্জ্বল এটা জাতিৰ বাবে ই চৰম লজ্জ্বাৰ বিষয়। সেয়েহে সমূহ আহোমৰ বাবে এটি আহ্বান কথাবোৰ ভালদৰে বিশ্লেষণ কৰি চাওঁক, দীৰ্ঘদিনীয়া ধৰ্মীয়-ৰাজনৈতিক কূট-কৌশলবোৰ বুজি উঠক আৰু সকলোৱে একেলগে মাৰ বান্ধি স্বকীয় ভাষা-ধৰ্ম-পৰম্পৰা, কৃষ্টি-সংস্কৃতি গ্ৰহণ কৰি আহোমক ৰক্ষা কৰক আৰু তাৰ জৰিয়তে মহান চাও লুং চ্যু-কা-ফাৰ সৃষ্ট মৗঙ্-ড্যুন্-চ্যুন্-খাম্ আসামক ৰক্ষা কৰক। খপ চাউ খা
সম্পূৰ্ণকৈ পঢ়ক »

সাহিত্যিক পানীন্দ্ৰ নাথ গগৈৰ সম্পৰ্কে এক চমু অৱলোকন

“হাতীত উঠি পানীৰাম ঘৰলৈ যায়, আলিবাটৰ মানুহে ঘূৰি ঘূৰি যায়।”
এনেদৰেই সেই সময়ৰ বিদ্যালয়ৰ পাঠ্যপুথি “ল’ৰা শিক্ষা’ত স্বপ্নৰ সম্যক প্ৰকাশ ঘটাই পাঠ্যপুথি ৰচনা কৰা ল’ৰাজনেই আছিল পানীন্দ্ৰ নাথ গগৈ। দুৰন্ত সাহসী,অক্লান্ত,
পৰিশ্ৰমী, অমায়িক স্বভাৱ,পিতৃ মাতৃৰ প্ৰতি ভক্তিপৰায়ণ পানীৰাম ওৰফে পানীন্দ্ৰ নাথ গগৈ বঙলা ভাষাক প্ৰত্যাহবান জনাই অসমীয়া ভাষাত পাঠ্যপুথি প্ৰণয়ন কৰা জাতিৰ এজন প্ৰবাদপুৰুষ।অসমৰ সাহিত্য আৰু জাতীয় জীৱনৰ উজ্জ্বল নক্ষত্ৰ এইজনা মহান সাহিত্যিকৰ জন্ম হৈছিল ১৮৭১ চন শকাব্দ ১৭৯৩ আঘোণ মাহত উত্তৰ লক্ষিমপুৰ চহৰৰ গাতে লাগি থকা চেতিয়া গাঁৱত।তেওঁৰ দেউতাক কটিয়া গগৈ বেণ্ডৰ গাওঁখনৰ ভিতৰত এজন মাতব্বৰ লোক আৰু আইতাক এগৰাকী আহোম ৰাজখোৱা ঘৰৰ বিচক্ষণীয়া জীয়াৰী আছিল।সেই একে চন আৰু মাহতে অসমৰ আন এগৰাকী সিংহপুৰুষ বিশিষ্ট সাহিত্যিকৰ জন্ম হৈছিল উত্তৰ লক্ষিমপুৰ চহৰৰেই নঁকাড়ী গাঁৱত, তেওঁ হ’ল অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱা। পানীৰামে ১৮০১ শকৰ আঘোণমাহত উত্তৰ লক্ষীমপুৰৰ চহৰীয়া পঢ়াশালিত পঢ়ি উঠি ১৮৮৪ চনত গুৱাহাটীৰ নৰ্মাল স্কুলত বাংলা ভাষাৰ মাধ্যমেৰেহে অধ্যয়ণ কৰিবলগীয়া হৈছিল।অসমীয়া ভাষা সাহিত্যৰ এনে এক কাল সন্ধিক্ষণত পানীন্দ্ৰ নাথ গগৈদেউৰ জন্ম হৈছিল যি সময়ত অসমৰ অফিচ কাছাৰী বিদ্যালয় আদিত কেৱল বাংলা ভাষাৰ প্ৰয়োভৰ আছিল। এক কথাত ক’বলৈ গলে সেই সময়ছোৱা অসমৰ ভাষাৰ বিপৰ্যয়ৰ যুগ।১৮৭২ চনত ইংৰাজ শাসকসকলে অসমীয়া ভাষাৰ ক্ষেত্ৰত বাধ্য হৈ নিজৰ ভুল স্বীকাৰ কৰি যেতিয়া কেম্বেল চাহাবৰ আদেশত অসমৰ আদালত আৰু পঢ়াশালীবিলাকত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা হৈছিল তেতিয়াৰ পাঠ্যপুথিৰ অভাৱত বহুবছৰ ধৰি বঙালী কিতাপেই চলি আছিল।শিক্ষা সাং কৰাৰ পিছত পানীন্দ্ৰনাথ গগৈয়ে সেই অভাৱ পূৰণ কৰিবলৈ সক্ষম হৈছিল-
“তোমাৰ নাম কি? মোৰ নাম পানীৰাম তুমি ক’ত থাকা? মই চেতিয়া গাঁৱত থাকো।
এইদৰেই ‘ল’ৰা শিক্ষা আগৰছোৱা’ কিতাপত আত্ম পৰিচয় দি পানীন্দ্ৰ নাথ গগৈদেৱে পাঠ্যপুথি ৰচনা কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ এজন পঢ়াশলীয়া এজন ছাত্ৰই কেনেকৈ আত্মপৰিচয় দিব লাগে তাকে সুন্দৰভাৱে উপস্থাপন কৰিছে। শিক্ষা সাং কৰি প্ৰথম ঢকুৱাখানাত শিক্ষকতা কৰি থকা অৱস্থাতেই প্ৰাথমিক প্ৰৰ্যায়ৰ বাবে “ল’ৰা শিক্ষা আগৰছোৱা আৰু মাজৰছোৱা প্ৰণয়নৰ প্ৰস্তূতি কৰি ১৮১৫ শকত প্ৰকাশ কৰে।

ঢকুৱাখানাৰ ছাত্ৰবৃত্তি বিদ্যালয় এৰি উত্তৰ লক্ষিমপুৰলৈ হেডপণ্ডিত হিচাপে যোগদান কৰাৰ পিছত ‘ল’ৰা শিক্ষা শেষৰছোৱা’ কলিকতাৰ পৰা প্ৰকাশ হয়।অসমীয়া জাতিৰেই সৌভাগ্য যে এইজনা মহান সাহিত্যিকৰ তিনিখন পুথিয়েই শিক্ষা বিভাগৰ অনুমোদন লাভ কৰি পাঠ্যপুথি ৰূপে প্ৰচলিত হ’ল আৰু লগে লগেই পাঠ্যপুথিৰ অভাৱ পূৰণ কৰি অসমীয়া জাতীয় জীৱনলৈ তেওঁ অনবদ্য সাহিত্য সেৱা আগবঢ়াই ইতিহাস ৰচনা কৰি গ’ল।তেওঁ অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচলনৰ ক্ষেত্ৰত যি অৰিহণা আগবঢ়াই গ’ল সেয়া অসমীয়া জাতিয়ে কোনোকালেই পাহৰি যোৱা উচিত নহয়।তেওঁৰ সোঁৱৰণত অসম সাহিত্য সভাৰ দৰে সাহিত্যৰ বৃহৎ অনুষ্ঠানেও কোনো লেখত লবলগীয়াকৈ কোনো উল্লেখযোগ্য প্ৰদক্ষেপ গ্ৰহণ নকৰাটোৱেই অতি পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে।তেঁওৰ সোঁৱৰণত কোনো এটা সংগঠন বা অনুষ্ঠানে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি পানীন্দ্ৰ নাথ গগৈদেৱৰ আজো নাতি স্কুল ইন্সপেক্টৰ দয়াকৃষ্ণ গগৈ দেৱে অতি দুখ প্ৰকাশ কৰে। এই জনা মহান পুৰুষে ১৮৯৯ চনৰ ৩১ ডিচেম্বৰ তাৰিখে মাত্ৰ ২৯ বছৰ বয়সতে জীৱন নাট সামৰিছিল।জীৱনৰ অতি কম সময়ৰ ভিতৰতে অসমীয়া সাহিত্য জগতলৈ যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। অৰুণোদই কাকতৰ যোগেদি নানা ৰচনাসম্ভাৰ প্ৰকাশ কৰাৰ উপৰিও ১৮৭৩ চনত আদিপাঠ, ১৮৮৬ চনত অসমীয়া লৰা ব্যাকৰণ, ১৮৯২ চনত পঢ়াশলীয়া অনুষ্ঠান প্ৰকাশ কৰি অসমৰ পঢ়াশালীৰ উপযোগীপুথি প্ৰণয়ন কৰি অসমীয়া সাহিত্য ভৰাল চহকী কৰি থৈ গৈছে।পানীন্দ্ৰ নাথ গগৈ দেৱে জোনাকী কাকতত প্ৰৱন্ধ লিখাৰ ওপৰিও বিজুলীত কবিতা লিখিছিল।পদ্মনাথ গোহাঞিবৰুৱাৰ লগত তেখেতে’ সাহিত্য সংগ্ৰ্হ নামৰ মজলীয়া স্কুলৰ পাঠ্যপুথি এখনো যুটীয়াভাৱে পানীন্দ্ৰ নাথ গগৈ দেৱে সম্পাদনা কৰিছিল। এনে এগৰাকী মহান সাহিত্যিকক নতুন প্ৰজন্মৰ আগত চিনাকী কৰাই দিয়াটো প্ৰবীন লেখক সাহিত্যিকৰ যথেষ্ট কৰণীয় আছিল যদিও তেওঁৰ সম্পৰ্কে কাকত আলোচনীত আদিত বিশেষ একো পঢ়িবলৈ পোৱা নাযায়। সাহিত্য সভাক এই সম্পৰ্কে বিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰুধ জনাইছো।কোনো সদাশয় ব্যক্তি অথবা অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে তেওঁৰ সম্পৰ্কে এখনি গ্ৰন্থ প্ৰকাশৰ দিহা কৰিলে সাহিত্যনুৰাগী সকলো শ্ৰেণীৰ লোকেই কৃতাৰ্থ হ’ব।
সহায়ক পুথি: ১/ মোৰ সোঁৱৰণি- পদ্মনাথ গোহাঞিবৰুৱা ২/ জীৱনী সংগ্ৰহ-অসম প্ৰকাশন পৰিষদ ৩/সম্বাদ পত্ৰ ৰ’দ কাচলিত অসমীয়া সাহিত্য-নন্দ তালুকদাৰ বিশেষ ধন্যবাদ- টুনুজ্যোতি গগৈ,গল্পকাৰ
সম্পূৰ্ণকৈ পঢ়ক »

খেতিয়কৰ তৃপ্তিৰ এসাঁজ(ধ্ৰুৱজ্যোতি ফুকন)

ভঁৰালৰ মাৰলিত উলমাই থোৱা লাহনীখন নমাই, খৰি চাঙৰ পৰা খালৈটো আনি কঁকালত মেৰাই লৈ আকাশখনলৈ এবাৰ চাই ললে ৷ শাওনৰ দুপৰীয়া, পথাৰলৈ বুলি গহীনাই খোজ ললে ৷ ফিৰফিৰিয়া গাভৰু পথাৰৰ গৰম মিহলি বতাহ এচাতিয়ে বাঁহপাতকেইখিলাৰ
লগতে তাৰ তামবৰণীয়া দেহাটো চুই যায়হি ৷ পথাৰখন তিলেশ্বৰৰ বাবে নতুন নহয় ৷ কিন্তু সেউজীয়া সপোনবোৰ প্ৰতিবাৰেই নতুন ৷ প্ৰখৰ ৰ'দে পথাৰৰ পানীবোৰ গৰম কৰে ৷ গৰমত মাছ-পুঠিবোৰ পথাৰৰ কম পানীত চৰিব নোৱাৰি তাহাঁতৰ দ' ডুবাতে খনা সৰু পুখুৰীটোতেই সোমায়হি ৷ খেতিৰ দিনকেইটাত শুকটি, খৰিচাৰ সৈতে পঁইতা-কৰ্কৰা একাঁহী খাই নাহিলে আলি দিওঁতে কোৰখনত বোকা সোমোৱাবলৈকে টান ৷ ভনীয়েকেও শুকটি এচুঙাৰ আব্দাৰ কৰি আছিল ৷ একাষৰিয়াকৈ ধোঁৱাচাঙত তুলিব লাগিব ৷ যোৱাবাৰ বিহুতেই যোৱা ভনীয়েৰ ঘৰলৈ ৷ একেটা পাকতে বাৰীৰ পকা তামোলকেইঠোকা পাৰি চহৰত বেচি থৈ আহিব পাৰিব ৷ কেৰ্কেটুৱা সোপাৰ যি হে উৎপাত ৷ নাঙল সামৰি কলৈ কলৈ যাব তাৰ দীঘলীয়া তালিকা এখন বনাই বনাই পুখুৰীৰ ভেটাটো ঠিক ললে ৷ লাহনিখনৰ দীঘটো আৰু পানীৰ গভীৰতাক মিলাই কোণ এটাত জপংকৈ নামি দিলে ৷ পানীত নামিয়েই গৰৈ-চিৰিকা কেইটামানে তাৰ ভৰিত খুন্দিওৱাৰ উমান পাই পাৰৰ খালৈটোলৈ এবাৰ চাই পানী সিঁচাত লাগি গ'ল ৷
গাওঁখনত বা'ৰমাহেই উৎসৱমুখৰ পৰিৱেশ এটা থাকে বাবে চাগে তাৰ মনটো সদায় পাতল হৈ থাকে ৷ ব'হাগে এৰা বুলিলেই জেঠুৱা নামলোৱা, পথাৰৰ মাটি ফলা ৷ কঠিয়া সিঁচি আহাৰৰ ষাঁঠ ভাঙে মানেই ৰুৱনীৰ আলপৈচান ধৰা ৷ ভূঁই ৰুই শেষ হয়হে, গোজবোৰ বাঢ়িবলৈ ধৰেহে, কাতি সোমায়েই নহয় ৷ আকৌ খেতি চপোৱা, ন-খোৱা, মাঘক আদৰা ৷ এনেদৰেই লাই,মূলাৰ বীজ সঁচলৈ থয় মানেই বছৰটি গলেই দেখোন ৷ দেউতাকৰ বছৰেকীয়াখনো ব'হাগতেই পৰে ৷ সেই তেতিয়াই মিতিৰ কুটুমক আলহী কৰি যি এসাজ খায় ৷ এইবাৰ মাকে মইনাৰ শুধি ভাঙি নামঘৰতে মৃতকলৈ শৰাই এখনি দি থব কলে ৷ খেতিয়কৰ সংসাৰ ৷ মৃতকে ধৰিলে আকৌ অপায়-অমংগল গোচাওঁতেই টোকোনা হ'ব লাগিব ৷ এনেও টোকোনা সংসাৰত মইনা অহাৰে পৰা অলপ হাঁহিবলৈ পাইছেহে ৷ এয়াই তাহাঁতৰ সৰগৰ সুখ ৷
কথাৱোৰ ভাৱি ভাৱি কেতিয়ানো পুখুৰিটো সিঁচি শেষ কৰিলে সি উমানেই নাপালে ৷ ভেটাটো খুলি দিলে সি ৷ খালৈটোৰ মুখত সোপা দি ঘোলা পানীতেই আওখালি মাছকেইটা আকৌ এবাৰ চাই এটা তৃপ্তিৰ হুমুনিয়াহৰ সৈতে ঘৰলৈ বুলি খোজ ললে ৷ কাৱৈ,পুঠি,ডৰিকণ
া,খলিহনা,চেঙেলী,ভেচেলি,গৰৈ,মাগোৰ,চিৰিকা,বটীয়া,শিঙি,দুই এটা শিঙৰা আৰু কুচীয়া ৷ কেতিয়াবা ওচৰৰ জানৰ পৰা দুই এটা টোৰা,বামী সোমায়াহি ৷ পিছে ডৰিকণাৰ লগত নহৰু দুফুটা মান দি মান ধনীয়াৰ সৈতে পাতত দি খাইহে ভাল পাই সি ৷ কণ জলকীয়াৰ সৈতে গোল নেমু এচকল চেপি ললে সোৱাদেই বেলেগ হৈ পৰে ৷ মইনাৰ মাকে এইবোৰ বৰ জুতি লগাকৈ ৰান্ধে ৷ সেইবাবেই সি আখলৰ দৰকাৰী বস্তু সমূহ যোগোতাই ভাল পায় ৷
বেলিটো তেতিয়া সিপাৰৰ বাঁহনীখনৰ মুৰত উঠিছিলগৈ ৷ গাওঁখনলৈ আনদিনাৰ দৰে আজৰি বেলাটো নামি আহিছিল ৷ ঘৰ পাই সি পোনছাতেই খালৈটোৰ সৈতে নাদৰ পাৰ পালেগৈ ৷ পেটলৈ ভোক অলপ আহিছিল ৷
: হেৰা কেৰাহীখন পাতা ৷ মাছ আনিছো ৷
তিলেশ্বৰৰ মাতত মইনাৰ সৈতে চিলমিল টোপনীত বাগৰি থকা পদুমীয়ে খপজপকৈ নাদৰ পাৰলৈ বুলি উঠি আহিল ৷ মানুহজনলৈ বুলি ৰৈ ৰৈ তায়ো হয়তো ভোকতেই টোপনী গৈছিল ৷ মাছকেইটাৰ পেটু কাঢ়ি শিঙি দুটামান লৈ তাই আখলঘৰত সোমাল ৷ পুৱাতেই তুলি থোৱা মেজেঙাৰ আগ দুডালমানৰ সৈতে আঞ্জাখনৰ জুতি বঢ়াই বেৰৰ জলঙাইদি বাহিৰৰ আকাশখনলৈ চাই থাকিল ৷
আকাশখনতনো কি আছে চালেই যে চাই থাকিবৰ মন যায় ৷ নীলা নীলা আৰু মাজে মাজে শুকুলা ডাৱৰ ৷ কেতিয়াবা চুই চাবলৈ মন যায় কেনেকুৱানো লাগে ব'গা ব'গা ডাৱৰবোৰ ৷ চহৰৰ ঘৰবোৰত থকা বিছনাবোৰৰ দৰে কোমল নহবনে বাৰু ! ডাৱৰত শুই শুই তাই ধুনীয়া সপোন দেখিব ৷ মইনাই উমলিব আৰু মানুজনে দূৰৰ পৰা মিচিকিয়া হাঁহি এটি মুখত লৈ তাহাঁতলৈ চাই থাকিব ৷ অৱশ্যে তাই সপোন নেদেখে ৷ কবলৈ গলে দিনৰ ভাগৰে তাইক সপোন দেখিবলৈ সময় নিদিয়ে ৷ সেইবুলিয়েই তাইৰ সপোন নথকা নহয় ৷ তাইৰ সপোনত মইনা ডাঙৰ হয় ৷ মা মা বুলি চিঞৰি কোলালৈ আহে ৷ হাটৰ পৰা দেউতাক উভতিলে মোনাটো খুলি চায় ৷ পিছে তাই সপোনবোৰ ডাঙৰ হ'বলৈ নিদিয়ে ৷ ভয় কৰে, জানোচা মৰমবোৰে নাটে ! তাই নাজানে, মানুহজনে বা এইবোৰ ভাৱে নে নাভাৱে ৷ পুৱাৰ চাহবাটি, আঞ্জাখন ভাল হৈছে কলেই তাই সন্তুষ্ট হয় ৷ ভালপোৱা কি তাই নিচিনে ৷ সেই সৰুতেই ক'কাকে শিকোৱা ডাঙৰলৈ সন্মান,সৰুলৈ মৰম ৷ কথাষাৰি তাই আজিও আখৰে আখৰে পালন কৰে ৷ জোৰোণৰ দিনা মাকে কোৱাও মনত পৰে, "মানহুটোক ভগৱান বুলি ভাৱিবি" ৷ মাকৰ কথাষাৰ সঁচা আছিল ৷ তাই বুজে ৷
বাৰিষাৰ বতৰত কেতিয়াবা শিল বৰষুণে মুধচ ফুটালে বৰষুণৰ পানী সৈতে দুচকুৰ লোটক বৈ আহিব খোজে ৷ কিন্তু মানুহজনে নিশাই মৈ বগাই চালচোৱা দেখিলে চকুলো সামৰিবলৈ বাধ্য হয় ৷
: হেৰি শুনিছে, ভাত বাঢ়িব লৈছো আহক ৷ চেঁচা পৰিলে সোৱাদ নাথাকিব ৷
তিলেশতিলেশ্বৰে গাটো পখালি মইনাৰ কাষতে বাগৰি আছিল ৷ ভাগৰ অলপ লাগিছিল তাৰ ৷ অৱশ্যে মনৰ ভাগৰৰ বাহিৰলি মইনাৰ কাষতে বাগৰি আছিল ৷ ভাগৰ অলপ লাগিছিল তাৰ ৷ অৱশ্যে মনৰ ভাগৰৰ বাহিৰে এনেবোৰ ভাগৰক ভাগৰ বুলি গণ্যই নকৰে সি ৷ তিনিমহীয়া শিশুটিৰ মুখখনলৈ একেৰাহে চাই আছিল ৷ এই কণমানি শিশুটিয়ে কি বা চিনে সুখ-দুখ সংসাৰৰ মায়া মোহ ৷ জন্ম হৈয়েই শিকি আহিছে কান্দিবলৈ ৷ কণমানি ক'লা চকুদুটাৰে পৃথিৱীখন চিনিব খোজে ৷ টোপনী গলেই বন্ধ পলকৰ সিপাৰে যেন এখন নতুন পৃথিৱীয়ে তাক মাতে, জীৱন কি চিনিবলৈ ৷
ভাৱনাত বিভোৰ হৈ তাৰ মনটোও উৰি যায় শৈশৱলৈ ৷ মাক,দেউতাকৰ কাষলৈ....
: হেৰি শুনিছেনে, ভাত বাঢ়িছো কৈছো আহক আ'ক ৷
: এহঃ পাহৰিছিলোৱেই ৷ গৈছো ৰ'ৱা ৷
পীৰাখন পোনাই তিলেশ্বৰে লেপেটা কাঢ়ি বহি ললে ৷ গৰম ভাতৰ গোন্ধত পেটৰ ভোকটো আৰু অলপ উজাইছিল ৷ আঞ্জাখনৰ সৈতে বৰ তৃপ্তিৰে এসাঁজ খালে সি ৷ পদুমীৰ হাতৰ তৃপ্তিৰ এসাঁজ ৷ খেতিয়কৰ তৃপ্তিৰ এসাঁজ ৷ শাওনৰ পথাৰখন ইতিমধ্যে বাৰিষাই চেঁচা কৰিছিল আৰু বেৰৰ জলঙাইদি তেতিয়াও পোহৰ বিৰিঙি আছিল ৷ পোহৰ......জীৱনৰ
...... !
সম্পূৰ্ণকৈ পঢ়ক »

তাই আহোমৰ স্থাপত্য- ভাস্কৰ্যক বিশ্বমুখী কৰি তোলাত নিৰলস প্ৰচেষ্টা কৰা এজন শিল্পী মান চাও ৰাজীৱ বুঢ়াগোহাঁইৰ বিষয়ে চমু অৱলোকন(চাও সঞ্জীৱ ফূ-কে)

আহোমৰ ছশবছৰীয়া ৰাজত্বকালত স্থাপত্য - ভাস্কৰ্য আৰু শিল্প- কলাৰ দ্ৰুত বিকাশ সম্ভৱ হৈছিল ৷ তাৰ প্ৰমাণ আজিও সৰ্গৱে জিলিকি আছে সোণালী যুগৰ ৰশ্মি ৷ আনকি দেশবিদেশৰ পৰিব্ৰাজকৰ লেখনি সমুহতো এই ভাস্কৰ্য সমুহৰ নিৰ্মাণ শৈলীয়ে স্থান লাভ কৰিছিল ৷
আধুনিক যুগত আহোমৰ এই গৌৰৱময় চানেকিসমুহে পুনৰ প্ৰাণ পাই উঠিছে এজন অখ্যাত শিল্পীৰ সুনিপুণ হাতৰ পৰশত ৷ শিৱসাগৰ জিলাৰ মেছাগড়ৰ বুঢ়াগোহাঁই গাঁৱৰ শিল্পী ৰাজীৱ বুঢ়াগোহাঁইয়ে এটুকুৰা মাত্ৰ কাঠেৰে সুন্দৰকৈ সাজি উলিয়াইছে ৰংঘৰ আৰু কাৰেং ঘৰ ৷ কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ হাতুৰী , বটালী আৰু নিজৰ কল্পনাৰ সহায়ত ২৹৹৫ চনৰ পৰাই শিল্পচৰ্চাত জড়িত হৈ পৰে ৷ ইতিমধ্যে সৰুবৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদ'ল, বৰটোপ, বৰব'গ, ম'ৰা চৰাই, গড়, জিৰাফ, ভাৰতবৰ্ষৰ মেপ, শৰাই, তাই আহোমৰ ধৰ্মীয় প্ৰতীক ড্ৰেগনৰ লগতে শিল্পীজনাৰ হাতত প্ৰাণ পাই উঠিছে ৭ খন মহাদেশ আৰু ৫ খন মহাসাগৰৰ সৈতে পৃথিৱীৰ এক অভিনৱ গোলক ৷ অসমৰ ঐতিহ্যপূৰ্ণ আৰু কীৰ্তি চিহ্নসমুহৰ ভাস্কৰ্য নিৰ্মাণৰ নিৰলস সাধনা অব্যাহত ৰখা শিল্পীজনে আৰম্ভ কৰিছে মহান ৰাষ্ট্ৰনায়ক চাও লুঙ চুকাফাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ কাম ৷
কোনোধৰণৰ চৰকাৰী সাহায্য নোপোৱাকৈয়ে কেৱল নিজৰ দক্ষতাৰ বলত সৃষ্টি কৰা শিল্পীজনাৰ ভাস্কয্য সমুহে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাছিয়া, ফ্ৰান্স আদিতো প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি কেইবাখনো আন্তজাৰ্তিক কৰ্মশালাটো তেওঁৰ শিল্পকল্পা প্ৰদৰ্শিত হৈছে ৷
পৰিতাপৰ বিষয় এইযে স্থানীয় প্ৰচাৰ মাধ্যম সমুহ , সংবাদদাতা সকলে তেওঁৰ কৰ্মৰাজীৰ প্ৰচাৰৰ ক্ষেত্ৰত আওকণীয়া মনোভাৱ পোষণ কৰাহে পৰিলক্ষিত হয় ৷ শিল্পীজনৰ লগত কথা পাতি অনুভৱ কৰিছিলো কিমান কষ্টত তেওঁৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ অনাগত দিনত আমাৰ প্ৰচেষ্টা হ'ব চুকে কোণে সোমাই থকা এই অখ্যাত প্ৰতিভাসমুহক সমাজৰ আগত তুলি ধৰা ৷
বিশেষ কৃতজ্ঞতা: চাও শশাংক সন্দিকৈ
সম্পূৰ্ণকৈ পঢ়ক »

অৱসাদ (ডামচাও দেৱেশ্বৰ দিহিঙীয়া বৰুৱা)

আসামত আজি নাই আৰামৰ আশাশাল
আৰু নাই পৰাণৰ মিলামিলি প্ৰেম,
আহোম আহোম বুলি কাৰেঙত কান্দে বাঘে,
গদাৰ অঙহী নাই বিদেশীৰ ভেম।
আজি এটি শতাব্দীত হিয়া মোৰ ভাগি গ’ল
শতাব্দীতে কামি হাড় হ’ল ডাল ডাল,
ষোড়শ গোপীনি প্ৰেম কানুৰো অলীক বুলি
কামায়ন কামনাৰো বকো বদনাম।
গোমচেঙে জুমি চালে মনলৈ ম্লান আহে
কৰঙন কলাফুল গাভৰোৰো খীন,
বুকুখনি উদঙাই বয়সতো বুকু চালে
বুকুৰ বিষাদ বাঢ়ে হায়ৰে দুৰ্দিন।।
সংগ্ৰাহক- চাও প্ৰাণ
সম্পূৰ্ণকৈ পঢ়ক »

চুমদেওৰ সম্পৰ্কে(ৰাজীৱ ৰাজখোৱা)

আহোমৰ আৰাধ্য দেৱতা চুমদেওৰ বিষয়ে বহুতে বহুতো মন্তব্য কৰিলেও প্ৰকৃত তথ্য কোনেও দিব নোৱাৰে।ইয়াৰ মূল কাৰণটো হ’ল- চুমদেও ৰজাঘৰীয়া ভিতৰুৱা সম্পতি আছিল। বছৰত মাথো এবাৰ বা দুবাৰহে ৰাজহুৱাকৈ পূজা কৰি চুমদেওক বাহিৰলৈ অনাৰ নিয়ম আছিল। সেয়ে ৰজাঘৰীয়া একেবাৰে আত্মীয় কোনোবাৰ বাদে চুমদেওৰ বিষয়ে কোনেও নাজানিছিল। সম্ভৱত চুমদেওৰ সম্পৰ্কে আহোম বুৰঞ্জীও সেয়েহে নিমাত।বহুতে চুমদেওক কোনো নিৰাকাৰ মূৰ্তি, কোনোৱে চন্দ্ৰকান্ত মণি আৰু কোনোৱে এখোপ আগবাঢ়ি গৈ বুদ্ধ মুৰ্তি আছিল বুলি কব খুজে। যিহেতু চুমদেওৰ প্ৰকৃততে কি আছিল কোনেও দেখা নাপাইছিল বা পোৱা নাই সেয়েহে তেনে এটা বিষয়ত অনুমান কৰাৰ বাহিৰে অন্য ওপাই আছে বুলি নাভাবো। আহোম ৰাজসাশনত যিদিনাই ব্ৰাহ্মণ সোমালে সেইদিনাৰ পৰাই চুমদেও এলাগি হ’বলৈ ধৰিছিল। বৰঘৰৰ চুমদেওক উলিয়াই বাহিৰত পূজা কৰা হ’ল। যি চুমদেওক আহোম ৰজাই উপবাস ৰাখি নিজহাতে ধুৱাই পখলাই পূজা কৰিছিল সেই চুমদেওক বাহ্মণ ৰাখি পূজা কৰিবলৈ দিয়া হ’ল আৰু সেই সুযোগতে বামুণ মহন্ত সকলে চুমদেওক চুৰ কৰি নি তাৰ সলনি অন্য মূৰ্তি তাত ৰাখিছিল বুলিও বহুতে ক’ব খুজে।
আমাৰ ৰীতি নীতিৰ বুৰঞ্জী খেদি চালে চুমদেও চুকাফাৰ দেওতাকে দি পথোৱা এক বংশীয় সম্পদ যেনও লাগে যাক আৰাধনা কৰিলেই আমাৰ পূৰ্বজ সকলক স্মৰণ হয়। আমাৰ যিহেতু ওপৰি পুৰুষ সকলক পূজা কৰা হয় গতিকে চুমদেও বেলেগ কিবা আৰাধ্য দেৱতাৰ মূৰ্তি হ’ব যেন নালাগে।সেয়ে আজিও আহোম সকলে বিভিন্ন শংকৰী ৰীতি নীতিৰে দীক্ষিত যদিও চুমদেও হওক বা আমাৰ ওপৰি পুৰুষৰ ডাম পুজায়ে হওঁক মৃতকৰ সকাম হিচাপে সেই সাঁজ আৰু ওপৰিপুৰুষ সকলে ভালপোৱা বস্তুবোৰ দি পূজা কৰি আহিছে। আজিও মাংগলিক কাম কাজৰ পৰা আদি কৰি যিকোনো হিতকাৰী কামৰ আগতে মৃতকৰ পূজা কৰাটো এক নিয়ম।আহোম সকলে বিশ্বাস কৰে
‘“ঘৰদেও পোন হ’লে বাহিৰৰ দেওৱে একো কৰিব নোৱাৰে’” ।
সঠিক তথ্যটো মনত পৰা নাই কিন্তু ক’ৰবাত পঢ়িছিলো- আহোমৰ ৰাজতন্ত্ৰ ভাঙি যোৱাৰ পিছত চুমদেওক ৰাখিবলৈ, তাক উপযুক্তভাবে পূজা দিবলৈ ব্যক্তিৰ অভাৱ হ’ল।হিন্ধু ধৰ্মৰে দীক্ষিত হোৱা আহোম ৰাজকুমাৰ সকলে চুমদেওৰ মহিমা আন্তৰিকতা আৰু বিশ্বাসৰ প্ৰতি সন্দেহ আৰু অবহেলা কৰা হ’ল। অভাৱত পৰি আহোমৰ কোনোবা এজন ৰাজকুমাৰে সেয়েহে এজন বৃটিছ চাহাবক চুমদেওক বিক্ৰি কৰি দিলে। এই কথাৰো সত্য সত্যতাৰ প্ৰমান নাই। মুখৰ কথা আৰু ধাৰণাৰ ওপৰতহে কোৱা কথা। আমাৰ মানুহবোৰৰ সজাগতা আৰু একতাৰ অভাৱৰ বাবে আজি সকলোৱে চুকতে থাকি বুকতে গোৰ মাৰিবলৈ সাহস কৰিব পাৰিছে।
কলিতাসকল কোন আজি আমাৰ বিহুৱানখন সিহঁতৰ বুলি কবলৈ...? বিহুত উকি এটা মাৰিব নজনা কলিতা কেইটাই গামোচাৰ ৰং চিনি পাইনে? মন কৰিব যে এজন আহোম ডেকাই বিহুত মৰা উকিটো অন্য খুওৱ কম সংখ্যক জাতিৰ লোকেহে মাৰিব পাৰে...।বাকী বোৰৰ কথা এতিয়া নকওঁ।
সম্পূৰ্ণকৈ পঢ়ক »

আহোমসকলৰ নামলাও(সাঁজপানী)ৰ বিষয়ে কিছু কথা

(নাং য়াছিংফা গগৈ)

আহোমসকলে ঘৰতে প্ৰস্তুত কৰি উলিওৱা পানীয়বিধক নামলাও/সাঁজ বা সাজঁপানী বুলি কোৱা হয় ৷ আহোম সম্প্ৰদায়ৰ মাজত ই এক পবিত্ৰ দ্ৰব্য আৰু উৎকৃষ্ট পানীয় খাদ্য হিচাপে ব্যৱহাৰ হয়৷এই পবিত্ৰ দ্ৰব্য আহোমসকলে নিজে খোৱাৰ উপৰিও পৰম্পৰাগত পূজা-পাতল, মৃতকৰ সকাম,বিহু,বুঢ়া ডাঙৰীয়াৰ সকাম,খেতিৰ আৰম্ভণি আৰু শেষ পর্ব আদি বিশেষ বিশেষ দিনত নৈবেদ্য হিচাপে অন্যান্য উপকৰণৰ লগত উর্ছগা কৰা হয়৷কলহৰ উৎকৃষ্ট ৰসখিনি আহোমসকলৰ পূর্বপুৰুষৰ নামত উর্ছগা কৰিহে গৃহস্থই ব্যৱহাৰ কৰা নিয়ম৷
এই পানীয়বিধ প্ৰস্তুতকৰণৰ বাবে বৰা বা লাহী চাউলৰ লগতে দৰবৰ পিঠা প্ৰয়োজন হয়৷ এই পিঠা প্ৰস্তুত কৰিবলৈ বিভিন্ন বনৌষধি যেনে-মানিমুনি,ব
নজালুক,বিহলঙণি,,তেজমূৰিৰ শিপা, জেতুলীপকা,পানীমধুৰী আদি যোগাৰ কৰি শুকুৱাই খুন্দি পিঠাগুৰিৰ লগত মিহলি কৰি ঘিলাপিঠা সদৃশ বা লাড়ু কৰি লোৱা হয়৷ ইয়াৰ লগত পুৰণি সাঁজৰ পিঠা ভাঙি দিয়া হয়৷
নামলাও বা সাঁজ প্ৰস্তুত কৰিবলৈ বৰা চাউল বা লাহী চাউল সিজাই কিম্বন কৰি প্ৰস্তুত কৰা হয়৷যদি বৰা চাউল হয় ভাপত সিজোৱা হয় আৰু লাহী চাউল হয় তেতিয়া ভাতৰ দৰে সিদ্ধ কৰি ডলাত কলপাত পাৰি ঠাণ্ডা হ’বলৈ দি সাঁজৰ পিঠাগুৰিখিনিৰ লগত মিহলাই কলপাত পাৰি বিহলঙণিৰে ঢাকোন দি এটা পাত্ৰৰ ওপৰত ৰখা হয়৷ বনৌষধিৰ গুণেৰে ৰাসায়নিক ক্ৰিয়া কৰা বাবে চাউলখিনিত কিম্বন আৰম্ভ হয় আৰু খৰাহীৰ তলত দুই-তিনিদিনৰ ভিতৰত ৰস নির্গত হয়৷ সেই ৰসখিনিক ৰহি বুলি কোৱা হয়৷ তাৰ পাছত চাউলখিনি ধোঁৱাচাঙত ৰখা মাটিৰ কলহত ভৰোৱা হয় ৷কলহত ভৰোৱা চাউলখিনিক সাঁজৰ পিঠা বুলি কোৱা হয়৷ এনেকৈ কলহত ভৰোৱাৰ তিনি/চাৰিদিনৰ ভিতৰতে সাঁজপানী খাবৰ বাবে উপযুক্ত হৈ উঠে৷
চিন্তনীয় বিষয় নামলাওৰ ব্যৱহাৰ আহোমসকলৰ মাজত পৰম্পৰাগত নিয়ম হিচাপে ব্যৱহাৰ হৈ আহিছে যদিও বর্তমান সময়ত ইয়াৰ ব্যৱহাৰ কমি অহা পৰিলক্ষিত হৈছে৷খেতি-বাতি তথা বনৌষধিসমূৰ বিলুপ্তিয়েই ইয়াৰ কাৰণ যেন অনুমান হয়৷ এনেবোৰ কাৰণতে অদূৰ ভৱিষ্যতে নামলাও বা সাঁজপানী কি, কেনেকুৱা আদি প্ৰশ্নৰ উদয় হোৱাৰ সম্ভাৱনাও প্ৰবল হৈ আহিছে৷
সম্পূৰ্ণকৈ পঢ়ক »

জয়মতী

মুনিন খনিকৰ
 
হে জয়মতী, আহোমৰ জীয়ৰী কৰিছো প্ৰণাম আজি,
তোক চিৰকাললৈ,,
দেশৰ হকে যি ত্যাগ কৰিছিলি
তই বুৰঞ্জীৰ পাততো আছ,
সোণালী আখৰ হৈ৷
শিৱ, ৰুদ্ৰই( লাই লেচাই)
কান্দে হে জয়া, তইযে আজি কাষত নাই,
তথাপিও সিহঁতৰ নাই কোনো আক্ষেপ
তোৰ দৰে মাতৃৰ সন্তান হ'বলৈ পাই৷৷
জেৰেঙা পথাৰত দিছিল শাস্তি তোক
পিশাচ চাউদাঙে চমতাৰ কোব দি,
তথাপিও নিদিলি স্বামীৰ বতৰা
নিথৰ দেহ মাথো, আমাক গলি দি৷৷
গদাপাণীয়ে আজিও কান্দে,
জেৰেঙা পথাৰত গৈ সিওনো বাৰু থাকে
কেনেকৈ, তইযে আৰু নাই,,
তোৰে ঐ বেজাৰত, ময়ো কান্দো
ৰৈ ৰৈ দেশ-জাতিক বচাবলৈ
, আহিবিনে তই পুনৰাই৷৷
জয়সাগৰ পুখুৰীয়ে আজিও সোৱঁৰাই তোক
তইযে এতিয়া আৰু নাই,
দেশ-জাতিক ৰক্ষা কৰি
গুছি গ'লি আমাক কন্দুৱাই৷৷
দেশ-জাতিৰ সেৱা কৰি,
হে জয়া জগতত ৰাখি গ'লি চিন,
আহ ওলাই আহ ডেকা গাভৰু,
লওঁ পণ আজি দেশ জাতিৰ বাবে,
আমিও হ'ম শ্বহীদ এদিন৷৷৷৷৷৷৷
সম্পূৰ্ণকৈ পঢ়ক »

এইবাৰ শেনৰ এজাত কবিতাৰ ল’লো হেঙদাঙ

কবিতা কোঁৱৰ চাও অম্বেশ্বৰ চেতিয়া ফুকন (অংখাম)

আমি টাই জাতি অসম দেশৰ ৰাখিম নিজৰ অস্তিত্ব মান
াহিলে আহক বিপদ বিঘিনি নোৱাৰে কোনেও নাশিব প্ৰাণ
শান্তি সম্প্ৰীতি জীয়াই ৰাখিব জাতি উপজাতি সকলো মিলি
কু-চক্ৰীদলৰ নপৰো ফান্দত উঠিছে চকুত অগনি জ্বলি।
আৰ্য অনাৰ্যৰ শাৰীলে নাযাওঁ আমি দেৱতাৰ সন্তান হই
বিশেষ সুবিধা যদিহে নাপাওঁ সংগ্ৰাম ক্ষেত্ৰত নামিম গই।
চাও চুকাফাই গঢ়ি থৈ যোৱা সোণৰ অসম নকৰো নাশ
ভাষা ধৰ্ম কৃষ্টি ৰাখিম আমাৰ নহওঁ কদাপি পৰৰ দাস।
আহোম বিদ্বেষী লোকসকলক সাৱধান বাণী শুনালো আজি
অপযশ ৰতি আৰু যদি ফুৰে উঠিব ৰণৰ দুন্দুভি বাজি
ভাতৃৰ তেজেৰে দুহাত ৰাঙলী কৰা অভিপ্ৰায় আমাৰ নাই
কেচু খান্দোতেই সাপ ওলালে নিদিব শেষত আমাক দায়।
পাৰো সকলোৰে গোধ উকটিব প্ৰমাণ সাক্ষীও আমাৰ আছে
সময়ত তাক কৰিম প্ৰ্কাশ চাম কোনে ক’ত উভতি নাচে
সাম্প্ৰদায়িকতাব

াদী হোৱা হ’লে পাৰিলেহেতেঁন আহোমে জানো
ছশটি বছৰ শাসিব ই দেশ ভেদাভেদ ভাৱ নাৰাখি কোনো?
সাত ভাই মিলি থাকোতে আমাৰ আছিল যিদৰে একতা বোধ
কিয়নো এতিয়া সংহতি হেৰাল গুচা নাই কাৰো চক্ৰান্ত ক্ৰোধ?
আৰু খণ্ড খণ্ড হ’লে দেশখন জীয়াই নাথাকে এটাও জাতি
এই কথা কেৱে চিন্তা কৰা নাই আনিছে নিজৰ মৰণ মাতি।
কু চক্ৰীদলৰ শোষণ নীতিত বিদ্ৰোহৰ জুই উঠিছে জ্বলি
নাই চুকাফাৰ শাসন পদ্ধতি আছেনে আগৰ সোণৰ তলী?
বিছিন্নতাবাদী নহয় আহোম অসমখনেই আমাৰ দেশ
‘কিয় অগ্ৰদূতে’ ভয় খাব লাগে শেণ হৈ কাৰো নিচিঙো কেশ।
‘সাদিন’ৰ হেনো ‘বুধবাৰ’ টোক লোকে ভাল বুলি শুনিছো কোৱা
আহোম জাতিৰ ঘটে অমংগল ৰতে কাউৰীয়ে যদিহে পুৱা।
যাৰ যেনে ইচ্ছা উভতি নাচক সময়ত তাৰ ওলাব চিন
শাংকৰী ধৰ্মৰ ভকত সকলে বজাই থাকক টোকাৰী বীণ।
কাৰো ‘পানীখোৱা পুখুৰীত’ বিহ ভুলতো এবাৰ নাচালো গই
সাৰপোৱা দেখি কিয়নো আমাক এজুমে চাইছে খঙেৰে ৰই?
জাগিছে আহোম চাওঁ এইবাৰ কোনে গাৰ নোম লৰাব পাৰে
অস্তিত ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰোতে দেহত কালিকা চৰে।
আজি ভাৰতৰ সংবিধানখনে বেলেগ গোটত আমাক ধৰি
জাতিৰ মৰ্যাদা সকলো সুবিধা দিবই লাগিব সুচিন্তা কৰি।
অহিংস সংগ্ৰাম কৰিছো আমিয়েই ৰাজনীতি লৈ নকৰো খেলা
বুজক ই কথা আন সম্প্ৰদায়ে বৰ মানুহৰ নালাগে দোলা।
মনত ৰাখিবা আহোম সন্তান কাৰো ধাৰ খোৱা নাছিলো আমি
ঘৃণাৰ চকুৰে চায় কু চক্ৰীয়ে বেৰৰ ফাকেদি কিয়নো জুমি?
আহোমৰ কবি গুণী সাহিত্যিক পণ্ডিত সৱৰো নলয় নাম
‘ভাষা সাহিত্যৰ বুৰঞ্জী’ খনত বিচাৰিলে সাক্ষী সহজে পাম।
বীৰ বীৰাংগনা সকলৰ নামে কুকুৰ পুহিলে কিটোনো আছে
‘আহোমৰ ৰাজ্য’ যোৱাৰ পিছত কটাঘাত চেঙা তেলকো দিছে।
বুদ্ধিজীৱী সেই কু চক্ৰীদলৰ লীলা খেলা চাই তবধ মানো
টই মংগোলীয় জতইৰ প্ৰতীক ‘ড্ৰেগন’ক ধ্বংস কৰিব হেনো।
‘গাৰ নোমে শত্ৰু’ হোৱাৰ দৰেই আমাৰো এজুমে নেজত ধৰি
বৈতৰণী পাৰ হবলৈ গ’ল নিজৰ ধৰ্মকো অৱজ্ঞা কৰি।
বৰতাল খোল টোকাৰী বজাই ‘জগত গুৰু’ৰ পূজিছে পাৱ
নতুন পুৰুষে চাই আছে তাক চলিছে কিদৰে ভটীয়া নাৱ।
কাৰো ওপৰত প্ৰ্তিশোধ লোৱাৰ আমাৰ উদ্দেশ্য অলপো নাই,
আগতে জোকাই লোৱা কাৰণে ক’লো কথাবোৰ সময় চায়।
দেশ স্বজাতিক অপমান কৰা কু চক্ৰীদলক নকৰো ক্ষমা
উচিত উত্তৰ দিবই লাগিব খাবলৈ নাযাওঁ গালত চুমা।
তাৰবাবে যদি কয় কোনোবাই ‘অমখ আহোম আৱৰী জাতি’
‘কোনো খেদ নাই’ কাউৰী এজাকে চুৱা ভাত খাই থাকক ৰাতি।
ওপৰে ওপৰে বৰঢাক বাই তলেদি নিগনি মেলোতা বোৰে
ৰজাকো ঠগিলে চল বুদ্ধিৰেই চবিয়ায় চালে শেষতো কোৰে।
ৰঙা তলাতল কাৰেঙৰ গাত পখৰা ওলাল এতিয়া হাঁয়
বৰতোপ কেইটা মাথো পৰি আছে টুকো চকুপানী অৱস্থা হায়।
‘চুকাফা নগৰ’ জাতি অজাতিৰ হ’ল বনভোজ খোৱাৰ থলী
ৰাজ মৈদামৰ ওপৰত উঠি মানুহে পেলায় চৰণ ধুলি।
‘আহোমৰ ৰাজ্য’ যোৱাৰ পিছত ম্লেছৰ শাৰীত আমাক থলে
‘নাম ঘোষা’ খন পঢ়ক আটায়ে ‘ৰাম’ বুলি তৰে কাকনো ক’লে।
আৰু কত আছে কৈ ওৰকে নপৰে- অবাক হওঁ
আমাৰ নতুন পুৰুষ সকলে ভাৱি চাবলৈ এবাৰ কওঁ।
আনৰ ভৰিত তেল ঘঁহি ঘঁহি আহোমে বিচাৰি নলয় মান
য’ত নুফুলক গোলাপ ফুলৰ থাকিব নিজৰ শূষমা ঘ্ৰাণ
পূৰ্ণিমাৰ জোন ডাৱৰে ঢাকিলে পোহৰ প্ৰকাশ নাশিব কোনে
হাতীক গাহৰি বুলি যদি কয় বিশ্বাস নকৰে কদাপি আনে।
আমি দেৱতাৰ হই বংশধৰ আহিছো স্বৰ্গৰ অমৃত খায়
যুগ যুগ ধৰি জীয়াই থাকিম অসমী আমাৰ আপোন আই।
দেশৰ কাৰণে জাতিৰ কাৰণে প্ৰয়োজন হ’লে কৰিম ৰণ,
ভোকত থাকিলে বাঘে কেতিয়াও চোবাই নাখাই এডালো বন।
ধৰাই ৰাখিছো এই কবিতাৰ হেংদাংখন এতিয়া আমি
কু চক্ৰীদলক কৰিম বিনাশ পৰ্বত ভৈয়াম সঘনে ভ্ৰমি
প্ৰ্ত্যেক জাতিৰ ধৰ্ম কৃষ্টি ভাষা জীয়াই থাকক আপত্তি নাই
সাম্প্ৰদায়িকতাৰ
ভেদনীতিবোৰে সমাজক খুলি খাইছে হায়ঁ।
বৰ অসমৰ মানচিত্ৰ্খন কাৰনো দোষত নোহোৱা হ’ল
সকলোৱে তাক উদ্ধাৰ কৰক নহ’লে জানিম-অস্তিত্ব গ’ল।
দোৱানেও পালে বিশেষ মৰ্য্যাদা টাই ভাষাটোৰ দুৰ্দ্দশা দেখি
জ্বলিছে বুকুত বেদনাৰ জুই কাকনো এৰিম এতিয়া দোষী?
জাতিদ্ৰোহী শিল্পী আমাৰ এচামে হিংসা আৰু ভয় দুয়োটা কৰি
আহোম কবিয়ে ৰচা গীতবোৰ নাগায় ভুলতো “বান্ধত” পৰি
স্বজন-প্ৰীতিৰ খাই “বৰভোজ” কিমান উগাৰ মাৰিছে কোনে,
দেখিও নেদেখে আমাৰ মখাই সেয়ে চল পায় গতিকে আনে।
বেজীৰ জলাটো মনিছো আমিয়ে কুঠাৰৰ জলাটো মনা নাই।
আনৰ শিকনী পাই বহুতেই জাতিএ অহিত চিন্তিছে হাঁয়।
নিজৰেই আগমঙহো পৰক দেখুৱাই ভাল পাওঁতাবোৰে
পুহিছে বিহৰ বীজাণু বুকুত ঔষধ খালেও মৰণে নেৰে।
জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে ওলোৱা আমাৰ দেখিলে কোনো,
সুমুৱাই চক্ৰ বেহুৰ মাজত থয় কু চক্ৰীয়ে সকলো জানো।
“আহোম ভেলেঙা” নহয় এতিয়া কেৱে ঠগি খাৱ নোৱাৰে আৰু
ৰাখিম জাতিৰ গৌৰৱ সন্মান এক হই যদি থাকিব পাৰো।
আছে সাৰ পায় স্বৰ্গদেউ সৱে মৈদাম তলীত কৰচি দাতঁ,
ওঅলাব যেতিয়া হেংদাঙ লই সাধ্য কাৰো নাই ভেটিব বাট।
মৃত্যুৰ পিছত সৰগত গই থাকি কিছুদিন আহিম আমি,
আহোম কুলত জন্ম লভিম আই অসমীৰ চৰণ চুমি।
খণ্ড খণ্ড হোৱা দেশখন পুনু গঢ়িব যদিহে আটায়ে পাৰো
দিব আশীৰ্বাদ উপৰি পুৰুষে ভেদনীতি ভাৱ নাথাকে কাৰো।
স্বৰ্গদেৱতাৰ বীৰ্য্য শক্তি তেজ আছে আমাৰেই কিহৰ ভয়
জাগা আহোমৰ সন্তান সকল কৰিব লাগিব শত্ৰুক জয়।।
সম্পূৰ্ণকৈ পঢ়ক »

IMPORTANCE OF STUDY HISTORY

ණ......Chao Zaai Seng ku koi
History Helps us to understand the world
...............
...................
History enable us to understand how the world worked in past and how it works now. History provides us with the framework of knowledge that we need to build our entire lives. It takes us closer to happenings and event in the past. We can know about and learn how things have changed ever since, and who were the figured and personalities that helped changed the sceneries.
History tell us who we are
...........................
History is a story of the past happenings events and transformation. It is a description of what happened in the years since the inception of human race. Therefore study history is to understand the origin of our existance. It helps us to understand who we are? Where are our ancestors came from? What was the society and culture that they lived in? What is that we have to do to be like them? It helps us to understands everything about our past.
History help to understand culture
...........................
History is a deep rooted knowledge and study at the past. Given it vastness and diversity that it covers, we can know almost everything that happened in the past and the demographic of any part of the world. We can learn the all types of cultures and traditions people followed as well as their way of living. All cultures that we know of today have their roots in the culture at the past.
History help us judge wisely
............................
History serve as a labortary that helps us experomeny with the past. The past serve as evidence in our quest to know why people behave in a particular manner. Therefore decision makes have to resort to history to make factual judgements based on the happenings of events and related facts. By understanding the past behaviour, one can analyse the present behaviour without views.
History help understanding changes
........................................
With a deep rooted study of history anyone can know best how people, communities, nations and the world that we live in has changed overtime. Each person's view of the world is safe by his/ her individual experiences and the experience of the group he/she lived in. If a person lives aware of the historical experiencrs of cultures and nations, he cannot fully understand need of changes and development that sweep a society every, now and then.
History help us become good citizen.
........................................
History help us inbibe and develop essential skills regrated to become good citizen of the nation and the world as a whole. Informed and well versed citizens who know their roots, culture and cultural diversities, Understand the need for a wise and fair development of their society. A democracy or any other form of governance is reforment only when it is filled with informed citizens.
History helps to learn of world events.
.........................................
Our world has born without to countless incidents of importance or otherwise If anyone has to know of any of their happenings or events that changes the world he/she has to live to the depth of history, books to know, why a certain event happened. There were no better way to know the world like back of your palm than to study history.
History is interesting
.......................................
There may be different takes to this point but the truth is that history is very interesting. History for some can be monuments. But for other it is like watching a black-buster film entirely based on true events. History is full of real dramma, action and imotions, it is a choronicle of life. There who enjoy life will also enjoy knowing about someone who conqured the world of or someone who died for love.
History makes you a better student.
........................................
History makes you a better student.
.........................................
History is the study of the past but it is capable of shaping the present . History helps student know where we come from, how the past has shaped us, and how we can shaped the future. History makes students all round individuals who accumulate a balance understanding of both past and present. Because we ourselves make history everyday, the study of, it helps us knowing what our fore fathers did in the past and whether or not it was right.
History repeats itself.
........................................
I have detailed nine of the of the best reasons to study history. But for the most important and the biggest reasons to study history is because history repeats itself. It is was important to real and learn about other mistakes in the past so that we donot commit the same mistakes in the future. It is very important to not repeat the kind of things that have really helped the world in any way but have only added to the miseries of mankind. It is believed that those who cannot learn from history are demand to repeat it.
সম্পূৰ্ণকৈ পঢ়ক »

THE TAI AHOM

® Chao Debasish Handique , Tezpur
The Tai community is a very large community. There are many sub groups of this community. Which are scattered in southeast Asia. That is China,Northeast
of India, Burma,Thailand,Vietn­am,Laos etc. These sub groups are known by various names. In Thailand they are known as NOI..In China the DAI..In India TAI and Burma SHAN.
Though these sub groups originated from the same branch TAI but there many difference in their custom and rituals except some similarities. In China the DAIs refer to there elder brother KOAI, which is almost known as our KOKOI(gogoi). Before the Tai Ahoms were coming to Assam,India the Tai Ahoms were known as MAAN. But they are originally known as Tai Loung(Big Tai).
This was because when Tai Ahoms came to Assam,India. People of different TAI branch were mixed. It also said that GOHAIN(THOWMUNG) is refer to Tai Kamyang.
According to many scholars CHAOPHA CHAOLUNG SYU KAFA too was a TAI MAO but his mother was a TAI MAO not his father.
In Thailand many royal princess stayed unmarried for their hole life as they cannot marry anyone of their own clan. Now moving towards the language it is seen that there is similarity among the language of the sub groups. The practice of ancestral worship is followed by many TAI groups. Again the practice of
SHAK LONG marriage (a public marriage of TAI traditional mythology) is practised by the
TAI DAM( BLACK TAI) as well as the TAI AHOMS. The tai community did not follow any specific religion, they have there own culture.language and tradition. But later on due to the influence of Hindu(Ahoms), budhist and Taosim , many people of the community took up these religions.
সম্পূৰ্ণকৈ পঢ়ক »

আহোমৰ বুৰঞ্জীত চাও-লুং যুগ

তাঈ আহোম ভাষাত লিখা ‘আহোম বুৰঞ্জী’ (অনুবাদ আৰু সম্পাদনা-গোলাপ চন্দ্ৰ বৰুৱা) খনত চাও-লুং ছ্যু-কা-ফাৰ পৰা আৰম্ভ কৰি চাও-লুং তাউ ছ্যু-ত্যু-ফালৈ (চাও-লুং ছ্যু তেউ-ফা চাও-লুং ছ্যু-বিন-ফা চাও-লুং ছ্যু-খ্ৰাং-ফা চাও-লুং ছ্যু-খ্ৰাম-ফা আৰু চাও-লুং ছ্যু-তু-ফা) মুঠ ৭ জন মৌং দুন ছুন-খামৰ ৰজাক ‘চাও-লুং’ উপাধি দিয়া হৈছে আৰু চাও-ফা তাউ-খাম-তিৰ পৰা শেষজন তাঈ আহোম ৰজালৈকে সকলোকে ‘‘চাও-ফা উপাধিধাৰী হিচাপে দেখুৱা হৈছে। আজিলৈকে আহোমৰ বুৰঞ্জী লিখা বুৰঞ্জীবিদসকলৰ এজনেও এই পাৰ্থক্যটো (অৰ্থাৎ ‘চাও-লুং’ আৰু ‘চাও-ফা’ মাজত থকা) বিশ্লেষণ কৰি চাবলৈ চেষ্টা চলোৱাটো পৰিলক্ষিত হোৱা নাই। তাঈ আহোমৰ সকলো ৰজাকে ‘চাও-ফা’ আৰু ‘স্বৰ্গদেউ’ বুলিহে তেখেতসকলে লিখি গৈ আছে। অৱশ্যে ‘চাও-লুং’ বুৰঞ্জী’ নামৰ প্ৰৱন্ধটোত এই বিষয়ে অন্বেষণ কৰি চাবলৈ চেষ্টা কৰিছিলো।

তাঈ আহোমৰ কি যে ফুটা কপাল আই অ’ দেহী। পদ্মেশ্বৰ গগৈয়ে  The Tai and the Tai Kingdoms নামৰ বুৰঞ্জী পুথিখনত অসমৰ তাঈ আহোমৰ ৰাজত্বটোক দুটা ভাগত ভাগ কৰিছে। প্ৰথমটো হ’ল The Ahom Dynasty-I (আহোম ৰাজবংশ ৰম) আৰু দ্বিতীয়টো হ’ল The Ahom Dynasty-II (Hindu Period) অৰ্থাৎ আহোম ৰাজবংশ ২য় ( হিন্দু যুগ )। তেখেতে ছ্যু-কা-ফাৰ উপাধি ‘চাও-লুং’ লিখিছে তেখেতৰ পাছত ৰজাসকলৰ কিছুমানৰ উপাধি ‘চাও’ বুলিহে দেখুৱাইছে কিছুমানৰ কোনো উপাধিয়েই লিখা নাই। তেখেতে চাও-ফা ছ্যু-তাম ফা ওৰফে জয়ধ্বজ সিংহ দেৱৰ পৰাই ‘হিন্দু যুগ’ বুলি উল্লেখ কৰিছে। কিহৰ ভিত্তিত এই বিভাজনটো গগৈদেৱে কৰিছে তাৰ কাৰণ দৰ্শোৱা নাই। পদ্মেশ্বৰ গগৈ দুৰ্ঘোৰ হিন্দু আছিল কাৰণেইহে আহোমক হিন্দু বনাইছে। ‘হিন্দু যুগ’ বুলি আহোমৰ মাজত বিভাজন ননা হ’লে বোধ হয় The Tai and the Tai Kingdoms শিতানৰ থেছিছ [Thesis]  খন (পাছত একে নামেৰেই বুৰঞ্জী পুথি হিচাপে প্ৰকাশিত) বোধ হয় Ph. D. Degree ৰ বাবে মনোনীত নহ’লহেঁতেন। সেই ভয়তে তেখেতে ভিত্তিহীন বিভাজনটো আনি নিজে উত্তীৰ্ণ হ’ল আৰু তাঈ আহোম জাতিটোক ডুবাই থৈ গ’ল। কি যে এক প্ৰহসন, কি যে এক বিড়ম্বনা, কি যে এক আত্মহত্যাৰ প্ৰচেষ্টা। এই দুষ্কাৰ্যৰ বাবে পদ্মেশ্বৰ গগৈক sadist বুলিম নে masochist আখ্যা দিম সেই সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। যদি আহোমৰ ‘যুগ বিভাগ’ কৰিবই লাগে তেন্তে বিভাজনটো এইদৰে হ’ব পাৰে।

১) ‘চাও-লুং যুগ’- এই যুগটো চাও-লুং ছ্যু-কা-ফাৰ পৰা আৰম্ভ কৰি চাও-লুং ছ্যু-তু-ফাত শেষ হৈছে।

২) ‘চাও-ফা যুগ’-এই যুগ আৰম্ভ হৈছে চাও-ফা তাউ খাম-তিৰ পৰা আৰু অন্ত পৰিছে আহোমৰ শেষ জন চাও ফা অৰ্থাৎ চাও-ফা পুৰন্দৰ সিংহৰ দিনত।

৩) ‘চু-ছেক্‌ আও-পক্‌ ৰাও-মৗং’ ‘স্বাধীন ৰাজ্য ঘূৰাই লোৱাৰ সংগ্ৰাম যুগ’ -পিয়লি ফুকন, গমধৰ কোঁৱৰ প্ৰভৃতি স্বাধীন মনা তাঈ আহোমে হৃত মৗং-দুন্‌-ছুন্‌-খাম্‌ ঘূৰাই পাবলৈ কৰা সংগ্ৰামবোৰ এই যুগটোৰ অন্তৰ্গত।

৪) ‘চু-পয়্‌-কান্‌-কুম্‌’ ‘সংগঠন যুগ’-১৮৯৩ খৃস্তাব্দৰ ১৩ মে’ তাৰিখে শিৱসাগৰত প্ৰথমখন আহোম সভা বহিছিল। ১৯১০ চনত অন্য এখন আহোম সভা নগাঁৱত অনুষ্ঠিত হৈছিল। তেনেকৈ অন্যান্য ঠাইতো আহোম সংগঠন গঢ়ি উঠিছিল। ১৯১০ চনতেই সেই সকলোবোৰ আহোম সংগঠন লগ লগাই ‘সদৌ অসম আহোম এছ’চিয়েশ্যন’ গঠিত হৈছিল। তাৰ বহু দিনৰ পাছত ‘উজনী অসম ৰাজ্য পৰিষদ’ ‘সদৌ অসম মহন দেওধাই-বাইলুং সন্মিলন’ ‘পণ্ডিত পৰিষদ’ ‘পয়্‌-ফু-ৰা-লুং’ বান্‌-অক্‌-পাপ্‌-লিক্‌ মৗং তাঈ’ ‘সদৌ তাঈ আহোম ছাত্ৰ সন্থা’ ইত্যাদি সংগঠনে গা কৰি উঠিছে আৰু বতৰ্মানেও বহু নামী-বেনামী আহোম সংগঠনে মূৰ দাঙি উঠিছে। এই সংগঠনবোৰৰ উদ্দেশ্যে হৈছে নিজ নিজ পৰিসৰৰ ভিতৰত তাঈ আহোমৰ কল্যাণ সাধন। এই যুগটো ১৮৯৩ চনৰ পৰা বতৰ্মানলৈকে চলি আছে আৰু অবিৰাম গতিত চলি থাকিব।

৫) ‘হিন্দুকৃত যুগ’-চু-হন ক্লা’-‘হিন্দু আইন’ আৰু ‘মুছলমান কানুন’ ভাৰতবষৰ্ত বতৰ্মানে প্ৰচলিত হৈ আছে। Hindu Law as administered by the Courts of India is applied to Hindus in some matters only, namely, Marriages, Adoption, Inheritance, Succession, etc. In other matters, it has been replaced by various legislative enactments. It is in this narrow sense that the term ‘Hundu Law’ is understood now. Hindu Law is of much wider application that its name suggests. This may be inferred from the Notes to Clause 2 of the Hindu Code Bill which is as follows :- ‘At present Hindu Law applies : (I) to the Hindus by birth, and also to Hindus by religion; that is to say to converts and reconverts to Hinduism, (II) to illegitimate Children where both parents are Hisndus, (III) to illegitinmate children where the mother is a Hindu and the children are brought up as Hindus, (IV) to Brahos, Arya Samagist, Lingayats and to persons who may have deviated from orthodox standards of Hinduism in matters of diet and ceremonial observances and to every other person who may be regarded as Hindu unless he can show some valid local, tribal, or family custom to the contrary and (V) to Jains, Sikhs and Buddhists’ তাই আহোমে হিন্দুৰ অখাদ্য যেনে গৰু, গাহৰি, গৰুৱা মাছ, কেকোৰা আৰু হিন্দুৰ বাবে গেনা খাদ্যসমূহ খাইছিল আৰু খাই আছে। তাঈ আহোমৰ ceremonial observances প্ৰায়বোৰেই হিন্দু বোৰতকৈ পৃথক। সবৰ্ভাৰতীয় প্ৰথাবোৰতকৈ তাঈ আহোমৰ অসমত (Local) প্ৰচলিত প্ৰথাবোৰ বেলেগ। ভাৰতীয় সংবিধানত অনুসূচিত নহ’লেও আহোমৰ পৰিয়াল প্ৰথাবোৰ হিন্দুবোৰতকৈ বহুত বেলেগ। সেই বাবে হিন্দু আইনখন আহোমত প্ৰযোজ্য নহয়। দ্বিতীয়তে হিন্দু আইনখনৰ উৎস হ’ল (১) চাৰিবেদ (বা শ্ৰুতি) (২) স্মৃতি। স্মৃতিৰ ভিতৰত পৰে (ক) মনুৰ লিখনি (খ) যজ্ঞৱাল্‌ক্যৰ লিখনি (গ) নাৰদৰ লিখনি ইত্যাদি। তাঈ আহোমৰ পেঞ্‌-কা-কা, পুৰাতাত্বিক লিখনিসমূহ বুৰঞ্জী আদি হিন্দু আইনৰ উৎস নহয়। সেয়েহে ‘হিন্দু আইন’ ‘আহোমৰ আইন’ কোনোপধ্যেই হ’ব নোৱাৰে। তথাপি ১৮৬০ খৃস্তাব্দত ivil Procedure Code অসমত প্ৰয়োগ কৰা হ’ল আৰু সমগ্ৰ তাঈ আহোমৰ ওপৰত কম্বল জাপন দিয়াৰ দৰে ‘হিন্দু আইন’খন জাপি দিয়া হ’ল। ফলস্বৰূপে সাংবিধানিকভাৱে তাঈ আহোমসকল ‘হিন্দু’ হ’বলৈ বাধ্য হ’ল যদিও যথাৰ্থতে তেখেতসকল হিন্দু নহয়। তাঈ আহোমসকলে জাতীয় ধৰ্ম পূৰ্বপুৰুষৰ পূজাহে মানে। কিন্তু তাঈ আহোমক বলপূবৰ্ক হিন্দু কৰা হ’ল। এইটো হ’ল তাঈ আহোমৰ ‘হিন্দুকৃত যুগ।’

৬) ‘পক্‌-ফান্‌-তাঈ যুগ’-আজিৰ পৰা প্ৰায় ২৫ বছৰৰ আগৰ পৰা তাঈ আহোমৰ মাজত এটা নতুন যুগৰ অৱতাৰণা হৈছে। সেইটো হৈছে ‘পক্‌-ফান্‌-তাঈ’ অৰ্থাৎ ‘তাঈ জাতিলৈ ঘূৰি আহা।’ যিবিলাক মানুহে তাঈ আহোমৰ জাতীয় ধৰ্ম অৰ্থাৎ ‘পূৰ্ব পুৰুষৰ পূজা’ এৰি থৈ অন্য ধৰ্মত সোমাইছিলগৈ আৰু যিসকল তাঈ আহোমৰ লোক ‘ফান্‌-ছুম্‌’ হৈ হেৰাই গৈছিল সেইসকলক ‘তে-তে-তে’ কৰি নিজ ধৰ্মলৈ ঘূৰাই অনা হৈছে। Motto টো হৈছে we Revive we survive; ‘পক্‌ ফান্‌ তাঈ ছং-লুং-ফাই’ ‘ৰাও পক্‌ পাই ৰাও চি দাই।’ হু-পাৎ-ছি পৰা আৰম্ভ কৰি তাঈ মানুহৰ পাৰম্পৰিক খাদ্য খাৱন, পোচাক পৰিধাৰণ, তাঈ ভাষাৰ শিক্ষা গ্ৰহণ, তাঈ আহোমৰ প্ৰাচীন পুথি-বুৰঞ্জী পঠন যোগে ‘অসমীয়া আহোমক’ প্ৰকৃত তাঈ আহোমকৰণ এই যুগৰ লক্ষ্য। ‘আহোম আহোম হওক।’ উঠি অহা চামে এইবোৰ গ্ৰহণ কৰিছে, social media যোগে প্ৰচাৰ কৰিছে তথা খ্বন্‌ মৗঙৰ দৰে ই-আলোচনীৰ যোগেৰে এইবোৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ চেষ্টা কৰিছে। এতিয়া আমাক লাগে এখন Tai Ahom Civil Law বাThe Ahom Law; আইনজীৱি কোনোবাই হয়তো এই প্ৰচেষ্টা হাতত ল’ব।
সম্পূৰ্ণকৈ পঢ়ক »